ফটাঢোল

ভাষা বিভ্ৰাট -ৰাজশ্ৰী শৰ্মা

আঠ-ন বছৰ আগৰ কথা দেই। আমাৰ বিয়াৰ তেতিয়ালৈকে কিছুদিন পাৰ হৈ গৈছিল যদিও মোৰ স্বামীৰ পৈতৃক ঘৰত বেছিদিন থকাকৈ যোৱা হোৱা নাছিল। কেতিয়াবা গ’লেও এৰাতি বা দুৰাতিৰ মাজত ঘূৰি আহিব লগীয়া হয়। স্বামী আৰু ননদ গুৱাহাটীৰ বাসিন্দা বহু আগৰ পৰাই, ইপিনে আকৌ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পৈতৃক ঘৰত দেৱৰ আৰু শাহুমা থাকে। দক্ষিণ কামৰূপৰ মানুহখিনিৰ কথিত ভাষাটো অলপ বেলেগ। গুৱাহাটীৰ লগত নিমিলে কিছুমান শব্দ। সুৰটোও অকমাণ বেলেগ। সৰুৰে পৰা গুৱাহাটীৰ উজনি নামনি খিছিৰি ভাষাত কথা কোৱা হয় যদিও পলাশবাৰী, মিৰ্জাৰ পিনৰ কোনো মানুহৰ সংস্পৰ্শলৈ নহা কাৰণে সেই ঠাইৰ ভাষা ইমান নাজানো।

বিয়াৰ দুমাহমানৰ পিছত এদিন এওঁ ঘৰৰে আমকেইটামান পাৰিলে। ধুনীয়া মিঠা ৰসাল আমকেইটা দেখি ননদ আৰু মই খালোঁ কাটি। মই আগৰে পৰাই আমৰ গুটিটো খাই ভাল পাওঁ, বহুত সময় খাই থাকিব পাৰি যে! শাহুমাই ক’লে ভাত খোৱাৰ সময়ত আমসোপা খাবলৈ নালাগে, ভোক মৰিব। ময়ো গুটি তিনিটা ভাত খাই উঠি খাম বুলি বাতি এটাত থৈ ঢাকি থৈ দিলোঁ। ভাত পানী খাই টিভি চাই থাকোঁতে মায়ে ক’লে, “আমৰ বাৰাকেইটা যে থৈছিলি, খাই নথ কিয়া।”

মই ভাবিলোঁ আমৰ বাৰা? কি আমৰ বাৰা! ঠানিডালটো পেলাই দিছোঁ কাটোতে! ঠানি আকৌ কিয় খাব লাগে? শাহুমাই মোক ইমান মৰম কৰে, তথাপিও মোক আমৰ ঠানি খাব কৈছে! শাহুমাবোৰে যে নতুন বোৱাৰীক খোৱা লোৱাত  অত্যাচাৰ কৰে বুলি মানুহে কয়, এইবোৰেই নেকি তাৰমানে?….. আমৰ ঠানি পৰ্য্যন্ত খুৱায়!! হে ভগৱান, মোক বচোৱা।

টিভিৰ আগৰ পৰা চলচলীয়া চকুৰে উঠি আহি পাকঘৰত ঘূৰ্মুটিয়াই আছো‍ঁ, আমৰ ঠানিকেইডাল ক’ত পাওঁ বুলি। ননদে পিছে বাকলি, ঠানি এইবোৰ পেলাই দিছিল কাৰণে নাপালোঁ। মই চিন্তাতে ইটো বাচনত চাওঁ, সিটো বাচনত চাওঁ। আমৰ বাৰা নাপাওঁ হে নাপাওঁ। হঠাতে পিছফালে চাই দেখোঁ মায়ে হাঁহি হাঁহি ৰৈ আছে পাকঘৰৰ দুৱাৰমুখত। ক’লে,

“তেতিয়া যে বাতিত ঢাকান দি থৈছিলি এ আমৰ বাৰাকেইটা। ভাল পাহাৰা দে তয়ো মাইনু।”

ইয়ে, তেতিয়াহে গম পালোঁ পলাশবাৰীৰ পিনে যে আমৰ গুটিক বাৰা কয়! লাজ যে পালোঁ নহয় গধূলি, কাৰণ মায়ে এওঁ অফিচৰ পৰা অহাৰ পিছত ৰহণ সানি সানি কাহিনীটো ক’লে তেওঁক।

কেইমাহমানৰ পিছত আমি সপৰিয়ালে গ’লোঁ পলাশবাৰীৰ ঘৰলৈ।কেইদিনমান থাকিম বুলি। আমিও গৈছোঁ, আকৌ এওঁলোকৰ জেঠীহঁতৰ বাইদেউ এগৰাকীও আহিল থকাকৈ। ঘৰ ভৰ্ত্তি তেতিয়া। এদিন দেৱৰটোৱে পিছফালৰ পথাৰত মাছ ধৰিলে। কেঁকোৰাও পাইছিল বোলে, কি কৰিলে গম নাপাওঁ। ভাত খোৱা সময় হোৱাত আটাইকে বাইদেৱে ভাত বাঢ়ি দিলে। মোক সুধিলে, “কাঁকৰাল পিটকা বনইছিলোঁ, খাবিনা? বাঁওনাতো নাখায়ে।”

মই তেতিয়ালৈকে বিচূৰ্তি খালোঁ। কি বাঁওনা নোখোৱা কথা কয় এওঁ! বাঁওনা মানে বাওনা মানুহ বুলিহে জানো। আৰু কাঁকৰাল পিটকা?? বুজিলোঁ, দেৱৰে যে মাছৰ লগত কেঁকোৰাও পাইছিল, সেয়াই চাগৈ পিটিকা বনাইছে। হে হৰি, সাত্ত্বিক ব্ৰাহ্মণৰ ঘৰত বিয়া দিছিল মোক দেউতাই। আৰু এইবোৰ কি ভয়ানক কথা!

ভয়তে মোৰ মুখৰ অৱস্থা কেনেকুৱা হৈছিল নাজানো। বাইদেৱে কি কৈ আছে একো নুবুজি ননদৰ ফালে চালোঁ সহায়ৰ কাৰণে। তাই হাঁহি হাঁহি বাগৰি গৈছে তেতিয়ালৈকে মোৰ মুখৰ অৱস্থা দেখি। “কি হছি এ তোৰ” বুলি বাইদেৱে তাইক সোধোঁতে তাই মোক হাঁহি হাঁহিয়েই কোনোমতে বুজাই দিলে যে বাঁওনা মানে বাওনা মানুহ নহয়, বেঙেনা হে। আৰু কাঁকৰাল মানে? কেৰেলা!

– এতিয়া শাহুমা নাই, ননদৰো বিয়া হ’ল। লাহে লাহে পলাশবাৰীও আপোন হৈ পৰিল। এতিয়া আৰু ভাষাবিভ্ৰাট নঘটে। তাৰ মাজতো দুই এটা শব্দ বুজি নাপালে এওঁ বুজাই দিয়ে। পলাশবাৰীত গৈ ব্ৰহ্মপুত্ৰৰ পাৰত বহি থকাৰো নিচা আছে। মাত্ৰ ভাষা যিয়েই নহওঁক, আপোনত্বই মূল।

 ☆ ★ ☆ ★ ☆

15 Comments

  • Anonymous

    ভাল লিখিছা৷

    Reply
    • ৰাজশ্ৰী শৰ্মা

      ধন্যবাদ জনালো।

      Reply
  • দীক্ষিতা

    এই ভিন ভিন ভাষাবোৰেও বৰ লটিঘটি কৰে দেই মানুহৰ। ভাল লাগিল পঢ়ি।

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ দেই পঢ়ি চোৱাৰ বাবে।

      Reply
  • বন্দিতা জৈন

    ভাল লাগিল ।

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালো দেই।

      Reply
  • ডলী

    হাঃ হাঃ। বঢ়িয়া

    Reply
  • বঢ়িয়া লিখিছ’ ৷দক্ষিণপাৰৰ ভাষাটো বুজা অলপ টান

    Reply
    • ৰাজশ্ৰী

      এতিয়া বুজি পাওঁ।

      Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ বাওনাটো মইও বুজা নাছিলো৷ মজা লাগিল মাইনা

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালো দাদা। আৰু কিছু কিছু আছে😁

      Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল ৰাজশ্ৰী

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালো ৰিণ্টু দা।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল পঢ়ি৷ আমাৰ মাই আমৰ বেৰী বুলি কৈছিল৷ এতিয়া শ্ৰীমতীয়েও কয়৷ আমাৰ ফালে আৰু কয়া বুলি কয়৷

    Reply

Leave a Reply

Your email address will not be published.