ফটাঢোল

বৰুৱাৰ সংসাৰ- জ্যোৎস্না হাজৰিকা

দেওবাৰৰ ৰাতিপুৱাটো বদন বৰুৱাৰ ঘৰখনত একপ্ৰকাৰৰ উথপথপ হৈ থাকে। সপ্তাহটোৰ একঘেয়ামিখিনিৰ অন্তত ঘৰখনত সৰু-সুৰা উদ্‌যাপন এটাই হয়গৈ।  উদযাপননো আৰু কি! ৰাতিপুৱাতে বৰুৱানীৰ হাতৰ ৰুটি-ভাজি আৰু অমলেটেৰে দিনটোৰ শুভাৰম্ভ হয়। বৰুৱানীয়ে ৰাতিপুৱাতে ঘৰৰ কামবোৰ সামৰি ভাগে ভাগে চাহ জলপান যোগান ধৰে মানে বৰুৱাই বজাৰলৈ যোৱা মোনাখন বিচাৰে। মানুহ বুলিবলৈ বাবা মাজনীকলৈ ঘৰখনত মাত্ৰ চাৰিটি প্ৰাণী। সাদৰী মানুহজনীৰ হাতৰ পৰশ ঘৰখনৰ প্ৰতিটো চুকতে বিদ্যমান। আগফালৰ ফুলনি, পিছফালৰ বাৰীখন নিজহাতে আপডাল কৰে মানুহজনীয়ে। বৰুৱাই বন্ধবাৰবোৰত ঢেঁকীয়া, পচলা য’ত যি পাই গোটাই দিয়ে আৰু মানুহজনীয়েও যিমান পাৰি যতন কৰি ৰান্ধে। বাবা মাজনীয়ে অৱশ্যে দেওবাৰৰ দিনটোত মাংস অকণহে বিচাৰে। বৰুৱাই সেয়েহে দেওবৰীয়া বজাৰত এপাক মৰাটো নিয়ম হৈ পৰিছে। ৰাতিপুৱাতে পচলা এডোখৰ গোটাই থৈ বজাৰলৈ যোৱা চোলাটো গাত সুমুৱাই চাইকেলখন ভিতৰৰ পৰা উলিয়াই এবাৰ চকাকেইটালৈ চকু ফুৰালে।  ঠিকেই আছে! ল’ৰা-ছোৱালীহালে চাইকেল শিকাৰ নামত চাইকেলখন থেতেলিয়াই লৈ ফুৰে। কৰ্টলৈ অহা-যোৱা কৰা একমাত্ৰ বাহন তেওঁৰ এইখনেই। ৰাতিপুৱাই মচি কাচি নিকা  কৰি লোৱা চাইকেলখন ৰাতিলৈকে বোকাই পানীয়ে লেটি পেটি হৈ ঘৰ সোমায়। অকল চাইকেলহেনে! মানুহটোও পানীটুপিৰ কৃপাত এক্স আখৰটোৰ লেখিয়া খোজকেইটা দি মানুহজনীক চৈধ্যপুৰুষ উজাৰি গালি দি গোটেই চুবুৰিটোৱে গম পোৱাকৈ গৃহপ্ৰৱেশ কৰে! সন্ধিয়া সময়খিনি চিঞৰ বাখৰ হুলস্থুলত অতীষ্ঠ হৈ ওচৰৰ চুবুৰীয়াই বৰুৱাক গালি পাৰিবলৈ আৰম্ভ কৰে।ল’ৰা-ছোৱালীহালে নিৰৱে নিজৰ কাম কৰে, মানুহজনীয়েও পাকঘৰত ৰাতিৰ সাজৰ যোগাৰ কৰে। যেন একোৱেই হোৱা নাই! ভাত হয়গৈ মানে মানুহজনৰ চিঞৰ-বাখৰবোৰো শাম কাটে। ভাত খোৱাৰ নিয়মটো কৰি যুদ্ধৰ শেষত পৰাজিত সৈনিকৰ দৰে টেবুলৰ পৰা বিচনালৈ নিৰৱে যাত্ৰা কৰে। আচলতে ভাতৰ টেবুলত মানুহজনীৰ নিৰুদ্বেগ মুখখন দেখি সন্ধিয়াৰ আস্ফালনবোৰে যেন লাজতে মূৰ তল কৰে!

বাকী সময়খিনি আন প্ৰাণীকেইটাই হাঁহি-মাতি ভাত-পানী খাই পিছদিনালৈ আকৌ সাজু হয়! গোটেই সপ্তাহটো এইখন ৰুটিন চলি থাকে। ৰাতিপুৱা উঠি চাইকেলখন চিকমিকিয়া কৰি তজবজীয়া মানুহটো সংসাৰৰ সমস্ত সুখ কঢ়িয়াই ফুৰা হাঁহি এটা কঢ়িয়াই যাত্ৰা কৰে অফিচলৈ বুলি। দিনটোৰ কামৰ অন্তত তেওঁৰ এনে কি দুখৰ ভাৰ আহে কোনেও বুজি নাপায় আনকি তেওঁ নিজেও!

চাইকেলখন কেতিয়ানো চুলাই ভাটিৰ ফালে গতি কৰে তেওঁ ততেই ধৰিব নোৱাৰে। গৈ পোৱাৰ পিছত তাত বহি থকা কেইজনৰ আদৰ-সাদৰত পৃথিৱীত সিহঁততকৈ আপোন কোনো নাই যেন বোধ হয় তেওঁৰ! তাৰ পাছৰখিনি পৃথিৱীৰ সমস্ত দুখে আৱৰি ধৰাৰ সময়! সেয়েহে চকুপানী, নাকৰপানী  আৰু চুলাই একেলগে গলাধঃকৰণ কৰি মদাহীধৰ্ম পালন কৰে তেওঁ! দিনটোৰ চকুপানীখিনি উটি যোৱাৰ পিছত নিজৰ ঘৰখনলৈ তেওঁৰ বৰকৈ মনত পৰে! পুৰণি চিনাকি বাটটোৰে থৰকবৰক খোজেৰে তেওঁ ঘৰমুখী হয়! পদূলিমুখত  তাহানিতে মানুহজনী পলুৱাই অনাৰ পাছত গালিৰে থকা-সৰকা কৰা মানুহজনীৰ ফালৰ মিতিৰ কুটুমবোৰলৈ পুৰণি খঙটোৱেও উক দিয়ে! দস্তুৰমত চৰকাৰী চাকৰি! কিহৰ খাতিৰ অ’! নিদিয় যদি লৈ যাবি ছোৱালী! আঁঠু ল’ম বুলি ভাবিছে! চিনা নাই বদনক! গোটেই নাটকখন শেষ হোৱাৰ পাছত ভাগৰে জোগৰে ভাতকেইটা খোৱাৰ পিছত সুখৰ চৰাই এটাই বুকু জুৰায়! কিহৰ অভাৱ মোৰ!

মানুহজনীয়ে প্ৰথমতে বুজাইছিল যদিও পিছলৈ মদৰ নিচাতকৈ ইচ্ছাকৃত চিঞৰ বাখৰ বেছি বুলি গম পোৱাৰেপৰা গুৰুত্ব নিদিয়া হ’ল! ল’ৰা ছোৱালীহালেও কিবা এটা বুজিলে। আজিকালি সিহঁতৰো গাত নলগা হ’ল কথাবোৰ। আজিকালি সন্ধিয়াৰ চিঞৰ-বাখৰখিনি নহ’লেহে সিহঁতৰো অঁখজা লাগে! ওচৰ-চুবুৰীয়া দুই এজনেও আজি বৰুৱা নাই নেকি বুলি ভুমুকিয়াই চায়! দেওবাৰৰ দিনটো সিহঁতৰ বৰ ফূৰ্তি হয়। ঘৰখনত সাপ্তাহিক শান্তিয়ে বিৰাজ কৰে! বৰুৱাই সেইদিনা বজাৰৰপৰা অহাৰ পিছত ক’লৈকো ওলাই নাযায়। মানুহজনীয়ে আবেলিকৈ মাকৰ ঘৰলৈ পাক এটা মাৰে। গাঁওখনৰ সিমূৰত থকা শহুৰৰ ঘৰখনলৈ বৰুৱাই মানুহজনীক চপোৱাৰ আগতেই গৈছিল! গৈছিল মানে! পুৱা-গধূলি পাক এটা নামাৰিলে ভাতেই হজম নহৈছিল তেওঁৰ! বাৰীৰ পাচলিকেইটা বজাৰত বিক্ৰী কৰাৰ চলেৰে ঘৰখনলৈ আহ-যাহ বেছি হৈছিল তেওঁৰ। কেতিয়াও সুদামুখে নপঠিওৱা বৰুৱানীৰ মাকে তেওঁক নিজৰ মাকৰ মৰম দিছিল। পিচে খিড়িকীমুখত ৰৈ থকা সেই  চকুহালৰ আমন্ত্ৰণ উপেক্ষা কৰিবপৰা শক্তি তেওঁৰ নাছিল।ঘৰখনৰ মানুহবোৰে কিবা উমান পোৱাৰ আগতেই এদিন সন্ধিয়া পাচলিৰ সলনি মানুহজনীকে লৈ আহিছিল বদন বৰুৱাই! মানুহজনীক পলুৱাই অনাৰ পিছত কমখন গালি খালেনে! মাকহেন মানুহজনীয়ে “চুকত থাকি বুকত কামুৰিলি কুকুৰ” বুলি গালিপৰাৰ দিনা তেওঁৰ কুকুৰৰ নিচিনা প্ৰভুভক্ত জীৱবিধলৈহে দুখ লাগিছিল! সেই কথাবোৰ মনত পৰিলে তেওঁক এতিয়াও মদ নোখোৱাকৈয়ে শোকে খুন্দামাৰি ধৰে! চাকৰিটো নিয়মীয়া হোৱাৰ পিছতহে যেনিবা হেৰোৱা সন্মানকণ ঘূৰি আহিল! যুগ্ম জীৱনৰ প্ৰথমছোৱাত বাৰুকৈয়ে থেকেচনি খাবলগীয়া হৈছিল বৰুৱা দম্পতীয়ে। সৰু চাকৰিটোৰে লাহে লাহে নতুনকৈ কিনি লোৱা মাটিটুকুৰাত ঘৰখনে মূৰ দাঙি উঠিছিল। পৈতৃক সম্পত্তি বুলিবলৈ থকা মাটিখিনি বৰুৱাৰ ককায়েকে লৈ লৈছিল। সেইবোৰ বহুত পুৰণি কথা। বৰুৱাই তেতিয়া যেনেতেনে জেপ খৰছটোৰ কথা ভাবি ঘূৰি ফুৰিছিল। খিড়িকীমুখৰ সেই চকুহাল নেদেখা হ’লে চাগে বৰুৱাৰ কাহিনী বুলিবলৈ একো নাথাকিলহেঁতেন! বৰুৱাই আচলতে গুৰুত্বহীন হৈ থাকিয়েই ভাল পাইছিল! পৰিয়ালৰ মানুহবোৰৰপৰা পোৱা উপেক্ষাই মদৰ প্ৰতি আসক্তি বঢ়াই তুলিছিল। পিছলৈ সেয়া অভ্যাসত পৰিণত হৈছিল যিটো বৰুৱাৰ সুখৰ সংসাৰখনৰ একমাত্ৰ সমস্যা হৈছিলগৈ। বৰুৱানীয়ে সেই সমস্যাটো জীৱনৰ এটা অংশ বুলিয়েই মানি লৈছিল! জীৱনটো উদ্‌যাপন কৰিবলৈ, সুখী হ’বলৈ ঢেৰ কাৰণ বিচাৰি পাইছিল তেওঁ মানুহজনৰ ওচৰত… সুখক সঁজাত বন্দী চৰাইৰ দৰে সদায় কাষতে বিচৰাৰ মানসিকতা তেওঁৰ আগৰেপৰাই নাই।

বৰুৱাই বজাৰৰপৰা লোকেল কুকুৰা মাংস আধাকেজি আৰু সৰু মাছ অলপো লৈ ল’লে। মাছ লোৱাৰ কথা নাছিল যদিও মাছখিনি সতেজ দেখি লৈ ল’লে। বৰুৱাই লোকেল বস্তুতহে সদায় গুৰুত্ব দিয়ে! বজাৰৰপৰা  আহি টোপোলা দুটা চোতালৰ ডালিম জোপাৰ তলতে থৈ তেওঁ  পিছফালৰ বাৰী চিকুণাবলৈ ল’লে। বাবা মাজনীয়েও টিভিটো লগাই নিজৰ মাজতে দেওবৰীয়া উৎসৱ পালন কৰি আছে। বৰুৱানীয়ে মাংসখিনি ভাজি থাকোঁতে এপাকত বৰুৱাই আহি মাছখিনিৰ কথা সুধিলে।

: কি মাছ?

বৰুৱানীয়ে থতমত খাই সুধিলে।

: কিয় ডালিমৰ তলত যে থৈছিলোঁ।তুমি বাহিৰৰ টেপতে ধুবা বুলি।

: ক’তা মইতো দেখা নাই। এটা টোপোলাহে পাইছোঁ তাত।

বিতত বৰুৱানী!

বৰুৱাই লৰ মাৰি বাহিৰলৈ আহি গছজোপাৰ তললৈ চাই পঠিয়ালে। হয়! গছজোপাৰ তলখন উদং! কি হ’ব পাৰে! কোনে ইমান সাহস কৰিব পাৰে আচৰিত! দিন দুপৰতে! বৰুৱাৰ মূৰৰ বাকী থকা চুলিখিনি থিয়হৈ গ’ল  খঙৰ প্ৰকোপত।

: বাবা মাজনী কি কৰি থাক অ’ তহঁতে? মুখৰ আগতে জীয়াল মাছকেইটা কোন হাৰামীয়ে নিলে হয়?

বৰুৱাৰ মুখৰ ভাষাই দিন দুপৰতে সীমা চেৰাই যাব পাৰে বুলি বৰুৱানীয়ে পানী এগিলাচকে আনি বৰুৱাক যাচিলে। পানীগিলাচ খাই হেঁপাহ পলুৱাই খং উজাৰিলে বৰুৱাই। জীয়াল মাছকেইটাৰ চেহেৰাকেইটা মনলৈ যিমানে আহে বৰুৱাৰ খঙৰ মাত্ৰা সিমানে চৰিলে। ওচৰ চুবুৰীয়া দুই এঘৰেও  ভুমুকিয়াই চালে আজি দিনতে হুলস্থুল শুনি! বাবা মাজনীয়ে মাছ খাই বৰ এটা ভাল নাপাই বাবে বৰ এটা গুৰুত্বও নিদিলে। মুঠতে বাকী তিনিটা প্ৰাণীয়ে বৰুৱাই প্ৰকৃততে মাছ আনিছিল নে নাই সেই কথাটোতেই সন্দেহ কৰি থাকিল মাত্ৰ মুখ ফুটাই নক’লেহে! দেওবাৰৰ দিনটো বৰুৱাৰ কাহিনীটোৱে চুবুৰিটোৰ সকলোকে ৰসস্বাদ দি থাকিল। ওচৰৰ পিলিঙাকেইটাই বোলে মাছ চাগে চুলাই ভাটিত এৰি আহিল বুলিও ঠাট্টা মস্কৰা কৰিলে। মাংসৰ জোলেৰে ভাতকেইটা খাই বৰুৱাই দিনটোৰ সামৰণি মাৰিলে। ঘৰলৈ মাজে মাজে অহা বোন্দা মেকুৰীটোকে জগৰীয়া কৰিলে শেষত! মোনা লৈ পলোৱা মেকুৰী চাগে সিয়েই প্ৰথম বুলি বাবা মাজনীয়ে মিচমিচাই হাঁহি থাকিল! মাকৰ ধমক খাই দুয়োটা মনে মনে থাকিল। এপোৱা মাছৰ দুখটোৱে বৰুৱাক কিন্তু ভিতৰি ভিতৰি খুন্দি থাকিল। সন্ধিয়া টিভিটো চাওঁ বুলি বহোঁতেই সিখন গাঁৱৰ সদানন্দ উকীল আৰু চুবুৰীৰে হৰ মাষ্টৰ আহি ঘৰ ওলালহি! বৰুৱাই আদৰ সাদৰকৈ দুয়োজনকে বহুৱালে। বৰুৱানীয়ে থাওকতে নেমু চৰবত দুগিলাচ দি গ’ল। বৰুৱাই নেমু বৰ বেয়া পায়। আগদিনাৰ ভাল লগা ৰিমঝিম নিচাটো হেনো কাটি থৈ যায়! হৰ মাষ্টৰে বোলে বৰুৱা মাছ হেৰাল বোলে? বৰুৱাই চক খাই উঠিল। ইমান সৰু কথাটো ইমান ৰজনজনাই গ’লনে যে সিখন গাঁৱৰ  মানুহেও খবৰ কৰিবলৈ আহিছে। ৰাতিপুৱা কৰা চিঞৰ বাখৰখিনিৰ কাৰণে তেওঁৰ  পেটে পেটে অলপ লাজো লাগিল। নিজৰ সন্মানৰ কথা চিন্তা কৰি ভাবুক হৈ পৰিল বৰুৱা!

: আজি তোমাৰ মাছে উকীল দদাইদেউৰ  ঘৰত অথন্তৰ লগালে বুজিছা!

বৰুৱাই একো নুবুজি দুয়োৰে  মুখলৈ চাই থাকিল। মাছৰ কথা শুনি বৰুৱানীও চাদৰৰ আঁচলতে হাতখন মচি কাষ চাপি আহিল। ঘটনাৰ বিৱৰণী মতে  উকীলনীয়ে গা ধুই আহি চোতালতে মাছৰ টোপোলাটো পালে। ঘৰৰ চোতালত থকা মাছখিনি ক’ৰপৰা আহিল বুলি তেওঁ ভাবিবলৈকে নহ’ল! আনন্দমনে মাছখিনি ধুবলৈ লওঁতেহে উকীলে থাপ মাৰি মাছখিনি আনি পিছফালৰ নলাটোলৈ দলিয়াই দিলে। পোহনীয়া বোন্দাটো আৰু উকীলনীয়ে তবধ মানিলে। মালিকনীয়ে মাছ ধোৱাৰেপৰা পৰ দি থকা বোন্দাৰ দুচকুত মচমচীয়া ভজা মাছকেইটা জিলিকি উঠিল।   দুয়োটা প্ৰাণীলৈ পোন্দোৱাকৈ চাই উকীলে মাষ্টৰৰ ওচৰত মঙল চোৱাবলৈ পোনালে। কোনে কি মতলবত মাছ থৈ গৈছে কি ঠিক! মানুহবোৰে আজিকালি হিংসা কৰিবহে জানে! মঙল চোৱাবলৈ আহিহে উৰহী গছৰ ওৰটো ওলাল! সেয়েহে দুয়োজনে মিলি বৰুৱাৰ ঘৰত খবৰটো দি যাওঁ বুলি সোমাল। হয় মাছৰ আকাৰ প্ৰকাৰৰপৰা ক’লা পলিথিনটোলৈকে সকলোখিনি মিলিছে। পিচে টোপোলাটো কোনে কঢ়িয়ালে তাৰহে উৱাদিহ কোনেও নাপালে। উকীলেও নিজৰ কেৰিয়াৰত এনেকুৱা কেচৰ পাল্লাত আজিলৈকে কেতিয়াও পৰা মনত নপৰে! ইফালে উকীলৰ ঘৰৰ পোহনীয়া কুকুৰ কালুৱেহে একো উৱাদিহ পোৱা নাই। ৰাতিপুৱাৰেপৰা ঘৰখনতনো কিহৰ ইমান হুলস্থুল।দুপৰীয়া ভাতৰ নামত কৰকৰা কেইটামানহে পালে! মাছৰ টোপোলাটো সিখন গাঁৱৰপৰা ৰাতিপুৱাতে এনেয়ে কঢ়িয়ালে! মালিকনীয়ে গা ধুই থকা বুলি গম পাই সি টোপোলাটো বাথৰূমৰ দুৱাৰমুখতে থৈছিল। চম্পাহঁতৰ ঘৰলৈ নতুনকৈ মাইকী কুকুৰজনী অনাৰেপৰা সি খোৱাৰ সময়টো মিলাইহে ঘৰ চাপে! লাহী-পাহী ঢেকুৰীজনী চালে চাই থাকিবৰ মন যায় তাৰ! আজিও খোৱা সময়ত উপস্থিত হওঁতে  সি মালিকনীয়ে থেকেচা মাৰি দিয়া আগদিনাৰ সুদা ভাতকেইটাৰ লগতে

“তোক খাবলৈহে ৰাখিছোঁ ঘৰখনত কোন কেতিয়া আহে তইতো গমেই নাপাৱ!”

বুলি ভেকাহি এটাহে পালে! তাকে খাই পেটটো চোতালৰ পকাতে পেলাই মাছকেইটাৰ কথা সুঁৱৰি কোৱাৰি চেলেকি চেলেকিয়েই সি আবেলিটো পাৰ কৰি দিলে। সৰহীয়া তেলত আইদেৱে মচমচীয়াকৈ ভজা মাছকেইটা থাকিলে তাৰ ভাতকেইটা সোনকালে শেষ হয়! তাৰ পাছতো পাকঘৰৰ ফালে চাই  জিভা উলিয়াই ৰৈ থকা দেখিলে আইদেৱে তাক মৰমতে আৰু দুটা মাছ দিও থৈ যায়! মাছ থাকিলে আইদেৱে তাক নিদিয়াকৈ নাথাকে।  সিতো আৰু বোন্দাৰ দৰে কেঁচা মাছ নাখায়!

 ☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.