ফটাঢোল

ভলুকা-দিগন্ত বৰা

গোটেই সকামটো সেইদিনা ‘ভলুকা’ই বৰবাদ কৰি দিবলৈ ওলাইছিল৷ মই পাক মাৰি ‘ভলুকা’ই কোৱা কথাষাৰতে ভেঁজা দি কথাষাৰ সলাই জোৰ কৰি আৰ্শীবাদটো দীঘলীয়া নকৰাহ’লে সকাম গুচি বৰবিহ যে হ’লহেঁতেন সেইটো খাটাং৷ হেৰ’ খোবাখুবী কৰ্মহে৷ তেনেকুৱা কৰ্মত মৃতকৰ্মত দিবলগীয়া আৰ্শীবাদ দিব লাগেনে! ইয়াৰ মাথাটোত কি আছে! দৰা কইনাই সেৱা কৰিছিলহে৷ বৰ ওস্তাদি মাৰি আৰ্শীবাদ আৰম্ভই কৰি দিলে৷ মেলা মুখ মোৰ মেলাতে থাকিল৷ “হয় বোলে তিন দিনত তিলনি দহ দিনত দহা” বুলি আৰম্ভ কৰিয়েই দিলে নহয়! কথাৰ পাক সলোৱাত মোৰ নাম আছিল বুলিহে! অন্য হোৱাহেঁতেন, গৃহস্থই ডুখৰি পীৰাৰে নোকোবালেহেঁতেন!

মুঠতে য’ৰ যিমানৰ মানুহ, তাত থাকিব লাগে৷ বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়৷ শ্লোক এটা ফুটাব নোৱাৰে! সি আকৌ আৰ্শীবাদ দিবলৈ যায়! আৰ্শীবাদ দিয়াটো সহজ কথা নহয়৷ ক’টোৰ চুক কেইটা ক’ব নোৱাৰাটোৱে এনে দৈব্য কৰ্মত আগভাগ ল’বলৈ যাবই নাপায় নহয়! তথাপিতো গাঁওখনৰ মানুহবোৰে তাকহে এইবোৰ দায়িত্ব দিবলৈ ভাল পায়৷ কাৰণ সাধাৰণ৷ হওক নহওক তাৰ চৰকাৰী চাকৰি এটা আছিল৷ চল্লিশ পঞ্চল্লিছ হাজাৰ পেঞ্চন পায়৷ পুতেক বোৱাৰীয়েকৰ চাকৰি৷ আগৰ দিনত চৰকাৰী চাকৰি পাবলৈ পঢ়াশুনাৰ দৰকাৰ নহৈছিল৷ কেইটকামান দিয়েই এইটলৈ পঢ়া চাৰ্টিফিকেট এখন পোৱা গৈছিল৷ গাঁৱৰ মানুহে সেয়ে তাকে সৰ্বজ্ঞানী বুলি ভাৱে৷ গাঁৱৰ প্ৰতিটো অনুষ্ঠানত বিষয়বাব সিহে পায়৷ বাকী মোৰ দৰে টোকোনাবোৰ ভাং কূটা মাৰি৷ গাঁও উন্নয়ন সমিতিৰ সভাপতিও তাকে দিব, ভাগৱত পাঠ কৰিলে সভাপতি বা সম্পাদক সিয়েই হ’ব৷ আনকি চহীটোও কৰিব নজনা মানুহটোকহে শাখা সাহিত্য সভাই মূখ্য পৃষ্ঠপোষক পাতে৷ লাজ লাগে কথাবোৰ ভাবিলে৷ চৰম লাগে৷ তাৰোপৰি ভলুকাই গাঁৱৰ নামতী! যিটো মানুহে “মূক্তিত নিস্পৃহ যিটো” বুলি ফুটাব নোৱাৰি “মুক্তি তনি স্পিহা যিটো” বুলি সুৰক বেসুৰ কৰি পেলায়, সেই ভলুকাই গাঁৱৰ নামতী!

সেইবাৰ গাঁৱৰে এঘৰত নাম আছিল৷ নামতী ভলুকা৷ মই পাঠেকী৷ গতিকে আমাৰ দুয়োৰে আসন ওচৰা ওচৰি আছিল৷ নামতী নামতহে৷ আগতেই কৈছোঁ কথাষাৰ৷ মাত নুফুটেই৷ মোক হেঁচুকি থাকে টানিবলৈ৷ মই টানি আগবঢ়াই নিলেহে নামৰ পাক উঠে৷ সেইদিনাও নামৰ ঠিকেই পাক উঠিছিল৷ লাগি গ’ল মাজতে গণ্ডগোল৷ মুখস্থ গাইছিল৷ পাছৰডোখৰ পাহৰি গ’ল৷ তালযোৰকে ঢাম ঢাম বজাই নামষাৰৰ সুৰতে মোক কৈ দিলে এইবুলি “ধৰা ধৰা পাঠেক ঐ, নাম পাহৰিলোঁ”৷ ময়ো কম পানীৰ মাছ নহয়! জানো, কিন্তু চোটোকাটো পাওক বুলিয়েই নুশুনাৰ ভেশচন ধৰি হাত চাপৰি মাৰি থাকিলোঁ৷ এইবাৰ ঢাম ঢামকৈ তালযোৰ বজাই আকৌ গালে, “ধৰা ধৰা পাঠেক হেৰা, নাম পাহৰিলোঁ…” বৈকুণ্ঠৰ কল্পতৰু এই নাম! নামক অশ্ৰদ্ধা কৰা পাপ৷ কিন্তু সঁচা কথা ক’বলৈ গ’লে সেইমুহূৰ্তত মোৰ দোষেই হ’লনে পাপেই হ’ল নাজানো, ময়ো পাহৰি থাকিলোঁ! ইপিনে পূৰ্ণগতিত নাম চলি আছে৷ নামষাৰ মনত পেলাব নোৱাৰাত ভলুকাই উৰাইঘূৰাই তালযোৰ কোবাই আছে৷ ময়ো বুদ্ধি এটা কৰিলোঁ তেতিয়া৷ নামটো ৰ’বলৈ দিব নোৱাৰি! ভলুকাৰ নামৰ সুৰতেই মই গালোঁ, “আপুনিয়েই ধৰক প্ৰভু, ময়ো পাহৰিলোঁ৷”

ইমান ধুনীয়াকৈ মিলাই গালোঁ যে কোনেও ধৰিব নোৱাৰিলে৷ ভলুকাই তেতিয়াহে বুজি পালে যে এই বিপদৰ পৰা সি নিজেহে নিজক উদ্ধাৰ কৰিব লাগিব! আন কোনেও নোৱাৰে৷ তাৰ পাছত সি আৰু কি গালে নিজেহে জানে! তালৰ কোবত কোনেও একো বুজি নাপালে৷ তেনেকৈয়ে নাম শেষ হ’লগৈ৷ ঘৰলৈ আহি থাকোঁতে আনদিনা মোক সোধে, “মোৰ নাম কেনে পালি” বুলি! সেইদিনা ’টু’ শব্দটোও উচ্চাৰণ কৰা নাছিল৷

এনে মানুহৰ পৰা গাঁৱৰ উন্নতি নহয়৷ কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে যেতিয়া সমাজৰ কামত কোনো আগবাঢ়ি আহে, তেতিয়া পদে পদে বিপদ হয়, বেমেজালি হয়৷ এই মানুহবোৰৰ লাজ বোলা বস্তুপদো কম৷ সভাই সমিতিয়ে ভুলকৈ কথা ক’লেও এই শ্ৰেণী মানুহৰ সাতখুন মাফ৷ বৰ খং উঠে সেয়ে এই মানুহটোৰ ওপৰত৷ 

উমি উমি জ্বলি থকা জুইকুৰা এদিন সুবিধা পাই ভমককৈ জ্বলাই দিলোঁ৷ বহুদিনৰ পৰা ভাবি আছিলোঁ, এনে মানুহবোৰৰ নঙঠা স্বৰূপটো সমাজত উদঙাই দেখুৱাই দিয়াৰ বিষয়ে৷ ইমানবোৰ শিক্ষিত মানুহ আছে গাঁওখনত! টকা পইচা নাথাকিব পাৰে!  তেওঁলোকৰতো আত্মাভিমান আছে! সেই মানুহখিনিক কিয় প্ৰতিখন সমাজে অৱহেলা কৰে! সমাজখনক সঠিক দিশত নেতৃত্ব দি আগবঢ়াই নিয়াৰ যোগ্যতা থকা সত্বেও তেনে লোকক সমাজে কিয় গুৰুত্ব নিদিয়ে? পদে পদে এই লোকসকল কিয় লাঞ্চিত হয়?

সেইদিনা গাঁৱৰ পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস আছিল৷ পুথিভঁৰালৰ সম্পাদক কোন হ’ব পাৰে নক’লেও হ’ব ছাগে! ভলুকাৰ বাদে কোন হ’ব পাৰে বাৰু!

কেবাজনো বিশিষ্ট অতিথি আহি উপস্থিত সভাত৷ প্ৰায় তিনিশমান মানুহ আহি আসনত বহি আছেহি৷ আগদিনা ৰাতিয়েই ভলুকাই গাঁৱৰ শিক্ষিত ল’ৰা এজনক আদৰণি ভাষণটো ধুনীয়াকৈ লিখি দিবলৈ ক’লে যাতে ভাষণ দিয়াৰ ষ্টেণ্ডডালত লিখি থোৱা ভাষণটো কোনেও নেদেখাকৈ মেলি সি অনায়াসে পঢ়ি যাব পাৰে৷ যিটো ল’ৰাই ভাষণ লিখাৰ দায়িত্ব পাইছিল, তাৰ মই পাছ নেৰিলোঁ৷ ৰাতিপুৱাই সি ভাষণটো ভলুকাৰ হাতত দিলে৷ ভলুকাই চশমা নোহোৱাৰ বাবে পাছত চাম বুলি চাৰ্টৰ পকেটত ভৰাই থৈ দিলে৷ পুৱা সাতমান বজাৰ কাহিনী এইটো৷ সভা এক বজাতহে৷ এইবাৰ ভলুকাৰ পাছ নেৰিলোঁ মই৷ সভাখনৰ আয়োজনৰ কাম কৰি থকাৰ মাজতে খুব গৰম উঠিছে বুলি সি দেখাকৈ মই চাৰ্টটো খুলি পেলালোঁ৷ মোক দেখি সিও “মোৰো গৰম উঠিছে” বুলি নিজৰ চাৰ্ট খুলি পুথিভঁৰালৰ একোণত থকা টেবুলখনত থৈ দিলে৷ সোণালী সুযোগ পাই গ’লোঁ মই৷ সেই ল’ৰাজনে দিয়া লিখিত ভাষণটো উলিয়াই মুখত ভৰাই চোবাই পেলালোঁ আৰু তাৰ ঠাইত মই লিখি অনা ভাষণটো পকেটত ভৰাই থ’লোঁ কোনেও নেদেখাকৈ৷

তাৰ পাছত সভা যেতিয়া আৰম্ভ হৈ সম্পাদক ভলুকাই আদৰণি ভাষণ দিলে তেতিয়া বিশিষ্ট অতিথি বাদেই সাধাৰণ জনতায়ো ভলুকাৰ স্বৰূপ বুজি পাই গ’ল৷ বহুতেতো হাঁহি হাঁহি চকীৰ পৰাই বাগৰি পৰিল৷ 

আচলতে চশমাযোৰ পিন্ধি মই লিখা ভাষণটো ভলুকাই পাঠ কৰিলে এনেদৰে,

“শ্ৰদ্ধাৰ দুৰ্নীতিপৰায়ণ ৰাইজ, সন্মানীয় অকৃতজ্ঞ স্বাৰ্থপৰ বিশিষ্ট অতিথিসকল, আপোনালোকৰ অভিমান গৰ্ব অহংকাৰ আজিৰ এই স্বাৰ্থবিজড়িত সভাখনত খৰ্ব কৰিবলৈ পাই মই নিজকে পৰম সৌভাগ্যৱান বুলি গণ্য কৰিছোঁ৷…..

ইয়াৰ পাছৰখিনি শুনিবলৈ মোৰ ধৈৰ্য্য নহ’ল৷ কাৰণ হাঁহি হাঁহি মোৰ পেট বিষাই গৈছিল৷ মই একো শুনা নাছিলোঁ৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.