ফটাঢোল

ভক্তৰ স্বগতোক্তি! – জ্যোতিৰূপম দত্ত

ঘৰখন নচলা হৈছে৷ বহু কষ্ট৷ কি কৰিম? আগতেও অৱস্থা বেয়া আছিল, পিছে এতিয়া বৰ বেয়ালৈ গৈছে৷

নতুন ৰজাক ঢোলে-ডগৰে আমিয়েই আদৰি ৰাজপাটত বহুৱালো৷ সুখৰ দিন ঘূৰি আহিব বুলি আমাৰ বিশ্বাস আছিল৷ ৰজাৰ প্ৰতিদ্বন্দীৰূপে এগৰাকী আদহীয়া ৰাজকোঁৱৰ নথকা নহয় অৱশ্যে৷ পিছে কথা কামৰ লাগবান্ধ নোহোৱা বুৰ্বক ৰাজকোঁৱৰজনালৈ ৰাইজে পিঠি দি তপস্বীজনাকেই ৰজাৰ আসনলৈ আদৰিলে৷ সকলো জাগতিক সুখলৈ পিঠি দিয়া তপস্বী, ফকীৰৰ দৰে এজন মানুহ৷ শিক্ষা-দীক্ষাৰ কোনো ঠিকনা নোহোৱা, বিয়া কৰায়ো তিৰোতাক এৰি থৈ দেশে বিদেশে উৰুলিপুঙাৰ দৰে ঘূৰি ফুৰা মানুহজনক ৰজা পতা হ’ল৷

অজস্ৰ মিছা কথাৰ ভাণ্ডাৰ, টেটুফালি ভাষণ দিয়াত ওস্তাদ তপস্বীজনৰ ভাষণৰ জোৰতেই দহো ৰাইজে মিলি তেৰাক ৰাজপাট সোধালে৷ সেই সময়ত তেৰাৰ শিক্ষা-দীক্ষা আদিৰ খবৰ কৰিবলৈ কোনেও আলচ নকৰিলেই৷ কেবল নিজৰ প্ৰচাৰৰ বাবেই আমাৰ দৰে অসংখ্য চেলা-চামুণ্ডা যোগাৰ কৰি লৈ কথাবোৰত ৰহন সানি, সঁচাটোকে মিছা কৰি, মিছাটোক সঁচা কৰি ক্ষমতাৰ জখলাডালত দোপতদোপে উঠি গ’ল৷

ৰজাৰ কাষত বিশাল বপুৰ সেনাপতি৷ পিছে দুদিনমানতে তপস্বীৰ ভাওঁ জোৰা ৰজাৰ ৰাজকীয় আদৱ-কায়দা দেখি আমাৰো মন সেমেকিল৷ ভালেই নে ভুলেই কৰিলে বুলি সকলোৱে তত হেৰাল৷ নিজকে সাধাৰণ বুলি ভাওঁ দিয়া ৰজাৰ দুৰ্মূল্য কলম, বিতচকু, নিজৰ নামখোদিত পোছাক, ৰাজকীয় বিমানেৰে বিদেশ ভ্ৰমণ আদি বহু কথাৰ সাক্ষী হলো৷

নতুন ৰজাই ৰাজপাটত বহিয়েই বহু নীতি নিয়ম সলালে৷ আমিও লাগি গলো৷ ৰজাৰ মুখৰ কথাকেই আইন বুলি আমি মানি গলো৷ নিয়ম মানিবলৈ নোখোজা সকলক দাবী-ধমকি, জোৰ জুলুম সকলো উপায়েৰে বশ কৰাত আমিয়েই আগভাগ ললো৷

প্ৰথমতে আমাৰো কষ্ট হৈছিল৷ অনেক ৰকমৰ উপলুঙা, ভক্ত আদি বিশেষণ লাভ কৰা হ’ল৷ তাৰ পাছত লাহে লাহে আমাৰ খেল জমি উঠিল৷ এজাক হায়েনাই হৰিণা এটাক একেলগে আগুৰি আক্ৰমণ কৰাৰ দৰে আমিও ৰজাৰ বিৰোধিতা কৰাসকলক আক্ৰমণ কৰিবলৈ শিকিলো৷ অতি সহজেই ভুৱা বাতৰি বিয়পাবলৈ শিকিলো৷ মিছা কথা এটাকো একেলগে এহেজাৰজনে ৰাউচি জুৰি কলে যে এসময়ত সঁচা হৈ পৰে সেইবোৰ বুধি শিকিলো৷

ৰজাঘৰৰ পৰা দলে দলে আমাক কথাবোৰ শিকাবলৈ বহু বৰ বৰ পণ্ডিত আহিল৷ তাৰ পাছত আমাৰ দৰে বচা বচা কিছুমানক মাতি নি সঘনে মেল পাতিবলৈ ললে৷ মেলবোৰৰ নামবোৰ বৰ ধুনীয়া৷ কৰ্মকৰ্তা সন্মিলন, যুৱ সংসদ, সপোনৰ দেশখন ইত্যাদি৷ পিছে ভিতৰত সকলোবোৰ একেই৷ হাত জোকাৰি জোকাৰি, ডিঙিৰ শিৰ ফুলাই দিয়া ভাষণৰ ফুলজাৰি, কি কি কব লাগে, কব নালাগে, কি কৰিব লাগে, এনেবোৰ বহু কথা৷ আৰু প্ৰত্যেককে হাতখৰচ আৰু সুস্বাদু খাদ্য৷ আৰু কি লাগে? অহা যোৱাও বিনামূলীয়া৷ ৰজাঘৰীয়া তহবিলৰ পৰা সকলো খৰচ৷

আমি কামত লাগি গলো৷ ডাঙৰসকলে লিখি দিয়া কথাবোৰ আওৰাও৷ বুদ্ধি, যুক্তিৰে নোৱাৰিলে বলেৰে আমাৰ কথা সিদ্ধ কৰো৷ কেতিয়াবা নিজে ভুল বুলি জানি বুজিও আনক ভুলটোকে শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ যত্ন কৰো৷

আমি লাহে লাহে বুৰঞ্জীবোৰ সলোৱাত লাগি গলো৷ বীৰসকলক দুৰ্বল সজালো, কাহানিও নাম নুশুনা কিছুমানক বীৰ সজালো৷ কিছুমান নমস্য ব্যক্তিৰ ব্যক্তিগত জীৱন খুঁচৰি পোৱা বুলি অশ্লীল কথা কিছুমানকো শুদ্ধ বুলি চৰ্চালৈ আনিলো৷ জনমানসত তেখেতসকলক হেয় প্ৰতিপন্ন কৰিলো৷ বিজ্ঞানৰ কিছুমান তথ্য, সংজ্ঞা আদিক ধোৱাচাঙত থৈ সাধুকথাৰ চৰিত্ৰ কিছুমানৰ কৰ্মকাণ্ডকেই সঁচা বুলি প্ৰতিপন্ন কৰিলো৷ লাহে লাহে ৰজাই ধৰ্মীয় কথাবাৰ্তাকহে আগস্থান দি গণতান্ত্ৰিক কথাবোৰ ভৰিৰে মোহাৰি প্ৰজাগণক শাসন কৰিবলৈ উঠিপৰি লাগিল৷ ৰজা তথা অনুগামীসকলৰ বাবে বিশেষ ধৰ্মীয় ৰং, প্ৰতীক আদি লোৱা হ’ল৷ সকলোতে এটা বিশেষ ৰঙৰ কাৰুকাৰ্য্যবোৰ সকলোৰে চকুত লগাকৈ ৰাখিবলৈ লোৱা হ’ল৷ আন কিছুমান ৰঙৰ ব্যৱহাৰ নিষিদ্ধ কৰা হ’ল৷

ৰজাই ভাল পোৱা খবৰহে ৰাইজৰ আগত প্ৰচলিত কৰাৰ নিয়ম কৰা হ’ল৷ এপালমান চাতুকাৰে দিনে-নিশাই ৰজাৰ গুণানুকীৰ্তন কৰি ৰাইজৰ কাণৰ কণামাকৰি সৰুৱালে৷ আনবোৰৰ মুখত লোভ-ভয় আদিৰ লেকাম লগোৱা হ’ল৷ খোৱাবোৱাতো নীতি নিয়ম বান্ধি ধৰা হ’ল৷ পঢ়া-শুনা কৰাৰ ক্ষেত্ৰতো বহু বাধা দিয়া হ’ল৷ বিদ্যালয়বোৰত নতুন পাঠ্যক্ৰম আৰম্ভ হ’ল৷ নতুন ভাষা, নতুন বুৰঞ্জী৷ বহু পুৰণি কীৰ্ত্তিচিহ্ন ধ্বংস কৰা হ’ল৷ আইন কানুন নিজৰমতে তৈয়াৰ কৰা হ’ল৷

ৰজাই মাজে মাজে ঘোষণা কৰে যে তেখেতে দেশৰ চাৰিওফালে সমৃদ্ধিৰ চিন দেখা পাইছে৷ আমিও মুৰ জোকাৰি হয়ভৰ দিও৷ তথাপিও মাজে মাজে চকু মোহাৰি দেখো যে চাৰিওফালে খোৱাবস্তুৰ মুল্য দুৰ্লঙ্ঘ্য, বিশুদ্ধ খোৱাপানীৰ অনাটন, বাটপথৰ অৱস্থা তথৈবচ, বজাৰ মন্দা৷

ৰজাই মাজে মাজে ভাষণ দিয়ে৷ আমি মন্ত্ৰমুগ্ধ হৈ শুনো৷ আজিকালি প্ৰায়েই যুদ্ধৰ দামামা বাজি থাকে৷ দমে দমে গোলা-বাৰুদ লাগে হেনো৷ যুদ্ধ লাগে৷ দেশত অনবৰতে যুদ্ধৰ পৰিবেশ ৰচনা হৈ থাকিব লাগে৷ বাকী সমস্যাবোৰ হৈ থাকিব৷ স্বাস্থ্য, খোৱাপানী, শিক্ষা, নিয়োগ, আদিৰ বাবে সময় আছে৷ শত্ৰুদেশক পিহি মষিমুৰ কৰাৰ পাছতহে হেনো এইবোৰলৈ চকু দিব পৰা হ’ব৷ বাকী সময়খিনিত আমাক সকলোকে ধৰ্মৰ কথা কৈ শুনায়৷ আমাৰ ধৰ্মটোৱেই হেনো শ্ৰেষ্ঠ, আমাৰেই তেজ হেনো সকলোতকৈ বিশুদ্ধ৷ আনবোৰ ধৰ্মক পাকে প্ৰকাৰে হীন কৰাটোৱেই আমাৰ হেনো অন্যতম কাম৷

দেশৰ সৈন্যবাহিনী থকাৰ পাছতো ৰজা আৰু সেনাপতিয়ে বাছি বাছি নিজাকৈ এটা ফৌজ তৈয়াৰ কৰি লৈছে৷ ৰজাঘৰীয়া কিছুমান কামৰ বাবে নিজা ফৌজ৷ এই ফৌজৰ মানুহবোৰৰ বাবে শাৰীৰিক সক্ষমতা আদিৰ দৰকাৰ নাই৷ স্বভাৱ-চৰিত্ৰ আদি ভাল হোৱাৰো কোনো দৰকাৰ নাই৷ গেৰেলা, পেটুৱা, মস্তান, গুণ্ডা, গুৰুতৰ অপৰাধী, আনৰ স্ত্ৰীলৈ চকু দিয়া লম্পট আদি সকলোৰে বাবে এই ফৌজৰ দুৱাৰ মুকলি৷ এইসকলে কেৱল ভাটৌৰ দৰে কেইটামান কথা আওৰাব লাগে, ৰজা আৰু সেনাপতিৰ পদলেহন কৰি প্ৰশস্তি গাব লাগে, মুৰ নখটাই যিকোনো আজ্ঞা ভৃত্যৰ দৰে পালন কৰিব লাগে আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথা যে নিজৰ বাহিৰে আন ধৰ্মৰ সদায় বিৰুদ্ধাচৰণ কৰি লাগে৷ ৰজা আৰু সেনাপতিয়ে নিজকে এই ফৌজটোৰেই এজন অন্যতম সেনানী বুলি ঘোষণা কৰাত জনমানসত এই ফৌজটোৰ পৰাক্ৰম বাঢ়ি গ’ল৷ এই ফৌজৰ বাবে সৈন্যবাহিনীৰ দৰে সাজপোছাক বা সমবেশ, গিৰিপ গাৰাপকৈ সৈন্যৰ দৰে খোজ কাটল আনকি অস্ত্ৰচালনাৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ’ল৷

এই আটাইবোৰ কামৰ বাবে ৰাজভৰালৰ পৰা ধন ব্যয় কৰা হ’ল, ধনী ব্যৱসায়ীসকলেও উদাৰ হস্তে অসীমিত পৰিমাণৰ ধন দিলে৷ সকলোকে আকৰ্ষণ কৰিব পৰাকৈ জাকজমকতাৰে ধৰ্মীয় অনুষ্ঠানবোৰ পতা হ’ল, ৰজা-সেনাপতিৰ গোকাট মিছাৰে ভৰা ভাষণবোৰ দিনে নিশাই শুনিব পৰাৰ ব্যয়বহুল ব্যৱস্থা কৰা হ’ল৷

পিছে সাধাৰণ ৰাইজ বাদেই আমাৰ দৰে চেলা-চামুণ্ডাবোৰেও এই ধনৰ অকণো ভাগ পোৱা নাছিলো৷ কেৱল এটা কথাই জানিছিলো যে আমাৰ দিন এদিন হলেও ভাললৈ আহিব৷ এই ৰজা আৰু সেনাপতিয়েই আমাৰ ত্ৰাণকৰ্তা৷ প্ৰভুৱে ক্ৰীতদাসক দিয়া অলংঘনীয় আদেশৰ দৰেই আমি সকলো আদেশ নিৰ্বিবাদে পালন কৰি গৈছিলো৷

পিছে লাহে লাহে মোৰ হাতত থকা সাচতীয়া চিকা ৰূপকেইটাও শেষ হৈ আহিবলৈ ধৰিলে৷ ঘৰ চলাবলৈ দিনতে আন্ধাৰ দেখিবলৈ ললো৷ আন বহুতৰে এনে অৱস্থা৷ মুঠতে সমগ্ৰ দেশৰেই অৰ্থনৈতিক অৱস্থা বেয়াৰ ফাললৈ ঢাল খাইছে৷

আজি বুজি পালো৷ ৰজা আৰু সেনাপতিৰ পদলেহন কৰি পোৱা পোন্ধৰশ মুদ্ৰাৰে ঘৰ চলাব নোৱাৰি৷ তেনেদৰে আমাৰ দৰে অকৰ্মণ্য, কেলেহুৱা অন্ধভক্ত এপালৰ মগজু কিনি কোনো ফকীৰে দেশ চলাব নোৱাৰে!

☆ ★ ☆ ★ ☆

10 Comments

  • অভিজিত কলিতা

    ১৫০০ টকাৰ খেল সকলো। মজা

    Reply
  • Rintumoni Dutta

    সদায়েই প্ৰিয় আপোনাৰ লেখা। তীক্ষ্ণধাৰ এইটো, একদম বিন্ধি যোৱা

    Reply
  • Ronjon Baruoh

    তামাম…

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ, অলপ বেছিয়ে বিন্ধিলে৷ ভাল লাগিল জ্যোতি৷

    Reply
  • ডি কাকতি

    আৰু যে কত কি? পাছে লাহে লাহে হ’লেও কথাৰ গতি আকৌ পৰিৱৰ্তন যেন লাগিছে৷

    Reply
  • Luku dutta borah

    কবলৈ ভাষাই নাই। ইমান সুন্দৰ বিশ্লেষণ।

    Reply
  • Arup kalita

    তামাম ।

    Reply
  • Prarthana Hazarika

    মজা দিছে ভিনি

    Reply
  • মজ্জা 👌! ভাল লাগিল পঢ়ি !

    Reply
  • আৰিফুল ইছলাম

    বেছিকৈ কোৱা মেলা কৰিলে গড়ালত ভৰাই থোৱাৰ ব্যৱস্থাও আছে ।মন কৰিব ।

    Reply

Leave a Reply

Your email address will not be published.