ফটাঢোল

ভিতৰচ’ৰা – কমলেশ দাস

চাফ’কেশ্যনত উশাহ ল’বলৈ কষ্ট হোৱা যেন লাগিলেও উঠি গৈ দুখনমান খিড়িকী খুলি দিবলৈ এলাহ লাগিল ৰশ্মিৰ। আচলতে অধীৰ অপেক্ষাৰে ৰৈ থকা টোপনিৰ নিচাটোকো বিদায় দিবলৈ মন যোৱা নাই। মাক ঢুকোৱাৰ পিছত অশুৱনি সংকেত দিয়া জহনিত নোযোৱা কাউৰীকেইটা, অমংগলীয়া মাত মতা মেকুৰীজনী আৰু অসময়ত অহা হাৰামখোৰ ফোন কলবোৰলৈ থকা ভয়লৈ কেৰেপ নকৰা হৈছিল ৰশ্মিয়ে। দুৰ্বল জেগাত আঘাত দিব পৰাবোৰ চেদেলি-ভেদেলি হৈছে বুলি মনলৈ অহাৰ লগে লগে আনন্দৰ শীতল বতাহ এছাটিয়ে ৰশ্মিৰ দেহা মন শাঁত পেলালে৷

ৰাতি পুৱালেও ইমান সোনকালে উঠিনো কি কৰিব বুলি ভাবি আকৌ আঁঠু দুটা দন্ত্য দ’ৰ দৰে ভাজ কৰি বিছনাত সিকাটি হৈ ৰশ্মিয়ে ভাবিলে,  টোপনিডালৰ লগত লিভ টুগেদাৰ কৰাই শ্ৰেয়।

ঠিক তেনে সময়তে গাৰুৰ তলত ফোনটো বাজি উঠিলেই নহয়। কৰ’ণা মহামাৰী কালৰ এই পুৱাতে আকৌ কাৰ ফোন বাজে! আগদিনা চেম্পো কণ্ডিশ্বনাৰ কৰা চুলিকোচাৰে আগডোখৰ শুঙি চাই “উফ্  ধুনীয়া” বুলি কৈ গাৰুৰ ওপৰফালে দলিয়াই পাৰ কৰি দিলে। ফোনটো খেপিয়াই খেপিয়াই হাতৰ মুঠিত আনিলে। মুনু মহামাৰীজনীৰ ফোন। এইজনীৰ কাম নাই আৰু! এই মুনু নাৰ্ছজনীয়ে কামোৰ দিবলৈ সময় নাপালে আৰু! ফোনটো ভাইব্ৰেশ্যনত আছে যেতিয়া পিছে পৰে মুনুক ফোন কৰিলেও একো নহয় বুলি ভাবি ফোনটো আকৌ জেগাৰ বস্তু জেগাতেই থাক বুলি গাৰুৰ তললৈ সুমুৱাই দিলে।
মুনু নাৰ্ছে ৰশ্মিৰ মাকক শেষ সময়ত চোৱা-চিতা কৰিছিল।  মাক ঢুকোৱা কেইবামাহো হ’ল। তেতিয়াৰ পৰা মুনুৰ সৈতে দেখাদেখি হোৱা নাই  যদিও ফোনেৰে যোগাযোগ চলি আছে৷ মাজৰ এই সময়চোৱাত মুনু নাৰ্ছৰ ডিউটি কেবাঠাইতো পৰিল। চোৱা-চিতা কৰা দুগৰাকীমান আইতাক সিপুৰীলৈও যোৱাৰ খবৰো মুনুয়ে ফোনেৰে ৰশ্মিক জনাইছে৷ মুনুয়ে আন খবৰো দিয়ে৷ মুঠতে তাই কাম কৰা পৰিয়ালবোৰৰ ভিতৰচ’ৰাৰ হেডলাইনবোৰ জনাবলৈ নেপাহৰে।

মাজতে এদিন মুনু নাৰ্ছে লেকচাৰ মাৰিছিল কোনো বৃদ্ধাৰ  কেয়াৰ টেকাৰৰ প্ৰয়োজন হ’লেই এন জি অ’ এটাই ‘স্পেচিয়েলিষ্ট’ মুনু নাৰ্ছক পঠিয়ায়৷

বেমেজালিৰ পৰিৱেশতো তাইৰ মেনেজ কৰিব পৰা ক্ষমতা এটা আছে বুলি বাৰু স্বীকাৰ কৰিবলগীয়া৷ বিশেষকৈ পুৰুষক বহু দূৰত নাৰাখি, বৰঞ্চ ভালদৰে আয়ত্ব কৰি তেওঁলোকৰ পৰা কাম আদায় কৰাত মুনু অভ্যস্ত৷ তাদুপৰি চিনাকি মানুহৰ সৈতে সম্পৰ্কবোৰ চলাই ৰখা সুঅভ্যাস এটাও তাইৰ আছে। ক’বলৈ গ’লে তাই মেনেজ মাষ্টৰণী। ভাবিবলৈ গ’লে ৰশ্মিৰ সৈতেনো তাইৰ কি সম্পৰ্ক? ছমহীয়া মালিক আৰু কৰ্মচাৰী সদৃশহে সম্পৰ্কহে এটা আছে। সেই সম্পৰ্কই এতিয়া এৰাব নোৱাৰা ঘৰুৱা সম্পৰ্ক এটালৈ ৰূপান্তৰ হৈছেগৈ।  তাই বাইদেউ বুলি সম্বোধনেৰে মাতিলেই ৰশ্মিয়ে নিশ্চয় কিবা এটা মাদকতা পায়। তাইৰ যোগেদি সমাজৰ বিভিন্ন স্তৰৰ পৰিয়ালৰ ভিতৰুৱা কাহিনীবোৰৰ সোৱাদ পাই ৰশ্মিয়ে৷

দুদিনমান আগতে মুনুয়ে ফোনত কোৱা অনুসৰি বৰ্তমান তাই যিগৰাকী ৰোগীৰ সৈতে আছে তেখেতৰ বয়স আশীৰ ওচৰতেই হ’ ব।  টান বেমাৰৰ চিকিৎসা কৰাই নাৰ্ছিংহোমৰ পৰা অনাৰ পিছত মুনু নাৰ্ছক মকৰল কৰা হৈছিল। গা খুউব ভাল নাছিল। মুনুৰ ভাষাত কোনো ডাঙৰ মানুহৰ ঘৈণীয়েক আছিল বুঢ়ীজনী। অসমৰ কোনো মূধা ফুটা মানুহৰ ঘৈণীয়েক আকৌ!

বিয়াৰ সময় পাৰ হোৱা বুঢ়ীৰ তিনিফুটীয়া থূলন্তৰ জীয়েকজনীয়ে দিল্লীত চাকৰি কৰে। মাকৰ বেমাৰৰ কাৰণে ঘৰলৈ আহি যাব নোৱৰা হৈছে।  কৰ’ণা মহামাৰীৰ বাবে হোৱা বন্ধ খুলিলেই উৰিবলৈ ৰৈ আছে। ছোৱালীজনীৰ কৰ্তৃত্ব চলে ঘৰখনত। পূৰা দাদাগিৰি চলে, মুখো সাংঘাতিক চোকা৷ বুঢ়ীৰ পুতেক এজনো আছে। অনবৰতে কিবা সেৱন কৰি থকা যেন লাগে। মুম্বাই নে দিল্লী ক’ৰবাত থাকে। এতিয়া আহিছে। মাকৰ বেমাৰ এটা অজুহাতহে, সম্পত্তিৰ কথাও থাকে৷

মুনুয়ে কৈছিল-

: মানুহজন দেখাত ফৰেইনাৰৰ দৰে যদিও চকু বেলেগ ধৰণৰ।

ভনীয়েকৰ মতে চিনেমাৰ পাৰো-দেৱদাসৰ দৰে  হেনো। ক’ৰবাৰ বেয়া নাৰীৰ  লগত কিবা লিভ টুগেদাৰত  থাকে হেনো।

ফোনতে মুনুয়ে ৰশ্মিক সুধিছিল-
:লিভ টুগেদাৰ মানে কিনো?

 ৰশ্মিয়ে বুজাই দিছিল-

:  ডাঙৰ ডাঙৰ চহৰত ঠাই আৰু সময় কম কাৰণে পুৰুষ-মহিলা একেলগে থকাটোকে লিভ টুগেদাৰ বুলি কয়৷

তাই কথাটো বৰ ভাল নাপাই কৈছিল-

: ডাঙৰ মানুহবিলাকৰ লিভ টুগেদাৰত কি কি বাকী থাকে জানো বাইদেউ!

ৰশ্মিয়ে বুজাইছিল-

: বাঁহনিৰ তলত, নদীৰ পাৰত, পথাৰৰ মাজত, ধাননিত তহঁতে মনে মনে খগেন, নগেনহঁতৰ লগত যে মাজে মাজে গৈছিলি৷ তাৰ পৰা আৰু অলপ আগবাঢ়ি পথাৰৰ মাজৰ ঘৰটোত অলপ চাহ বাকি খাই লৈ অলপ জিৰণি লোৱাটোৱেই  লিভ টুগেদাৰ।

তাই চাগে খুউব ভালদৰে বুজিছিল।  ৰশ্মিয়ে মনে মনে হাঁহিছিল৷ আঁকৰি দেখাবলৈহে আহে, সাত ঘাটৰ চেঙেলি মুনু নাৰ্ছজনী।

মুঠতে ডাঙৰ মানুহৰ ঘৰখনৰ ছবি এটা ৰশ্মিয়ে চকুৰ সন্মুখত আঁকি লৈছিল। তাহানিৰ ৰক্ষণশীল সমাজৰ লেইলেই চেইচেই কৰা বিধৰ মহিলা এজনীৰ তিনিফুটীয়া জীয়েক আৰু নিচাসক্ত পুতেকৰ মুখত নিৰ্গত হৈছে গালি-গালাজ জ্বালামুখীৰ দৰে। তাৰ মাজত ফৰফৰাই আছে মুনু নাৰ্ছ।

বগা ঢকঢকীয়া দেহেৰে আভিজাত্য বহন কৰা বুঢ়ীজনীয়ে হেনো মুনু নাৰ্ছক বৰ ঘিণ কৰিছিল। ওচৰলৈ গলেই গালি পাৰিছিল৷ কৈছিল-

: এই লেতেৰীজনীক ক’ৰ নৰ্দমাৰ পৰা উঠাই আনিছ?

নাক কোচাই মুখেৰে ছি ছিও বুলিছিল বুঢ়ীয়ে। বুঢ়ীয়ে তাইৰ গাৰ পৰা হেনো বেয়া গোন্ধ পাইছিল।

মুনুয়ে এদিন হেনো তাইৰ গাটো দুঘণ্টামান ভালকৈ ধুই ডিঅ’ মাৰি যোৱাৰ পিছতো বুঢ়ীয়ে গোন্ধ ওলোৱা বুলি কোৱা বাবে তাই বৰ অপমান পাইছিল।

ৰশ্মিয়ে পৰিয়ালটোৰ কথাবোৰ ভাবি ভাবি বহু সময় কটাই দিলে। টোপনি অহাৰ লক্ষণ নেদেখি ফোনটো গাৰুৰ তলৰ পৰা খেপিয়াই আনিলে।

এনেতে মুনুৰ ফোন আহিলেই। ৰশ্মিয়ে ভাবিলে কিবা এটা হৈছে এইজনীৰ৷ নাইবা আমোদজনক কিবা ক’বলগীয়া আছে তাইৰ। কি হ’ব পাৰে? বুঢ়ীৰ কিবা হ’লেই নেকি? নে ঘৰখনত ভীষণ কাজিয়া? পুলিচ আহিলে নেকি? নে মুনুক গতা মাৰি উলিয়াই দিলে!

ফোনটো ধৰি ৰশ্মিয়ে ক’লে-

: গুড মৰ্ণিং মুনু৷

সিফালৰ পৰা মুনুৰ উত্তৰ-

:;গুড মৰ্ণিং বাইদেউ, আপুনি ঠিকেই কৈছিলে, গোন্ধ ডাষ্টবিনৰ পৰাও আহিব পাৰে, লেতেৰা চফা কৰা বেলছাখনৰ পৰাও আহিব পাৰে।

ৰশ্মিয়ে সুধিলে-

: কি হ’লনো?

মুনুৰ উত্তৰ-

: আজি পুৱাই ম’বাইলত গান লগাই দুৱাৰ বন্ধ কৰি বুঢ়ীক লুটিয়াই বগৰাই গৰম পানীৰে ধুৱাই দিলোঁ। বুঢ়ীয়ে গালি পাৰি আছে, পাৰিবলৈ দিছোঁ, বৰ বৰ মানুহৰ গালি শুনিবই লাগিব। পখালি দিছোঁ বুঢ়ীৰ সৱ৷ পুৱাই কামবোৰ কৰি অতাই মেলি নিজৰ  বেগটো পেকিং কৰি ডিউটি সামৰি ঘৰখনৰ পৰা একেবাৰে বিদায় ল’বলৈ ওলালোঁ। এতিয়াচোন ঘৰৰ আটাইবোৰে  খাটনি ধৰিছে। যাবলৈ মানা কৰিছে। আজি আইতাৰ মুখতো শুৱনি মাত। আজি আইতাই মোৰ পৰাও গোন্ধ পোৱা নাই, ময়ো  আইতাৰ গাৰ গোন্ধ পোৱা নাই। আজি সকলো ফলফলীয়া। আইতাই ব্ৰঞ্জৰ খাৰু এপাতো দিলে।

: পিচে তই থাকিলিনে আহিলি?

 ৰশ্মিৰ প্ৰশ্ন৷

ৰশ্মিৰ প্ৰশ্নৰ উত্তৰত মুনুৱে যিখিনি কথা ক’লে তাৰ সাৰমৰ্ম এনেধৰণৰ “মুনুৱে হেনো বঢ়ীৰ পৰিয়ালক জনাই দিছে যে তাইৰো বাইদেউ এজনী আছে। এতিয়া কি কৰা ভাল হ’ব বাইদেউক সুধি, বাইদেউৰ দিহা-পৰামৰ্শ লৈহে জনাব পাৰিব৷”

ৰশ্মিয়ে ক’লে-

: গোন্ধ দুৰ্গন্ধনো কি আছে? কাকনো বুলিবি ককা, সকলোৰে ডাঢ়ি-চুলি পকা৷ ডিঅ’, পাৰফিউম বা যিহেৰেই নহওক সকলোবোৰ কিবাকিবিৰে ঢকা অ’৷

মুনু নাৰ্ছে ফোনেৰেই ৰশ্মিক সুধিলে-

: বাইদেউ, মানে আপোনাৰ মায়ে মোৰ ছোৱালীজনীক এটা সোণৰ লকেট দিম বুলি কৈছিলে, আপোনাক কেতিয়া লগ পাম বাৰু?

ৰশ্মিয়ে কেইবাবাৰো “হেল্ল…হেল্ল…”বুলি ডাঙৰকৈ মাতি ফোনৰ সংযোগ কাটি দিলে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.