ফটাঢোল

ভাবীপত্নী – নীলাক্ষী কাকতি

:উফ! নোৱাৰি আৰু দেই ৷ বুঢ়া আঙুলিটোৰে কপালৰ পৰা ঘামখিনি পেলাই অচিন্ত্যই আকৌ এবাৰ জেঠমহীয়া ৰ’দজাকৰ ফালে চালে৷ তাৰ সৰ্বশৰীৰ ঘামেৰে তিতি গৈছে৷ ইফালে অফিচত আজি ছুটী লৈছে ভাৰাঘৰ এটা বিচাৰিবলৈ৷ তাৰ আগৰ ভাৰাঘৰটো ভালেই আছিল, পিছে মালিকৰ জীয়েকৰ বিয়াৰ বাবে মালিকে সকলো ভাৰাতীয়াক ৰুমবোৰ খালী কৰিবলৈ কৈছে। সেয়ে সি যেনেতেনে ভাৰাঘৰ এটা আজি ঠিক কৰিবই লাগিব। ইফালে আজিহে তাৰ বাইকখন বেয়া হ’বলৈ পালে। মুঠতে বিড়ম্বনা আহিলে একেলগে আহে। দিন বেয়া চলিলে উটৰ ওপৰত উঠিলেও কুকুৰে কামোৰে৷ অচিন্ত্যৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ সি ইফালে সিফালে চাই এখন গুমটিৰ দৰে সৰু পাণদোকান দেখিলে। সি সেইফালে আগুৱাই গ’ল।

:হেৰা পানীৰ বটল পাম নেকি?

:পাব দাদা। সৰুটো দিমনে ডাঙৰটো? দোকানীজনে সুধিলে৷

:দহটকীয়া এটাই দিয়ক। দহটকীয়া নোটখন আগবঢ়াই সি ক’লে।

:দাদা ইয়ালৈ কাৰ ঘৰত আহিছে?

:হওঁতে কাৰো ঘৰত অহা নাই। ভাৰাঘৰ এটাহে বিচাৰি আহিছোঁ এইফালে৷ হেৰি ইয়াত ক’ৰবাত পোৱা যাবনে?

:পোৱা যাব৷ মাত্ৰ অলপ বিচাৰিব লাগিব। ইয়াৰ পৰা চাৰি ঘৰমান গৈয়ে বাওঁফালে ঘূৰিলেই দ্বিতীয় ঘৰটো দত্ত উপাধিৰ মানুহজনৰ। তেওঁক সুধি চাব পাৰে।

:অ–অ তেওঁৰ ঘৰৰ আগত বাৰু “কুকুৰৰ পৰা সাৱধান” বুলি লিখি থোৱা আছে নেকি? মই মানে সেইফালে অলপ আগতে গৈছিলোঁ৷ গেটৰ আগত ফলকখন দেখি উভতি আহিলোঁ। মোৰ কুকুৰলৈ বৰ ভয়৷

:হাঃঃ হাঃ৷ নহয় দাদা৷ সেয়া মানুহক দেখুৱাবলৈহে৷ কুকুৰ নাই তেওঁলোকৰ। মস্ত কৃপণ মানুহটো৷ কোনোবা আলহী আহে বুলি সেইখন ওলোমাই ৰাখিছে। তেওঁৰ দুটা ভাৰা ৰুম আছে। মোৰ চিনাকি ল’ৰা এজনেই তাত আছিল। যোৱামাহত ভাৰা দিয়াৰ দুদিন দেৰি হোৱা বাবেই তেওঁ তাক ৰুম খালী কৰিব দিলে৷ আপুনি এবাৰ চাব পাৰে৷ মাত্ৰ ভাৰা দিওঁতে দেৰি কৰিব নোৱাৰিব৷

:হয় নেকি? বাৰু এপাক চাই আহোগৈ তেন্তে৷ আপোনাক ধন্যবাদ দেই৷

:হেঃ হেঃ৷ একো নাই দিয়ক। ইয়াত থাকিলে লগ পায়ে থাকিম নহয়৷

গেটখন খুলি অচিন্ত্য ঘৰটোৰ কলিং বেলটো বজাই দিলে৷ দহ মিনিটমানৰ পিছত এজন শকত আৱত তপাকৈ মানুহ ওলাই আহিল। অচিন্ত্যৰ তেওঁক দেখাৰ লগে লগেই হিন্দী চিনেমাৰ ‘চাকাল’ নামৰ চৰিত্ৰটোলৈ মনত পৰিল৷

:কি হ’ল? কাক বিচাৰিছে? মানুহজনে সুধিলে।

:আপুনি দত্ত নহয় জানো?

:হয় ময়েই দত্ত৷ কিবা দৰকাৰ আছিল নেকি?

:হয়, মানে মই অচিন্ত্য চৌধুৰী৷ ঘৰ যোৰহাটত। ইয়াত গড়কাপ্তানি বিভাগত চাকৰি কৰোঁ৷ শুনিলোঁ আপোনাৰ বোলে ভাৰাঘৰ আছে৷ মোক এটা লাগিছিল৷ যদি খালী আছে মই চাব বিচাৰিছিলোঁ৷

:ও থাকোতে এটা ৰুম খালী আছে। লগত সৰুকৈ পাকঘৰ এটাও আছে। পিছে তুমি বিবাহিত নে অবিবাহিত? বেয়া নাপাবা ডেকা ল’ৰা। তুমি মোতকৈ বহুত সৰু হ’বা৷ সাতবছৰ আগতেই চাকৰিৰ পৰা অৱসৰ ল’লোঁ। সেয়ে তুমি বুলি সম্বোধন কৰিছোঁ৷

:নাই নাই। কিয় বেয়া পাম খু–ৰা?

:হ’ব হ’ব খুৰা বুলিও মাতিব পাৰা৷

:মই বিয়া পতা নাই। চাকৰিত জইন কৰা তিনিবছৰ হৈছেহে।

:অঁ তেন্তে ঠিকেই আছে। মানে মই বিবাহিত হ’লে নিদিও৷ বৰ জ্বালাহে। পানীৰ খৰচ বৰকৈ কৰে। তাৰ উপৰিও আলহী অতিথিৰ ভীৰৰ উৎপাতত থাকিব নোৱাৰি৷ কেঁ‌চুৱা থাকিলেতো কন্দা-কটা৷ মই শান্তিপ্ৰিয় মানুহ বুজিছা। অকলশৰীয়া মানুহকহে দিওঁ সেয়ে। বাৰু ৰুমটো চাই লোৱা আগে। ৰ’বা মই সাউতকৈ গৈ ৰুমটোৰ চাবিটো লৈ আহোঁ।

:ব’লা৷ এইফালে৷

সৰকৈ এটা ৰুম৷ ৰুমটোৰ লগতে ৰান্ধিব পৰাকৈ সৰুকৈ প্লাষ্টাৰ কৰি থোৱা স্লেপ এখন আছে৷ সি ভাবিলে হ’ব আৰু৷ সিহে থাকিবম কেইদিনমান থাকি লোৱা যাওঁক। পিছত বেয়া লাগিলে বেলেগ ব্যৱস্থা লোৱা যাব৷ এতিয়া তাৰ হাতত একেবাৰে সময় নাই৷

:ডেকাল’ৰা কেনে লাগিছে? পচন্দ হ’লে কথা বতৰা আগবঢ়াব পৰা যায়। নে কি কোৱা?

:হয় খুৰা। মোটামুটি ঠিকেই আছে৷ মই কাইলৈ বস্তুবোৰ আনি সোমাম৷ কাইলৈৰ পৰাই থাকিম।

:হে হে ভাল ভাল। কথা এটা কওঁ দেই। মানে মই বৰ স্পষ্টবাদী মানুহ। যি ক’ম আগতেই ক’ম। পিছত বেয়া পোৱাতকৈ আগতীয়াকৈ তোমাক জনাই থওঁ। মোক এমাহৰ এডভান্স পাঁচহাজাৰ লাগিব। মানে ৰুমটোৰ ভাৰা পাঁচহাজাৰ মাহিলী৷ মাহৰ তিনি তাৰিখে মোক ভাৰা লাগিব। পিছত আকৌ আজি দেউতাৰ ডায়বেটিচ কাইলৈ মাৰ প্ৰেচাৰৰ সমস্যা বুলি ঘৰভাৰা দিবলৈ দেৰি কৰিলে নহ’ব৷ পানী ৰাতিপুৱা ছয় বজাত দিম৷ দিনটোৰ বাবে পানী ধৰি থ’বা। কিবা কাৰণত পানী বেছিকৈ লগা হ’লে পিছফালে দ’মকল এটা আছে। সেইটো ব্যৱহাৰ কৰিব পাৰিবা। কিন্তু পানীৰ চুইছটো দিবলৈ ভুলটো কলিংবেল বজাই আমনি নকৰা যেন। লাইটৰ বিল তুমিয়েই দিব লাগিব। আলহী অতিথি যেন বেছিকৈ দেখা নাপাওঁ৷ আৰু এটা কথা৷ ডেকা ল’ৰা যেতিয়া অলপ চখো থাকিব পাৰে। কিন্তু লগৰ ল’ৰা আনি চিঞৰ বাখৰ নকৰিবা৷ ৰাতি ন বজাৰ আগে আগে ৰুমত সোমাবা। ন বজাত মই গেটৰ তলা লগাওঁ৷ ঘৰৰ পিছফালৰ নলাত যেন বিয়েৰৰ বটল বা অন্যান্য বটল পৰি থকা নেদেখোঁ৷ অহ আটাইতকৈ জৰুৰী কথাটো ক’বই পাহৰিছোঁ। সপ্তাহে পষেকে “মাহীৰ ছোৱালী”, “পেহীৰ ছোৱালী”বোৰ যেন তোমাৰ ৰুমলৈ নাহে৷ এবাৰ এজন ভাৰাতীয়া ল’ৰাই জেঠায়েকৰ ছোৱালী বুলি এজনীক আনি ৰাখিছিল দুদিনমান। কিবা ইন্টাৰভিউ থকা বুলি কৈছিল৷ পিছে দুদিন পিছত তাইৰ ককায়েকে লগৰ দুজনমান ল’ৰাক আনি হুলস্থূল আৰু দুয়োকে মাৰধৰ কৰাতহে উৰহী গছৰ ওৰটো ওলাল৷ লগে লগে ঘৰ খালী কৰিবলৈ দিলোঁ। তোমাৰো তেনে কিবা গৰবৰ থাকিলে বাহিৰতে সেইবোৰ সমাধান কৰিবা। মোৰ কেম্পাচত যেন একো নঘটে। হেৰা বহুত কথা ক’লোঁ‌। এইখিনি কথা মই প্ৰথম দিনা সকলো ভাৰাতীয়াকে কওঁ। বেয়া নাপাবা। মানে মই পেটত কথা ৰাখি থ’ব নোৱাৰোঁ৷

:নাই নাই খুৰা। মই বেয়া পোৱা নাই।আপুনি উচিত কথাই কৈছে। মোৰ তেনে কোনো সমস্যা নাই। মাহঁতে ঘৰৰ ফালৰ পৰা ছোৱালী চাইহে আছে। মই আজি সন্ধিয়া টকা পাঁচহাজাৰ দি যাম আপোনাক। এতিয়া আহোঁ।

:অঁ যোৱা যোৱা। সন্ধিয়া আহি টকা দি যাবা৷ তাৰপিছত বস্তুবোৰ সোমাব পাৰিবা৷ অঁ আৰু এটা কথা ৰুমটো খালী কৰিম বুলি ভাবিলে এমাহ আগতেই জনাবা৷ মানে মই তেতিয়া বেলেগ ভাৰাতীয়াৰ ব্যৱস্থা কৰিব পাৰিম। মানে ময়ো ৰিটায়াৰ্ড কৰা মানুহ, ভাৰাৰ টকাকেইটা বৰ প্ৰয়োজন হয় দিয়াচোন৷ হেঃ হে ঃ৷

:হ’ব খুৰা৷ মই আহোঁ বাৰু৷

:অঁ যোৱা যোৱা৷ গৰমত আহিছিলা৷ একো খোৱাৰ কথাও নক’লো। মানে আমাৰ এওঁৰ দুদিনমান ধৰি গা বেয়া৷ বেয়া নাপাবা৷

:নাই নাই। মই ৰুমলৈ গৈয়ে ভাত খাম। ৰান্ধি থৈ আহিছোঁ। আহিছোঁ বাৰু।

ঠেলা এখনত বস্তুবোৰ আনি অচিন্ত্যই ৰুমটো ঠিকঠাক কৰাত লাগিল৷ আজিও তাৰ অফিচ খতি হ’ল। বৰবাবু দাসক ফোন এটা কৰি সি বাৰু জনাইছে৷ ৰুমটো ঠিক কৰি কিবা এটা খোৱাৰ কথা চিন্তা কৰিলে সি৷ মেগীকে খোৱা যাওঁক৷ বেলেগ কিবা ৰান্ধিবলৈ গাত শক্তি নাই এতিয়া। ইমান গৰম৷ তাতে অতখিনি কষ্ট৷ সি মেগীৰ পেকেটটো উলিয়াই ল’লে৷

:ই -ই-ই। অদ্ভুত শব্দ এটা কৰি চিলিং ফেনখন বন্ধ হৈ গ’ল৷ পুৰণা ফেন৷ লগায়ে থোৱা আছিল। লাইটৰ চুইচটো দি চালে অচিন্ত্যই৷ কাৰেণ্ট আছেতো৷ ছেঃ তাৰমানে ফেনখন বেয়া হ’ল। আবেলিলৈ মেকানিক এটা বিচাৰিব লাগিব৷ “ধেই নাখাওঁ যা”- বুলি মেগীৰ পেকেটতো সি স্লেপখনৰ ওপৰতে দলিয়াই দিলে৷ বিচনাখনত অলপ গাটো পেলাম বুলি ভাবোতেই-

:ক্ৰিং ক্ৰিং। ম’বাইলটো বাজিবলৈ ধৰিলে। স্ক্ৰীণত মাকৰ নম্বৰটো দেখি সি ফোনটো ৰিচিভ কৰিলে৷

:হেল্লো মা ক’৷

:বাবা ৰুমটো সলালিনে?

:অ মা৷ অলপ আগতে আহি নতুন ৰুমটোত সোমালোঁ। বস্তুবোৰ ঠিক ঠাক কৰি বিৰাট ভাগৰ লাগিছে। ইফালে মালিকে দিয়া ফেনখনো বেয়া হ’ল৷ ভোকো লাগিছে৷

:কিবা এটা বনাই খাই ল৷ এলাহ নকৰিবি৷ খালী পেটত গেছ হ’ব। সেয়া মাৰৰ কথা নুশুন নহয়। আজি দুবছৰ ধৰি কৈ আছোঁ বিয়া পাত বিয়া পাত৷ ক’ত শুনিবি মাৰৰ কথা? হেৰৌ মই বোৱাৰীৰ হাতেৰে হাত ভৰি উঠাই এসাঁজ খাম বুলি আশা কৰি থকা নাই৷ তোৰ বাবেহে মোৰ চিন্তা৷ আজি ঘৈণীজনী থকা হ’লে কিবা এটা খোৱাৰ বাবে চিন্তা কৰিব লাগেন?  নাতি পুতিৰ মুখ নেদেখাকৈয়ে যমৰ ঘৰলৈ যাবগৈ লাগিব আৰু! এ-এ। পিছৰ কথাকেইটা কওঁতে মাকৰ উচ্চাৰণবোৰ থোকাথুকি হৈছিল৷

:উফ মা। আৰম্ভ হ’লনে আৰু তোৰ? এই গৰমত আৰু ভাগৰত মই থাকিব পৰা নাই৷ ইফালে তোৰ কন্দা-কটা আৰম্ভ হ’লেই। এইবাৰ ৰাস্তাত যাকে দেখোঁ‌ তাকে উঠাই আনিম তোৰ বোৱাৰী হ’বলৈ৷ হ’বনে? এতিয়া ফোন থ। মই হোটেলতে কিবা এটা খাই আহোঁ। ইফালে মেকানিক বিচাৰিব আছেই৷ তহঁতৰ পৰা শান্তি নাই আৰু। সি ফোনটো কাটি দিলে।

ৰাতিপুৱাই অচিন্ত্যই খিৰিকিখন খুলি দিলে৷ তাৰ ৰুমৰ পৰা মালিকৰ ঘৰৰ বেলকনিটো দেখা পোৱা যায়। বেলকনিটোত টাব কেইটামান থোৱা আছে৷ তাত বেঙেনা আৰু জলকীয়া পুলি দুটামান ৰুইছে মালিকে। তাৰ ৰুমটোত দুদিনমান হ’ল৷ কিন্তু দত্তৰ বাহিৰে আজিলৈ সি কাকো দেখা নাই। সি মন কৰিলে ধুনীয়া চূৰ্ণি এখন বেলকনিৰ ৰচীডালত ওলমি আছে। বতাহত চূৰ্ণিখন ইফাল সিফাল কৰি ফুৰিছে৷ তাৰমানে মালিকৰ ছোৱালীও আছে নেকি? কেনেকুৱা হ’ব বাৰু তাই দেখাত? কিমান বয়সৰ হ’ব বাৰু? কি নাম হ’ব বাৰু? ৰীমা, পিংকি, বেবী–! ধেই কি যে কথাবোৰ ভাবি আছোঁ‌ বুলি সি ব্ৰাচডালত টুথপেষ্ট অকণমান লগাই ল’লে৷ আজি দেওবাৰ৷ লাহে ধীৰে কামবোৰ কৰিলেও হ’ব। দুপৰীয়ালৈ চিন্তা নাই। আজি বৰবাবু দাসৰ নাতিনীয়েকৰ অন্নপ্ৰাসন্ন। নিমন্ত্ৰণ পাইছে সি৷ বৰলা জীৱনত এনে নিমন্ত্ৰণবোৰ স্বৰ্গসুখৰ সমপৰ্য্যায়ৰ৷ উপহাৰ হিচাপে দুটা টকা গ’লেও ভাত ৰন্ধাৰ দৰে বিৰক্তিকৰ কামটোৰ পৰা এদিন হ’লেও হাত সাৰিব পৰা যায়৷ মুখখন মচি মচি চাহৰ চ’চটো গেচ ষ্টোভটোত উঠাই দিলে সি৷ আকৌ এবাৰ কেৰাহিকৈ সি চূৰ্ণিখনৰ ফালে চালে৷ তাৰপিছত কাষৰে গজাল এটাত ওলোমাই ৰখা আইনাখনত তাৰ মুখখন চালে। নাই দাড়িখিনি কাটিব লাগিব আজি৷ নিজৰ খেতি৷ চিকুণাবই লাগিব৷

পিছদিনা সি দুপৰীয়া অফিচত কাম কৰি থাকোতে হঠাৎ পেটটো খামোচ মাৰি ধৰিলে৷ কালি পাঠাৰ মাংস অলপ বেছিকৈয়ে খোৱা হ’ল তাৰ৷ গৰমত পেটত ধৰিছে৷ অফিচৰ লেট্ৰিনত দুবাৰো যাব লগা হ’ল। গাটোও দূৰ্বল লাগিছে৷ বৰবাবুক কৈ সি ৰুমলৈ গুচি আহিল। আহোঁতে ইলেক্ট্ৰ’ল এপেকেটো লৈ আহিল৷ কানি কাপোৰ সলাই এগিলাচ ইলেক্ট্ৰ’ল বনাই খাই ল’লে৷ তাৰপিছত অকণমান শুই ল’ম বুলি খিৰিকীৰ পৰ্দাখন চপাবলৈ লওঁতেই সি দেখিলে একেবাৰে মিহি আৰু চিধা চুলি একোচা বতাহত মালিকৰ ঘৰৰ বেলকনিত উৰি আছে৷ মুখখন দেখা পোৱা যোৱা নাই৷ চুলিটাৰিৰ অলপ অলপ অংশ বতাহত ঢৌ খেলি আছে। সি আৰু অকণ কষ্ট কৰি ডিঙিটো মেলি চালে। নাই কোন হয় ধৰিব নোৱাৰি৷ মাত্ৰ চুলিকোছাৰ এটা অংশহে দেখি খিৰিকীখনৰ পৰা৷ প্ৰৱল ইচ্ছা স্বত্বেও সি চুলিৰ গৰাকীক দেখিবলৈ সমৰ্থ নহ’ল৷ মনটো কিবা ইচাত-বিচাত লাগিল তাৰ৷ গাটো অকণ ভাল লাগিলে কিবা এটা অজুহাত লৈ মালিকৰ ঘৰলৈ যাব পৰা যাই নেকি? নাই নাই তেনেকৈ গ’লে মালিকে সন্দেহ কৰিব। যি হে পাকলগা মানুহ। ধৈৰ্যই ধৰিব লাগিব। ইমান সুন্দৰ চুলিৰ অধিকাৰীগৰাকী দেখাতো নিশ্চয় ধুনীয়াই হ’ব৷ যদি পচন্দ হয় তেন্তে এইবাৰ কিবা এটা কৰিবই লাগিব। মাকে এনেয়ো বোৱাৰী বিচাৰি হাহাকাৰ কৰি আছে। তাৰ উপৰিও কিমাননো ভাত দাইল আৰু কণী বইল খাই থাকিব! মেগী খাই খাইয়ো তাৰ আমনি লাগিছে৷ মাকক জনাব লাগিব। মালিকেও জীয়েকক তালৈ নিদিয়াৰ যুক্তি নাই। চৰকাৰী চাকৰি। ভাল ঘৰ। দেখাই শুনায়ো সি ভাল৷ ‘ধেই’- কি যে ভাবি আছে সি? দেখাই নাই সি তাইক আজিলৈ৷ তাইৰতো মনৰ পচন্দৰ কোনোবা থাকিব পাৰে। তাইৰ বা তাক পচন্দ হয় নে নাই! কথাবোৰ ভাবি ভাবি সি শুই পৰিল।

তাৰপিছতো সি বহুদিন চুলিটাৰী দেখিছিল৷ বিভিন্ন ৰঙৰ চূৰ্ণিও দেখিছিল। দেখা নাছিল মাথোঁ‌ তাৰ গৰাকীক। আজিকালি অচিন্ত্যই খিৰিকীখনৰ ওচৰতেই এখন চকী পাৰি থৈছে৷ ৰাতিপুৱা আৰু অফিচৰ পৰা আহি সি খিৰিকীখনৰ ওচৰত বহে৷ বিভিন্ন কল্পনা কৰে সি তাৰ ভাবীপত্নীক লৈ। এদিন-

:টিং টং ৷

সি উদং গাটোত স্পৰ্টিং এটা পিন্ধি লৈ দৰ্জাখন খুলি দিলে৷ বাৰাণ্ডাত এজনী শকতকৈ মহিলা৷ পঞ্চাশৰ ওপৰ হ’ব বয়স। সি মন কৰিলে মানুহজনীয়ে সি প্ৰথম দিনা দেখা চূৰ্ণিখন গাত লৈ আছে৷ হেহ। সিও যে কি ভাবি থাকে! এনে চূৰ্ণি কি এখনেই থাকিব নেকি? বহুতৰে থাকিব পাৰে৷

:কওঁকচোন। কাৰোবাক বিচাৰিছে নেকি?

:অঁ মই মানে এইখন ঘৰৰ মালিকনী৷ মিচেচ দত্ত৷ আপোনাৰ লগত চিনাকিয়ে হোৱা নাই নহয়। মই মানে বেছিকৈ বাহিৰলৈ নোলাও। গাটোও অলপ বেয়া হৈ থাকে। আপুনিও বাহিৰৰ পৰাই ভাৰাটো দি যায়গৈ।

:অঁ হয় হয়৷ ময়ো মানে সময়ে নাপাওঁ। কওঁকচোন, কিবা দৰকাৰ হৈছে নেকি?

:অঁ। মানে এওঁ আজি নগাঁও গৈছে কিবা এটা কামত৷ আমাৰ পাকঘৰৰ বেচিনটোৰ পাইপডাল লিক কৰি আছে৷ আপোনাৰ বাৰু এম চিল জাতীয় কিবা আছে নেকি, সদ্যহতে লগাব পৰাকৈ। এওঁ আহিলে ঠিক কৰিব পিছত৷ নহ’লে বেচিনটো ব্যৱহাৰ কৰিব পৰা নাই৷

:এহ এইটোনো কি কথা৷ আছে আছে। এম চিল আছে মোৰ তাত। মই ঠিক কৰি দিওঁ ৰ’ব। বিপদে আপদে কামত নাহিলে হ’ব জানো? এয়াই সুৱৰ্ণ সুযোগ৷ আজি সি তাৰ ভাবীপত্নীৰ মুখামুখি হ’ব পাৰিবই৷ তাৰ আগতে ভাবীশাহুক ইম্প্ৰেছ কৰটো জৰুৰী৷ সি ভিতৰৰ পৰা এম চিলৰ পেকেটতো লৈ আহিল৷ তাৰপিছত চুলিখিনি ভালদৰে ঠিক কৰি ল’লে। জিন্সটোও পিন্ধি ল’লে৷ অকণমান ডিঅ’টো মাৰি ল’লে। হাজাৰ হ’লেও প্ৰথম দিনাৰ কথা৷

:বলক খুৰী৷

:ব’লা৷

মালিকনীয়ে তাক পাকঘৰৰ বেচিনটো দেখাই দিলে৷ সি প্ৰয়োজনতকৈ অধিক আগ্ৰহেৰে কামত লাগিল৷ মাজে মাজে কথাওঁ কৈ থাকিল, যাতে তাৰ মাতটো ঘৰখনৰ আন সদস্যসকললৈও যায়৷ তাৰ চকু দুটাও ঘূৰি থাকিল।

:খুৰী হৈ গ’ল৷ কিছুদিন ভালকৈ চলিব৷ পইতাচোৰাই পাপইডাল প্লাষ্টিকৰ বাবে কাটি পেলাইছিল৷

:বহুত ধন্যবাদ দেই৷ তুমি নোহোৱা হ’লে মোৰ আজি বৰ অসুবিধা হ’ল হয়৷ ৰ’বা দেই. চাহ একাপ খাই যাবা৷

:এহ খুৰী, কি যে কয়! এইকণনো কি সহায়? ভৱিষ্যতে কিবা দৰকাৰ হ’লে মাতিব মোক। চাহ নালাগে দিয়ক৷

:নাই নাই। চাহ একাপ খাবই লাগিব তুমি৷

সি বেলকনিৰ ফালে চালে। আজিও হালধীয়া ৰঙৰ চূৰ্ণি এখন বতাহত উৰি আছে৷ তাৰ চকুৱে কাৰোবাক বিচাৰি আছিল সেইসময়ত৷ চুলিটাৰীৰ গৰাকীক৷ হঠাৎ–

:মা মোৰ চেম্পু শেষ হ’ল। তোমাৰ চেম্পুটো মোক আজি দিয়াচোন৷ ভিতৰৰ পৰা এজন সোঁতৰ ওঠৰ বছৰ মানৰ ল’ৰা ওলাই আহিল। পিছে এয়া কি? দীঘল চুলি, কাণত এপাত কাণফুলি। মানে? মানে? সি ভাবি থকা চুলিটাৰীৰ গৰাকী ইয়ে নেকি!

:অচিন্ত্য এয়া লোৱা চাহ। খোৱা৷ অ ৰ’বা, চিনাকি কৰি দিওঁ৷ এয়া মোৰ ল’ৰা টিংকু৷ হায়াৰ চেকেণ্ডাৰী পঢ়ি আছে। আমি তিনিজনেই আৰু। টিংকু আমাৰ একমাত্ৰ ল’ৰা৷ অঁ তই কৈছিলি? চেম্পু৷ মোৰ চেম্পুটো বেডৰুমৰ ড্ৰয়াৰত আছে৷

:হাই৷ আপুনি বহক৷ টিংকুৱে হাঁহি এটা মাৰি ভিতৰলৈ সোমাই গ’ল৷ সি যোৱাৰ ফালে অচিন্ত্যই শিল পৰা কপৌটোৰ দৰে চাই থাকিল৷

:হেঃঃ হেঃ। তুমি চাগে টিংকুক দেখি কিবা বেলেগ ভাবিছা ন? কি কৰিবা আৰু! আজিকালিৰ ল’ৰা। দীঘলকৈ চুলি ৰাখিছে। কাণফুলিও এপাত কাণত লগাইছে। মানা কৰিলেও নুশুনে৷ এইবোৰ বোলে আজিকালিৰ ফেচন৷ পঢ়াশুনাতো মন নাই৷ কিবা ক’লে অশান্তি কৰে৷ মোৰ তাকে লৈ প্ৰেচাৰ উঠি থাকে৷ বাপেকৰ পেঞ্চন আৰু ভাৰাঘৰৰ টকাৰে চলি আছোঁ৷ ইফালে তাৰ ফৰমাইচেই শেষ নহয়। খোৱা খোৱা৷ মাজে মাজে আহি থাকিবা৷

:খুৰী মই আহোঁ। যেনেতেনে সি মুখৰ পৰা মাতটো উলিয়াই ক’লে৷

:বাৰু।

মালিকৰ ঘৰৰ পৰা ওলাই সি ৰুমৰ দৰ্জাখন খুলিবলৈ লৈছিলহে

:ক্ৰিং ক্ৰিং৷ মাকৰ ফোন৷

:হেল্লো মা৷

:বাবা ভালে আছনে?

:আছোঁ মা। মা মই দুদিনমান ছুটী লৈ ঘৰত যাম বুলি ভাবিছোঁ। কণিকা পেহীয়ে যে ছোৱালী এজনীৰ কথা কৈছিল, চাব যাম দে৷ এতিয়া ৰাখোঁ‌ হা৷

সেইসময়ত দূৰৰ পৰা ভাহি আহিছিল-

“এনেকৈয়ে ভাঙেনে সপোন

এনেকৈয়ে চিঙেনে—”

☆ ★ ☆ ★ ☆

7 Comments

  • ডলী

    হাঃ হাঃ। বঢ়িয়া লাগিল

    Reply
  • চন্দন

    মজ্জাহ

    Reply
  • কাবেৰী মহন্ত

    দুখেই লাগিল😁😁

    Reply
  • Manika Sarma

    হা হা হা বিৰাট জমনি লাগিল দেই।বৰলা জীৱনৰ এটা এটা অভিজ্ঞতা।

    Reply
  • বন্দিতা জৈন

    😂😂,সচাঁ কৈ,সপোন এনেদৰে ভাগিব লাগেনে বাৰু |

    Reply
  • হেমন্ত কাকতি

    তামাম নীলাক্ষী! কিবা এটা ধমাকা লিখিবা বুলি বিচাৰি আছিলোঁ৷ মজা লাগিল৷

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.