ফটাঢোল

ভাৰতীয় নাৰীৰ দশাত উদ্বিগ্ন বিষ্ণুপ্ৰসাদ ৰাভা – ড° জয়ন্ত পাঠক

সাম্যবাদী দর্শণেৰে ঋদ্ধ বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯-১৯৬৯) ভাৰতীয় নাৰীৰ সৰ্বস্তৰৰ বিকাশৰ বাবে উন্মুখ। সমাজৰ অন্যতম অংগ নাৰীৰ সর্বতােপ্ৰকাৰৰ বিকাশ অবিহনে যে সমাজৰ স্বাভাৱিক গতি সম্ভৱ নহয় সেইকথা তেওঁ গভীৰভাৱে উপলব্ধি কৰিছিল৷ নাৰীৰ অৱহেলিত অৱস্থাৰ বাবে সমাজ প্রধান অনুঘটক— ৰাভাই তাৰ চাক্ষুক প্রমাণ পাইছিল। নাৰীৰ সমস্যা কি হ’ব, ‘ছােভিয়েটৰ নাৰী’, ‘ছােভিয়েটত শিশু’, ‘সমসাময়িক ভাৰতৰ নাৰী’, ‘ছােভিয়েট দেশৰ নাৰী’, ‘ছােভিয়েট পাৰ্লিয়ামেণ্টৰ জনদিয়েক নাৰী প্রতিনিধি’ ইত্যাদি ৰচনাত ভাৰতীয় আৰু ছােভিয়েটৰ নাৰীৰ তুলনামূলক অধ্যয়নৰ মাজেৰে তেওঁ ভাৰতীয় নাৰীৰ দশা প্রতিভাত কৰিছিল।

প্রাক্-স্বাধীনতাৰ কালত, মহাযুদ্ধকালীন সময়ত সৃষ্ট ৰচনাসমূহত ৰাভাই ভাৰতীয় নাৰীৰ পট পৰিৱৰ্তনৰ হকে মার্গ দৰ্শন কৰাইছিল। নাৰীবাদৰ তাত্ত্বিক বিচাৰতাে ৰাভাৰ এই ৰচনাসমূহৰ গুৰুত্ব আছে। নাৰীবাদৰ ৰেশ তেওঁৰ সংশ্লিষ্ট ৰচনাসমূহত বিদ্যমান।

‘নাৰীৰ সমস্যা কি হ’ব’ ৰচনাত বিষ্ণু ৰাভাই তদানীন্তন সময়ত নাৰীৰ পৰিস্থিতি পােহৰলৈ আনিছিল “নাৰী আজি সকলােতকৈ তলত। ধর্ম, সমাজ, ৰাজনীতি আৰু চৰকাৰেই নাৰী জাতিক একেবাৰে তলৰ শাৰীত পেলাই দিছে। আজি নাৰী জাতিৰ নিজৰ বুলিবলৈ একোৱেই নােহােৱা হৈছে। নিজৰ স্বাধীনতাকে হেৰুৱাইছে। আৰু নাৰীয়ে ইচ্ছামতে কাম কৰিব নােৱাৰে, ফুৰিব নােৱাৰে, পঢ়িব নােৱাৰে, লিখিব নােৱাৰে। খাবলৈ, পিন্ধিবলৈ, থাকিবলৈ, বক্তৃতা দিবলৈ, ৰাজনীতিৰ বিষয়ে মেল পাতিবলৈ আৰু গাবলৈ, নাচিবলৈ, ভাও ল’বলৈ নােৱাৰে। নাৰী আজি ঘৰতে বন্দিনী হৈছে। ধর্মই কয় নাৰী জাতিৰ বিশ্বাস নাই। সমাজে কয় নাৰীক সদায় বশ কৰি থ’বা। ৰাজনীতিৰ মতে নাৰীয়ে কেৱল কাৰখানাত কুলিয়নী হ’বলৈহে স্বাধীনতা পায়।” (ৰাভা ৮৪৬) সাম্প্রতিক প্রেক্ষাপটত নাৰীৰ এই পৰিস্থিতিগত শিকলিয়ে সাধিত হৈছে যদিও ভিন্ন প্রেক্ষাপটত নাৰী আজিও বিষ্ণু ৰাভাই কোৱাৰ দৰেই বন্দিনী। সমাজ আৰু ধৰ্মৰ অদৃশ্য নাৰীক আজিও বান্ধি ৰাখিছে। পুৰুষৰ সমানে সকলাে কর্মতে অসম তথা ভাৰতৰ প্রেক্ষাপটত নাৰী এতিয়াও আগবাঢ়ি যাব পৰা নাই। ‘লাও পাতৰ তল’ -নাৰীৰ ক্ষেত্ৰত সমাজে পােষণ কৰা মনােভাৰ আজিও সম্পূর্ণ পৰিৱৰ্তন হােৱা নাই। সমাজত প্ৰায়েই এই কথাও পৰিলক্ষিত হয় যে নাৰীয়েই নাৰীৰ বিকাশৰ প্রধান অন্তৰায়।

ভাৰতবৰ্ষত বিয়া হৈছে নাৰীৰ প্ৰধান ৰক্ষা কবচ; জীৱন ধাৰণৰ পথ। বিয়া অবিহনে যেন ভাৰতীয় নাৰীৰ জীৱন অসাৰ — এনে এটা প্রথাগত ধাৰণাৰ মাজতে আমাৰ মানসিকতা বদ্ধমূল। ভাৰতীয় মানসিকতাৰ পৰিৱৰ্তে ছােভিয়েটত দিয়া হয় নাৰীৰ মানসিক উৎকর্ষত গুৰুত্ব। বিষ্ণু ৰাভাই ‘ছােভিয়েটৰ নাৰী ৰচনাত কৈছে, “আমাৰ ইয়াত বিয়াটোকে তিৰােতাৰ ভৰণ-পােষণৰ পন্থা বুলি তিৰােতাৰ মানৱীয় বিকাশক দমাই ৰখা হয়, আৰু তাত (ছােভিয়েটত) তাকে নকৰি তিৰােতাকো মানৱীয় গুণৰাশিৰ বিকাশৰ সম্পূর্ণ সুবিধা, স্বাধীনতা আৰু সমানাধিকাৰ দিয়া হয়।” (৮৫৩) ৰাভাৰ এই তুলনামুলক চিন্তনে নাৰীবাদৰ সপক্ষে মত দিয়ে। নাৰীবাদৰ প্ৰথমটো ভাগ ব্যক্তিবাদী নাৰীবাদৰ প্ৰধান তত্ত্বজ্ঞ, যিজনৰ দর্শ ত (লগতে ফৰাচী দার্শনিক কড়র্চে) পােনতে নাৰী মুক্তিৰ চিন্তন-মনন সম্ভৱ হৈছিল, সেইজন ইংৰাজ দার্শনিক জন ল’ক (১৬৩২-১৭০৪)ৰ ১৬৮৯ চনত প্রকাশিত ‘চেকেণ্ড ট্ৰীটিজ অৱ গভর্ণমেণ্ট’(“Second Treatise of Government’) গ্ৰন্থত পােনতে বিবাহ সম্পর্কে থকা পৰম্পৰাগত ধাৰণাৰ বিপৰীত মতাদর্শ দাঙি ধৰিছিল। ল’কে কৈছিল যে বিবাহ দুগৰাকী ব্যক্তিৰ মাজত সম্পন্ন হােৱা এক চুক্তি। দুয়ােগৰাকী ব্যক্তিয়েই সমমর্যদাসম্পন্ন। তেওঁলােক দুয়াে আমাৰ পৰম্পৰাগত ধাৰণাৰ স্বামী-স্ত্রী নহয়। অর্থাৎ স্ত্রীগৰাকী স্বামীৰ সেৱিকা নহয়, স্বামীও স্ত্রীৰ সৰ্বময়কর্তা নহয়। জন ল’কৰ এই ধাৰণাই পাশ্চাত্যৰ বিবাহ সম্পর্কীয় ধাৰণাত আলােড়ন তুলিছিল আৰু তেওঁৰ চিন্তাৰ আধাৰত নাৰীবাদী চেতনাই গা কৰি উঠিছিল। ছােভিয়েটত নাৰীয়ে মানৱীয় গুণৰাশি বিকাশৰ ক্ষেত্ৰত লাভ কৰা সুবিধা, স্বাধীনতা আৰু অধিকাৰত নাৰীবাদী চিন্তাৰ অৱদান অনস্বীকার্য। ৰাভাও ছােভিয়েট অথবা পাশ্চাত্যৰ দৰে ভাৰতীয় নাৰীয়ে নিজৰ বিকাশৰ বাবে সম্পূর্ণ সুযােগ লাভৰ পক্ষপাতী। আলােচ্য ৰচনাতে তেওঁ কৈছে, “আমাৰ ইয়াত এজনী ছােৱালীৰ বিয়া হৈ যায় — বিয়াৰ পিছত মাক-বাপেকৰ চেতনা আহে যে যি ভাত কাপােৰৰ কাৰণে ছােৱালীক বিয়া দিয়া হ’ল, সেই ভাত কাপােৰৰ সুখ-সুবিধা ছােৱালীয়ে পালেনে? সাধাৰণতে তেওঁলােকে ভাত-কাপােৰ দিব পৰা মানুহকে ধৰে। কিন্তু তথাপি বেছিভাগতে তেওঁলােকে আপচোচ কৰিব লগাত পৰে। স্বামীৰ অৰ্থই হ’ল আমাৰ ইয়াত তিৰােতাক ভাত কাপােৰ যোগাওঁতা । আৰু পত্নী হ’ল ভাত-কাপােৰ পাবৰ কাৰণে যিকোনাে এজন পুৰুষক ভজনা কৰা। পতিব্রতা আৰু সতীত্বৰ অর্থই হ’ল এয়ে যে যিজনে তিৰােতাক ভাত-কাপােৰ যােগায় – কায়মনােবাক্য আৰু কাৰ্যৰে সেই পুৰুষক সেই তিৰােতাই পূজা কৰা। যিহেতু পতিয়ে পত্নীৰ ভাত-কাপােৰ যােগায় সিহেতু পত্নীৰ ওপৰত পতিৰ পূৰা অধিকাৰ বৰ্ত্তিব।” (৮৫৩-৮৫৪) ভাৰতীয় মানসিকতাৰ স্বচ্ছ স্বৰূপ প্ৰকাশ কৰি ৰাভাই ব্যক্ত কৰিছে পুৰুষক পূজা অথবা সেৱা কৰাই নাৰীৰ একমাত্র কর্তব্য নহয়। নাৰীৰ এই দশাৰ পৰিৱৰ্তন হ’বই লাগিব। নাৰী পুৰুষৰ দাস নহয়। নাৰীৰ আত্মনিৰ্ভৰশীলতাই নাৰীৰ ওপৰত থকা পুৰুষৰ অবাধ কর্তৃত্বৰ অৱসান ঘটাব বুলি ৰাভাই বিশ্বাস কৰে। উপার্জনে নাৰীক সাহস আৰু স্বাধীনতা প্রদান কৰিব।

নাৰীৰ বাবে সমাজে নিৰ্দ্ধাৰণ কৰা দণ্ডৰ বিপৰীতে পুৰুষৰ প্রতি কোনােধৰণৰ শাস্তি বিধান নকৰা বিষয়তাে ৰাভাই বিষােদ্গাৰ প্ৰদৰ্শন কৰিছেঃ “যিমানেই অপৰাধী নহওক আৰু ভুল নকৰক কিয় পুৰুষৰ নিমিত্তে কোনাে দণ্ড নাই। তেওঁ এজনী পত্নী থকা স্বত্বেও দুই-চাৰিৰ দহলৈকে বিয়া কৰাব পাৰে, এনেকি তেওঁ বিনা বিবাহেও যিমান খুচী তিৰোতা ৰাখিব পাৰে। তাৰ বাবে কোনাে সংশােধন বা বিচাৰৰ প্ৰয়ােজন নাই। কাৰণ সমাজত তেওঁ পুৰুষ বুলিয়েই সকলাে দুৰাচাৰ তেওঁৰ সমর্থনীয়। ৰােগী, কুপ, দুগুণী, অযােগ্য হ’লেও পতিৰ প্রতি তিৰােতাই কদাচিত অসন্তুষ্ট হৈ আন কোনাে পুৰুষৰ লগত আসক্ত হৈ পৰে তেনেহ’লে তাইকো সমাজে এৰি দিব নােৱাৰে। তাইৰ নিমিত্তেও ভয়ঙ্কৰ দণ্ডৰ ব্যৱস্থা কৰি থােৱা আছে। কিন্তু পুৰুষৰ বেলা সাতখুন মাফ। এনে আমাৰ সমাজত ভাৰতীয় তিৰােতাৰ সতীৰ আৰু পুৰুষৰ স্ত্ৰী-পুৰুষ সম্পর্কীয় সদাচাৰ আৰু ন্যায়?” (৮৫৪) ভাৰতীয় সমাজৰ এই অসম বিধি-বিধানে নাৰীক পংগু কৰাৰ বিপৰীতে পুৰুষক দিছে অপৰিসীম স্বাধীনতা। ৰাভাই প্রাক্-স্বাধীনতাৰ কালত প্রত্যক্ষ কৰা বিধি-বিধান একৈশ শতিকাৰ প্রগতিশীল (?) সমাজতাে তদ্রুপ বিদ্যমান।

ৰাভাই প্রশ্ন কৰিছিল নাৰীৰ প্রতি পুৰুষৰ যে কর্তব্য থাকে তাক কিয় আওকাণ কৰা হয়? নাৰীক কিয় সদায় পুৰুষে পুতৌ দৃষ্টিয়ে চায়? কিয় অভিভাৱকে ছােৱালীজনীক উপযুক্ত শিক্ষা-দীক্ষাৰে সমৰ্থবান কৰি নােতােলে? ৰাভাই ছােভিয়েটৰ অভিভাৱকৰ দায়িত্বৰ বিষয়ে ব্যক্ত কৰিছে, “মাক-বাপেকে তাত ভাত-কাপােৰ বিচাৰি কোনাে ছােৱালীক কাৰোৰ ডিঙিত ওলােমাই দিব নালাগে। কাৰণ তেওঁলােকে জানে জীয়েকে উপার্জন কৰি লােহ যাব পাৰে।” (৮৫৪) ভাৰতত আজিও সর্বস্তৰত এনে পৰিৱেশ সৃষ্টি হৈছেনে? আজিও দেখােন আমি কন্যা ভ্রুণ হত্যা কৰিয়ে আছোঁ। আজিও আমাৰ সমাজত এনে অভিভাৱকেই সংখ্যাগৰিষ্ঠ যি সমর্থবান এজনলৈ ছােৱালী বিয়া দি স্বস্তিৰ নিশ্বাস এৰে।

ৰুছােৱে (১৭১২-১৭৭৮) বন্ধুত্বমূলক বিবাহ’ (Companionate Marriage)ৰ পােষকতা কৰিছিল। বিষ্ণু ৰাভায়ো পুৰুষে নাৰীৰ লগত বন্ধুত্বসুলভভাৱে জীৱন যাপনৰ বেলিকা মত পােষণ কৰিছিল। ছােভিয়েটত পতি-পত্নীৰ বন্ধুত্বপূর্ণ সম্বন্ধৰ জেৰ টানি কৈছিল যে ভাৰতত তিৰােতাক কথাতহে অৰ্ধাংগিনী আখ্যা দিয়া হয়। কার্যত সেইটো সুদূৰপৰাহত। তেওঁৰ স্পষ্ট মত, “মুখতহে কেৱল আমাৰ ইয়াত তিৰােতাক অৰ্ধাঙ্গিণী বােলা হয়; কিন্তু তিৰােতাক অৰ্ধাঙ্গিনী বুলি তেতিয়াহে ক’ব পাৰি যেতিয়া পুৰুষাে তিৰােতাৰ অৰ্দ্ধাঙ্গ হয়। কিন্তু কেতিয়াবা কোনােবাই পুৰুষৰ ওপৰত আধা নিয়ম চালু কৰা দেখিছেনে?” (৮৫৪) ৰাভাৰ এই প্ৰশ্নৰ উত্তৰ এতিয়াও আমাৰ হাতত আছেনে?

মৌল নাৰীবাদী চিমাে ডি বেভােৱাই (১৯০৮-১৯৮৬) ‘দ্য চেকেণ্ড চেক্স’ (‘The Second Sex) গ্ৰন্থত সন্তানে নাৰীৰ দাসত্বক স্থায়ী কৰে বুলি কৈছিল। ব্যক্তিবাদী নাৰীবাদী ফ্রাইডেনে ‘দ্য ফেমিনিন্ মিষ্টিক’ (‘The Feminine Mys-tique’) গ্রন্থত নাৰীক সন্তান লালন-পালনৰ পৰা অব্যাহতি দিয়াৰ বাবে ‘শিশু সদন’ প্রতিষ্ঠাৰ কথা কৈছিল। সমাজবাদী নাৰীবাদী চাল’টি পাৰ্কিনচু গিলমেনে (১৮৬০-১৯৩৫) উইমেন এণ্ড ইকনমিক (‘Women and Economics) গ্ৰন্থত ‘সামাজিক ৰান্ধনি ঘৰ’, ‘শিশু সদন প্রতিষ্ঠাৰ কথা সজোৰে উত্থাপন কৰিছিল। আলেকজেণ্ডা কল’ণ্টায়েও (১৮৭২-১৯৫২)‘প্রসূতি ঘৰ’, ‘শিশু সদন’, ‘ৰাজা ৰান্ধনি ঘৰ’ৰ প্রয়ােজনীয়তাক দোহাৰিছিল। ব্যক্তিবাদী আৰু সমাজবাদী নাৰীবাদীসকলৰ এনে মতৰ আধাৰতে যেন পাশ্চাত্যত ‘শিশু সদন’ আদি প্ৰতিষ্ঠা হৈছিল। ছােভিয়েট চৰকাৰৰাে সময়ােপযােগী কার্যক বিষ্ণু ৰাভাই ‘ছােভিয়েটত শিশু’ শীর্ষক ৰচনাত পােহৰলৈ আনিছে, “… কি পঞ্চায়তী খেতি-ফার্ম—কি চৰকাৰী খেতিৰ ফার্ম আৰু কলকাৰখানা, শিল্পাঞ্চল, সকলােতে বিৰাট বিৰাট শিশু সদনবিলাক তৈয়াৰ কৰি শিশু বিশেষজ্ঞ, ধাত্রী, নাৰ্চ আৰু ডাক্তৰসকলৰ তত্ত্বাৱধানত ২-৫ বছৰ বয়সলৈ এইবােৰত ৰক্ষণাবেক্ষণ কৰা হয়।” (৮৫৬)।

চৰকাৰৰ এনে পদক্ষেপে মাতৃসকলক আহৰি দিয়াৰ লগতে তেওঁলােকে নিজ নিজ ক্ষেত্ৰত মনােনিৱেশ কৰিবলৈ সুযােগ লাভ কৰিছিল। অথচ ভাৰতবৰ্ষত নাৰীৰ দশা অপৰিৱৰ্তিত হৈয়ে আছে। স্বাধীনতাৰ অত বছৰৰ পাছতাে চৰকাৰীভাৱে এনে ব্যৱস্থা গঢ়ি উঠা নাই। ৰাভাই লেখিছিল যে, ছােভিয়েট ইউনিয়নে শিশু শিক্ষাক সর্বশ্রেষ্ঠ স্থান দিছে। চৰকাৰে সুব্যৱস্থিত শিশু-পালন আৰু শিক্ষাব্যৱস্থাৰে শিশুৰ জীৱন শৃংখলিত কৰাতাে তেওঁলােকৰ চৰকাৰী নীতিৰ ভিতৰুৱা কৰি লৈছে, “চৰকাৰৰ মতে শিশুৰ ভাৰ মাক-বাপেক আৰু ব্যক্তি বিশেষৰ ওপৰত এৰি নিদি নিজে চৰকাৰে হাতত ল’ব লাগে। বস্তুৰ উৎপাদনতকৈও মানুহৰ উৎপাদন দেখা-শুনা কৰা বেছি দৰকাৰী বুলি তেওঁলােকে ভাবে।” (৮৫৫) ৰাভাই তেওঁৰ আলােচনাত ভাৰতৰ লগত ছােভিয়েটৰ শিশু প্রতিপালনৰ তুলনা কৰা নাই যদিও তেওঁৰ আলােচনাত এই কথা স্পষ্ট যে আমাৰ দেশৰ চৰকাৰৰ সেইটো নৈতিক দায়িত্ব। তেতিয়া অন্ততঃ নাৰীসকলে অর্থাৎ মাতৃয়ে ব্যক্তিত্ব বিকাশৰ বাবে সময় উলিয়াব পাৰিব। নহ’লে অতি কমেও পাঁচ-ছটা সন্তান জন্ম দিয়া মাতৃ এগৰাকীয়ে মাতৃত্বৰ বােজা কঢ়িয়াই কঢ়িয়াই নিজৰ বিকাশৰ বাবে। জীৱনত আহৰি উলিয়াব নােৱাৰে। ভাৰত চৰকাৰে বৰ্তমান শিশুৰ শিক্ষাক অধিকাৰৰ ভিতৰুৱা কৰিছে যদিও এশ শতাংশ সফল হােৱা নাই। চৰকাৰীভাৱে ‘শিশু সদন’, ‘ৰাজহুৱা ৰান্ধনি ঘৰ প্ৰতিষ্ঠাৰ প্ৰসংগতে দূৰৰে কথা।

শিক্ষাৰ অভাৱে ভাৰতীয় নাৰীৰ দশা পৰিৱৰ্তন নােহােৱাত ঋণাত্মক ভূমিকা গ্ৰহণ কৰিছে। বর্তমানেও ভাৰতবৰ্ষত নাৰীৰ স্বাক্ষৰতাৰ হাৰ ৬৫ শতাংশৰ ঘৰতে আছে। ৰাভাই ‘সমসাময়িক ভাৰতৰ নাৰী’ ৰচনাত এই কথা পােহৰলৈ আনিছিল যে প্রাক্-স্বাধীনতাৰ কালত ভাৰতীয় নাৰীৰ মাত্ৰ শতকৰা দুগৰাকীয়েহে লিখিব-পঢ়িব পাৰিছিল। তেওঁ এই কথাও স্পষ্ট কৰিছিল যে সেই সময়ত ৰুছিয়াৰ একেবাৰে পিছপৰা অঞ্চল বুৰিয়ত মঙ্গোলীয়াতে শতকৰা ৮০ গৰাকী নাৰী শিক্ষিতা আছিল। তদানীন্তন সময়ত ভাৰতীয় নাৰীৰ স্বাক্ষৰ নােহােৱাৰ কাৰণ হিচাপে চিহ্নিত কৰিছিল “বাল্যবিবাহ, যুৱতী নাৰীৰ অৱৰােধ প্রভৃতি সমাজৰ অন্ধ-প্রথাসমূহ। লগতে তিৰােতাৰ আর্থিক পৰাধীনতা ইত্যাদিক। আজিও ভাৰতীয় নাৰী এশ শতাংশ স্বাক্ষৰ নােহােৱাত বিভিন্ন সামাজিক কাৰকে ভূমিকা গ্রহণ কৰি আছে। ৰাভাই আলােচ্য ৰচনাত ভাৰতত নাৰীৰ অকাল মৃত্যু, নাৰীৰ বাবে চিকিৎসালয়ৰ অভাৱ, শ্রমিক নাৰীৰ দুর্দশা, নাৰীৰ বিবাহ আৰু বিবাহ-বিচ্ছেদৰ সমস্যা, চাকৰি আৰু ব্যৱসায়ত নাৰীৰ ক্ষেত্ৰত থকা বাধা সম্পর্কে আলােকপাত কৰিছিল।

শিক্ষা আৰু আর্থিক আত্মনিৰ্ভৰশীলতাইহে ভাৰতীয় নাৰীৰ দশা পৰিৱৰ্তন কৰিব —এইকথা বিষ্ণুৰাভাৰ ৰচনাসমূহত প্রতিপাদিত হৈছে। চিমােন্ ডি বেভােৱাই কোৱাৰ দৰে জন্মতে কোনাে নাৰী হৈ নাহে, নাৰীত পৰিণত কৰাহে হয়। সমাজৰ প্ৰধান অংগ এটাক নাৰী হিচাপে সজোৱাত সমাজে নিৰ্ণায়ক ভূমিকা গ্রহণ কৰে। ৰাভাই মনে-প্রাণে নাৰীত পৰিণত কৰা প্রক্রিয়াক বেয়া পাইছিল বুলি আমাৰ প্রত্যয় জন্মে। মেৰী উষ্টোনক্রাফ্ট্র (১৭৫৯-১৭৯৭) দৰে ৰাভাইও নিঃসন্দেহে ভাবিছিল নাৰীয়ে কেৱল বিবাহ, স্বামীৰ সেৱা আৰু সন্তান উৎপাদনতে জীৱন পাত নকৰি জীৱনৰ পৰিপূর্ণতা লাভ কৰক পুৰুষৰ দৰে কোনাে উচ্চস্তৰীয় সাধনাত।

☆★☆★☆

Leave a Reply

Your email address will not be published.