ফটাঢোল

ভুকুতে কলটো নপকে – মন্দিতা শৰ্মা

অক্টোবৰ মাহৰ শেষৰ ফালৰ এটা মনোৰম দিন। গড়কাপ্তানি বিভাগৰ কাৰ্য্যবাহী অভিযন্তা হৃষিকেশ বৰুৱা তেওঁৰ সহকৰ্মী নিমতাল আওৰ লগত যোৰহাটৰ পৰা সোণাৰী টাওকাকহৈ মনলৈকে পথ নিৰ্মাণ কাৰ্য পৰিদৰ্শনৰ লগতে কিছু বিনোদনৰ কাৰণে ওলাল। আও মানুহজন বৰ ৰসিক আৰু আপোনভোলা। অন্তৰখনো যেন ফটফটীয়া এখন আইনাহে, মমতাৰে ভৰা।

প্ৰাকৃতিক মোহনীয়া পৰিবেশত আনন্দিত উগুল-থুগুল মনেৰে দুয়ো আগবাঢ়িল। গুৰিগুৰিকৈ বৰষুণ পৰিছে, যেন বকুল ফুলহে সৰিছে, তথাপি প্ৰদূষণহীন মুক্ত বায়ুৰ হেঁপাহত গাড়ীৰ গ্লাছ খুলি দুয়ো আগবাঢ়িছে। চিটিকি পৰা বৰষুণে মন অধিক সতেজ কৰি তুলিলে দুয়োৰে। মাজে মাজে চিনাকি অচিনাকি যাকেই দেখিছে আওৱে চিঞৰি মাত লগাইছে- কেনেকা আছ?
আমিখান অলপ বেৰাবলে যাব।

: বাবু, অলপমান ভাল পৰা আমি চাপাট্টা ল’ব, ড্ৰাইভৰ গাড়ীটা আস্তে চলাবি। এই এই ঘূৰিবি হিটো ফালে, বচ বচ ৰখিবি।

তাৰ মুখত কথাবোৰ ইমান শুৱনি হৈ পৰে।
আকৌ ক’ব,

: মোৰ লাগা ঘৰখান ইহাতে আছে, সৌ চিদা ৰাস্তাই।

কত তাৰ মৌ মিঠা কথা, মাতটোও তাৰ মিঠা। মাজে মাজে ভূপেনদাৰ গান আঁওৰাইছে যিটো গান গাই ভূপেনদাই, নাগাৰ সৈতে ভাতৃঘাতী সংঘৰ্ষৰ সংকট কালত হাৰমণিয়াম এখন হাততলৈ নাগা ৰাইজৰ মাজে-মাজে বিলাই গৈছিল শান্তিৰ বাৰ্তা।

“মানুহ যদিহে নাহ’ব মানুহ
ছেটান কেতিয়াভি নাহ’ব মানুহ
আৰু ছেটানটো যদি মানুহ হয়
চৰম পাব কোনেনো কবি
অ’ চাথী…”

পুৰণি অসমৰ উত্তৰৰ বিস্তীৰ্ণ পাহাৰীয়া এলেকাত বসবাস কৰা জনজাতিসমূহৰ ভিতৰত নগাসকলেই আছিল সবাতোকৈ শক্তিশালী৷ নগাৰ সৈতে অসমীয়াৰ সম্পৰ্ক যুগ-যুগান্তৰৰ৷ নগাক লৈ অসমীয়াই আজিও কতটাযে বিহুনাম গায়৷ কথাবোৰ ভাবি থাকোঁতেই এষাৰ চাঁতকৈ মনলৈ আহিল…

“নগাৰ চাঙতে পেঁপাটি বজালে
ডফলাই ধৰিলে টকা৷
ল’ৰা বুঢ়া জীয়ৰী ৰঙতে বলিয়া
ব’হাগৰ বিহুৱা ডেকা৷”

নগা নামটোৰ দৰাচলতে কোনো সৰ্বজন গ্ৰহণযোগ্য অৰ্থ নাই বুলিয়ে কিতাপে-পত্ৰই উল্লেখ আছে। অন্য জনগোষ্ঠীয়ে দিয়া নামহে এইটো৷ কছাৰী মানুহে নগা মানুহক হেনো ‘নাগ্‌ ৰা’ বুলিছিল৷ নাগ্‌ ৰাৰ অৰ্থ হৈছে যুদ্ধপ্ৰিয় জাতি৷ নাগ্‌ ৰা শব্দৰ পৰাই নগা নামটোৰ উৎপত্তি বুলি এচাম অধ্যয়নকাৰীয়ে ক’ব খোজে৷ এচামৰ মতে নগা লোকসকলে আদিতে সৰ্প পূজা কৰিছিল৷ সেয়েহে সৰ্পলোকৰ বাসিন্দা অৰ্থাৎ ‘নাগ’ শব্দৰ পৰা নগা হোৱা বুলি অনুমান কৰে৷ কোনো কোনোৰ মতে নাঙঠ বুজোৱা সংস্কৃত শব্দ ‘নগ্ন’ বা হিন্দীৰ ‘নঙ্গা’ শব্দটোৰ বিকাৰ ঘটিয়ে হেনো নগা হ’ল৷ একাংশৰ মতে নগা শব্দটোৱে পৰ্বতত বাস কৰা মানুহকহে বুজায়৷ ‘নগ’ মানে পৰ্বত৷ ভিন্ন মুণি, ভিন্ন মত৷

অসমীয়া অভিধানৰ মতে ‘নগা’ হৈছে উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীবিশেষ- প্ৰধানকৈ নগাভূমিত, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত বাস কৰা জনজাতি- আৰু পাৰ্বত্য জনজাতিৰ সমূহীয়া নাম৷

নগা বুলিলেই সৰ্বসাধাৰণৰ মনলৈ ঘপহকৈ অহা শব্দবোৰ হ’ল – নগা-শ্বল, নগা-দা, নগা-যাঠি, নগা-ঢাৰি, নগা-টেঙা, নগা-আহু, নগা-পাণ, নগা-ওদাল, নগা-ঘা, নগা-চকলা, নগা-জিলি, নগা-কচু, নগা-জেনেৰু, নগা-তুলসী, নগা-ভেহ, নগা-নন্দিনী, নগা-ভোমৰতি, নগা-মাকো, নগা-মতা, নগা-কোঁৱৰ, নগা-মজিন্দাৰ, নগা জাহিঙ্গীয়া ধান, নগা-আলি, নগা-বাট, নগা-ধূলি, নগা-খাত, নগা-ঘূলি, নগা-দেৰা আদি৷

এইসমূহ শব্দ আমাৰ দৈনন্দিন কথা-বতৰাত বহুলভাৱে ব্যৱহৃত হোৱাৰ ফলত ভাষা-সাহিত্যৰো এৰাব নোৱাৰা সম্পদ হৈ পৰিল৷ এহাতেদি নগাভূমিত সংযোগী ভাষা হিচাপে নাগামীজৰ বিকাশ আৰু প্ৰসাৰ, অন্যহাতেদি অসমীয়া ভাষাৰ খণ্ডবাক্য, প্ৰবচন, শব্দভাণ্ডাৰ আদিত নগাসকলৰ যথেষ্ট সমল সোমাই পৰিল৷ নগাসকলৰ সান্নিধ্যই এনেদৰে অসমীয়া ভাষাটোক সমৃদ্ধিশালী হোৱাত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে।

“আমি লাগা ভাই আৰু বৈনিখান। আমি নাগালেণ্ডতে মাটিতে কাৰণে বেছি খুছি পাইছে দেই” – এইদৰেই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ২০০৩ চনৰ অক্টোবৰত কোহিমাৰ এখন জনসভাত ৰাইজক উদ্দেশ্যি দিয়া ভাষনৰ আৰম্ভণি কৰিছিল। সেইখন সভাতে তেওঁ নাগাসকলৰ বৈশিষ্টপূৰ্ণ ইতিহাসৰ বিষয়ে কৈছিল, নাগাসকলৰ স্বাভিমানৰ প্ৰশংসা কৰিছিল আৰু এখন শান্তিপূৰ্ণ নাগাভূমিৰ সপোন দেখুৱাইছিল। বাজপেয়ীয়ে নাগাসকলৰ দেশপ্ৰেমৰ কথা কৈছিল, ৰাণী গাইডিলু আৰু ছহিদ জাডোনঙৰ দেশৰ কাৰণে দিয়া আত্ম বলিদানৰ কথা সুঁৱৰিছিল। বাজপেয়ীৰ এই উদ্দীপ্ত ভাষনটোৱে সেইসময়ৰ নাগা বিদ্ৰোহী সকলৰো মন মুহিছিল আৰু ভাৰতৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱৰ পৰিৱৰ্তন ঘটাইছিল।

কথাবোৰ ভাবি ভাবি আৰু বহুসময়ত নিমতালৰ লগতো আলোচনা কৰি আহি থাকি মাজে মাজে বিভাগীয় কামকাজো কৰি মেলি আহি কেতিয়া যে সন্ধিয়া লাগিলে ধৰিবই নোৱাৰিলে। আজি আৰু কালিলৈ দুটা ৰাতিৰ কাৰণে মন জিলাৰ চাৰ্কিট হাউচ বুক কৰা হৈছে।

কাইলৈ পুৱাই তেওঁলোক মন জিলাৰ সদৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ পূব প্ৰান্তৰ পাটকাই পৰ্বতমালাত অৱস্থিত প্ৰকৃতিৰ চিৰ সেউজীয়া জিলাখনৰ আটাইতকৈ ওখ আৰু আকৰ্ষণীয় পৰ্বত বেদা (Veda) শৃংগলৈ যোৱাৰ কথা। নিজ চকুৰে ইয়াৰ অপৰূপ সৌন্দৰ্য পান কৰাৰ হেঁপাহ বহুদিনৰ পৰাই সাঁচি ৰাখিছিল। ফৰকাল বতৰত এই শৃংগৰ পৰা ম্যানমাৰৰ চিন্দুইন আৰু অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ সমগ্ৰ উপত্যকা স্পষ্টকৈ দেখা পোৱা যায়। এই বেদা শৃংগৰ বুকুত এটি সুন্দৰ জলপ্ৰপাত আছে। পৰ্বতাৰোহণৰ বাবে বেদা শৃংগ কঠিন যদিও অতি ৰোমাঞ্চকৰ। প্ৰায় পাঁচ ছয় ঘণ্টাৰ ভিতৰতে শৃংগৰ শীৰ্ষত আৰোহণ কৰিব পাৰি। বৰুৱাৰ মনত দূৰ্বাৰ হেঁপাহে সঁজাল ধৰি উঠিল।

ৰাতিৰ সাজ খাই বৈ দুয়ো দুটা ৰূমত শুবলৈ যোৱাৰ কথা, ইফালে পুৱা সোনকালে ভ্ৰমণলৈ ওলাব লাগিব। কথাই কথাই বৰুৱাই ক’লে যে তেওঁ প্ৰায়ে উজাগৰী ৰাতি কটায়, কোনোপধ্যে ভাল টোপনি নাহে। নিমতাল অবাক হ’ল, তেওঁ বোলে দুই-তিনি মিনিটতে টোপনি যায়।

বৰুৱাই ভাৱিলে এয়ে সূৱৰ্ণ সুযোগ, আজি যেনেতেনে তেওঁৰ পৰা কিটিপটো আয়ত্ব কৰিবই লাগিব। কথামতে কাম। আও আহিল বৰুৱাৰ ৰূমত কিটিপ শিকাবলৈ। বৰুৱাৰ বিচনাত দীঘল দি পৰি তেওঁক ক’লে,

: চাব, তই মোক চাই কেনে কৰি ল’বি, আৰু চাবিনা৷ মৰম পৰা ঠেং দুটাকে বাচ্চা নিচিনা অলপমান মালিচ কৰিবিনা আৰু ক’বি ঘুমাবি, ঘুমাবি। পেটটোকে ভি ইমান ম..ৰ..ম কৰিবিনা আৰু ক’বি ঘুমাবি, ঘুমাবি।
তাৰপিছেতে চেষ্টকে ভি ইমান ম..ৰ..ম কৰিবিনা আৰু ক’বি ঘুমাবি, ঘুমাবি। গলাটাকে ইমান ম..ৰ..ম কৰিবিনা আৰু ক’বি ঘুমাবি, ঘুমাবি। চুকুখানকে ভি ইমান ম..ৰ..ম কৰিবি আৰু ক’বি ……………………..।

তেওঁৰ মাত লেবা লেবা হৈ দুৰ্ঘোৰ নিদ্ৰাত ঢলি পৰিল। বৰুৱাই ততকে ধৰিব নোৱাৰিলে।

তেওঁ চেষ্টা কৰিলেহে কৰিলে ভৰি, পেট, বুকু … মৰম কৰি কৰি, তেওঁৰ কিন্তু সঁচ টোপনি নাহিল। অন্তৰ কিমান নিঃস্বাৰ্থ আৰু সৰল হ’লেহে এটা সুন্দৰ মন আৰু সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি, এই মুহূৰ্তত এটা জ্বলন্ত প্ৰমাণ তেওঁ অনুভৱ কৰিলে। বৰুৱাই বেলকনিত চকী এখনত বহি লৈ ফৰকাল আকাশখন আৰু দূৰৈৰ পাহাৰখনলৈ চাই ভাৱিলে ভুকুতে কলটো নপকে, চেষ্টাৰ অসাধ্য একো নাই, আকৌ তেওঁ কালিলৈ এই কচৰৎটো কৰি চাব।

(বিঃদ্ৰঃ উল্লেখিত কিছু তথ্য ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে)

☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    খুৱ ভাল লাগিল৷ বিশেষকৈ নগাৰ বিষয়ে লিখা কথাখিনি৷ মানুহক মৰম দিলে সকলোকে আপোন কৰিব পাৰি৷

    Reply
  • P Hazarika

    Bhal lagil
    Bohut buranjir knowledge thokar babehe ane hunder likhoni.

    Reply

Leave a Reply

Your email address will not be published.