ফটাঢোল

ভিন্নস্বাদ – ৰঞ্জিত কুমাৰ শৰ্মা

ক্ৰিকেট-ক্ৰিকেট-ক্ৰিকেট

(ক্ৰিকেট ৱৰ্ল্ড কাপ, ২০১৯। স্থান: ইংলেণ্ড আৰু ৱেলছ। ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত টীম ইণ্ডিয়াৰ পৰাজয়।)

প্ৰাতঃভ্ৰমণত–

নিতৌ প্ৰাত:ভ্ৰমণলৈ ওলোৱা চাৰিজনীয়া দলটোত আজি অশীতিপৰ চৌধুৰী নাই। সদায়েই কেউজনতকৈ আগতেই ঘৰৰ পৰা ওলাই অহা, দলটোৰ আটাইতকৈ জ্যেষ্ঠ চৌধুৰী আজি নহাত বাকী তিনিজন বন্ধুৱে ঘৰলৈ ওভতাৰ পথত চৌধুৰীৰ ঘৰত সোমাল। চৌধুৰীয়ে চোতালতে পাইচাৰী কৰি আছিল। তিনি বন্ধুৱে চৌধুৰীক প্ৰাত:ভ্ৰমণলৈ নোযোৱাৰ কথা সুধিলে–

: চৌধুৰী, আজি নোলালযে! গা বেয়া নেকি?

: নহয়হে। কালি বৰ বেয়া লাগিল বুজিছেনে। চাওকচোন গ্ৰুপত একেবাৰে ওপৰত থাকিও নিউজিলেণ্ডৰ লগত হাৰি থাকিল। ভাবিছিলোঁ এইবাৰ ৱৰ্ল্ড কাপটো আহিব। নাই, চব পণ্ড কৰি দিলে। মনৰ দুখতেই আজি ওলাই নগ’লো বুজিছেনে?

****

গণিত শিক্ষকৰ পুৱাৰ টিউচন–

: হোৰৌ, ৰতন অংক কেইটা কৰা নাই যে?

: ছাৰ কালি ইণ্ডিয়াৰ খেল আছিল যে। খেল চোৱাৰ বাবে কৰা নহ’ল।

: কেনেকৈ হ’ব?

: ছাৰ আপুনি খেল চাইছিলনে?

: চাইছোঁ। কিন্তু সেইবুলি মই নিজৰ কাম নকৰাকৈ থকা নাই।

: ৰতনে নকৰিলেও আমি কিন্তু কৰিছো ছাৰ।

: তোমালোকে খেল চোৱা নাই নেকি?

: চাইছোঁ‌ ছাৰ। হৰেন আৰু ইন্দ্ৰইহে চোৱা নাই।

: কিয়?

: আমি ক্ৰিকেট ভাল নাপাওঁ ছাৰ।

: সিহঁতৰ টিভিত বোলে খেলৰ পেকেজেই ভৰোৱা নাই ছাৰ।

: অ’! পিচে তোমালোকে মনত ৰাখিবা, কেৱল ক্ৰিকেটেই খেল নহয়, আৰু বহু খেল আছে। আমাৰ ৰাষ্ট্ৰীয় খেল কিন্তু হকীহে।

: জানো ছাৰ। কিন্তু ক্ৰিকেট চাই বৰ মজা লাগে। প্ৰিয়ানুজক দেউতাকে বেট, বল, পেড, গ্ল’ভছ আদি সকলো কিনি দিছে। সি স্কুলত ভাল খেলেও ছাৰ।

: হৰেন, ইন্দ্ৰ, হিমা দাসৰ নাম শুনিছা?

: শুনিছোঁ ছাৰ, এই সপ্তাহতে দুটাকৈ গোল্ড মেডেল পালে। আমাৰ হকী দলে অলিম্পিকত একেৰাহে ছবাৰকৈ গ’ল্ড পাইছিল বোলে ছাৰ।

: হয়। ক্ৰিকেটৰ দৰে হকীতো গুৰুত্ব দিলে এতিয়াও তেনে সম্ভাৱনা নথকা নহয়।

: ঋত্বিক, ৰাহুল, তোমালোকে কি কোৱা?

: হয় ছাৰ। কিন্তু ছাৰ ইণ্ডিয়াই চহলৰ ঠাইত ছামীক ল’লে ছেমি ফাইনেলত জিকিলহেঁতেন। বতৰো ছামীৰ বাবে ভাল আছিল। চহলে দহ অ’ভাৰত ষাঠিমান ৰাণ খৰচ কৰিলে। এটা অ’ভাৰততো ওঠৰ ৰাণ দিলে আৰু ইণ্ডিয়া সেই ৰাণতে হাৰি থাকিল।

: তোমাৰ দৰে বহুতেই তেনেকৈ ভাবিছে। দুই-এক প্ৰাক্তন ক্ৰিকেটাৰেও কথাটো কৈছে। কিন্তু ইংলেণ্ডত খেলিবলৈ যিমান খেলুৱৈ গৈছে তাতকৈ ‘ছাপোৰ্টিং ষ্টাফ’য়েই বেছিকৈ গৈছে। তেওঁলোকেনো কেৱল ভুলেই কৰিলেনে?

: ৰবি শাস্ত্ৰী আৰু ক’হলিৰ মইমতালি ছাৰ। নিউজিলেণ্ডে কিন্তু পাঁচজন পেচাৰেৰে খেলিলে ছাৰ।

: বাৰু বাৰু। আজি আৰু হ’ব দিয়া। খেলৰ কথা পাতোতে সময়বোৰ গ’ল। আগদিনাৰ চেপ্টাৰটো অলপ ৰিভাইজ কৰোঁ। পিচৰ বেটছ্টোও আহিবৰে হ’ব।

****

চাহদোকান এখনত আড্ডা বহিছে–

: মই সন্দেহ কৰিছিলোঁৱেই হাৰিব বুলি।

: ধোনীক চাৰি নম্বৰত পঠাব লাগিছিল। আৰে চাৰি নম্বৰত নপঠালা, পাঁচ নম্বৰততো পঠোৱা!

: শাস্ত্ৰী আৰু ক’হলিৰ অহংকাৰ হৈছে।

: কিন্তু ধোনীয়েইতো খালে। জাডেজাই ৰাণৰেট কমায়, ধোনীয়ে বঢ়ায়। ধোনীয়ে ওলপ ফাষ্ট খেলিলে ইণ্ডিয়া জিকে। ভাগ্যে পাকিস্তান আগতে আউট হ’ল, নহ’লে নাকেই কটা গ’লহৈ।

: কিন্তু ছটা উইকেট পৰাৰ পিছত কেনেকৈ অ’ভাৰ ৰিক্স ল’ব? ধোনীৰ বাবেইতো জাদেজাই ফ্ৰীলি খেলিব পাৰিলে। ইণ্ডিয়াও জয়ৰ কাষ চাপিল। গুপটিলৰ থ্ৰ’ ডাইৰেক্ট ষ্টাম্পত লাগিল বাবেহে!

: হয় দেই ক্ৰিকেটত ‘লাক’ও লাগে।

: আমি বকি থাকিলে কি হ’ব? হাৰিলেও ইণ্ডিয়া টীমে বোলে চাৰে ছয় কৌটি টকা পাব।

: হয় দেই। নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰে গাড়ী ধোৱা কাম কৰি খাবলগা হৈছে। ৱেষ্ট ইণ্ডিজৰ ফাষ্ট বলাৰ এম্ব্ৰোছ নে কোনোবা এজন ক্ৰিকেটাৰৰ ঘৰ বোলে বানপানীয়ে উটুৱাই নিছিল। আৰু আমাৰবোৰ ধনকুবেৰ। এতিয়া শুনিছোঁ দৰমহাও বোলে বাঢ়িব। কেইজনমানে বোলে বছৰত ৬-৭ কোটিকৈ পাব। লগত ঘৈণী নি চাহাবৰ দেশত মস্তি কৰিছে। প্ৰাক্তন কোনো কোনোৱেতো ৰাজনীতিও কৰিছে।

: হয় হয় সংসদ চলি থকা সময়তো সাংসদ ক্ৰিকেটাৰে লণ্ডনত গৈ কমেন্ত্ৰি দিছেগৈ।

: এই দুছমন দুজনৰ কথা চোৱা। ক’ৰ কথা নি ক’ত লগাইছে? হেৰৌ, ভাৰতত এতিয়া ক্ৰিকেটেই খেল বুজিছ। কি নাই ক্ৰিকেটত? গ্লেমাৰ, সন্মান, টকা, দেশপ্ৰেম…। পাকিস্তানক কোনে হৰুৱালে?

: হ’ব দে, তহঁতে চাহদোকানত দেশপ্ৰেম ফালি থাক। সংঘত মিটিং আছে, আমি যাওঁগৈ।

: (চাহদোকানী) দাদা, হিমা দাসে বোলে দুটাকৈ গ’ল্ড মেডেল পালে?

: অ’, পালে বোধহয়।

****

সংঘত মিটিং আৰম্ভ হোৱা নাই–

: তহঁত দুটা আহিলি? আহ, মানুহবোৰ অহাই নাই অ’! আৰু চাৰিজনমান আহিলে আৰম্ভ কৰিব পাৰি।

: সৌকেইটাই তাত কি কৰিছে? অই, তাত কি কৰিছ?

: মানুহবোৰ অহাই নাই, তাচপাতকে মেলিছোঁ‌।

: অই কি এখন এখনকৈ শামুকীয়া গতিত পাত বিলাইছ? ধোনীৰ দৰে বেটিং কৰিছ যে?

: ধোনীৰ বাবেইতো হাৰিলেও মান-সন্মান ৰক্ষা পৰিল। ৰোহিত, ক’হলি, ৰাহুলে কি কৰিলে?

: হয় দেই। মইতো এশয়েই নহ’ব যেন পাইছিলোঁ। জাদেজাইহে নাক ৰাখিলে।

: ধোনী নহ’লে জাদেজাইও নোৱাৰিলেহেঁতেন! ধোনীক আগতেই পঠাব লাগিছিল।

: ক’হলিয়ে বোলে আগৰ দুটা ৱৰ্ল্ড কাপতো ছেমি ফাইনেলত ফ্ল’প মাৰিছিল?

: আই চি চিৰ নিয়মৰো গণ্ডগোল আছে। ক’হলি আম্পায়াৰ্ছ ক’লৰ বাবে আউট হ’ল। কাৰণ তেওঁক আম্পায়াৰে আউট দিছিল। পিচদিনা অষ্ট্ৰেলিয়াৰ চাৰি নম্বৰত বেট ধৰাজনৰো বল ষ্টাম্পৰ বে’লত লাগিলহেঁতেন। আম্পায়াৰে আউট নিদিয়াৰ বাবে এল বি নহ’ল। আম্পায়াৰ্ছ কলৰ বাবে ৰক্ষা পৰিল।

: হয় দেই, আম্পায়াৰে আঙুলি নাদাঙিলে আম্পায়াৰ্ছ কলত ক’হলিও আউট নহ’লহেঁতেন।

: পাকিস্তানক যে বাহিৰ কৰাইছে সেইটোৱেই ভাল লাগিছে।

: তহঁতে তাচ খেলিছ নে ক্ৰিকেট? মই এনেকৈ নেখেলোঁ।

: হ’ব দে, মিটিং আৰম্ভ কৰিব লাগে। ব’ল।

******

মহিলা সমিতিৰ সান্ধ্য ভ্ৰমণ–

: আৰে বৰুৱানী, দুদিনকৈ দেখাদেখি নাই যে?

: এই ক্ৰিকেটডালেই যত চব।

: মানে?

: এই মানুহটোৱে ক্ৰিকেট চাবলৈ ঘৰত বন্ধু গোটাই আড্ডা বহুৱালে। এখন খেলৰ বাবে দুদিন।

: তাৰ বাবেই আপুনি নোলালযে?

: নক’ব আৰু। ‘হেৰা শুনিছানে, আদা দি ৰঙা চাহ একাপকৈয়ে দিয়াহে’, ‘হেৰা, ইংলেণ্ডতো বৰষুণ ইয়াতো বৰষুণ, পকৰা কেইটামানকে ভজাহে’, ‘হেৰা টেবুলতে চছমাযোৰ আছে আনাহে’… ফৰমাইচবোৰ শেষ হ’লেহে ওলাব পাৰি। আৰু আড্ডা শেষ হোৱাৰ পিছত চাধাৰ গুড়ি চাফা কৰা, ছোফা-বিছনা ঠিক-ঠাক কৰা কামবোৰতো আছেই।

: কালি বৰ জমিছিল বুজিছেনে? ৰমাকান্তৰ ঘৈণীয়েকে হৰেন ঠিকাদাৰৰ ল’ৰাটোৰ সৈতে পলাই যোৱা ঘটনাটোৱে বৰ ৰস দিলে।

: হয় দেই, কালি খোজ কঢ়া যেন অনুভৱেই নহ’ল। বৰ জমিছিল।

: আমাৰ আকৌ তেনে কথাৰ ৰস লোৱাৰ ভাগ্য ক’ত? ঘৰত গেবাৰী খাটোতেই যায়।

: মই অৱশ্যে ক্ৰিকেট চাই বেয়া নাপাওঁ। হ’লেও সন্ধিয়া ওলাই অহাটো নিচা যেন হৈছেহে।

: মোৰো তেনেকুৱাই, নিচা হৈছে। মই কিন্তু টিভিটোৰ সন্মুখত বহি থকাসকলৰ এনালাইছিছ শুনিও বৰ মজা পাওঁ। বাপজনমত ক্ৰিকেট খেলি নোপোৱা একোজনেও যিহে বিশেষজ্ঞৰ দৰে কথা কয় নহয়।

*****

চৰকাৰী অফিচত কাম চলিছে–

: ফাইনেলখন জমিব যেন পাইছোঁ।

: ইণ্ডিয়াই নাই, কি খেল চাবহে?

: খেল খেলেই। খেলত হৰা-জিকা থাকেই। ‘স্পৰ্টছমেন স্পিৰিট’ থাকিব লাগে।

: হ’লেও মজা নাথাকে। প্ৰথম দিনা বৰষুণ হ’ল, দ্বিতীয় দিনা হ’লেও ভাল আছিল, ইণ্ডিয়া ফাইনেল পালেহেঁতেন।

: হয় হে, আই চি চিয়েও যে নিয়ম বনায় আৰু দেই।

: (এমাহ উপায়ুক্তৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়ি থকা এজন) দাদা, মোৰ কামটো হৈছেনে?

: নাই হোৱাহে, দুদিনমান পিছত খবৰ ল’ব।

: কেইবাদিনো হ’ল। ফাইলটো আপোনাৰ টেবুলতে আছে বোলে।

: থাকিলে কি হ’ব? দেখিছেই নহয় টেবুলত ফাইলৰ দ’ম। আৰু ডি চি ছাৰো নাই নহয়। খুলশালীয়েকৰ বিয়া, ছুটীত আছে। দুদিনমান পিছত খবৰ ল’ব।

: অ’ বৰবাবু, ডাঙৰ ৱাল টিভি ল’লে বোলে?

: নক’ব আৰু! ল’ৰা-ছোৱালীহালক বোলে খেল চাবলৈ ডাঙৰ টিভি লাগে। পিচে কি হ’ব ইণ্ডিয়াই ফাইনেল নাপালে।

: হয় দেই। বহু ঠাইত বোলে পূজা-পাতলো চলিল, তথাপিও কাম নহ’ল। কাম নাই আৰু। মানুহবোৰৰ যে কি হৈছে নহয়।

: তথাপিও চহল নে কি, ক’হলিৰ বুকুৰ কুটুমটো, সেইটোৰ ঠাইত ছামীক লোৱা হ’লে আৰু দীনেশ কাৰ্তিকৰ সলনি যাদৱক ল’লেও হ’লহেঁতেন।

: আচলতে ‘কেহেনা আছান, কৰনা মুছকিল’।

: নহয়হে, প্ৰথম দিনা খেল হ’লে ইণ্ডিয়া জিকিলহেঁতেন। পিছদিনা বতৰো ঠাণ্ডা আৰু সেমেকা হ’ল। তাতে আকৌ পুৱাৰ ভাগতেই বেটিং কৰিবলগা হ’ল।

: ফাইনেলত নগ’লেও পাকিস্তানক হৰুৱাইছেতো তাতেই শান্তি।

: (পিয়ন) বৰবাবু ছাৰ, আপোনাক এ ডি চি কাকতি ছাৰে মাটিছে।

: গৈ আছো বুলি ক’গৈ। (আনে নুশুনাকৈ) এই বুঢ়াটো যে নহয়, কালি ফ্লাডৰ ফাইলটো দিছিলহে, আজি লগাই হ’ল বোধহয়।

***

বজাৰত–

: আৰে শৰ্মা দেখোন? মাছ ল’লে?

: অকণমান ল’লোঁ। ল’ৰাটোও আহিছে নহয়।

: অ’ তাক ক’ত এডমিছন দিলে?

: তাৰ ৰিজাল্টটো সিমান ভাল নহ’ল। তাৰ আকৌ ক্ৰিকেটত বৰ ৰাপ। সেয়ে গুৱাহাটীতেই এডমিছন দিয়ালোঁ। ক্ৰিকেটৰো কছিং কৰিব বোলে।

: ভালেই হৈছে দিয়ক। খেলেৰেও আজি-কালি ভৱিষ্যত গঢ়িব পাৰি। ক্ৰিকেট হ’লেতো কথায়েই নাই। টেণ্ডুলকাৰ, ক’হলি, হাৰ্দিক পাণ্ডিয়াহঁতেনো কিমান পঢ়িছে? কলেজেই গচকা নাই। আজি-কালি ষ্টেটত খেলিব পাৰিলেও ক্ৰিকেটত টকা আছে। আমাৰটোহে জানো কি কৰে! কবিতা, নাচ-গান, নাটক এইবোৰতেই সময় নষ্ট কৰি থাকে দেখোন!

: অ’, পিছে খেল চাইছে নে নাই।

: চালোঁ, বৰ বেয়া লাগিল বুজিছেনে? এইবাৰ চেম্পিয়ন হ’ব বুলি বৰ আশা কৰিছিলোঁ।

: মইও ভাবিছিলোঁ হে, নহ’ল আৰু। বাৰু, সন্ধিয়া এপাক আহিবচোন, ভালকৈ কথা পাতিম।

****

বিবাহ অনুষ্ঠানত একাংশ আত্মীয়–

: …. চাৰিওফালে কেৱল ক্ৰিকেটৰ জ্বৰ।

: হ’বই দিয়কছোন। ক্ৰিকেট এতিয়া দেশৰ কোটি কোটি মানুহৰ আবেগ।

: কিন্তু একেদিনাই শেষ বাপ্পেকে।

: মই অনুমান কৰিছিলোঁৱেই। গ্ৰুপত আৰু এখনমান হাৰিব লাগিছিল। অ’ভাৰ কনফিডেন্সৰ ফল পালে।

: খেলত হৰা-জিকা থাকেই। কালি অষ্ট্ৰেলিয়াও হাৰিলে। ফুটবলত দেখোন ইণ্ডিয়াই ৱৰ্ল্ড কাপৰ কোৱালিফাইঙতে হাৰে।

: ফুটবল যিয়েই নহওক, ক্ৰিকেট কিন্তু বেলেগ। ভাৰতত এতিয়া খেল মানেই ক্ৰিকেট। প্ৰধানমন্ত্ৰীয়েও ক্ৰিকেট চায়, খেলুৱৈৰ খবৰ ৰাখে। টীম ইণ্ডিয়াৰ জয়ৰ বাবে দেশজুৰি পূজা কৰা হয়।

: এইবিলাক প্ৰচাৰৰ বাবে হৈছেহে। দেশত এতিয়াও ক্ৰিকেটতকৈ ফুটবলহে বেছি জনপ্ৰিয়। গাঁৱত দুটা ক্লাবৰ মাজত খেল হ’লেও হাজাৰ দৰ্শক গোট খায়।

: হ’লেও ক্ৰিকেট বেলেগ। তাতে আকৌ বিশ্বযুদ্ধ।

: কিহৰ বিশ্বযুদ্ধহে? পৃথিৱীৰ ১৭৫ খন দেশৰ ভিতৰত মাত্ৰ দহটা দলৰ মাজত খেল। এইখন কেনেকৈ বিশ্বযুদ্ধ হয় বুজি নাপাওঁ। অ…অ’ ক্ৰিকেটৰ মহাৰণ বুলিব পাৰে।

: চাহাবৰ দেশত ক্ৰিকেট। তাতে আকৌ ভাৰতীয়ৰ ধনেৰে।

: কি কয়হে?

: হয়। এইবাৰ ক্ৰিকেট ৱৰ্ল্ড কাপ হৈছে খেলৰ জনক, চাহাবৰ দেশ ইংলেণ্ড আৰু ৱেলছত। কিন্তু দৰ্শক বেছি ভাৰতৰ। কানাডাত চাকৰি কৰা এজন ভাৰতীয়ই হেনো ছুটী নোপোৱাৰ বাবে চাকৰিকে বাদ দি খেল চাবলৈ গ’ল। এয়াই ক্ৰিকেট।

: সঁচাকৈয়ে ক্ৰিকেটৰ মজাই বেলেগ। ভাৰতত ক্ৰিকেট এতিয়া এক বৃহৎ উদ্যোগো হৈ পৰিছে।

: মানে?

: খেলবিধৰ বাবেই কিমানৰ যে কৰ্মসংস্থাপন ওলাইছে! আৰু এটা কথা, আজি যদি ইণ্ডিয়াই ক্ৰিকেট নেখেলোঁ বুলি কয় তেন্তে আই চি চিয়ে দুৱাৰ বন্ধ কৰিব লাগিব।

: খেলাসকলৰ কথাতো নকওঁৱেই, জীৱনত ক্ৰিকেট নেখেলা বহুতেও কোটিপতি হৈছে।

: আৰু কোনোদিনে বেট-বল চুই নোপোৱা লাখ লাখ ভাৰতীয় ক্ৰিকেটৰ সমালোচক-বিশেষজ্ঞ হৈছে।

: (দৰাৰ পিতৃ) অই, আটাইকেইটাই ভাত খাই নলোৱা কিয়?

: গৈছোঁ পেহা।…

: গৈছোঁ ভিনীহি…।

: ব’লা ব’লা, ভাতকেইটা খাই লওঁ।

☆★☆★☆

2 Comments

  • HEMANTA KAKATI

    ভাল লাগিল ক্ৰিকেট ফিভাৰ৷ কি কব, সবেই বিশেষজ্ঞ৷

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published.