ফটাঢোল

বৰুৱা এণ্ড বৰুৱানী দ্যা গ্ৰেইট- লখিমী হাজৰিকা

খেটেঙকৈ লোহাৰ জপনাখন খুলি পদূলিৰে বৰুৱানী পাৰ হৈ গ’ল। বৰুৱাই কাকতখনৰ আঁৰেৰে পিছফালৰ পৰা আপাদমস্তক এবাৰ চালে। নতুনকৈ কিনা পালাজ’ নে প্লাজো সেই কাবুলীৱালাই পিন্ধা টাইপৰ পেণ্টটোৰ সৈতে মাজনীৰ তালৈ যাওঁতে লৈ অনা টপটোৰে সৈতে চুটি চুলিখিনিৰে বৰুৱানীক দেখি বৰুৱাৰ মনলৈ অহা ফিলিঙটোক কি নাম দিব তেওঁ নিজেই ধৰিব নোৱাৰিলে। হওঁতে বৰুৱানীৰ স্বাস্থ্য-পাতি একেবাৰে বেয়া নাছিল। পিঠাগুড়ি, সান্দহ, গৰু গাখীৰে, ভীমকলে সানি জলপান খোৱা মানুহ বৰুৱানী। ঢেকী দিয়া, পথাৰত ভুঁই ৰোৱা মানুহ। গতিকে তেতিয়া লোডোৰ পোডোৰ নাছিল এতিয়াৰ দৰে। এতিয়া ঘৰ মচিবলৈ কাষৰে কেও কিছু নোহোৱা মহিলা এগৰাকী আহে।

চোতাল সাৰিবলৈ নায়েই। চাৰিওফালে পকা। পাইপেৰে মটৰ লগাই পানীমাৰি দিয়ে। মিনিটত শেষ। কাপোৰ ধুবলৈ মেচিনটো আছে যদিও তিয়নিকেইটা যেনিবা এতিয়াও বৰুৱানীয়ে নিজেই ধোৱে হাতেৰে। তিয়নীনো কি! মেক্সিটো আৰু অন্তৰ্বাস দুটাহে। মেক্সিটোৰো দৈৰ্ঘ্য বৰুৱানীৰ বয়সৰ লগে লগে কমিহে আহিছে। আগৰকেইটাত হাত দুটা আছিল, এতিয়া তাকো নাথাকে। পিচে এতিয়া পিজা, মেগী, ম’ম এইবোৰ খাই খাই ষ্টেণ্ডাৰ্ড বঢ়াওঁতে চাৰিওফালে মঙহসোপাও বাঢ়িবলৈ ধৰিলে। গতিকে ডাক্তৰৰ কথামতে মৰ্ণিঙৱাক নকৰি নোৱাৰি। দুদিন মান মৰ্ণিঙ ৱাকলৈ গৈ চুবুৰীয়াসকলৰ ঘৰুৱা কন্দলসোপাৰ বিৱৰণ বৰুৱাকো শুনাইছিলহি। এদিন বৰুৱাই বোলে,

: তুমি বাতৰি সংগ্ৰহত যোৱানে খোজকাঢ়িবলৈ যোৱাহে?

বুদ্ধি কৰি মাজনীৰ হতুৱাই খোজকঢ়াৰ ফলপ্ৰসু নিয়মটো শিকাই দিয়াৰ পিছতহে কিবাকৈ ৰক্ষা পৰিল।আৰু বৰুৱানীৰো কিছু লাভ হোৱা যেন লাগিছে। সেই অজুহাততে জীয়েকৰ হতুৱাই বাইছশ দি ৱাকিঙ শ্বু এযোৰো অনাইছে। বৰুৱাই এবাৰেই ওঁঠৰশ দি বাটাৰ পৰা জোতা এযোৰ লৈছিল, তাকো মাজনীহঁতৰ বিয়াৰ পিছত মিতিৰৰ ঘৰলৈ ফুৰিবলৈ যাবলৈ বুলি। এতিয়া মুঠতে পালাজো, শ্বু পিন্ধি চুলিখিনি ওভোটাই বান্ধি বৰুৱানী সদায়ে পুৱা খোজকাঢ়িবলৈ যায়। ঘূৰি আহি গা পা ধুইহে বৰুৱাক চাহকাপ দিবহি।

গতিকে আৰু দুঘণ্টালৈ তেওঁ লালচাহকাপৰো যোগাৰ নহ’ব বুলি জানি পুনৰ বাতৰিখনতে মনোযোগ দিলে। বৰুৱানীৰ মতে সেইখনতনো আছে কিটো। আগৰদিনা টিভিতে সকলো পোৱা যায়েই। বৰঞ্চ কাকততকৈ বহুত ৰসালকৈহে পোৱা যায়। বৰুৱাই বোলে থোৱাহে সেই উগাৰি উগাৰি কথা সোপা একোটা বাক্যকে পেৰি থাকিব। মূৰকত গৈ একোতো নোলাইগৈ, আকৌ তিনিটা চেনেলত একেটা ঘটনাৰে তিনিটা মূৰ। কোনে চাই সেইসোপা।

বৰুৱানীয়ে বোলে ভাল সেই ইয়াণ্ডাবু সন্ধিৰ সময়ৰ মানুহটোৰ লগত আই বোপায়ে সং কৰাই দিলে অ’৷
বৰুৱাই বোলে,

: মোৰ জন্মৰ চনটো পাহৰিলোঁ৷ ইয়াণ্ডাবুনো কেতিয়া হৈছিল হয়নে?

: অ’ হ’ব  হ’ব সেই হাইস্কুলৰ চাকৰিৰ পৰা তেতিয়াই ওলাল, এতিয়া মোৰ জি.কে টেষ্ট ল’ব নালাগে৷

বুলি ফোঁফোৱাই ভিতৰলৈ সোমাই যায়গৈ। এনেয়ো ঘৰখনত বৰুৱাৰ প্ৰভাৱটো কম। তাতে দৰমহাৰ পৰা যেতিয়া পেঞ্চন পালেহি, তেনেকৈ টকাৰ হাৰ কমাৰ দৰে বৰুৱাৰো প্ৰভাৱটো কমি গ’ল, বৰুৱাও গ্ৰীণটী, প্ৰেছাৰৰ টেবলেট, কঁকালৰ বিষ এইবিলাকৰ কাৰণে বৰুৱানীৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিবলগীয়াও হ’লগৈ।

সৌসিদিনা, বোৱাৰীয়েকৰ ছোৱালীজনী হ’বৰ সময়ত ঘৰলৈ যাবলৈ ওলাওঁতে বৰুৱানীয়ে টেপেককৈ কৈ দিলে বোলে,

: হেৰৌ ইয়াতে থাকিলে কি হ’বনো? আমাৰ ধনৰ জন্মৰ সময়ত মইতো অকলেই শহুৰৰ ঘৰত আছিলোঁ। শাহুনো কি; থকা নথকা একেই।

পিচে নিজৰ জীয়েকৰ ভাল খবৰটো শুনাৰ পৰা ঘৰলৈ লৈ আনো আনো। বৰুৱাইহে বোলে,

: হেৰা গুৱাহাটীত হ’লে ইমানবোৰ সুবিধা, তাতেই ডাক্তৰক দেখুৱাই মেলি আছে থাকক দিয়া৷

বৰুৱানীয়ে শইকীয়াহঁতৰ অমৰাজোপাৰ অমৰাকেইটাৰ দৰে চকুদুটা টেলেকাই বোলে,

: হেৰা প্ৰথমবাৰলৈ ছোৱালীজনী মাক হ’বলৈ ওলাইছে, তাই মাকজনীৰ কাষত ফ্ৰি পাব। নজনাটো সুধিব পাৰিব। আপুনি হ’বলা পইচা খৰচ হ’ব বুলি আনিব বিচৰা নাই৷

বুলি শেষ কোবটো বৰুৱাক সোধাই দিয়ে৷

: হেৰা, তোমাৰ বোৱাৰীয়েনো ক’ৰ আগতে দুটা তিনিটা জন্ম দিছে হয়নে? তাইৰোতো প্ৰথম সন্তান৷

বুলি ক’বলৈ মুখখন মেলিছিলহে।

: আপুনি এই মাইকী মানুহৰ কথাত নোসোমাব৷

বুলি ভেকাহিটো শুনি লৰালৰিকৈ কোঠাৰ পৰা ওলাই বাৰাণ্ডা পালেগৈ। কেকটাছ জোপাৰ কাষতে ৰৈ বৰুৱাই নিজকে নিজেই ক’লে বোলে, “তোৰে মোৰে গতি একেই বুইছ। তই কাঁইটসোপা লৈ থাকিলি কিহ’ল! টাবতহে বহি আছ! তাকো বৰুৱানীয়ে য’ত ৰঙ পেইণ্ট কৰা টাবটো থৈ দিছে তাত।” হোহ, ৰঙ বুলিলত মনত পৰিল, সিদিনা আকৌ ৰঙ মিস্ত্ৰী ৰমেনৰ পুতেক আহিছিল। এহ ৰঙৰনো আকৌ কি মিস্ত্ৰীটো থাকে, তথাপি তাৰ পেছা হৈছে আৰ ঘৰে তাৰ ঘৰে বেৰে বেৰে ৰঙ কৰা। গতিকে সি ৰঙ মিস্ত্ৰী। তাক লাল চাহ একাপ বিস্কুটদুখনেৰে দি বৰুৱানীয়ে টাবকেইটা ৰঙ দিয়াই ল’লে, গধূলিলৈ টাবকেইটা দ্ৰয়িঙৰূমলৈ নি এবাৰ খিৰিকীখনৰ কাষত, এবাৰ টিভিটোৰ তলত, এবাৰ চোফাখনৰ কাষত সজাই মোবাইলটো টোঁৱাই আছিল।টিভিটো লগাবলৈ আহি এবাৰ পৰ্দাখনৰ ফাঁকেৰে চাই বৰুৱাই পুনৰ ভিতৰলৈ বাট ধৰিলে। ইফালে তেওঁৰ প্ৰাইম টাইম নিউজটোও চাবলগীয়া থাকে। নহ’লে সময়ো নাযায় নহয়। লোকেলকেইটাতকৈ নেচনেল চেনেলকেইটাত চাবলগীয়া কিছু থাকে। এপাকত দ্ৰয়িঙৰূমত ভৰি থ’লেহে, বৰুৱানীয়ে গৰগৰাই উঠিলবোলে, চাওঁ আঁতৰক হে। সেই ফটা চেণ্ডেলটো লৈ ক’তনো থিয়দঙা দিছেহি মোৰ ফটোখন ধ্বংস কৰিবলে! বৰুৱাই বোলে,

: হোৱা নাইনে তোমাৰ সেইসোপা সজোৱা?

: ইহ! আপুনি কি বুজিব! আপোনাৰ কিবা ৰুচি বোলা বস্তু থাকিলেহে।

: এহ, প্ৰেছাৰ চুগাৰ থকা মানুহে কিহৰ ৰুচিটো বুজিবহে!

বৰুৱানীও মনে মনে নাথাকিল বোলে,

: খাৱৰীয়া ঘৰৰযে, সেইকাৰণে গোটেইসোপা নি খোৱাতেহে মিলাই পেলায়।

বৰুৱাই ভাবিয়েই তত নাপায় কোনটো দিশত কথা পাতিলেনো মানুহগৰাকীৰ সৈতে কথা দীঘলীয়া হ’বগৈ। বোৱাৰীয়েকৰ বদনাম গালে হ’ব চাগে! এহ! বৰুৱাই দেখোন বোৱাৰীয়েকৰ বদনাম নেদেখেই। বৰুৱানীৰ ভাষাততো বৰুৱাক চকুত খুচি দেখুৱালেও বোৱাৰীয়েকৰ বেয়া নেদেখে। শিক্ষিতা ছোৱালীজনীয়ে কৰিবলগীয়া ঘৰখনৰ সকলো কৰে। বৰুৱাই পুৱাতে চাহ একাপ খুজি খাওঁতে এদিন বৰুৱানীয়ে ক’লে বোলে,

: মই গোট গোট মানুহজনী থাকোঁতে বোৱাৰীয়ে দিলেহে হ’লনে? অতবছৰে ময়ে খুৱাই আছোঁ।এতিয়া মই বনোৱা চাহত হ’বলা সোৱাদ নোপোৱা হ’ল?

আকৌ সেই ছোৱালীজনীয়ে মাকৰ ঘৰলৈ যাবলৈ ওলালে বৰুৱানীৰ মূৰ বিষ উঠে। বোলে,

: বিহুয়ে সংক্ৰান্তিয়ে ঘৰলৈ আলহী-দুলহী আহিব, সুধিবলৈ ঘৰখনত মানুহএজনী নাথাকে।

বৰুৱাই আকৌ টপকৈ ক’লে,

: বোলে হেৰা তুমিও ক’ৰবালৈ যাবা নেকি?

বৰুৱানীয়ে কাঁড়পাত যোৱাদি গৈ বাথৰূমত সোমালেগৈ আৰু ঘূৰি আহি থুকুচিবলগীয়া কাপোৰসোপাৰ সলনি বৰুৱাকহে থেকেচি পেলালে কথাৰে। বোলে,

: অতবছৰে বান্দী খাটিলোঁ। এতিয়া আকৌ এই বয়সতো বোৱাৰী থাকোঁতেও আলহীক ময়ে যদি সুধিব লাগে, ভাত চাহৰ যোগাৰ দিব লাগে কাৰ ঘটিটো কৰিবলৈ মই শাহু হ’লোঁ?

বৰুৱাৰ “কেলেই বোৱাৰীৰ ভুল ধৰিবলৈ আকৌ” বুলি মুখেৰে ওলাব খুজিছিলেই, উবু বা বা বা বুলি সৰু ল’ৰা ছোৱালীয়ে খেলাৰ দৰে বন্ধ কৰি থ’লে। বৰুৱা মানে এইখিনিতে সাংঘাতিক বিবুধিত পৰি যায়, হেৰৌ তেওঁক চাহ কাপ দিবলৈ থকা গোট গোট মানুহজনী আকৌ আলহী আহিলে ক’ত নোহোৱা হৈ যাব? আকৌ শাহুৱেক ঢুকুৱাৰ পিছত ৰাজৰাণী বুলি নিজকে ভবা মানুহজনী আকৌ কেতিয়া বান্দী হৈ গ’ল! বৰঞ্চ একেখিনি কামেইটো আগৰে পৰা তেওঁ নিজেই কৰি আহিছে, এতিয়া কাম কমিছেহে। কমিছে মানে নায়েই।
অ’ নহয় নহয়৷ বৰুৱানীৰ এতিয়া ঢেৰ নতুন নতুন কাম।

সিদিনা জীয়েক মাজনীয়ে ফোন কৰিছিল৷ বোলে,

: দেউতা কি কৰিছানো?

: এহ কিনো কৰিবি? বহি আছোঁ এনেয়ে। মোৰনো কি কাম?

মাজনীয়ে বিৰক্তিৰে কৈ উঠিল বোলে,

: তুমিও যে দেউতা, মায়ে দেখোন ক্ৰিয়েটিভ কামবোৰ উলিয়াই লৈছে, তুমিওতো লগতে লাগিব পাৰা।

বৰুৱাই বোলে,

: কোনবোৰ কামৰ কথা কৈছনো?

: এহ সিদিনা টাবকেইটা ইমান ধুনীয়াকৈ ৰঙ কৰিছে, কালাৰ মিক্সিঙ চুপাৰ্ব হৈছে, মইতো ফেচবুকত শ্বেয়াৰ কৰিছোঁ, ইম্মান ভাল পাইছে সবে।

: মাৰেনো টাবকেইটাৰ কথা কি লিখিছে?

মাজনীয়ে অকণ সময় ৰৈ ক’লে,

: অ’ কেপচনৰ কথা কৈছা! ইংৰাজীতে দিছে মায়ে, “টুডেজ ক্ৰিয়েটিভ ৱৰ্কছ বাই মী। ফিলিঙ হেপী” বুলি।

বৰুৱাই বোলে,

: বানানবোৰ চাই চিটি দিছনে?

মাজনীয়ে হাঁহি হাঁহি ক’লে,

: দেউতা তুমিও যে আৰু। ডাঙৰকৈ নক’বা অ’। মায়ে শুনিলে দিব মজা।

বৰুৱাই বোলে,

: মজা মানে হেৰৌ চুলি নায়েই। থকাকেইডাল ধৰিয়ে ঘটালিবহি পায়৷

দুয়ো বাপেক জীয়েকে হাঁহি হাঁহি ফোন থ’লে।

: হেৰি সেইখন মুখস্থ হ’ল যদি চাহকাপ খাই লওকহি

বুলি ভিতৰৰ পৰা চিঞৰটো শুনি বৰুৱাই কোবাকুবিকৈ ভিতৰলৈ বাট ল’লে।

☆ ★ ☆ ★ ☆

5 Comments

  • বঢ়িয়া লাগিল। বৰুৱাৰ সংসাৰখন এতিয়া বৰ চিনাকী। ভাল লিখিছা।

    Reply
    • লখিমী

      অশেষ ধন্যবাদ বা।

      Reply
  • শৰৎ মহন্ত ।। নগাঁও ।।

    ভাল হৈছে । ঘৰুৱা সমস্যা/ পৰিৱেশ
    সুন্দৰ ভাৱে বণ’না কৰিছে।

    Reply
    • Anonymous

      আন্তৰিক ধন্যবাদ

      Reply
    • লখিমী

      আন্তৰিক ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published.