ফটাঢোল

বৰলাৰ বিয়া – বিজয় মহন্ত

: হেল্ল’ বিজয় হেল্প এটা কৰা না।

ৰিং হৈ থকা ম’বাইলটো ৰিচিভ কৰাৰ লগে লগে অনুনয়ৰ সুৰত দেবজিতে কৈ উঠিল।

: আৰে ভাই এটা কিয় তুমি ক’লে হাজাৰ হাজাৰ কামৰ হেল্প কৰিম। এতিয়া কোৱা কি হেল্প লাগে?

লাগ বুলিলেই আদা নহৰুৰ বাকলি গুচোৱাৰ পৰা হস্পিটেল লৈ যোৱালৈকে ইয়াকেই পাওঁ, সহায় নকৰাকৈ কেনেকৈ থাকে, মনতে ভাবিলোঁ৷

: মানে কি হ’ল জানা? তোমাক যে কৈছিলোঁ ঘৰৰ পৰা ছোৱালী এজনী চাইছিল তাইক এবাৰ চাই আহিবলৈ ঘৰৰ পৰা জোৰ দি আছে। অকলে সাহস হোৱা নাই যাবা নেকি?

: আৰে কিয় নাযাম? তুমি ওলোৱা মই দুই ঘণ্টাত পাই আছো।

: ধেই আজি নহয় অ’। গৌৰীয়ে চাই মেলি সোমবাৰে ১১ বাজি বাইশ মিনিটত যাব কৈছে। সেইটো বোলে শুভলগ্ন। তেতিয়াই যাম।

: ধুৰ সেইটোৱে চাই মেলি যৌৱনে ভাটি দিয়া বয়সলৈকে নিজলৈ এজনী ঠিক কৰিব নোৱাৰিলে আৰু তুমি সি চাই দিয়া লগ্নলৈ ৰৈ আছা। সোমবাৰে অফিচ ছুটি পাবলৈ দিগদাৰ তথাপিও যাম দিয়া। তোমাৰ বাবে চাকৰি সৰু বস্তু হে, প্ৰয়োজনত দুবিঘা মাটি বিক্ৰী কৰি হ’লেও বিয়া পাতিহে এৰিম।

দেওবাৰে ৰাতিটো প্ৰায় উজাগৰেই কটালোঁ। ইমান সাধনা প্ৰাৰ্থনা, সকলোৰে আশীৰ্বাদৰ পিছত দেবজিতৰ বাবে ভাল খবৰ এটাৰ বাট মুকলি হৈছে৷ কইনা বা দেখাত কেনেকুৱা, ওখ নে চাপৰ! ই কথা নকয়েই, ভাবি পত্নীয়ো যদি মৌনব্ৰত ধাৰণ কৰা হয়, বৰেণ্য মেট্ৰিক পাছ কৰাৰ পাছতহে তাক দাদা বুলি মতা শুনিব! 

গৌৰীয়ে নিৰ্দিষ্ট কৰি দিয়া শুভলগ্নত যাতে দেবজিতৰ ঘৰৰ পৰা ওলাব পাৰোঁ তাৰ বাবেই তিনিবজাতে ঘৰৰ পৰা ওলাই দিলোঁ। দেবজিতৰ ঘৰ পাই দেখোঁ ল’ৰাই ধুনীয়াকৈ ড্ৰেছ কৰি মিলমিলিয়া হাঁ‌হিৰে যাবলৈ ৰেডি হৈ আছে। হওক তেওঁ যৌৱনে ভাটি দিয়াৰ বয়সতো ল’ৰা বিয়া পাতিবলৈ আগ্ৰহী।

: চোৱা বিজয় তোমাৰ মুখত যি আহে তাকে কৈ দিয়া। গতিকে তুমি বেছি কথা নাপাতিবা। যি পাতিব লাগিব ময়েই পাতিম।

গাড়ীত উঠিয়েই মোক ৱাৰ্নিং দিলে দেবজিতে। 

“অঁ ইমান দূৰ মাতি আনি ই বেটাই মোক আকৌ কথা ক’বলৈ নিদিয়ে। মোক বা মাতিছিল কিয়!”  বুলি মনতে ভাবিলোঁ যদিও একো উত্তৰ নিদি মিচিকিয়াই হাঁ‌হি থ’লোঁ। যা যি পাত পাতি থাকিবি।

: দেবজিত ছোৱালী ঘৰলৈ মিঠাই কেইটামান নিব লাগিব নহয়। কিনি আনা যোৱা।

মিঠাইৰ দোকান এখন দেখি মই তাক মনত পেলাই দিলোঁ।

: সিহঁতৰ ঘৰত মাক-দেউতাক আৰু তাই। তিনিটা মানুহ। মাক-দেউতাকৰ চাগে ডায়বেটিছ আছে। মিঠাই নাখাবও পাৰে। তাইৰ কাৰণে দহটকীয়া চকলেট এটাকে লৈ গ’লে হ’বনে?

“হেৰৌ মাখিচোচ যৌৱনৰ এক্সপায়েৰী ডেট যাবলৈ ওলাওঁতে এঘৰে ছোৱালী এজনী দিব খুজিছে তাতো টকা এশ খৰচ কৰিব নোৱাৰ” বুলি মনতে ভাবি নিজেই নামি গৈ মিঠাইৰ টোপোলা এটা লৈ ল’লোঁ। সন্মানৰ কথা আছে।

ছোৱালী ঘৰ পালোঁ। দেউতাক যেন লগা ভদ্ৰলোক এজনে নমস্কাৰ দি আমাক স্বাগতম জনালে। ভিতৰলৈ নি  ঘৰৰ কুশল বাৰ্তা সুধি তেখেত ভিতৰলৈ সোমাই গ’ল। এইবাৰ ৰূমলৈ আগমন ঘটিল এগৰাকী মহিলাৰ। অনুমান কৰিলোঁ ছোৱালীৰ মাক। তেখেতে কিবা কোৱাৰ আগতেই দেবজিত গৈ মহিলাৰ ভৰি চুই সেৱা কৰিলেগৈ। এইটোৰ আকৌ কি হ’ল বুলি মনতে  ভোৰভোৰাই মহিলাগৰাকীৰ মুখলৈ চালোঁ।সংস্কাৰী জোঁৱাই পোৱাৰ আশাত তেওঁৰ মুখ তিৰবিৰাই উঠিছে। সেৱা কৰি উঠি আহি সি মোলৈ চাই চকু এটা টিপিয়াই দিলে। মাকেও আমাৰ খবৰ লৈ তোমালোক বহা মই মাজনীক পঠিয়াই দিওঁ বুলি ভিতৰলৈ সোমাই গ’ল।

: হৌৰা দেৱজিত ছোৱালী ঠিক নহওঁতেই যে ভৰিত পৰিলাগৈ কিয়?

মোৰ প্ৰশ্নত মিচিকিয়াই হাঁ‌হি ক’লে,

: চিদা দাই কৈ পঠিয়াইছিল। মাকক পটালে বোলে জীয়েক ইনেও পটে।

“ৱাহ বেটা ৱাহ। চিদাদাই ক’লে মাক জীয়েক দুয়োজনীকে উঠাবি মানে।” একো নকৈ মুখৰ ভিতৰতে ভোৰভোৰালোঁ।দেবজিতলৈ চালোঁ। চঞ্চল হৈ উঠিছে মানুহটো। বাৰে বাৰে ভিতৰলৈ চাইছে। হোৱা স্বাভাবিক বাৰু,পৰীক্ষা শেষ হ’বলৈ ৫ মিনিট থাকোঁতে ১৫ নম্বৰৰ দীঘল প্ৰশ্নটোৰ উত্তৰ মনত পৰাৰ দৰে অৱস্থা হৈছে ইয়াৰ৷ 

পৰ্দাখন কঁপি উঠিল। ট্ৰে এখনত চাহ মিঠাই লৈ ছোৱালী সোমাই আহিল। অকণমান সময় ছোৱালীজনীলৈ চালোঁ।অত্যন্ত সুন্দৰী নহ’লেও দেবজিতৰ লগত মিলাকৈ ধুনীয়া।দেবজিতলৈ চালোঁ। মেকুৰীয়ে মাছৰ টুকুৰালৈ চোৱা দি সি ছোৱালীজনীলৈ চাই আছে চকুৰ এটাও টিপ নমৰাকৈ।

দেবজিতৰ চাৱনিত অস্বস্তিত পৰি ট্ৰেখন টেবুলত থৈ চূৰ্ণীখন টানি তাই কৈ উঠিল “চাহ খাওকচোন।”

 চাহ খাওকচোন বাক্যশাৰী শেষ হ’বলৈ নৌপাওঁতেই  দেবজিতে কাপটো উঠাই চাহত এচুমুক দি চকু দুটা মুদি দিলে যেন এইকাপ চাহৰ বাবেই সি হাজাৰ বছৰ অপেক্ষা কৰি আছিল।

: চাহ কাপ ধুনীয়া হৈছে। কোন বাগানৰ চাহপাত? নিৰৱতা ভাঙি দেৱজিতে তাৰ হ’বলগা পৰিবাৰৰ মুখলৈ চাই সুধিলে।

: নাজানো নহয়। দেউতাই কমলৰ দোকানৰ পৰা আনিছিল।

: অঁ অঁ।বাকী খোৱা ন তাৰপৰা?

ছোৱালীজনীয়ে উত্তৰ দিবলৈ মুখ মেলোঁতেই পৰ্দাখন ডাঙি মাক সোমাই আহিল।

: চাহো খোৱা তোমালোকে, চিনাকিও হোৱা। মই অলপ ভিতৰৰ কামত লাগো।

: হ’ব দিয়ক খুড়ী। আমি চা-চিনাকি হৈ লওঁ।

অভাৰ স্মাৰ্ট হৈ উঠা দেবজিতে ভাবী শাহুৱেকক খুড়ী বুলি মতাৰ লগে লগে মই চৰচৰনি খাই উঠিলোঁ। মাকেও লৰালৰিকৈ ভিতৰলৈ সোমাই গ’ল।

: আৎসা তোমাৰ ৱেইট কিমান?

দেবজিতৰ প্ৰথমটো প্ৰশ্ন শুনি ছোৱালী মই দুয়ো হতবাক।

: মানে …

: জোখা নাই ন? একো নাই দিয়া পিছত জুখি ল’ম। এনেই তোমাৰ ছাইজ কি?

: কি ছাইজ মই বুজা নাই।

দেবজিতে কিবা কোৱাৰ আগতে মই তপৰাই কৈ উঠিলোঁ,

: চাইজ নহয় অ’ চইজ। মানে কি কালাৰ চইজ কৰা সুধিছে।

“হে প্ৰভু এইডালে আজি এইখন কৰিছে কি! ই ছোৱালী চাবলৈ আহিছেনে বচিৰৰ দোকানত খাহী কিনিব আহিছে?প্ৰভু মাৰ নোখোৱাকৈ বচাই নিবা আৰু।”

: হেৰি নহয় তোমাৰ ইন্সুৰেন্স আছেনে?

অভাস্মাৰ্ট দেবজিতৰ তৃতীয় প্ৰশ্ন।

: নাই নাই ইন্সুৰেন্স কৰা হোৱাই নাই।

: কিয়? লাগে বুজিছা। মানুহক দুটা ইন্সুৰেন্স খুব জৰুৰী। এটা টাৰ্ম লাগে আৰু এটা হেল্থ। কালিলৈ ধৰা তুমি মৰি গ’লা তুমি কৰি যোৱা টাৰ্ম পলিচিৰ পইছাটো মই পাই যাম আৰু হেল্থটো কিয় জৰুৰী জানা? কালি পৰহি আমাৰ বিয়া হ’ব।বিয়াৰ পিছত আমাৰ যিদিনা মাইনা হ’ব নাৰ্ছিংহোমৰ বিল নিজে পে নকৰিলেও হ’ব। গতিকে ভাল কোম্পানীত হেল্থত পলিচি এটা কৰা খুব দৰকাৰ। হয়নে বিজয়?

কি উত্তৰ দিম ভাবি নাপালোঁ। ই প্ৰকৃততে ছোৱালী চাবলৈ আহিছেনে ইন্সুৰেন্স এডভাইজাৰ ৰিক্ৰুইট কৰিবলৈ আহিছে বাৰু। কি ক’ম কি নক’ম ভাবি থাকোঁতেই দেউতাক সোমাই আহিল।

: অ’ দেউতা আহিল। আপোনালোকৰ ভঁৰালটো ক’ত, চাই আহো ব’লক।আহা বিজয়।

আচৰিত হোৱা দেউতাকে যাওঁ নাযাওঁ একো উত্তৰ নিদিওঁতেই দেবজিত উঠি গৈ বাৰাণ্ডা পালেই। উপায় নোহোৱাত ময়ো দেউতাকৰ লগত খোজ দিলোঁ। আমি গৈ পোৱালে দেবজিত গৈ বাঁ‌হৰ চাঙত উঠি ধান কিমান আছে চোৱাত লাগিল।

: ই এইকেইটা ধানেৰে দেখোন আপোনালোকৰ আহিনলৈকেহে যাব। পিছৰ কেইমাহ কি খাব?

: আহা আহা ভিতৰলৈ আহা। কিবা এটা খাই লোৱাহি।

দেউতাক আৰু মোক অস্বস্তিৰ পৰা উদ্ধাৰ কৰিবলৈ ভিতৰৰ পৰা মাক ওলাই আহিল।

ডাইনিং ৰূমলৈ সোমাই গ’লোঁ। লুচী আৰু খাহীৰ মাংসৰ লগতে বিভিন্ন খোৱা সামগ্ৰী। মাংসৰ বাটিটো দেখি দেবজিতে টানি আনি এচামুচ মুখত ভৰাই দিলে।

: অঁ খুড়ী (!) বহুত বনালে দেখোন। বহুত কষ্ট হ’ল ন। আগতেই কোৱা হ’লে নহৰু পিয়াজৰ বাকলিকে গুচাই দিব পাৰিলোহেঁতেন।

“লিভাৰৰ পিচ এটা মুখত ভৰাই চোবাই চোবাই দেবজিতে কৈ আছে। এইটো আজি বহুত স্মাৰ্ট হৈ গৈছে। বিয়া যে এইখনো খাবলৈ পাম আশা কম। চেহ তেলৰ পইছাগাল পানীত পেলাবলৈহে আহিলোঁ আৰু।”

“মেও মেও”

কাটা চামোচৰ কুটুং কাটাং শব্দৰ বাহিৰে নিস্তব্ধ হৈ থকা ডাইনিং ৰূমটোত মেকুৰীৰ মাত। ঘূৰি চালোঁ। এটা ক্ষীণকায় মেকুৰী।

: অ’ এইটো দেখোন বৰ ক্ষীণ। ভালকৈ নুখুৱাই নেকি? ভাবী শহুৰৰ মুখলৈ চাই দেবজিতৰ প্ৰশ্ন।

: নাই নাই। মাছ মাংস তেনেকৈ খোৱা নহয়। আলহী আহিলে হে আনো। গতিকে সি শকত হ’বই পৰা নাই।

: আমাৰো দুটা আছে বুজিছে। একদম নোদোকা নোদোকা।লোকেল মুৰ্গী আনি খুব খুৱাই থাকোঁ নহয়। কেতিয়াবা কেতিয়াবা গাহৰিও আনো।

ভাবী বামুণ জোঁৱাইৰ ভাবী বামুণ শহুৰৰ ডাইনিং টেবুলত বহি গাহৰি খোৱাৰ কথা। মানে বিয়া এইখন কেঞ্চেল। খাই বৈ ওলাই আহিবৰ সময়ত গহীন মুখ কেইখনে উত্তৰ দিয়েই দিলে। দেবজিতক ঘৰত নমাই ঘূৰি আহি ঘৰ পাওঁতেই তাৰ ফ’ন

“বুজিছা বিজয়। ছোৱালী এইজনী কেঞ্চেল কৰিলোঁ। ভঁৰালৰ ধান চালোঁ আহিন মাহলৈকেহে যাব। পিছৰ কেইমাহ মই কিনি খুৱাই থাকিব নোৱাৰোঁ।”

☆ ★ ☆ ★ ☆

13 Comments

  • Rimjhim Borthakur

    ইমান ভাল লিখাৰ পিছত নিলিখোঁ নিলিখোঁ বুলি লেবেল কিয় দিয়ে

    Reply
  • Anonymous

    গাহৰি কিনি মেকুৰীক খুৱাই , শহুৰক ধান কিনি দিব নোৱাৰে। এনেকৈ কেনেকৈ বিয়াখন হ’বগৈ?

    Reply
  • ফালি দিছা বিজয়৷

    Reply
  • ডলী

    হাঃ হাঃ। ফালি দিছা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    তামাম লিখিছা দেখোন!

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া লাগিল

    Reply
  • Anjali

    বিজয় একেবাৰে ফাটাফাটি দেখোন

    Reply
  • Bijoy Mahanta

    সকলোকে ধন্যবাদ

    Reply
  • Minati Mahanta

    বিজয় , মজা মজা আৰু মজা । ভাল দিলা ।

    Reply
  • Manash Saikia

    বলেত’ তামাম৷

    Reply
  • জিতু

    কিচ্নঅঅঅ।

    Reply
  • abhijit goswami

    মজা লাগিছে অ 😜

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া হৈছে৷ আপ্লুত হলো৷ লিখি থাকিবা

    Reply

Leave a Reply

Your email address will not be published.