ফটাঢোল

বৰুৱাৰ এ টি এম কাৰ্ড– ৰঞ্জিত কুমাৰ শৰ্মা

: হেৰা এ টি এম কাৰ্ডখন ক’ত গ’লহে?

পাকঘৰত ব্যস্ত থকা পত্নীক শোৱনি কোঠাৰ পৰাই হেমন্ত বৰুৱাই কথাষাৰ সুধিলে যদিও বৰুৱানীৰ পৰা কোনো উত্তৰ নাহিল৷ তেওঁ হয়তো পাকঘৰত ব্যস্ত থকাৰ বাবে গিৰীয়েকৰ কথাখিনি নুশুনিলেই৷

হেমন্ত বৰুৱাই কণ্ঠস্বৰ বঢ়াই পুনৰ ঘৈণীয়েকক মতিলে—

: হেৰা, শুনিছানে? এ টি এম কাৰ্ডখন এইখন টেবুলৰ ড্ৰয়াৰতে থৈছিলোঁ৷ পোৱা নাই দেখোন?

এইবাৰ গিৰীয়েকৰ মাতটো বৰুৱানীৰ কাণত সোমাল৷

‘এই মানুহজনৰ পৰা আৰু উপায় নোহোৱা হৈছে৷ নিজৰ বস্তুবোৰ নিজেই সঠিককৈ থ’ব নোৱাৰে৷’

মুখেৰে ভোৰভোৰাই বৰুৱানী পাকঘৰৰ পৰা ওলাই আহিল৷ গিৰীয়েকে মেজ এখনৰ দেৰাজ, মানে ড্ৰয়াৰ খুঁচৰি থকা দেখি বৰুৱানীয়ে সুধিলে,

: কি হেৰুৱালে?

: মই হেৰুওৱা নাইহে৷ ড্ৰয়াৰটোতেই এ টি এম কাৰ্ডখন থৈছিলোঁ৷ নাই পোৱা দেখোন!

: ড্ৰয়াৰতে থৈছিলনে? ভালকৈ মনত পেলাওকচোন৷ ক’ত থৈছিল?

: নতুনকৈ মনত পেলাবলৈ কি আছে? এই ড্ৰয়াৰটোতে থৈছিলোঁ, মনত আছে৷

: তেতিয়াহ’লে ভালকৈ চাওক, পাব৷ আপোনাৰ আকৌ পাহৰা স্বভাৱটোও আছে নহয়৷

: ৰ’বাহে, তুমিতো মোৰ পাহৰা স্বভাৱকে দেখা পোৱা৷ ইফালে-সিফালে বিচৰাচোন৷ হাতত টকা নায়েই৷ টকা উলিয়াব নোৱাৰিলে সমস্যাই হ’ব৷

হেমন্ত বৰুৱাই বজাৰলৈ যাবলৈ সাজু হৈ আলমীৰাৰ পৰা টকা থোৱা সৰু বেগটো উলিয়াইছিল৷ কিন্তু বেগটোৰ পৰা টকাখিনি হাতত লৈ তেওঁ দেখিলে যে তাত টকা বেছি নাই৷ অৰ্থাৎ, বজাৰৰ পৰা আনিবলগা বস্তুখিনি কিনিবলৈ এইখিনি টকাৰে নাটনি হ’ব। বৰুৱাই পৰহিয়েই এ টি এমৰ পৰা টকা উলিওৱাৰ কথা এবাৰ ভাবিছিল৷ কিন্তু কিবা কাৰণত নহ’লগৈ৷ কালি আকৌ তেওঁ কথাটো পাহৰিয়েই থাকিল৷ এ টি এমৰ পৰা টকা নুলিয়ালে সম্পূৰ্ণ বজাৰ কৰা নহ’ব বাবে তেওঁ এ টি এম কাৰ্ডখন লগত লৈ যোৱাৰ কথা ভাবিলে৷ ঘৰত বৰুৱাই ব্যৱহাৰ কৰা মেজখনৰ ওপৰৰ ড্ৰয়াৰটোতে কিছুদিন পূৰ্বে কাৰ্ডখন থোৱা তেওঁৰ মনত আছে৷ বৰুৱাই এ টি এম কাৰ্ডখন ল’বলৈ ড্ৰয়াৰটো খুলিলে৷ তেতিয়াই লাগিল কেণা৷ ড্ৰয়াৰটোত এ টি এম কাৰ্ডখন বিচাৰি নাপাই বৰুৱাই শ্ৰীমতীক মাতিলে৷ নিজৰ লাগতিয়াল বস্তু ক’ৰবাত থৈ ক’ৰবাত বিচৰা স্বভাৱ বৰুৱাৰ নথকা নহয়৷ কেতিয়াবা বৰুৱানীয়ে দেখিলে সামৰি থয় আৰু বৰুৱাই বিচাৰিলে উলিয়াই দিয়ে৷ সেয়ে এ টি এম কাৰ্ডখনো বৰুৱানীয়ে কৰবাত থ’ব পাৰে বুলি ভাবিয়েই বৰুৱাই ঘৈণীয়েকক মাতিলে৷ অৱশ্যে এনে পৰিবেশ-পৰিস্থিতি ঘৰখনত আগতেও নঘটা নহয়৷ সেয়ে বিষয়টোত বৰুৱানীয়ে প্ৰথমাৱস্থাত বিশেষ উদ্বিগ্নতা নেদেখুৱালে৷ বৰুৱাই কোৱাৰ দৰে বৰুৱানীয়ে ইফালে-সিফালে এ টি এম কাৰ্ডখন বিচৰাত লাগিল৷ বৰুৱায়ো মেজখনত ওপৰ-তলকৈ থকা তিনিওটা ড্ৰয়াৰ খুঁচৰিলে৷ নাই, এটা ড্ৰয়াৰতো তেওঁ কাৰ্ডখন নাপালে৷  ড্ৰয়াৰকেইটা বন্ধ কৰি থৈ বৰুৱাই ঘৈণীয়েকক সুধিলে,

: বাবু আৰু মাইনা আহিছিল নেকি?

কোঠাটোত থকা বিছনাৰ তুলীৰ চুককেইটা ডাঙি কাৰ্ডখন বিচাৰি থকা বৰুৱানীয়ে প্ৰশ্ন কৰিলে,

: কিয় সুধিলে?

: নহয়, মানে কাৰ্ডখন কেতিয়াবা টেবুলৰ ওপৰত বা ফ্ৰীজটোৰ ওপৰতো কেতিয়াবা দৌৰা-দৌৰীকৈ বাহিৰৰ পৰা আহি থোৱা হয়তো!

: সৰু ল’ৰা-ছোৱালীহালে আপোনাৰ এ টি এম কাৰ্ডখনেৰে কি কৰিবহে? আৰু সিহঁত তেনেকুৱা য’তে-ত’তে হাত দিয়া বিধৰ নহয়?

: নহয় হে, সিহঁতে চুৰ কৰাৰ কথা মই কোৱা নাই৷ এনেই খেলা বস্তু বুলি ল’ব পাৰে দিয়াচোন৷ বা ইয়াতে ক’ৰবাত সেইখন পাই ইফালে-সিফালে থ’বও পাৰে৷ আৰু শইকীয়ানীও আহি থাকে নহয়৷ তোমালোকে মেলত বহিলেতো পৃথিৱীৰ ক’ত কি হৈছে পাহৰিয়েই যোৱা৷

বৰুৱাই মেজখনৰ এচুকত ৰখা তেওঁৰ অ’ফিচলৈ নিয়া বেগটো হাতত লৈ ক’লে৷

বাবু আৰু মাইনা বৰুৱাৰ প্ৰতিবেশী সদানন্দ শইকীয়াৰ সন্তান৷ বাবুৰ বয়স ছবছৰমান হ’ব৷ মাইনা চাৰি বছৰীয়া কন্যা৷ দুয়োটা পৰিয়ালৰ মাজত থকা ঘনিষ্ঠতাৰ বাবে ইঘৰ-সিঘৰৰ মাজত অহা-যোৱাও চলি থাকে৷ বৰুৱাৰ ল’ৰাটো গুৱাহাটীত হোষ্টেলত থাকি পঢ়ে৷ শইকীয়াৰ ল’ৰা-ছোৱালী দুটাক বৰুৱা দম্পতীয়ে বৰ মৰম কৰে৷ দুয়োটাই বৰুৱা-বৰুৱানীক বৰতা-বৰমা বুলি মাতে৷ মৰম পাই দুয়ো প্ৰায়েই বৰতাক-বৰমাকৰ ঘৰলৈ আহিয়েই থাকে৷ শইকীয়ানীয়েও প্ৰায়েই বৰুৱাৰ ঘৰলৈ আহে, বৰুৱানীৰ সৈতে মেল পাতে৷ কিন্তু সেইবুলিয়েই শইকীয়ানী বা কণ-কণ ল’ৰা-ছোৱালীহালৰ প্ৰতি থকা বিশ্বাসক অবিশ্বাস কৰিবতো নোৱাৰি৷ সেয়ে বৰুৱাই বাবু আৰু মাইনাৰ কথা উলিওৱাৰ পিছত শইকীয়ানীৰ কথাও কোৱাত বৰুৱানীয়ে ভাল নাপালে৷

বৰুৱানীয়ে গিৰীয়েকৰ কথাৰ প্ৰত্যুত্তৰ দিলে,

: আনক সন্দেহ কৰাৰ আগতে ভালকৈ মনত পেলাওকচোন কাৰ্ডখন ক’ত থৈছিল? নিজৰ বস্তু ভালদৰে সামৰি ৰাখিব লাগে৷ এনেই আনক সন্দেহ কৰিব নালাগে৷

: এনেই সন্দেহ নকৰোঁ৷ কিন্তু তেনে ভাৱ মনলৈ কেতিয়াবা অহাটো একো অস্বাভাৱিক নহয়৷ তাতে আকৌ তোমাৰ ঘৰলৈ অহা মানুহৰ সংখ্যাও তাকৰ নহয় দিয়াচোন৷ মাজে-মাজে যে কাম কৰা বাইজনীক মাতা, তায়ো দেখোন বৰঘৰ-পাকঘৰ একাকাৰ কৰি ঘূৰি ঘূৰি কাম কৰে৷

বেগটোতো এ টি এম কাৰ্ডখন নাপাই ভোৰভোৰাই উঠিল বৰুৱা৷

: এই মানুহটোৰ পৰা আৰু উপায় নোহোৱা হৈছে৷ আগতে বিচাৰকচোন, পিছত আনক দোষাৰোপ কৰিব৷

: বিচাৰিয়েইতো আছোঁ৷ নাই পোৱা৷ নে তুমি কেতিয়াবা লৈ গৈছিলাহে?

: হৰি হৰি৷ মই কেতিয়াবা এ টি এমৰ পৰা টকা উলিয়াইছোঁ নেকি? কেতিয়া দেখিছে?

: নহয় হে! কেতিয়াবা প্ৰয়োজন হ’বও পাৰে দিয়াচোন৷

: হে ভগৱান, অত বছৰে কোনোদিনে নকৰা কামটো মই এতিয়া কৰিলোঁ? তাকো আপোনাক নজনোৱাকৈ? তাৰ মানে মই নিজৰ মানুহজনৰেই টকা চোৰ হ’লোঁ? ইয়াকে শুনিবলৈ বাকী আছিল মোৰ?

বৰুৱানীৰ চকু চলচলীয়া হ’ল৷

: গিৰীয়েকৰ এ টি এম কাৰ্ড লৈ শ্বপিং মল লুট কৰা মহিলাও আছে নহয়!

মেজ আৰু বিছনাৰ তলত চকু ফুৰাই থকা বৰুৱাই বাক্যবাণ অব্যাহত ৰাখিলে৷

: আপোনালোক মতা মানুহবোৰে তেনেদৰে ভাবেই৷ ইহ্‌ পৃথিৱীৰ সকলো মহিলাই যেন গিৰীয়েকৰ এ টি এম কাৰ্ডৰেহে চলিছে? মোক কোনদিনা শ্বপিং মল লুট কৰা দেখিছেহে? বান্দীয়ে ঘৰখনত ওকটোঁতেই যায় দেখোন? কথা ক’বলৈ আহিছে৷

বৰুৱানীয়েও উভতি ধৰিলে গিৰীয়েকক৷

: উদাহৰণহে দিছোঁ৷ সুবিধা-সুযোগ পালে তুমিওবা নকৰিবা কিয়?

: মনে মনে থাকক৷ কাৰ্ডখন ক’ৰবাত পেলাই অহা নাইতো? আপোনালোকৰ কি বিশ্বাস? ক’ৰবাত মোৰ সতিনীও থাকিব পাৰে! এইকেইদিন ক’ত ক’ত আড্ডা মাৰিছে মনত পেলাওক।

: মই ক’তো আড্ডা মৰা নাই৷ কাৰ্ডখন টেবুলখনৰ ড্ৰয়াৰত থোৱা মোৰ একদম মনত আছে৷

আলনাত থকা পেণ্ট-চাৰ্টৰ জেপকেইটাত এ টি এম কাৰ্ডখন বিচাৰি বিচাৰি বৰুৱাই ক’লে৷

: বৰুৱানীও মনে মনে নাথাকিল৷ কাৰ্ড বিচাৰিবলৈ ‘ড্ৰয়িংৰূম’ত সোমোৱা বৰুৱানীয়েও উভতি ধৰিলে,

: মনত আছে যদি পোৱা নাই কিয়?

: আচ্ছা, কাপোৰৰ লগত কাৰ্ডখনো ৱাছিং মেচিনত সোমোৱা নাইতো!

পত্নীৰ পিছে পিছে গৈ আনটো কোঠাত সোমোৱা বৰুৱাই সুধিলে৷

গিৰীয়েকৰ এনে বাক্যবাণত বৰুৱানী অতিষ্ঠ হৈ পৰিল৷ খঙেৰে বৰুৱানীয়ে ক’লে,

: আপুনি কি মানুহহে? অথনিৰে পৰা মোক কামুৰি আছে যে? মোৰ ৰন্ধা-বঢ়া কৰিবলৈ আছে৷ আপোনাৰ বস্তু আপুনি বিচাৰি লওক৷ নাপালে কেনেকৈ কি কৰে কৰি থাকক৷ সেয়া আপোনাৰ সমস্যা৷ মই পাকঘৰত লাগোঁগৈ৷ পিছত সময়মতে ভাত নাপালেও জগৰ লাগিব নহয়!

ঘৈণীয়েকৰ খং দেখি বৰুৱাৰ মাত হৰিল৷ ঘৈণীয়েকে সহযোগ নকৰিলে তেওঁৰ বাবে এ টি এম কাৰ্ড বিচাৰি উলিওৱা যে সম্ভৱ নহ’ব সেয়া বৰুৱাই বুজি পায়৷ সেয়ে তেওঁ ঘৈণীয়েকৰ ওচৰলৈ আহি দীঘলকৈ হুমুনিয়াহ এৰি ছোফা এখনত বহি ক’লে,

: নহয় অ’, কাৰ্ডখন হেৰালে কম কথা হ’বনে? এতিয়া বজাৰেই কৰিবা, নে থানা আৰু বেংকলৈ গৈ ৰিপৰ্টেই কৰিবা।

: সেইকাৰণে লাগতিয়াল বস্তুবোৰ ভালদৰে থ’ব লাগে৷

: ড্ৰয়াৰটেই থোৱা মোৰ ভালকৈ মনত আছে৷

: তেতিয়াহ’লে গ’ল ক’ত? কাৰ্ডখনৰ কিবা হাত-ভৰি আছে নেকি? টেবুল-আলমীৰাৰ পৰা আৰম্ভ কৰি বিছনা, ছোফাৰ তললৈকে তিনিওটা ৰূমৰ সকলোফালে চোৱা হ’ল দেখোন। আলমীৰাৰ পৰা উলিয়াই পাছবুক, এল আই চিৰ কাগজ আৰু বাকী কাৰ্ডবোৰ থোৱা বেগটোতো চোৱা হ’ল দেখোন! তাতেই থ’ব লাগিছিল৷ বাৰু, এতিয়া ড্ৰয়াৰ তিনিটাৰ সকলো বস্তু আৰু কাগজবোৰ মজিয়াত উলিয়াওকচোন, দুয়োজনে আকৌ এবাৰ ভালকৈ চাওঁ৷

বৰুৱানীয়ে শেষ চেষ্টা কৰি চাব বিচাৰিলে৷

: মই দেখোন চালোঁৱেই৷

: আপুনি ড্ৰয়াৰকেইটা খুঁচৰিহে চাইছে৷ উলিয়াওক, ড্ৰয়াৰৰ পৰা সকলোবোৰ উলিয়াওক৷ একেবাৰে নলগা বস্তুবোৰো বাচি উলিয়াব লাগিব৷

বৰুৱানীয়েও এৰি নিদিলে৷

: বচা কামটো পিছত হ’ব, এতিয়া কাৰ্ডখনহে লাগে৷

গিৰীয়েকৰ কথাত বৰুৱানী মান্তি নহ’ল৷ পত্নীৰ হেঁচাত হেমন্ত বৰুৱাইও ড্ৰয়াৰ তিনিটাত থকা সকলো বস্তু আৰু কাগজ-পত্ৰ মজিয়াত উলিয়াব লগা হ’ল৷ তাৰ পিছত দুয়ো ভালদৰে সেইবোৰৰ মাজত এ টি এম কাৰ্ডখন বিচৰাত লাগিল৷ দুয়োৱে এপদ এপদকৈ বস্তু আৰু কাগজ-পত্ৰবোৰ চাবলৈ ল’লে৷ অলাগতিয়াল যেন লগা বস্তু তথা কাগজ-পত্ৰবোৰ দুয়োৱে মজিয়াত একাষৰীয়াকৈ থৈ গ’ল৷ কিন্তু ড্ৰয়াৰৰ পৰা অলাগতিয়াল বয়-বস্তু ওলোৱাত বৰুৱানীয়ে নিমাতে থাকিব নোৱাৰিলে৷

: এইকেইটা পুৰণি বেটাৰী, তাকো ৰাখি থ’ব লাগেনে? … এইদুখন চাওক, কাৰোবাৰ বিয়াৰ চিঠি৷ দৰা-কইনাবোৰো কিজানি মাক-বাপেকেই হ’ল৷ আমাৰ এওঁ আকৌ চিঠিবোৰ ৰাখি থৈছে৷

পুৰণি বেটাৰী আৰু বিয়াৰ চিঠিৰ উপৰি ড্ৰয়াৰ তিনিটাৰ পৰা বিভিন্ন সংখ্যা আৰু পৰিমাণত আলপিন, মেৰিয়াই থোৱা পুৰণি কেলেণ্ডাৰ, পুৰণি উকা ডায়েৰী, হেমন্ত বৰুৱাৰে নাম-ঠিকনা লিখা থকা খালী দীঘল লেফাফা, বজাৰৰ সামগ্ৰীৰ নাম আৰু বজাৰ খৰচৰ হিচাব লেখা কাগজৰ পুৰণি টুকুৰা, পুৰণি লটাৰীৰ টিকট, ম্যাদ উকলা ঔষধ, বেয়া হোৱা টৰ্চলাইট, পূজাৰ চান্দা দিয়া পুৰণি ৰচিদ, কাপোৰৰ দোকানৰ ৰচিদ, পুৰণি সৰু নোট বুক, প্লাষ্টিকৰ ‘কেৰিবেগ’, পুৰণি উকা কাগজ, কিবা-কিবি লিখা থকা ফটা কাগজ, বিহু-পূজাৰ পুৰণি আমন্ত্ৰণী পত্ৰ, পুৰণি কলম, ভেচলিনৰ টেমা, ভিজিটিং কাৰ্ড, ‘পেপাৰ ৱেট’, পুৰণি গাম এঠাৰ টিউব, পুৰণি ব্লেড সুমুৱাই থোৱা পেকেট, তলাবিহীন মামৰে খোৱা চাবি, ম’বাইল ফোনৰ বিকল হোৱা চাৰ্জাৰ, তলৰ ঢাকনিখন ওলাই যোৱা পুৰণি অচল হাতঘড়ী, লেটেৰা ফণি আদি ওলাল৷ তিনিওটা ড্ৰয়াৰৰ পৰা ওলোৱা এই অলাগতিয়াল সামগ্ৰীবোৰ এটা ড্ৰয়াৰত হয়তো নাটিবই৷

শেষৰফালে বৰুৱাই পুৰণি নিমন্ত্ৰণী চিঠি এখন হাতত তুলি লোৱাৰ লগে লগে চিঠিখনৰ ভাজৰ পৰা কাৰ্ড এখন টপককৈ মজিয়াত পৰি গ’ল৷ বৰুৱানীয়েও সেয়া মন কৰিলে৷ বৰুৱাই কাৰ্ডখন তুলি ল’লে৷

: আৰে এইখন দেখোন এ টি এম কাৰ্ডখন৷ পাই গ’লোঁ বুজিছা৷ উহ্‌ ভগৱান ৰক্ষা!

কাৰ্ডখনৰ দুয়োফালে বৰুৱাই দুবাৰমান চাই ল’লে৷ তেওঁৰ মূৰৰ পৰা গধুৰ বোজা এটা যেন কোনোবাই নমাই দিলে৷

বৰুৱানীয়ে গিৰীয়েকৰ হাতত থকা কাৰ্ডখনলৈ চালে৷ পতিদেৱতাক ভালকৈ এজাউৰি দিবলৈ মন গ’ল তেওঁৰ৷ তেওঁ বৰুৱাক ক’লে,

: এতিয়া দেখিলে, আপোনাৰ স্বভাৱ মোৰ জনা আছে নহয়! বস্তু নিজেই ভালকৈ ৰাখিব নোৱাৰিলে এনেই আনক সন্দেহ কৰিব নালাগে৷

: মই কৈছিলোঁ নহয়, কাৰ্ডখন মই ড্ৰয়াৰতে থৈছিলোঁ বুলি৷

হাঁহিমুখেৰে বৰুৱাই তেওঁৰ স্মৃতিশক্তি প্ৰতিষ্ঠাৰ চেষ্টা চলালে৷

: তেনেকৈ কোনোবাই লাগতিয়াল বস্তু থয় নেকি? বস্তু এটা ভালকৈ বিচাৰিবওতো নোৱাৰে৷

খং মিশ্ৰিত সুৰত বৰুৱানীয়েও উত্তৰ দিলে৷

: ড্ৰয়াৰটো ওপৰে ওপৰে খুঁচৰোঁতে বোধকৰো কাৰ্ডখন চিঠিৰ মাজত সোমাল৷

বৰুৱাই নিজৰ ভুল ঢাকিবৰ চেষ্টা কৰিলে যদিও বিশেষ ফল নিদিলে৷

: এতিয়া লাগতিয়াল বস্তুবোৰ ড্ৰয়াৰত থওক আৰু অলাগতিয়ালখিনি আঁতৰোৱাৰ ব্যৱস্থা কৰক৷ মই পাকঘৰত লাগোঁগৈ৷

গিৰীয়েকক এই লঘু দণ্ড বিহি বৰুৱানীয়ে পাকঘৰলৈ খোজ ল’লে৷ পাকঘৰত সোমোৱাৰ সময়ত তেওঁৰ মুখত শুনা গ’ল,

: ঢেৰুৱা ঠাৰি ক’ত সিজিব?

☆★☆★☆

4 Comments

  • Pranita Goswami

    বৰ ভাল লাগিল। অলাগতীয়াল বস্তুবোৰৰ লিষ্টখন প্ৰতি ঘৰে ঘৰে বিদ্যমান যেন অনুভৱ হ’ল।

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      ধন্যবাদ জনালোঁ৷

      Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ জনালোঁ৷

      Reply

Leave a Reply

Your email address will not be published.