ফটাঢোল

ভাল খবৰৰ চেঙা তেল!!- অজয় লাল দত্ত

আজিকালি মানুহ যিমানেই বাঢ়িছে, সমানুপাতিকভাৱে ভিৰৰ মাজত হেনো দুলৰ্ভ হৈছে মানৱীয়তা! মানুহ নামৰ বান্দৰৰ আজোনাতিসকলে সেয়ে এই গুণটো বাদ দি কৰি থকা বান্দৰামিবোৰৰ শ্ৰীবৃদ্ধি সেয়ে আমি সকলোৱে মহামাৰী দেখাৰ নিচিনাকৈ দেখিবলৈ পাইছোঁ। 

আজিৰ যুগ, আধুনিক যুগ! মানুহৰ মানুহৰ বাবে সময় কমিছে। কিন্তু বানপানীৰ দৰে  বাঢ়িছে প্ৰদৰ্শণকামিতা, মানে ‘জহোৱা প্ৰতিযোগিতা’। এই প্ৰতিযোগিতা এতিয়া আঞ্চলিক, কেন্দ্ৰীয় পৰা ৰাজ্যিক-দেশৰ সীমা পৰিধি ভাঙি ইণ্টাৰনেচল হৈছেগৈ। ৰাতিপুৱাই আজোনাতিৰ জাকে বোলে ভাবে, আজি ‘জহাব পৰা কামৰ তালিকা’ বনাইহে কামত ধৰে। মাহেকত বোলে জহোৱা কম্পিটিচনত টাৰ্গেটো থাকে, চেল্ফ কম্পিটিচিন!! 

ছ’চিয়েল মেডিয়াত সকলোৱে নিজৰ সাধুবোৰ কয়, যেনে ভাত খোৱাৰ সাধু, পিকনিকত পানী খোৱাৰ সাধু। গোটত, ৱালত, পেজত, ইষ্টা…. মাল্টিপল মঞ্চত…। যদিও মানুহে লাইক মাৰে, ‘মন চিনা’ বিশেষজ্ঞসকলৰ গোপন সূত্ৰই প্ৰকাশ কৰা মতে কিন্তু, এই সাধুকোৱা ওৰফে জহোৱা প্ৰতিযোগিতাখনত ভাগ লোৱাৰ আঁৰত হেনো সকলোৰে মনত থকা লক্ষ্য উদ্দেশ্য হেনো এটাই। সেয়া হৈছে জ্বলোৱাহে, মানে ঈৰ্ষা সৃষ্টিৰ আনন্দ প্ৰতিযোগিতাহে! আগৰ দিনৰ ‘পৰ-নিন্দা’ সুখৰ দৰে এই আধুনিক বেমাৰ ‘ঈৰ্ষা-সৃষ্টি’ৰ আনন্দ!

ডিজিটেল যুগৰ নতুন বুৰঞ্জী প্ৰণেতাসকলৰ মতে আকৌ এই জুকাৰবাৰ্গৰ এই চেইন বিজিনেচটো আৰম্ভ হৈছিল, পুৰণি একপক্ষীয় প্ৰেমিকাক বিচাৰি উলিওৱাৰ খেল এটাৰ পৰাহে। তেওঁ চাগৈ, প্ৰেম প্ৰত্যাখ্যান কৰা গৰাকীয়ে কি ৰত্ন-লাইফত মিচ কৰিলে সেইটো ঈৰ্ষা-সৃষ্টিৰ আনন্দ ল’বলৈ বিচাৰিছিল। আৰু তাত পোৱা আনন্দটোযে ইমান সাৰ্বজনীন আৰু সৰ্বগ্ৰাসী হ’ব, তেওঁৰ মাৰ্কেটিং বিভাগৰ বন্ধুৱে বুজি উঠিলে। গোলাকাৰ পৃথিৱীৰ চৌপাশে সেয়ে মকৰাজাল গুঠি, আজিৰ এই অৱস্থা। 

প্ৰতিযোগী সকলৰ লাইফ-ষ্টাইলেই সলনি হৈ গ’ল। আগতে ভাত হ’ল, হাত ধোৱা আৰু খোৱা।  আজিকালি খানা হ’ল, ফটো মাৰা, আপলোড কৰা, তাৰ পাছতহে হাত ধোৱা-ভাত খোৱাৰ কথা আহে। মানুহে নিজৰ  ভাল খবৰ বিলাই আন মানুহক জ্বলায় আৰু আনবোৰে জ্বলি জ্বলি লাইকৰ বুটাম টিপি, জ্বলনানন্দ লাভৰ প্ৰাপ্তি স্বীকাৰ কৰে। ‘মন-চিনা’ বিশেষজ্ঞ বোলা ফ্ৰয়েডৰ নাতিকেইজনৰ মতে হেনো আজিৰ দিনত আপোনাৰ দুখত দুখী হোৱাৰ, আপোনাৰ সুখত সুখী হোৱা মানুহৰ মন, আল্লাউদ্দিনৰ চাকিৰ দৰেই অলীক কল্পনাহে! বেছি ভাগেই আনৰ দুখত সুখী, আনৰ সুখত দুখী হোৱা হৃদয় লৈহে ঘূৰি ফুৰিছে। এই ‘হৃদয় পৰিবৰ্তন’ পিচে এই বান্দৰৰ নাতিজাকৰ সভ্যতাৰ বাবে ভাল হৈছে নে বেয়া হৈছে সেই কথাহে কোনেও মুখ ফুটাই ক’বলৈ সাহস কৰা নাই!

আকৌ, এই “ভাল খবৰ”ক আকৌ বহুতেই ‘আক্ৰমণৰ আনন্দৰ হাথিয়াৰ’ কৰিও লয়। যেনে ধৰক, বিয়া পতাৰ দুইবছৰ পাৰ হ’ল, কণমানিৰ দেখাদেখি নাই। এই প্ৰাইভেট প্ৰাইভেট বিষয়টো ৰাজহুৱা আলোচনানো কিয় কৰে। ৰাইজে পাই গ’ল চান্স, কৰি দিয়েই নহয় ডান্স! হেৰা, ভাল খবৰ কেতিয়ালৈ? লগতে উপদেশৰ উজান। অমুকৰ অমুকটো, তমুকৰ ভুচুকটো, ডাক্তৰ, তাবিজ, শৰাই, মাদলি, বন-দৰৱৰ পৰা ধৰি গৰ্ভ-জ্ঞানৰ সমস্ত জ্ঞান ৰাজহুৱা স্থানত উজাৰি তেওঁলোকে আনন্দ লভে, মানে মানসিক আক্ৰমণৰ আনন্দ! 

আবিয়ৈ ছোৱালীক লৈ মাক-বাপেকৰ চিন্তা, আহিল নহয়, আনন্দ প্ৰয়াসী খুৰীদেউৰ জাক! হেৰি কেতিয়ালৈ? হেৰৌ বান্দৰৰ নাতিয়েকৰ বোৱাৰী, বৰ্তমানত ব্যতিব্যস্ত মানুহহালক আকৌ ভৱিষ্যতৰ ঘাঁকণ-খজুৱাই ‘সুখ’ দিয়াৰ ঠিকাটো টেণ্ডাৰ নিদিয়াকৈ তোমাক দিলে কোনে?  অমুকৰ জীয়েকে…তমুক কৰি, কেনেকৈ পটককৈ, দোষ থাকিব পাৰে, আকৌ সেই জ্যোতিষী, মাদলি, তাবিজ….বিনামূলীয়া উপদেশৰ ৰেলগাড়ীখন লগত ফ্ৰী!! হতাশ মানুহৰ পৰা আনন্দ চেঁপি উলিওৱাৰ কৌশলত যেন গৱেষিকাহে এই খুৰীবোৰ!!!… গৱেষণা বুলিলেই আকৌ আৰু এটি নতুন ফঁকৰালৈ মনত পৰে- ‘বোলে, আবিয়ৈৰ বিয়া আৰু পিএইচডি গৱেষণাৰৰ ডিগ্ৰী পোৱাৰ সাম্ভাব্য তাৰিখ সোধা সকলৰ বাবে নকৰত সুকীয়াকৈ তেল গৰম কৰা থাকে”! কথাবোৰ আনন্দ-প্ৰয়াসী বান্দৰৰ-নাতি সমাজে অনুধাৱন কৰাটো ভাল।

 

আজিকালি পেপাৰ পঢ়িবলৈ ৰাইজে বোলে বেয়াই পায়। মানে বোলে ভাল খবৰৰ অভাৱ। ভাল খবৰৰ বোলে টিআৰপি নাই, লাভ-জেহাদৰ খবৰত যিমান আগ্ৰহ, সেই আগ্ৰহ আমাৰ জাত-পাতৰ-সম্প্ৰীতিৰ মিলনৰ উদাহৰণ মূলক ভাল-খবৰত নাই! মানুহে যদি জাৱৰ পঢ়িব বিচাৰে, উত্তেজনা বিচাৰে, সেইবোৰকে খবৰ-বেপাৰীয়ে বেচিব লাগিবই, তাত বেয়া পাই লাভ আছে জানো? সেয়ে ৰাজহাঁহৰ দৰে সেৱা কৰে খবৰ অনা সাংঘাটিক সকলে। 

মানে ৰাজহাঁহে যেনেকৈ গাখীৰ আৰু পানী মিহলাই দিলে, কেৱল গাখীৰখিনি উলিয়াই খাব পাৰে, সেই টেকনিকত। মানে ধৰক কেলেংকাৰীৰ খবৰ আহিল, তাৰে ভিতৰত সমাজৰ বাবে উত্তেজনাৰ অংশটো ধুনীয়াকৈ মছলা মাৰি, প্ৰতিবেদন-১ ৰ নামত ‘ধাৰাবাহিক প্ৰতিবেদন’ৰ বিজ্ঞাপন ওলাব। তাৰ পাছত, নায়কৰ সৈতে মোকামিলা কৰি ধনৰ লেনদেন কৰি সাংঘাটিকজন হিতাধিকাৰী হ’ব, কিন্তু সেই ‘ভাল খবৰ’টো পেপাৰত নচপায়! ‘ধাৰাবাহিক’খনো পাহৰণিত জাহ যাব, নায়কলৈ ‘ভাল খবৰ’ হিচাবে! ভাল খবৰৰ ভেলু আছে, কিন্তু সেয়া পৰ্দাৰ আঁৰত, সেয়ে ৰাইজে কাকতৰ পাতত সেয়া বিচাৰি নাপায়, কেৱল বিৰ্চুতিয়ে খায়। ৰাইজে হেনজানি সমাজত ভাল খবৰ নোলায় বুলি দুখ নকৰিব, ‘ভাল খবৰে’ বহু সময়ত ওৰণি টানিও সমাজৰ লাজ বচাই থাকে!

আজিকালি আকৌ ‘ভাল খবৰ’ জোখা স্কেল ডাললৈকো পৰিৱৰ্তন আহিল নহয়! ধৰক এই তেলৰ দাম, মানে পেট্ৰল-ডিজেলৰ। আগতে দাম বাঢ়িলে, ৰাইজৰ বাবে বেয়া খবৰ আছিল। কিন্তু বীৰবলৰ বুদ্ধিৰে এতিয়া সন্ধিৰ বাঁহ কাটি জুখিবলৈ লগালে নহয়, ভাল-বেয়াক!! এতিয়া পেট্ৰল-ডিজেলৰ উচ্চ-দাম হোৱাটোহে ভাল খবৰ, অধিক কৰ দি দেশহিতৰ বাবে অধিক অৰিহণা যোগোৱাৰ ‘সুবিধা পোৱা’ৰ ভাল খবৰহে! আগতে মদাহীয়ে সস্তাত সুৰাপান কৰি আছিল, মান-ইজ্জ্বত নাছিল। তাতো স্কেল বদলি হ’ল। এতিয়া চৰকাৰী ৰেটেই আগৰ ‘ড্ৰাই-ডেৰ ব্লেকৰ ৰেট’, বটলৰ লগত ইজ্জ্বত ফ্ৰী! এতিয়া মদাহী নহয়, সন্মানীয় কৰ-সেৱকীহে, কিছুমানৰ মতেটো দেশৰ ‘অৰ্থনৈতিক মেৰুদণ্ড’ পোন কৰি ৰাখোঁতা ‘সন্মানীয় নাগৰিকহে!…..

এনেয়ে কোনোবা মহান বান্দৰৰ-নাতিয়ে কৈ যোৱা নাছিল যে, বিউটি চকু গৰাকীজনৰ ওপৰতহে নিৰ্ভৰশীল! এতিয়া ‘ভাল খবৰ’টো এয়েই যে ৰাইজে বিনামূলীয়াকৈ এনেকুৱা নব্য-নতুন বিতচকু উপহাৰ পাই আছে যে সেইবোৰ পিন্ধি নতুন নতুন স্কেলেৰে ‘দেশৰ ভাল-বেয়া’ জুখিব পাৰিছে। খবৰ যিয়েই নহওক, ভাল খবৰৰ পেকেটত আহিছে, ভাল ভাবে ল’বলৈ উপদেশো আহিছে, ভালে ভালে থাকিবলৈ! 

হেন জানি, সেয়ে ৰাইজ, এতিয়া ভাল খবৰৰ শ্বেয়াৰ কৰি ‘ঈৰ্ষাৰ সৃষ্টিৰ-সুখানন্দ’ লওক, ভাল খবৰ জনাব নিবিচৰাজনক ‘ভাল খবৰ’ৰ কাড় মাৰি ‘আক্ৰমণানন্দ’ লওক, পেপাৰত বেয়া খবৰৰ সোঁত দেখিলে তলে তলে কাৰোবাৰ কল্যাণ হোৱাৰ ভাল খবৰৰ ‘কল্পনানন্দ’ লওক আৰু বেয়াৰ মাজতো ভাল দেখাৰ ৰুচি গঢ়ি ‘নতুন অভ্যাসানন্দ’ লওক। মুঠতে সৰ্বাই আনন্দত থাকক… 

জয় হৰি বোলা…।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.