ফটাঢোল

ভাষা বিভ্ৰাট-বৰদা শইকীয়া 

বহিঃৰাজ্যত গৈ ঘটা ভাষা বিভ্ৰাটৰ ৰসাল কথা নক’লোৱে যেনিবা, এইখন অসমতে ভাষা বিভ্ৰাটৰ বাবে কিছুমান আমোদজনক কাহিনীৰ সন্মুখীন হৈছোঁ। উজনি-নামনিৰ মাজতে সাধাৰণতে বিভ্ৰাট ঘটে। বিশেষকৈ উজনিৰ মানুহে নামনিৰ ভাষা বুজি পোৱাত অসুবিধা পায়। নিজৰ জীৱনত ঘটা এনেকুৱা কাহিনী এটা মনলৈ আহিছে।

কেইবছৰমানৰ আগতে শিৱসাগৰত অনুষ্ঠিত অসম লেখিকা সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ বান্ধৱী কুঞ্জ দেৱী আৰু মই যাবলৈ ওলালোঁ। ৰাতিপুৱা ৭-০০ বজাতে মঙ্গলদৈৰপৰা বাছেৰে যাত্ৰা আৰম্ভ কৰা আমি মঙ্গলদৈৰপৰা তেজপুৰ, তেজপুৰৰপৰা যোৰহাট, যোৰহাটৰপৰা শিৱসাগৰ, তিনিখন বাছ সলাই  শিৱসাগৰ পাওঁতে ডিচেম্বৰ মাহৰ ভাল সন্ধিয়াই লাগিছিল। ভোকে-পিয়াহে, ভাগৰে-জুগৰে আতুৰ হোৱা আমি বাছ ষ্টেশ্যনৰপৰা  টালি-টোপোলাৰে যাবলৈ ৰিক্সা এখন ল’লোঁ। অধিৱেশনৰ কাৰ্যসূচীত উল্লেখ থকা মতে ৰিক্সাচালকক ইঙ্গিত দিলোঁ – নাট্যমন্দিৰ বুলি। গৈ পাইহে গম পালোঁ যে তাত অকল সভা-সমিতি হ’ব! থকা-খোৱাৰ বাবে আন এটা বিবাহ ভৱনৰ ব্যৱস্থা কৰিছে। কথাটো জানি আমি দুয়োজনীয়ে কোৱাকুই কৰিলোঁ “ভোখে ভাগৰে আগুৰ ধচ্ছি, আৰুনো ক’ক যাবা লাগেই।”

ডেকা ৰিক্সাচালকক কুঞ্জই ক’লে,

: “অ, বাপা যৌচোন যৌ সোনকালে যৌ, বৰ ভাগৰ লাগি আইছি, থাকপা দিয়া ঠাইলৈ যাঙ্গৌ যৌ।”

ৰিক্সাচালকজনে ৰিক্সা চলাবলৈ এৰি আমাৰ মুখৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলে আৰু ক’লে,

: বাইদেউসকল অসমীয়া নহয় নেকি? ক’ৰপৰানো আহিছে আপোনালোক?”

ঠাণ্ডাদিন বাবে দুইজনীৰে গাত ডাঠ বোৱা কাপোৰৰ সাজ, দিনটো বাছত ঘূৰি আউল বাউল হোৱা চুলি, বিৱৰ্ণ শৰীৰ দেখি আৰু কোনোদিন নুশুনা দৰঙী কথা শুনি তাৰ আউল লাগিল। সেই সময়ত অসমীয়া জাতি ৰক্ষাৰ কিবা এটা আন্দোলনো হৈ আছিল! ভাগৰি জুগৰি অৱশ হ’লেও ৰিক্সাচালকৰ সন্দিহান দৃষ্টিত আমাৰ দুয়োৰে মুখত হাঁহি বিৰিঙিল।

পিছদিনা সময় উলিয়াই ওচৰৰ গাঁও এখনৰ এঘৰলৈ ফুৰিবলৈ বুলি ওলাই গ’লোঁ। আমাক লৰালৰিকৈ ভাত এসাঁজ খুৱাই পঠিয়াম বুলি গৃহিণী পাকঘৰত সোমাল। অকলশৰীয়া মানুহজনীক সহায় কৰিম বুলি আমিও লাগি ভাগি দিবলৈ আগবাঢ়িলোঁ। গৃহিণীয়ে হাতকটাৰি এখনেৰে সৰু মাছ বাচিবলৈ ধৰিছে। আমি দুয়ো আলোচনা কৰিলোঁ ‘ব’ঠি’ এখন হোৱা হ’লে মাছ বচাত সহায় কৰিব পাৰিলোহেঁতেন। কামটোও কটাৰীতকৈ আগবাঢ়িলেহেতেঁন। আগদিনা ৰিক্সাচালকৰ লগত হোৱা বিভ্ৰাট মনত পেলাই কুঞ্জই উজনিৰ শব্দ ব্যৱহাৰ কৰি গৃহিণীক সুধিলে :

:  মৈদা আছে নেকি?

গৃহিণীয়ে উত্তৰ দিলে, “আছে বাইদেউ, মই লৈ আহিছোঁ ৰ’ব।” গৃহিণীয়ে এক বাটি ময়দা গুৰি লৈ মাছ বচা ঠাইত উপস্থিত হ’লহি। মৈদাৰ ঠাইত ময়দা গুৰি দেখা পাই দুয়ো হতবাক।
টোকা : দৰঙী উপভাষা “ভোখে ভাগৰে…………যাঙ্গৌ যৌ”ৰ অৰ্থ : ভোকে ভাগৰে আগুৰি ধৰিছে আৰুনো ক’ত যাবলৈ দিয়ে। অ’, বোপাই ব’লাচোন ব’লা, সোনকালে ব’লা, বৰ ভাগৰ লাগি আহিছে, থাকিবলৈ দিয়া ঠাইলৈ যাওঁ ব’লা।”

ব’ঠি : মাটিত থৈ মাছ, পাচলি আদি কুটিবলৈ ব্যৱহাৰ কৰা দা বিশেষ।

☆ ★ ☆ ★ ☆

2 Comments

  • বৰদা শইকীয়া মঙ্গলদৈ দৰং !

    মাননীয় সম্পাদক মহোদয়ক আন্তৰিক ধন্যবাদ জনালো ।নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছাৰে

    Reply
  • ডলী

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.