ফটাঢোল

বৰলাৰ প্ৰেম – মণিকা এম কাশ্যপ

তেৰা বন যাওংগা…

একেবাৰে লেটেষ্ট গানৰ শব্দত অনুজ টোপণিৰ পৰা সাৰ পাই গ’ল। এলাৰ্ম টিউন ৰোমাণ্টিক নাৰাখিবনো কিয়? তাৰ জীৱনো এতিয়া ফেচবুকৰ কৃপাত কবিৰ সিঙতকৈ কম ৰোমাণ্টিক নহয়! তিনি মাহৰ আগতেই ফেচবুকত চিনাকি অনন্যাৰ লগত এতিয়া তাৰ দুৰ্ঘোৰ প্ৰেম!আগত তালৈ হোৱাটচ এপত আহিছিল “অমুক মন্দিৰত পূজাৰীক আজি ভগৱানে সপোনত দেখাইছে…, এই মেছেজটো ১০ জনলৈ ফৰৱাৰ্ড কৰক ন’হলে বিপদ অনিবাৰ্য”। আজিকালি অনুজৰ গ্ৰহ নক্ষত্ৰ ভাল দিশত। ৰাতিপুৱাই “জানু উঠিলা! গুড মৰ্ণিং”… এনেদৰেহে আৰম্ভ হয়। তাৰ প্ৰেম, ভালপোৱা মিঠা নোহোৱা কাটা বিস্কুটৰ দৰে শুকান জীৱনটো, ৰসগোল্লাৰ দৰে হঠাত মিঠা কৰি পেলোৱাৰ বাবে জুকাৰদাকে মনে মনে এশটা মান প্ৰণাম কৰে, প্ৰেমৰ সোৱাদ! আহ! কি বুজিব প্ৰেম নকৰাকেইটাই। আগতে মোবাইলটো টিপি থাকিলে মাকে গালি দিলে মোবাইল থেকেচা মৰা ল’ৰাটোৱে এতিয়া মাকৰ গালিবোৰটো মৌৰ সন্ধান পাবলৈ ধৰিলে।নাপাবনো কিয়? ইফালে যেতিয়া মেচেজ আহিয়েই থাকে সোন, জান, দেহা!.. মৰমৰ মাতবোৰ কাণত বৰষি থাকোঁতে মাকৰ জহনী যোৱা, ধদুৱা এইবোৰ বাক্যবাণ কৰ্ণ গোচৰ নোহোৱাৰ নিচিনা আজিকালি।

এইডোখৰলৈকে ঠিকেই আছিল, সদাইটো ফেচবুকত প্ৰেম কৰি থাকিলে ন’হব। শব্দটেই ইমান মিঠা প্ৰেম যেতিয়া দুয়ো দুয়োক লগ পালে কিমান ভাল লাগিব।সেয়ে দুয়ো আলোচনা কৰি ১৪ ফেব্ৰুৱাৰী, মানে ভেলেণ্টাইন ডে’ ৰ দিনটোকে ঠিক কৰিলে। এতিয়াও ১৪ ফেব্ৰুৱাৰীলৈ প্ৰায় ১৫ দিন আছে।এইকেইদিন তাৰ বহুত কাম। বাইকখনে বৰ বেয়াকৈ ঘেৰ ঘেৰ শব্দ দিব ধৰিছে, পথাৰত চলা পাৱাৰ টিলাৰৰ মাতটোও ভাল হে চাগে তাৰ বাইকৰ শব্দতকৈ।সেইখন বনাব দিব লাগিব, ৰঘুৰ গেৰেজত। প্ৰথম ডেটৰ কথা সেয়ে অলপ চালিয়া হৈ যাব লাগিব। টি চাৰ্ট কেইটা ৰং উৰি গৈছে। এটা কিনিব লাগিব। অনন্যাই ৰঙা ৰং ভাল লাগে বুলি কৈছিল, গতিকে ৰঙা ৰঙৰ অলপ দামী টি- চাৰ্ট এটা কিনিব লাগিব, পেণ্ট কিনি ২০০০ টকা খেদিব নোৱাৰি। তাৰ লগৰ উজ্জ্বলে নতুন লিভাইছৰ জিন্স এটা লৈছে, সেইটোৰেই চলি যাব। এতিয়া থাকিল চান গ্লাছ, যিমান যি নিপিন্ধিলেও ল’ৰাই চান গ্লাছ আৰু ছোৱালীয়ে লিপছটিক ন’ললে চাল আধৰুৱা হৈ থাকে! আফটাৰ অল প্ৰথম ডেট!!.. চান গ্লাছ এযোৰ অনলাইনতে সি অৰ্ডাৰ কৰি ল’লে। ডিঅ’- চিঅ’ আছেই, টেনচন নাই।

অৱশেষত পৰম আকাংক্ষিত ১৪ ফেব্ৰুৱাৰী আহি পালেহি। পুৱা উঠি ধুনীয়াকৈ ডেটল চাবোনে গাতো ধুই ল’লে। ১৫ দিনৰ মূৰতো ঠাণ্ডা দিনত গা নোধোৱা ল’ৰাটোৱে ৯ নৌ বাজোঁতেই গাধোৱা দেখি, মাকে ওচৰ চাপি আহি কপালত হাত থৈ গা মূৰ ঠিকে আছেনে নাই কনফাৰ্ম হৈ গ’লহি। গা ধুই অনুজ সাজ-সজ্জাত লাগি গ’ল। উজ্জ্বলৰ নীলা জিন্স, ৰঙা টি-চাৰ্ট, মুখটো অকণমান ফেয়াৰ এণ্ড হেণ্ডচাম বেছিকৈয়ে সানি ল’লে, ধুনীয়াকৈ বেকব্ৰাছ কৰি অৱশেষত ব্লেক চানগ্লাছযোৰ লগাই ল’লে। ফিনিচিং ডিঅ’ অকণ মাৰি নিজকে ফুল চাইজৰ আইনাখনত চাই নিজকে কিবা বৰুণ ধাৱান টাইপ ফিল এটা আহি গ’ল। চাল পৰিছে!! পৰিবইটো লাগিব অনন্যাওটো কম চালিয়া নহয়! সাজোন কাচোন কৰি থাকোতে ১১-৩০  বাজি গ’ল। তাহাঁতৰ লগ কৰা সময় ১ বজাত “কাঞ্চন ৰেষ্টোৰেণ্ট”। এতিয়াও প্ৰায় ডেৰ ঘণ্টা সময় হাতত আছে তাৰ, যিহেতু ইমান চালিয়া হৈ আছেই গতিকে এই সময়খিনিত ওচৰ পাজৰৰ গাৰ্লচ হোষ্টেল কেইটাৰ ফ্ৰণ্টেৰে দুপাক মৰা ভাল হ’ব বুলি ঠিক কৰি বাইকত কিক্ মাৰিলে।গলিটো পাৰ হৈয়েই বৰুৱা আংকোলৰ কোনোদিন চকুলৈ নোচোৱা ছোৱালীজনীয়ে তালৈ চাই যিটো হাঁ‌হি মাৰিলে তাৰ অনন্যাক পাহৰি নিউ ক্ৰাছেই আহি গ’ল তাইৰ প্ৰতি।কনফিডেন্স লেভেল এটাও বাহিল লগতে, তাক মানে আজি সঁ‌চাই হেণ্ডচম লাগিছে।এইবাৰ বাইক পোনাই দিলে জি.ডি গলীৰ দিশে। তাতো প্ৰায় ৩ টা মান গাৰ্লছ হোষ্টেল আছে। আশা কৰা মতেই প্ৰতিটো হোষ্টেলৰ ছোৱালীবোৰ গেটৰ সন্মুখতেই আছে। আস! সকলোৱেই আজি তাক ঘূৰি ঘূৰি চাইছে। কেইজনীমানে তালৈ চাই হাঁ‌হিছে। মনতে ভাবিলে সি “এতিয়া হাঁ‌হি দেখুৱাই লাভ নাই, অলৰেডি হাৰ্ট অনন্যাক দিয়া হৈ গৈছে! চাল্লা, দিন বেয়া পৰিলে কেউফালেই বেয়া আৰু ভাল পৰিলে কেউফালেই ভাল।

ঘূৰি-পকি ১ ঘণ্টা কেনেকৈ পাৰ হ’ল গমেই নাপালে। ইচ্, অনন্যা চাগে আহি ৰৈ আছেহি। সি বাইক পোনাই ‘কাঞ্চন’ৰ ওচৰ পালেগৈ। ইতিমধ্যে ৰেষ্টোৰেণ্টখন প্ৰেমিক প্ৰেমিকাৰ যোৰাই ভৰি পৰিছে। সি ৰেষ্টোৰেণ্টখনত সোমোৱাৰ লগে লগে প্ৰেমিক লগত থকাৰ পাছতো ছোৱালীবিলাকে তালৈ ৰ’ লাগি চাব ধৰিলে, দুই এজনিয়ে মিছ মিচাই হাঁ‌হিছেও। সি ইমান গুৰুত্ব নিদি ৰেষ্টোৰেণ্টখনত অনন্যাক বিচাৰিব ধৰিলে, হঠাত সি দেখিলে অনন্যা কোবা কুবিকৈ ৰেষ্টোৰেণ্টখনৰ বাহিৰলৈ ঢাপলি মেলিছে। সিও তাইৰ দিশলৈ গতি কৰিলে, কিন্তু তাইৰ ওচৰ চাপে মানে তাই স্কুটী কিক্ মাৰি বহু দূৰ পালেগৈ। সি একো ধৰিবই নোৱাৰিলে কি হৈ গ’ল! কিয় তাই তেনে  আচৰণ কৰিলে! হয়তো লাজ কৰিবও পাৰে সেয়েহে এইবাৰ সি তাইৰ মোবাইল নাম্বাৰ ডায়েল কৰিলে, কিন্তু অলৰেডি তাই তাৰ নাম্বাৰ ব্লক লিষ্টেড কৰিলে। কি কৰিব উপাই নাপাই ওচৰতে থকা চেলুনখনতে দাড়ী কেইডাল অলপ কাটি লওঁ বুলি সোমাল। চেলুনখনত সোমাৱাৰ লগে লগে তালৈ সকলোৱে চাবলৈ ধৰিলে, চিনাকি কৰ্মচাৰীজনে মাত লগালে-

: দাদা গ্লাছ কি হ’ল?

: নতুন হয় কালি অনলাইনত আনিছোঁ।এইবুলি কৈ অনুজে চেলুনৰ আইনা খনত, নিজৰ মুখখন চাবলৈ চেষ্টা কৰিলে।

উফঃ! কি দেখিছে সি গ্লাছযোৰৰ এখন গ্লাছ নাই, সি মাত্ৰ এখন গ্লাছ থকা ফ্ৰেমটো পিন্ধি ফুৰিছে। উফঃ ৰঙা টি চাৰ্টটোৰ লগত এখন গ্লাছ নথকা ফ্ৰেমটোৰে তাক চাৰ্কাচৰ জকাৰটোতকৈ কম লগা নাই! তাতে গ্লাছযোৰো ক’লা!তাৰ ভৰিৰ তলৰ মাটি নাই যেন অনুভৱ হ’ল। আস, সেইকাৰণে কোনোদিন নমতা তালৈ কেৰাকৈ নোচোৱা ছোৱালীবোৰে তালৈ চাই মিচিকিয়াই হাঁ‌হিছিল!! অনন্যাই মানে সেইকাৰণেই??……

সি আৰু ভাৱিব নোৱাৰিলে একে টানে গ্লাছযোৰ আজুৰি পেলাই গছকি ভাঙি বাইকত উঠি ঘৰলৈ পোনালে।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.