ফটাঢোল

ভাদ মাহৰ ভাওনা – ৰঞ্জিত দেউৰী

ভাদমহীয়া বতৰ। অসমৰ বিভিন্ন গাঁৱৰ ৰাইজৰ মাজত ভাওনা পতাৰ উল্লাস। গাঁৱে গাঁৱে প্ৰতিটো নামঘৰত ৰাইজৰ মেল বহে। প্রথম মেলৰ বিষয়বস্তু হয় কোনখন নাট লােৱা হ’ব। দুই তিনি দিনৰ অন্তত নাট নির্বাচন কৰা হয়। তাৰপাছতেই আৰম্ভ হয় চৰিত্ৰসমূহ নির্বাচন কৰাৰ। চাৰি পাঁচদিন লাগে এই বিষয়বস্তুৰ সমাধান কৰিবলৈ। বহুতাে বাক বিতণ্ডাৰ অন্তত যেনিবা এখন নাট খােলাৰ প্ৰস্তাৱ ৰাইজে লয়।

শিঙৰাজান গােলাঘাট জিলাত অৱস্থিত এখন সৰু গাঁও। প্রায় ৪০০ ঘৰ মানুহেৰে পৰিপূৰ্ণ এখন সৰু গাঁও। অন্য গাঁওসমূহৰ দৰে শিঙৰাজান গাঁৱৰ ৰাইজেও ভাদ মাহত গুৰুজনালৈ উচৰ্গা কৰি এখন নাট খােলাৰ সিদ্ধান্ত ল’লে। নাটখনিৰ নাম “ৰুক্মিণী হৰণ”। নাটখনিৰ বিভিন্ন চৰিত্ৰ যেনে কৃষ্ণ, ভীষ্মক, নাৰদ, ৰুক্মিণী, মদন মঞ্জৰী, বেদনিধি, হৰিদাস, জৰাসন্ধ, দন্তবক্র ইত্যাদি। এইবাৰ ৰাইজৰ মেলত চৰিত্ৰসমূহ বিতৰণ কৰাৰ সময় আহি পৰিল। কাৰােবাৰ কৃষ্ণ চৰিত্ৰ কৰিবৰ মন, কাৰােবাৰ ভীষ্মক, কাৰােবাৰ জৰাসন্ধ। কিন্তু এই ক্ষেত্ৰত ৰাইজ সন্তুষ্ট হৈ

একমত হ’ব লাগিব। বিভিন্নজনে চৰিত্ৰৰ বাবে এক হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। কাৰােবাৰ চৰিত্ৰ মনঃপুত নােহােৱাৰ বাবে মেলৰপৰা উঠি নামঘৰ এৰি যােৱাৰ সিদ্ধান্ত লওঁতেই ৰাইজে অনুৰােধ কৰি পুনৰ আসন গ্রহণ কৰিবলৈ বাধ্য কৰিছিল।

যােৱা বছৰ প্রদর্শিত ভাওনাত পাৰদৰ্শিতা দেখুওৱা ভাৱৰীয়াকেইজনলৈ চাই ৰাইজে “ৰুক্মিণী হৰণ” নাটখনৰ চৰিত্ৰ নিৰ্বাচনৰ বাবে সিদ্ধান্ত ল’লে। এতিয়া সমস্যা আহিল নাটখনিৰ মূল চৰিত্ৰ ৰুক্মিণীৰ বাবে। কোনেও নাৰী চৰিত্ৰ কৰিব নােখােজে। তাৰ বিপৰীতে প্রভু শ্রী কৃষ্ণৰ চৰিত্ৰৰ বাবে হেতা ওপৰা। নন্দেশ্বৰে তাৰ ডাঙৰ পেটটো মােহাৰি মােহাৰি ক’লে, “ৰাইজ,

মােক কৃষ্ণৰ ভাওটো দিব লাগিব। সৰুতে ৰাসত কৃষ্ণৰ ভাও দি মই পুৰস্কাৰ পাই থৈছােঁ।” কথাষাৰ শুনাৰ লগে লগেই কাষতে বহি থকা বােধেশ্বৰে খিলখিলাই হাঁহি উঠিল। তাতেই লাগিল লেঠা। নন্দেশ্বৰৰ খঙে চুলিৰ আগ পালেগৈ। 

“ঐ মাইকীমুৱা শিখণ্ডী, তােক হাঁহিবলৈ কিহে পালে?” 

বােধেশ্বৰো ৰৈ থকা ভকত নহয়। সিও গৰজি উঠিল। “তই মােক মাইকীমুৱা বুলিবলৈ কোন? সঁচা কথা ক’লে লাজ পাৱ? তােৰ এই বকাসুৰ সদৃশ দেহাটোৱে শ্ৰীকৃষ্ণৰ ভাও বিচাৰিলে হাঁহি নুঠিব নেকি কিবা?”

নন্দেশ্বৰ আৰু বােধেশ্বৰৰ তর্ক যুদ্ধই সীমা পাৰ হৈ যােৱাৰ মূহূৰ্ত্ততেই গাঁওখনৰ বয়ােজ্যেষ্ঠ যােগেন বায়ন ডাঙৰীয়াৰ ধমকত যেনিবা সকলাে তল পৰিল। এইবাৰ ভাও দিয়াৰ দায়িত্ব যােগেন বায়ন ডাঙৰীয়াই নিজেই গাত-পাতি ল’লে। গলগলীয়া মাতেৰে বায়ন ডাঙৰীয়াই কৈ গ’ল, “মােৰ এই ৭০ বছৰীয়া কালছােৱাত প্রায় ৫০ বছৰে মই ভাওনাৰ লগত জড়িত হৈ আহিছােঁ। সৰুতে পিতায়ে মােক খােল বজাবলৈ শিকাইছিল। দুই তিনি বছৰ ঘৰতে বজাই বজায়েই পাৰ কৰিলােঁ। তেতিয়া মই প্রায় ২১ বছৰীয়া

ল’ৰা। খােল বজাবলৈ শিকি থকাৰ সময়ৰ কথা। পিতায়ে ভাওনাত খােল বজাই থাকোঁতে মই কাষতে বহি চাই আছিলােঁ। তেখেতক হেৰুওৱাৰ আজি বহু বছৰৰ পাছতাে খােলত হাত বােলাওঁতে সদায় স্মৰণ কৰিহে আৰম্ভ কৰােঁ।”

যােগেন বায়ন ডাঙৰীয়াই কথাবােৰ কৈ থাকোঁতে ৰাইজৰ মাজত বহি থকা সুৰেন আৰু হৰেণৰ মাজত ফুচফুচীয়া আলােচনা আৰম্ভ হ’লেই। সুৰেনে হৰেণক ক’লে, “বুঢ়াই আৰু কিমান নিজৰ বুৰঞ্জী শুনাব?” হৰেণে তাতে সহযােগ কৰি ক’লে, “মােৰ টোপনিহে ধৰিব খুজিছে।”

কাষতে বহি থকা পবিত্রই বাওঁবাহুৰে হৰেণক গতা এটা মাৰি ক’লে, “ডাঙৰ মানুহৰ কথা এনেকে

কয় নেকি? মনে মনে থাকচোন। বৰ্তাই শুনিলে কি হ’ব।” এনেদৰে গুণগুণনি আৰম্ভ হ’বলৈ ধৰিলে। বায়ন ডাঙৰীয়াই তেখেতৰ বুৰঞ্জী সামৰি ভাও নির্বাচনৰ বিষয়লৈ আহিল।

বায়ন ডাঙৰীয়াই ক’বলৈ আৰম্ভ কৰিলে, “যােৱাবাৰ দক্ষযজ্ঞ সতী দাহ নাটখনিত যিকেইজনে ভাল ভাও কৰি দেখুৱাইছিল, তেখেতসকলৰ পাৰদৰ্শিতা চাই ভাও প্রদান কৰা হ’ব। প্রথমে মূল চৰিত্ৰ ৰুক্মিণীৰ বাবে বােধেশ্বৰৰ নাম প্রস্তাৱ কৰা হৈছে।”

সকলােৱে হাত চাপৰিৰে সমর্থন জনালে। বােধেশ্বৰে হঠাৎ ৰাইজৰ মাজৰপৰা থিয় হৈ ক’লে, “বৰ্তা, প্রথমে মােক কথাষাৰ সুধি ল’ব লাগিছিল। ইমানসােপা ডেকা থাকোতে মােকহে ৰুক্মিণীৰ ভাওতাে দিব লাগে নে?”

বায়নে উত্তৰত ক’লে, “মূল চৰিত্ৰটো তােকেই দিছােঁ। ইয়াত তােৰ আপত্তি কিহৰ?” 

বােধেশ্বৰে পুনৰ প্রতিবাদ কৰি ক’লে, “নাটখনিৰ যিকোনাে এটা চৰিত্র মােক দিয়ক বৰ্তা। কিন্তু ৰুক্মিণী চৰিত্রটি মই কৰিব নােৱাৰিম।”

তেনেতে বােধেশ্বৰৰ কাষতে বহি থকা নন্দেশ্বৰে মাত লগালে, “মানুহটো চাইহে চৰিত্ৰ দিছে। আপত্তি কিহৰ?”

নন্দেশ্বৰৰ কথা শেষ হ’বলৈ নাপাওঁতেই বােধেশ্বৰ গৰজি উঠিল, “সমাজখন আছে বুলিহে তই বাচি গ’লি। চৰ মাৰি দিম। ইমানকৈ জোকাই নাথাকিবি বুজিছ।” 

ৰাইজৰ মাজত হাঁহিৰ ৰােল উঠিল।

“আপােনালােকৰ হাঁহিবলৈ কিহে পালে? মােক কোনােবাই অপমান কৰিব, মই কিবা মনে মনে বহি থাকিম নেকি? এই পেটুৱা নন্দেশ্বৰে যেতিয়া প্রভু কৃষ্ণৰ ভাও কৰিম বুলি কৈছিল, তেতিয়া ৰাইজে হঁহা নাছিল কিয়?” 

নন্দেশ্বৰে ৰাইজৰ মাজৰপৰা ঘপহকৈ থিয় হৈ ক’লে, “তই সীমা চেৰাই গৈছ বােধেশ্বৰ৷ মােৰ মেজাজ গৰম নকৰিবি কৈ দিছােঁ।”

বােধেশ্বৰাে গৰজি উঠিল, “তােৰহে মেজাজ আছে, অমুকাৰ নাইহে যেনিবা৷ কথা ক’বলৈ আহিছ৷ মােকো জোকাই ন’লবি কৈ দিছােঁ।”

নন্দেশ্বৰ আৰু বােধেশ্বৰৰ কাজিয়াই নামঘৰ

কঁপাই তুলিলে৷ দুয়ােটাই দুয়োটাৰ কথা নুশুনা হ’ল। তেনেতে বায়ন ডাঙৰীয়াৰ কাষতে চাধা মােহাৰি মােহাৰি বহি থকা যাদৱ দাইটিয়ে এক প্ৰকাৰ খঙেৰেই কৈ উঠিল, “তহঁত দুয়ােটা মনে মনে বহি থাকিবি নে আমি নামঘৰ এৰি যাব লাগিব?” তেতিয়াহে দুয়ােটাই কাজিয়া সামৰি মনে মনে বহি থাকিল৷ যাদৱ দাইটিয়ে এইবাৰ আদেশৰ সুৰত ক’লে, “যাক যি ভাও দিয়া হ’ব, সকলােৱে মানি ল’ব লাগিব৷ বায়ন ডাঙৰীয়াৰ কথাৰ ওপৰত যাতে কোনেও দ্বিতীয়বাৰ মাত নামাতে, কৈ দিছােঁ৷ বােধেশ্বৰে ৰুক্মিণী ভাও ল’ব লাগিব৷ যিহেতু ৰাইজে ইতিমধ্যে হাত চাপৰিৰে সমর্থন কৰি গৈছে।”

বােধেশ্বৰে বহাৰ ঠাইতে ভােৰভােৰাই থাকিল।

এইবাৰ আহিল প্রভু কৃষ্ণৰ ভাওৰ বিষয়লৈ৷ বায়ন ডাঙৰীয়াই সমাজৰ মাজতে বহি থকা বগা চাহাবৰ নাম প্রস্তাৱ কৰিলে৷ বগা চাহাবৰ প্রকৃত নাম বিপিন বৰা৷ প্রয়াত ইন্দ্ৰ বৰাদেৱৰ একমাত্র পুত্র৷ দেখাত ৰঙা বগা চাহাবৰ দৰে বাবে বিপিনক গাঁৱৰ সকলােৱে বগা চাহাব বুলি মাতে৷ সুদর্শন চেহেৰাৰ অধিকাৰী বগা চাহাবে বহু দিনৰেপৰা কৃষ্ণৰ ভাও কৰি আহিছে। ৰাইজে হাত চাপৰিৰে সমর্থন জনালে। কিন্তু নন্দেশ্বৰে ওফোন্দ পাতি বহা ঠাইতে ভােৰভােৰাই বহি থাকিল৷ এইবাৰ আহিল নাৰদৰ ভাওৰ বিষয়লৈ৷ নন্দেশ্বৰৰ নাৰদৰ ভাওটোৰ প্ৰতিও এক দুর্বলতা আছিল৷ সি মনতে ভাবি থাকিল তাৰ নামটো প্রস্তাৱ কৰিব বুলি।

তাৰ চকু বাৰে বাৰে বায়ন ডাঙৰীয়াৰ ওপৰত ন্যস্ত হৈ থাকিল৷ অৱশেষত নাৰদৰ ভাওৰ বাবে বিপুলৰ নাম প্রস্তাৱ কৰা হ’ল৷ বিপুল দেখাত সুদর্শন হোৱাৰ উপৰিও শুৱলা কণ্ঠৰ অধিকাৰী৷ সকলাে ৰাইজে জোৰেৰে হাত চাপৰি বজাই সমর্থন জনালে। নন্দেশ্বৰৰ নামঘৰ এৰি যাবৰ মন গৈছিল যদিও যাদৱ দাইটিৰ ভয়তে বহি থাকিল। হঠাৎ ভীষ্মক চৰিত্ৰৰ বাবে বায়ন ডাঙৰীয়াই নন্দেশ্বৰৰ নাম প্রস্তাৱ কৰিলে৷ সকলাে ৰাইজে জোৰেৰে হাত চাপৰি বজাই সমর্থন জনালে। বিমর্ষ মনেৰে বহি থকা নন্দেশ্বৰে গমেই নাপালে৷ কাষতে বহি থকা হৰেণে তাক চিকুট মাৰি দিয়াতহে সি গম পালে। এইদৰে বিভিন্ন চৰিত্ৰসমূহ বিতৰণ কৰা হ’ল।

এতিয়া আখৰাৰ শেষত ভাওনাখনলৈ অপেক্ষাৰে বাট চাই ৰ’লােঁ।

☆ ★ ☆ ★ ☆

One comment

  • কাবেৰী মহন্ত

    দাদা মজা লাগিল দেই৷ আগলৈও আশা কৰিলোঁ

    Reply

Leave a Reply

Your email address will not be published.