ফটাঢোল

ভিক্টৰিয়া মেমোৰিয়েল দৰ্শন – সুকুমাৰ গোস্বামী

ঘটনাৰ নায়ক আমাৰ সকলোৰে প্ৰিয় চৌধুৰী বাবু। সম্পূৰ্ণ নামটো দি এইটো লিখনি তেওঁলৈ পঠিয়াই এগালমান গালি খাই থোৱাৰ অভিজ্ঞতাৰ বাবে চৌধুৰী বাবু বুলিয়েই কাহিনী আগবঢ়ালোঁ।

সমনীয়া হ’লেও স্নাতক মহলাৰ পৰা পুণাত অধ্যয়ন কৰাৰ সূত্ৰে চহৰ খনৰ বিষয়ে তেওঁৰ অভিজ্ঞতা আমাতকৈ বেছি কাৰণ আমি গুৱাহাটীত স্নাতক সম্পূৰ্ণ কৰি স্নাতকোত্তৰ অধ্যয়নৰ বাবেহে পুণালৈ গৈছিলোঁ। পুণাৰ পুৰণি ছাত্ৰ হিচাবে সকলো ক্ষেত্ৰতে চৌধুৰী চাহাব আগৰণুৱা, পিচিঅ’ বা পাণ দোকানত এক দুই লাইন মাৰাঠী কৈও কেতিয়াবা কেতিয়াবা আমাৰ দৰে নৱাগত সকলৰ মাজত চমক সৃষ্টি কৰে, ইষ্ট ষ্ট্ৰীটৰ নেপিয়াৰ হলত ভূত বিচাৰি গৈ ভূতৰ মুখামুখি হোৱাৰ কাহিনী কৈও আমাৰ আগত নিজৰ সাহসিকতাৰ বিৱৰণ দিয়ে।

প্ৰথম চেমিষ্টাৰৰ শেষত ছমাহৰ মূৰত ঘৰলৈ আহিম, সকলোৰে মনত অসীম আনন্দ । সিদ্ধান্ত লোৱা হ’ল যে ওভতনি যাত্ৰা কলিকতা হৈ কৰা হ’ব ।পুণাৰ পৰা আজাদ হিন্দ এক্সপ্ৰেছেৰে কলিকতা আৰু তাৰ পৰা কামৰূপ এক্সপ্ৰেছেৰে গুৱাহাটী । মাজত ৮ ঘণ্টাৰ ব্যৱধান সেই সুযোগতে কলকতা মহানগৰী দৰ্শকৰ পৰিকল্পনা। আমাৰ কলিকতা দৰ্শনৰ গুৰুদায়িত্ব চৌধুৰী চাহাবে নিজেই ললে কাৰণ তেওঁৰ হেনো কলিকতাৰ ৰাস্তা ঘাট নখ দৰ্পনত।

নিৰ্ধাৰিত দিনত কলিকতা অভিমুখী যাত্ৰ আৰম্ভ কৰিলোঁ চৌধুৰীৰ নেতৃত্বত, সাংগ পাংগ হিচাপে মই, তপন, নিকু, কেডি, কমল, বিদিশা, লীণা আৰু হিমা…. ছমাহৰ পাছত ঘৰলৈ উভতি অহাৰ আনন্দ আৰু কলিকতা দৰ্শনৰ আনন্দত আমি আপোন পাহৰা হৈ আছিলো। অৱশেষত ৩৬ ঘণ্টাৰ ৰে’ল যাত্ৰাৰ পাছত হাওৰা ষ্টেচন পালোহি, লকাৰ ৰূমত নিজৰ নিজৰ সামগ্ৰীবোৰ থৈ কলিকতা ভ্ৰমণৰ প্ৰস্তুতি আৰম্ভ হল। “মই থাকোঁতে তোমালোকে টেনছন লব নালাগে, মোৰ পিছে পিছে আহি থাকা” বুলি কৈ চৌধুৰীয়ে জপং জপং কৈ খোজ আৰম্ভ কৰিলেই।

হুগলী নদী ফেৰিৰে পাৰ হৈ কলকাতা দৰ্শনৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিলোঁ। প্ৰথম লক্ষ্য বিখ্যাত ভিক্টিৰিয়া মেমৰিয়েল। ফেৰিৰে নদী পাৰ হৈ আমি কলিকতাৰ বিখ্যাত হালধীয়া টেক্সীৰে গন্তব্যস্থানলৈ যোৱাৰ কথা উনুকিয়ালোঁ যদিও চৌধুৰী বাবুৱে ক’লে যে ভিক্টৰিয়া মেমৰিয়লৰ অৱস্থান ফেৰিঘাটৰ পৰা কেইখোজমান দূৰত্বত গতিকে অবাবত পইচা খৰচ কৰাতকৈ খোজ কাঢ়ি যোৱাই ভাল।

মাৰ্গদৰ্শকৰ অভিজ্ঞতা আৰু ভৌগোলিক জ্ঞানৰ ওপৰত সন্দেহ কৰাৰ প্ৰশ্নই নাই, গতিকে চৌধুৰীৰ পিছে পিছে আমাৰ গোটেই দলটোৱে লক্ষ্যস্থানলৈ খোজ ল’লো।

কিছুদূৰ গৈ দূৰৰ পৰাই এক প্ৰসাদোপম অট্টালিকাৰ ওপৰৰ অংশ দেখা গ’ল, আমি ভবাৰ দৰে চৌধুৰীয়ে আমালৈ চাই ৰিঙিয়ালে, “সেইটো দেখিছা নে ভিক্টৰিয়া মেমৰিয়েল, মই কৈছিলোঁ নহয় একদম ওচৰতে আছে টেক্সী লব নালাগে, সকলোৰে পইচা বচাই দিলোঁ দেখিলা, এতিয়া তোমালোকে ৰাহি হোৱা টকাৰে দত্ত কেবিনত ভালকৈ এসাঁজ খুৱাই দিবা।” আমিও তেৰাৰ বুদ্ধিৰ শলাগ লৈ গন্তব্য স্থান অভিমুখে আগ বাঢ়ি থাকিলোঁ।

ইতিমধ্যে আমি চৌধুৰীয়ে আঙুলিয়াই দিয়া ভিক্টৰিয়া মেমৰিয়েলৰ মুখ্যদ্বাৰত উপস্থিত হলোঁ। দলৰ মুৰব্বী হিচাবে সকলোৱে প্ৰৱেশ মূল্য চৌধুৰীৰ হাতত গতাই দিলোঁ আৰু টিকট কটাত সহায় হব বুলি তপন আৰু মই মুৰব্বীৰ লগত টিকট বিপণি লৈ আগবাঢ়ি গলো । চাৰি-পাঁচ জন আৰক্ষীয়ে পহৰা দি থকা বিপণিৰ সৰু খিৰিকীখনৰে পইচা ভৰ্তি হাতখন ভৰাই দি চৌধুৰীয়ে ভিতৰত বহি থকা বঙালী ভদ্ৰলোক জনক ক’লে “কাকু, ৯ থু টিকেট দিজিয়ে”… কাকু কিংকৰ্তব্যবিমূঢ় হৈ এবাৰ আমালৈ আৰু এবাৰ ওচৰতে থিয় হৈ থকা আৰক্ষীকেইজনলৈ চালে। ইফালে পুনৰ চৌধুৰীৰ আপদাৰ.. “কাকু জল্ডি দিজিয়ে হামক অউৰ ভি জগা দেখনা হে অউৰ চাম ক ট্ৰেইণ ভি পকৰণা হে।”
: আৰে বাবা কিচেৰ টিকেট! -চৌধুৰীৰ আপদাৰ দেখি কাকুৰ মুখৰ পৰা মাতৃভাষা ওলাই গল কিজানি! ঘটনাৰ আও-ভাও নাপায় তপন আৰু মই দুয়ো দুয়োৰে মুখলৈ চালোঁ আৰু গেং লিডাৰেনো কি কয় তাকে শুনিবলৈ ৰৈ থাকিলোঁ…প্ৰথমবাৰৰ দৰে একেই বলিষ্ঠ কণ্ঠেৰে চৌধুৰীয়ে উত্তৰ দিলে, “ইয়ে জো ভিক্টৰিয়া মেমৰিয়েল হে না, ৱ দিখানে লায়া হু ইনলগকো, মে ত পেহলে হি দেখ চুকা হু, টিকেট দেংগে ইয়া আজকাল ফ্ৰী মে জানে দেতে হ’?”

চৌধুৰীৰ উত্তৰ শুনি কাকু আৰু পুলিচকেইটাৰ হাঁহি ৰখাব নোৱাৰা অৱস্থা! হাঁহি হাঁহি যিকেইটা কথা ক’লে সেইয়া শুনি গেং লিডাৰৰ ওপৰত থকা আমাৰ আশা ভৰষা নিমিষতে পানী হৈ গল। গভৰ্ণৰ কা বাংলা ক কিছ বোকা নে ভিক্টৰিয়া মেমৰিয়েল বোলা হে? দুই থাপ্পৰ লগাও উচক।”

আমাৰ মাৰ্গদৰ্শক চৌধুৰীয়ে “পেহলে ত ইধৰ হি থা অৱ কাহা গেয়া” বুলি নিজকে নিজে প্ৰশ্ন কৰি ভিজা মেকুৰীটো হৈ ওভতনি খোজ ললে। থাপ্পৰ লগোৱা নহ’ল যদিও গেং লিডাৰৰ সেই ভিজা মেকুৰীৰ দৰে আচৰণ পিছৰ ২৪ ঘণ্টাৰ যাত্ৰাত আমি ভালদৰেই উপভোগ কৰিলোঁ।

☆ ★ ☆ ★ ☆

9 Comments

  • HEMANTA KAKATI

    হাঃ হাঃ তামাম লাগিল সুকুমাৰ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হা হা৷ গেং লিডাৰৰ অৱস্থাটো চবলগীয়া হৈছিল কিজানি৷

    Reply
  • Chandana Das

    চৌধুৰী বেল্লেগ মাৰ্গদৰ্শক কিন্তু।মজ্জা লাগিল

    Reply
  • ইন্দ্ৰ মোহন বৰা

    গেং লিডাৰৰ তামাম মাৰ্গদৰ্শন দেখোন!!!
    বঢ়িয়া লাগিল।

    Reply
  • ৰোহিনী বৰুৱা

    হাঃহাঃ ভাল লাগিল ।

    Reply
  • Anonymous

    Borhiyaa dei…mojaa laagil porhi…!

    Reply
  • Dipankar Bhattacharyya

    ,কলকাতা বাদ দিয়ক , গুৱাহাটী হাই কৰ্ট ক কামাখ্যা মন্দিৰ বুলি দৰ্শন কৰা মানুহ আছে !
    প্ৰকাশ।ভংগী।👌👌

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    মই আৰু চৌধুৰী বাবু একেই ! দ্বিতীয়বাৰ ভিক্তোৰিয়া মেম’ৰিয়েল দেখুৱাবলৈ গৈ শ্ৰীমতীৰ গালি খাইছিলোঁ ৷ আধা কি:মি:ৰৰ ঠাইত ডেৰ কি:মি: খোজ কঢ়োৱা বাবে ৷

    Reply
  • Anonymous

    ভিক্টোৰিয়া হল টু ব্লেগত গুচি গল চাগে,😄😄😄😃😄

    Reply

Leave a Reply

Your email address will not be published.