ফটাঢোল

ভাড়াঘৰ-মিনতি মহন্ত

জীৱনত ভাড়াঘৰৰ বেপাৰ চলাই বহুতো অভিজ্ঞতা আৰ্জন কৰিছোঁ৷ ভাল বেয়া সকলোবোৰ অধ্যয়ন কৰিবলৈও ভাড়াঘৰৰপৰাই কিছু হ’লেও প্ৰেৰণা পাইছোঁ বুলি ক’লে বঢ়াই কোৱা নহ’ব যেন লাগে৷ তথাপিও কিয় উজুটি খাব লগা হয়৷ বাচনি কৰোঁতে মনত ৰখাখিনি প্ৰয়োগেই কৰা হয়৷ তাৰ মাজতে বহুতো ভাড়াতীয়া এনেকুৱা পাইছোঁ, তেওঁলোকে যাবৰ সময়ত ঘৰৰ সদস্য আঁতৰি যোৱা যেন অনুভৱ কৰি চকুলো নিগৰাইছোঁ। সীমাৰ ভিতৰত থকা প্ৰত্যেকজন ভাড়াতীয়াৰ লগতে যিমান দূৰ সম্ভৱ ভাল ব্যৱহাৰ কৰি অহা হয়৷ শতকৰা তাৰ ভিতৰত দুই / তিনিজনৰ ক্ষেত্ৰতহে আচহুৱা কাহিনী ঘটি থাকে, যাক আমি লেখাৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ কৰিবলৈ বাধ্য হ’ব লগা হয়৷ ভাড়াতীয়ায়ো যদি আাপোন বুলি ভাবি ল’ব পাৰে বা ভালদৰে থাকিবলৈ চেষ্টা কৰিব পাৰে, তেতিয়া কোনো প্ৰশ্নৰ অৱতাৰনাই নহয়৷

যিয়েই নহওক, আৰু এটা কাহিনীলৈ আগবাঢ়িব খুজিছোঁঁ৷ ঘটনাবোৰ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়, হ’ব নোৱাৰে৷ ভাল আলুৰ মাজতো কেতিয়াবা দুই এটা বেয়া আলু থকাটোত আচৰিত হ’ব লগা একো নাই৷ মাত্ৰ বেয়া আলুটো বাচি আঁতৰাই পেলাবৰ বাবেহে আমাৰ ঘোলা মগজৰ প্ৰচেষ্টা মাথোন। অতিৰিক্ত বুলি নাভাবিলে লিখাৰ সাৰ্থকতা বিচাৰি পাম, প্ৰেৰণা আহে৷

সৰু সুৰা চিকতা এটাৰ আখ্যানহে৷ ৰূম এটাত এজন ইঞ্জিনীয়াৰ ল’ৰাই প্ৰথম চাকৰিত জইন কৰি ভাড়া ল’লেহি৷ ডাং বৰলা ল’ৰা৷ ৰাতিপুৱা উলাই যায়, সন্ধিয়াৰ পাছত ৰূমত সোমাইহি৷ ল’ৰাটোৱে ৰন্ধা-বঢ়া কাম নাজানে বাবে দুপৰীয়া অফিচৰ কেণ্টিনতে খায়, গধূলিৰ বাবে বোধহয় পেকেটতে কিবা আনি খায়৷ কেইদিনমানৰ পাছত, ল’ৰাটো কেনেকৈনো আছে বুলি মাকজনীয়ে চাবলৈ ঢপলীয়াই আহিল। বহুত দূৰত ঘৰ বাবে দুদিনমান থাকি পুতেকক থানথিত লগাই যোৱাৰ উদেশ্যৰে৷ মাক অহাৰ লগে লগে তেওঁৰ কাম বাঢ়িল৷ ৰন্ধাৰ একো সৰঞ্জাম নাই৷ সেইদিনা বাহিৰতে দুয়োজনে খালেগৈ৷ পাছদিনা পুতেকক লগত লৈ পাকঘৰৰ সকলো লাগতীয়াল বস্তু কিনি আনিলে। চিলিণ্ডাৰ, গেছ ষ্ট’ভকে আদি কৰি৷ মাকে দুদিনলৈ আহি এসপ্তাহ থাকি পুতেকক শিকাই বুজাই ঘৰত ভাত ৰান্ধিহে খাবলৈ দঢ়াই দঢ়াই কৈ মাক গ’লগৈ৷ বেচেৰাই প্ৰথম দিনা মাক যোৱাৰ পাছত ৰন্ধাৰ এলাহতে বন্ধু এজনৰ ঘৰতে খাই আহিল৷ দ্বিতীয় দিনাও পুনৰাবৃত্তি৷

ল’ৰাজনৰ একে অফিচতে কাম কৰা ছোৱালী এজনী মাকৰ সৈতে অনতি দূৰতে ভাড়াঘৰত থাকে৷ অফিচতে চিনাকি হৈ ক’ত থাকে গম পালে৷ এদিন অফিচৰপৰা বাহিৰে বাহিৰে ছোৱালীজনীৰ ৰূমলৈ গ’ল মাকৰ লগত চিনাকি হোৱাৰ উদেশ্যৰে৷ মাকে ছোৱালীজনী অফিচৰপৰা আহিলে ভাত খাবলৈ দিব পৰাকৈ ৰান্ধি ৰাখে৷ সেই দিনা লগত ল’ৰাজন গৈছে, কি কৰিব; সুদাই নিকাই তেওঁকো ভাত খাই যাবলৈ কোৱাত “গাখীৰতে মহৰ খুটী — সান্দহতে হাত” হ’ল৷ আৰামচে ভাত খাই আহি ৰূমত শুই থাকিলহি৷

এনেদৰে আজি এজনৰ, কালি এজনৰ ঘৰত অফিচৰপৰা বাহিৰে বাহিৰে গৈ বুদ্ধিৰে গধূলিৰ ভাত মুঠি চলি থাকিল৷ দিনত শুকান ৰুটি কেণ্টিনতে চলি যায়৷ এমাহ, পোন্ধৰ দিনৰ মূৰে মূৰে পুৰণা কেইঘৰলৈ গৈ গধূলি ভাতৰ সমাধা কৰে৷ “বুদ্ধিৰ বাঁহ সন্ধিৰে কটা”ৰ দৰে নতুন নতুন বুদ্ধি, নতুন নতুন বন্ধুৰ সংখ্যা বাঢ়ি গৈ থাকিল৷ ৰূমত চাউল-কঠা কোনো দিনে সিজাব লগা নহ’ল৷ দিনৰ পাছত, মাহৰ পাছত বছৰো অতিক্ৰম কৰিলেগৈ৷ মাকে আনি থৈ যোৱা সকলো উপাদান আলমিৰাৰ ভিতৰতে সোমাই থাকিল৷ চাউল দুই কেজিমান আনিছিল, হয়তো ভেঁকুৰে লদা বান্ধিলে৷ আলুৰ গঁজালি মেলিও মৃত্যুৰ মুখত পতিত হ’ল, নাই তেওঁৰ খবৰ নাই। ষ্ট’ভত এদিনো জুই লগাব লগা নহ’লেই৷ কাপোৰকেইটা কিন্তু নিজেই ধুৱে, ধুবিক দিলে দাম বেছি পৰে যে৷ চাহ কোনো দিন নাখায়৷ পিয়াহ লাগিলে ঠাণ্ডা পানী খায়৷ নিজৰ ফোনটোৰপৰা কালৈকো ফোন নকৰে, আনকি মাকলৈও৷ যাৰ দৰকাৰ হ’ব, সিফালৰপৰা কৰিব, চিন্তা কিহৰ৷ বন্ধ বাৰবোৰত ৰাতিপুৱা গাটো ধুয়ে উলাই যায়, ৰাতি শুবলৈহে আহে। 

শেষলৈ দেখা গ’ল এই যে অফিচৰ ছোৱালীজনী, তাইৰ মাকৰ হাতে ভাত খাই তেওঁ হেনো বৰ তৃপ্তি পাই৷ সেয়েহে তাত আড্ডাটো বেছি ঘন হ’ল৷ ছোৱালীজনীকো বহুত ভাল লগা হ’ল৷ দুয়োজনে ইফালে সিফালে একেলগে ঘূৰি ফুৰিব পৰাও হ’ল৷ মনৰ বতৰা নিয়া-দিয়াৰ চলেৰে খোৱা কামটো ৰেগুলাৰ কৰাৰো সুবিধা পালে৷ ইঞ্জিনিয়াৰ ল’ৰা বাবে ছোৱালীৰ মাকেও বাধা দিয়াৰ যুক্তি বিচাৰি নাপালে৷ তিনিটা বছৰ এইদৰেই পাৰ হ’ল৷ চৰকাৰী চাকৰি বাবে তিনিবছৰৰ মূৰত বদলিৰ হুকুম আহিল, যাব লাগিব৷ ৰূম খালী কৰিব লাগিব বুলি মালিকক খবৰ দিলে৷ ভাড়া অৱশ্যে পৰিশোধ নকৰাকৈ নাথাকিল৷ বেলেগ বিশেষ বস্তু নাছি, বিছনাখন আৰু ৰন্ধাৰ সজুলি। গতিকে ৰিক্সা এখনতে যেনেতেনে ভৰাই যাবলৈ ওলাল৷ মাকে আনি থৈ যোৱা ডাইল, চাউল টেমাতেই থাকিল, যেনে আছে তেনেকৈয়ে কেৰি বেগত ভৰাই ল’লে৷ চিলিণ্ডাৰ এদিনো খৰচ কৰাই নহ’ল৷ যোৱা সময়ত লাইটৰ বিল দিবলৈ বাকী আছিল, খুচুৰা নাই বুলি নিদিলে৷ কেতিয়াবা আহিলে নিশ্চয় দি যাব হেনো৷

হাঁয় ভাড়াতীয়া, আমি বিজুলি বাতি সকলোকে ফ্ৰিতে দি থাকিবপৰা নিপকোৰ মালিক কেতিয়াৰপৰা হ’লোঁ নাজানো৷ এনেকুৱা চিকতাই বুলিম নে কি ভাড়াতীয়া পাবলৈ আমাৰ জীৱনত দেখিবলৈ ভাগ্য হ’ল৷ শুনামতে ল’ৰাজন গুচি যোৱাৰ পাছত সেই ছোৱালীজনীৰ লগত কোনোদিনে যোগসূত্ৰ নাৰাখিলে, আন কি তাইক ক’ত থাকিব এড্ৰেচটোও দি নগ’ল৷ বেচেৰী ছোৱালীজনী আৰু মাকে কিমান গভীৰতালৈ ভাবিছিল চাগে৷

☆ ★ ☆ ★ ☆

7 Comments

  • কাবেৰী মহন্ত

    বেলেগ অভিজ্ঞতা😊

    Reply
  • নীলাঞ্জনা

    লিখাখিনি ভাল লাগিল দেই৷ অভিজ্ঞতা হৈছে আৰু নহয়নে

    Reply
  • ভবেন মহন্ত

    সঁচা কথা। এনেকুৱা ব্যক্তি আজিকালি দেধাৰ পোৱা যায়। নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে। ভাল লাগিল দেই পঢ়ি।

    Reply
  • ডলী

    বাপৰে কি চালাক ল’ৰা। ভাল লাগিল পঢ়ি।

    Reply
  • জিতু

    ভাল লাগিল খুড়ী।

    Reply
  • হেমন্ত কাকতি

    এইটো পঢ়িছিলো বাইদেউ, মজা এক্সপাৰিয়েন্স৷ ভাল লাগিল৷ লিখি থাকিব৷

    Reply
  • শৰৎ মহন্ত।। নগাঁও।।।

    এটা বাস্তৱ অভিজ্ঞতা সুন্দৰ ভাবে উপস্থাপন
    কৰিছে। বৰ ভাল লাগিল পঢ়ি।
    বহু বহু শুভেচ্ছা জনালো।।

    Reply

Leave a Reply

Your email address will not be published.