ফটাঢোল

‘ভাৰতৰ ইতিহাসত কন্যাভ্ৰুণ হত্যাৰ পৰিপোষণ’ — From Womb to Tomb, এক অনুপলব্ধিৰ দস্তাবেজ -ধনশিৰি 

‘তেনেহ’লে এইষাৰ কথাই সঁচা নে যে নমৰিলে নাৰীৰ মুক্তি নাই?’
– তছলিমা নাছৰিন
২০১৭ চনৰ মাৰ্চ মাহৰ কোনোবাটো দিনত মুম্বাই চহৰৰপৰা প্ৰায় চাৰিশ কিলোমিটাৰ দূৰৰ জনবিৰল অঞ্চল এটাত অৱস্থিত এটি শুকান খালৰ বাদামী ৰঙৰ নৰম মাটিতেই উদ্ধাৰ হৈছিল প্ৰায় ঊনৈশটিকৈ কন্যা শিশুৰ ভ্ৰুণ৷ ক্ষুদ্ৰাতিক্ষুদ্ৰ এই মানৱ শিশুকেইটাৰ দেহাভৰণ কৰা হৈছিল নাতিদূৰৈত অৱস্থিত চিকিৎসালয়খনৰ নীলবৰণীয়া একো একোটা প্লাষ্টিকৰ বেগেৰে মেৰিয়ায়৷
সংযুক্ত ৰাষ্ট্ৰ জনসংখ্যা কোষৰ প্ৰতিবেদন মতে প্ৰায় ১১৭ মিলিয়ন কন্যা জনসাংখ্যিকীয় হিচাপত পৃথিৱীয়ে হেৰুৱাইছে একমাত্ৰ গৰ্ভস্থ শিশুৰ লিংগ পৰীক্ষাৰ কাৰণে৷ একেদৰে ৭অক্টোবৰ, ২০১২ চনত ‘দ্যা হিন্দু’ত প্ৰকাশিত মতে কন্যাভ্ৰুণ হত্যাৰ বাবে ভাৰতে বিগত দশকত প্ৰায় তিনি মিলিয়ন কন্যাক হেৰুৱাইছে৷ যাৰ ফলত ভাৰতত অভাবনীয়ভাবে বৃদ্ধি পাইছে লিংগানুপাত৷ ১৯৬১ চনত প্ৰতি শগৰাকী কন্যাসন্তানৰ বিপৰীতে পুত্ৰসন্তান আছিল ১০২.৪ জন, কিন্তু ২০১১ত চলোৱা সমীক্ষামতে এই অনুপাত হৈ পৰিছে প্ৰতি শগৰাকীৰ বিপৰীতে ১০৮.৮জন৷ ০-৬ বছৰৰ ভিতৰৰ বয়সৰ শিশুৰ ক্ষেত্ৰত কন্যাশিশুৰ সংখ্যা ২০০১ চনৰ ৭৮.৮৩ মিলিয়নৰপৰা ২০১১ চনত ৭৫.৮৪ মিলিয়নলৈ অৱনতি ঘটিছে৷ ১৯৯১-২০১১ চনৰ ভিতৰত শিশু লিংগানুপাত (০-৬বছৰ) ৯৪৫ ৰপৰা ৯১৪ লৈকে কমি গৈছে৷ প্ৰতিবছৰত ভাৰতবৰ্ষত প্ৰায় ৫ লাখ ভ্ৰুণ হত্যা কৰা হয়৷ ১৯৯১ চনৰ কলংক হিচাপে পৰিণত আধুনিক নাৰীহত্যাৰ প্ৰক্ৰিয়া বৰ্তমান ভাৰতৰ ৮০%ৰো অধিক জিলাত বিয়পি পৰাত লিংগানুপাতত এক বৃহৎ তফাৎ দেখিবলৈ পোৱা গৈছে৷
মাতৃগৰ্ভত সন্তানৰ লিংগ পৰীক্ষণৰ ক্ষেত্ৰত দিল্লীৰ এপোলো হস্পিতালৰ ফেটাল মেডিচিন অৰ্থাৎ গৰ্ভস্থ শিশুৰ বিভিন্ন ৰোগৰ বিশেষজ্ঞ ডা° পুণীত বেদীয়ে খেদ প্ৰকাশ কৰি কয় যে ভাৰতত প্ৰায় ত্ৰিশ হাজাৰৰো অধিক ডাক্তৰ কেৱল টকাৰ লোভত কন্যাভ্ৰুণ হত্যাৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত৷
‘यंत्र नार्यस्तु पुज्यंते
रमंते तन्त्र देवता’
অৰ্থাৎ য’ত নাৰীৰ পূজন হয় তাতহে দেৱতাৰ বসবাস হয়৷ অথচ আধুনিক ভাৰতৰ প্ৰেক্ষাপটত এইষাৰ কথা তেনেই অৰ্থহীন যেন বোধ হয়৷ নাৰীহত্যাকাৰী ভাৰতীয় সমাজৰ এইটো দিশ উন্মোচন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ হৃদয় জোকাৰি যোৱা কাহিনীয়ে মানৱীয় অনুভূতিক লজ্জানত কৰে৷
এয়া আছিল সত্তৰৰ দশকৰ সামাজিক স্থিতি য’ত ভাৰতীয় মানুহৰ মনত এনে চিন্তাই গা কৰি উঠিছিল যে ভাৰতৰ সকলো আৰ্থ সামাজিক সমস্যাৰ মাথো এটায়েই কাৰণ, আৰু সেয়া হৈছে অভাবনীয় হাৰত জনসংখ্যা বৃদ্ধি৷ পৰিয়াল পৰিকল্পনাৰ বাবে চৰকাৰী চিকিৎসালয়বিলাকত উদ্যোগ হাতত লোৱা হয়৷ সেইসময়ত All India Institute য়ে এটা ৰিপোৰ্ট দাখিল কৰে যে মানুহে যিহেতু পুত্ৰসন্তানেই বিচাৰে আৰু সেই পুত্ৰ সন্তানটোৰ বাবেই এটাৰ পিছত এটাকৈ কন্যা সন্তান জন্ম দি থাকে গতিকে সেইবিলাক পিতৃ মাতৃয়ে নিবিচৰা সন্তানক গৰ্ভপাতৰ হতুৱাই হত্যা কৰি কেৱল বিচৰা পুত্ৰ সন্তানটোক হাতত তুলি দিয়া যাওক৷ কিমান লজ্জাজনক কথা যে এই আধুনিক নাৰীভোজৰ আগকথাৰ আৰম্ভণি হৈছিল চৰকাৰী চিকিৎসালয়ত৷ স্মৰ্ত্তব্য যে এই সুবিধা প্ৰথমতে বিনামূলীয়াকৈ প্ৰদান কৰা হৈছিল৷ এনে বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে সেই সময়ত বিভিন্ন এনজিঅ’ আৰু মানৱ অধিকাৰ আয়োগকে ধৰি বিভিন্ন বেচৰকাৰী সংস্থাই আন্দোলন কৰিবলগীয়া হৈছিল যাৰ পৰিপ্ৰেক্ষিতত এই লিংগ নিৰ্দ্ধাৰণ কৰি কন্যাভ্ৰুণ হত্যা চৰকাৰী হস্পিতালত নিষিদ্ধ কৰা হৈছিল৷ কিন্তু ইতিমধ্যে দেশৰ এক বুজন সংখ্যক লোকে এই পদ্ধতিটোৰ বিষয়ে জ্ঞাত হৈ পৰিল৷ লগে লগে অৰ্থলোভী চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে নিজাকৈ ব্যৱসায়ভিত্তিত এনেকুৱা ক্লিনিক কিছুমান খুলি ল’লে য’ত এক মোটা অংকৰ বিনিময়ত গৰ্ভস্থ শিশুৰ লিংগ নিৰ্দ্ধাৰণৰ লগতে গৰ্ভপাত কৰোৱা হয়৷ অতিশয় পৰিতাপৰ বিষয় যে সেই সময়ত এনে বিভিন্ন ক্লিনিকৰ আগত এনে কিছুমান ফলক আঁৰি থোৱা হৈছিল য’ত স্পষ্টকৈ লিখা আছিল,
‘আজি আপুনি ৫০০০ টকা খৰছ কৰক আৰু ভৱিষ্যতৰ বাবে ৫০০০০০ লাখ টকা ৰাহি কৰক৷’ প্ৰথমতে এই ক্লিনিকবোৰত Amniocentesis পদ্ধতিৰে এই লিংগ পৰীক্ষা কৰা হৈছিল, যি আছিল যথেষ্ট পৰিমাণে ব্যয়বহুল আৰু যাৰ ফলত আনকি অবাঞ্চিত গৰ্ভপাতৰো সম্ভাৱনা বৃদ্ধি পাইছিল৷ কিন্তু নব্বৈৰ দশত আলট্ৰাচাউণ্ডৰ দৰে সহজতে বিনা কষ্টত লিংগ পৰীক্ষা কৰাৰ নৱপদ্ধতিৰ উদ্ভাৱন হোৱাৰ পিছত ভাৰতবৰ্ষত কন্যাভ্ৰুণ হত্যাই এক বেলেগ ৰূপ লাভ কৰে৷ আলট্ৰাচাউণ্ডৰ মেচিন বনোৱা কম্পেনিসমূহ আৰু চিকিৎসসকলে মিলি কন্যাভ্ৰুণ হত্যাক প্ৰায় ২০০০-৩০০০ কোটিৰ এক বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত কৰে৷ দুৰ্ভাগ্যজনকভাবে এনে কৰ্মত জড়িত কোনো এজন চিকিৎসকেই আজিলৈকে দৃষ্টান্তমূলক শাস্তি লাভ কৰা নাই, আনকি এজনো চিকিৎসকৰ লাইচেঞ্চ গোটেই জীৱনৰ বাবে খাৰিজ হোৱা নাই৷ এইক্ষেত্ৰত ভাৰতে কোৰিয়াৰ নিচিনা দেশৰপৰা ভালেখিনি শিকিবলগীয়া আছে৷ কোৰিয়াত কন্যাভ্ৰুণ হত্যাৰ লগত জড়িত চিকিৎসকে কঠোৰ শাস্তি লাভৰ বিনিময়ত প্ৰায় এবছৰতে গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা বন্ধ হৈ পৰিছিল৷
আইনী ব্যৱস্থাৰ গাফিলতিৰ বাবে ভাৰতত কন্যাভ্ৰুণ হত্যা বৃদ্ধি পাইছে প্ৰায় ৪৯.২%। যদিও ভাৰত চৰকাৰে ১৯৯৪ চনতেই Pre-Conception and Pre-Natal Diagnostic Technique Act (PCPNDT) প্ৰণয়ন কৰি গৰ্ভস্থ সন্তানৰ লিংগপৰীক্ষা আৰু কন্যা ভ্ৰুণ হত্যাক এক অপৰাধ হিচাপে স্বীকৃতি দিছিল, তথাপি আজিকোপতি কন্যাভ্ৰুণ হত্যা বন্ধ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা নগ’ল৷ এই আইনমতে এনে অপৰাধৰ সৈতে জড়িত ব্যক্তিৰ বাবে তিনি বছৰ জেইল আৰু ১০০০০ টকাৰ জৰিমনা বিহাৰ শাস্তিৰ কথা কোৱা হৈছে৷ ২০০৩ চনত এই আইনৰ কিছু সংশোধন কৰি Pre-Conception and Pre-Natal diagnostic Technique(Prohibition of sex selection) কৰা হয়৷ এই সংশোধনীৰ জৰিয়তে লিংগ নিৰ্ণায়ক পদ্ধতিকো আইনৰ আওতালৈ অনা হয়৷ উদাহৰণস্বৰূপে আলট্ৰাচাউণ্ডকো সামৰি লোৱা হয়৷ এনে সংশোধনীয়ে অদূৰ ভৱিষ্যতে কেনে আশাব্যঞ্জক প্ৰভাৱ পেলাব সঠিককৈ ক’ব নোৱাৰি কিয়নো নিত্য নতুন প্ৰযুক্তিৰ আবিস্কাৰে এই প্ৰক্ৰিয়াক আৰু জটিল কৰি পেলোৱাটো স্বাভাৱিক৷ ইতিমধ্যেই বজাৰত   Pre-Implantation Genetic Diagnosis(PGD), Pre-Implantation Genetic Screening(PGS) আৰু Sperm-Sorting কে ধৰি বিভিন্ন অত্যাধুনিক প্ৰক্ৰিয়া আহি পৰিছে যিয়ে অদূৰ ভৱিষ্যতে কন্যাভ্ৰুণ হত্যাৰ ছবিখনত বিশেষ ৰেঙণি পেলোৱাৰ লগতে ৰোধৰ প্ৰক্ৰিয়াত বাধা প্ৰদান কৰিব৷
পুৰুষতান্ত্ৰিক ভাৰতীয় সমাজত পুত্ৰসন্তানৰ আকুলতাই নাৰীক নিজৰ অস্তিত্বৰ প্ৰতিয়েই সন্দিহান কৰি তুলিছে৷ কন্যা অনাকাংক্ষিত বাবেই ভাৰতৰ প্ৰায় ২ৰ পৰা ৪% লৈকে নাৰীয়ে গৰ্ভপাত কৰায়৷ সমাজকৰ্মী বৰষা দেশপাণ্ডেৰ মতে বছৰত পাঁচ লাখতকৈও অধিক কন্যা ভ্ৰুণ হত্যা হোৱা ভাৰতবৰ্ষত এই হত্যা নাৰীৰ স্বাস্থ্যজনিত কাৰণত হোৱা দূৰ্ঘটনাৰ ৰূপ দিয়া হয়৷ কন্যা ভ্ৰুণ হত্যাৰ প্ৰধান কাৰণ আৰ্থিক, পাৰিবাৰিক আৰু সামাজিক৷ আৰু আৰ্থ সামাজিক কাৰণসমূহ বিশ্লেষণ কৰিলে দেখিবলৈ পোৱা যায় যে মূলতঃ যৌতুক আৰু বিবাহোত্তৰ কালত নাৰীৰ পিতৃগৃহ ত্যাগেই আচল অৰ্থত কন্যা ভ্ৰুণ হত্যাৰ একমাত্ৰ মূখ্য কাৰণ৷ নাৰী পুৰুষৰ সমমৰ্যাদা আৰু সমাধিকাৰ য’ত নাই ত’ত নাৰী নিৰ্যাতন তেনেই সুলভ৷ কন্যাভ্ৰুণ হত্যা মাথো এই ৰোগৰ এটা উপসৰ্গহে৷ দ্যা ল্যানসেট সাময়িকাত প্ৰকাশিত সমীক্ষামতে ‘ভাৰতৰ যিসকল পৰিয়ালৰ প্ৰথমটো সন্তান কন্যা, তেওঁলোকে দ্বিতীয়টো সন্তান পুত্ৰ হোৱাটো মনে প্ৰাণে কামনা কৰে৷’ সেয়ে সমাজৰ মানসিকতা যেতিয়ালৈকে সলনি নহয়, নাৰীহত্যাও শেষ নহ’ব৷
২০১৪ চনত ভাৰত চৰকাৰে কন্যা শিশুৰ জন্মক উদযাপন কৰাৰ লগতে তেওঁলোকক শিক্ষিত কৰি গঢ়ি তুলিবলৈ ‘বেটি বচাও বেটি পঢ়াও’ শীৰ্ষক এক অভিলাষী আঁচনি নিৰূপণ কৰে৷ একবিংশ শতিকাৰ দেশ এখনত এতিয়াও কন্যাক বচাবলৈ ৰাইজক অনুৰোধ কৰিবলগীয়া হোৱাটো দুখৰ কথা৷ এই আঁচনিৰ গইনা লৈ হাৰিয়ানা চৰকাৰে এটা নতুন শ্লোগানৰ আৰম্ভণি কৰিছিল,
‘कैसे खाअोगे
उनके हाथों की रोटिया
जब पैदा ही नहीं
होने दोगे बेटियां’
উল্লেখযোগ্য যে কন্যাভ্ৰুণ হত্যাৰ লগতে লিংগানুপাতত আগশাৰীৰ ৰাজ্যকেইখনৰ ভিতৰত হাৰিয়ানা, পঞ্জাৱ আৰু ৰাজস্থানেই প্ৰধান৷ এনেকুৱা নাৰীৰ প্ৰতি মনোভাৱে সমাজত নাৰীৰ স্থান নিৰ্ণয় কৰে৷
২০১৬ চনত ভাৰতৰ নাৰী আৰু শিশুকল্যাণ মন্ত্ৰী মেনকা গান্ধীয়ে কন্যাভ্ৰুণ হত্যা ৰোধৰ বাবে এক বিকল্প ব্যৱস্থাৰ মত পোষণ কৰিছিল৷ তেওঁৰ মতে লিংগ পৰীক্ষাৰ ওপৰত যি নিষেধাজ্ঞা আছে তাক উঠাই দি চৰকাৰী পৃষ্ঠপোষকতাত লিংগ নিৰ্ণয় কৰিবলৈ দি যদি কন্যা হয় তেন্তে সেই কন্যাক জন্মলাভ নকৰালৈকে সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ হ’ব৷ ভাৰতৰ নাৰী আন্দোলনৰ পুৰোধা তথা মানৱাধিকাৰ কৰ্মী কবিতা কৃষ্ণণে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি কয় যে যি দম্পতীয়ে কন্যা সন্তান নিবিচাৰেই তেওঁলোকে যেতিয়া এবাৰ গম পাব যে গৰ্ভত থকা সন্তানটো কন্যা, তেওঁলোকে বিভিন্ন উপায়েৰে সন্তানটোক নিঃশেষ কৰিবলৈ চেষ্টা কৰিব৷
পুৰুষৰ অনুপাতে নাৰীৰ সংখ্যা কমি যোৱা এখন দেশ তথা এখন সমাজৰ বাবে কিমান ভয়াবহ সেয়া অনুধাৱন কৰা তেনেই সহজ৷ শেহতীয়াকৈ ৰেডক্ৰছ চছাইটিৰ সমীক্ষামতে ছোৱালীৰ অভাৱত পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত স্নাতক ল’ৰাৰ বিবাহৰ বয়স পাৰ হৈ গৈছে৷ হাৰিয়ানাৰ জাট সম্প্ৰদায়ৰ ল’ৰাই কেৰালাৰ দৰে ৰাজ্যত নাৰী ভিক্ষা কৰিবলগীয়া হৈছে৷ নাৰীৰ এখন গোপন বজাৰৰ সৃষ্টি হৈছে৷ ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগৰপৰা দুখীয়া পৰিয়ালৰ ছোৱালীক টকাৰ বিনিময়ত ক্ৰয় কৰা হৈছে বিবাহৰ বাবে৷ নাৰীৰ অপহৰণ, বাল্যবিবাহ, বহুবিবাহ, ধৰ্ষণ আৰু বেশ্যাবৃত্তিত কন্যাভ্ৰুণ হত্যাই অৰিহণা যোগাইছে৷ এনেকুৱাও দেখিবলৈ পোৱা গৈছে বিবাহৰ বাবে ক্ৰয় কৰা নাৰীক এটা পৰিয়ালৰ প্ৰতিজন পুৰুষেই যৌনভাবে শোষণ কৰিছে৷ নাৰীৰ গৰিমা আৰু স্বাভিমান ধূলিসাৎ হৈ পৰিছে৷ কিনি অনা নাৰীক ভোগৰ সামগ্ৰী বুলি ভবাৰ বাদে পত্নীৰ মৰ্যাদা দিয়া নহয়, আনকি এবাৰ ক্ৰয় কৰা নাৰীক সন্তান জন্মৰ পিছত পুনৰাই আকৌ বিক্ৰী কৰা হয়৷ যি ঠাইত এনেদৰে নাৰী ক্ৰয় কৰা হয় সেই ঠাইৰ অন্যান্য নাৰীসকলো নিজৰ অস্তিত্বৰ সংকটত ভোগে, তেওঁলোকৰ সামাজিক মূল্য নিম্নগামী হৈ পৰে৷
পুনেৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জয়া জানানে কৈছে, “কেতিয়াবা ভাব হয় এটা পুত্ৰ সন্তান জন্ম দিব পৰা হ’লে হয়তো জীৱনত ইমান অশান্তি নাথাকিলহেঁতেন৷ জীৱনটো হয়তো অন্যৰকমৰ হ’লহেঁতেন৷” জয়াৰ এই হুমুনিয়াহ এটি মিঠা হাঁহিলৈ ৰূপান্তৰিত কৰি দিছে ডা° গণেশ ৰাখেই৷ এইজন যুগপুৰুষে নিজৰ চিকিৎসালয়ত কন্যাশিশু জন্ম পালে কোনোধৰণৰ ফিজ নলৈ কন্যা জন্মক উদযাপন কৰি কেক আৰু মিঠাই বিতৰণ কৰি এক নতুন বিপ্লৱৰ আৰম্ভণি কৰিছে৷ বৰ্তমানলৈকে তেওঁ ৫০০ৰো অধিক কন্যা শিশুৰ জন্মক এক উৎসৱলৈ পৰ্যবসিত কৰি তুলিছে৷
মহাত্মাই কৈ গৈছিল,
‘वह परिवर्तन बने जो
आप दुसरे में देखना चाहेंगे’
সমাজৰ বৈপ্লৱিক পৰিবৰ্তন অবিহনে কন্যাভ্ৰুণ হত্যাক ৰোধ কৰাটো অসম্ভৱ৷ ইয়াৰ বাবে কঠোৰ আৰু তৎকালীন আইনৰ উপৰিও লাগিব সমাজৰ সচেতনতা আৰু নাৰীক মানুহ হিচাপে গণ্য কৰাৰ সুস্থিৰ মানসিকতা৷ অৱজ্ঞা, অনাদৰ আৰু বঞ্চনাৰ বিপৰীতে কন্যাশিশুৱে পাব লাগিব আদৰ, যত্ন আৰু উৎকৃষ্ট মানৱসম্পদ হোৱাৰ সুযোগ৷ তেহে নাৰীয়ে স্বমহিমাৰে মহিমামণ্ডিত হৈ সমাজৰ সঠিক দিশ নিৰ্মাণত নিজকে অংশীদাৰ হিচাপে আগবঢ়াই দিব পাৰিব৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.