ফটাঢোল

ভূতীয়া প্ৰেম-বিপুল শৰ্মা

কাহিনীটো একপ্ৰকাৰ ভূতৰো আৰু ফটাপ্ৰেমৰো৷ পূৰাকৈ ক’বলৈ গ’লে ভূতৰ লগত ফটাপ্ৰেমৰ। মোৰ নহয় বন্ধুৰ, এতিয়া কলিকতাত থাকে। এয়া কলেজৰ প্ৰথম বাৰ্ষিকৰ কাহিনী। সেইসময়ত আমাৰ পাছকৰ্ছৰ গণিতৰ টিউচন আছিল শিলপুখুৰীত। টিউচনৰ পাছত আমি চাৰিজন ল’ৰা পুখুৰীটোৰ পাৰত বেন্সত বহি এঘণ্টামান আদ্দা দি ঘৰলৈ আহোঁ৷ সেইসময়তে দুজনী ছোৱালীয়েও কৰবাত টিউচনেই কৰি হ’বলা পুখুৰীৰ কাষৰ ৰাষ্টাটোৰে ঘৰমুৱা হয়৷ এদিন লগৰ এটাই ক’লে,

: ঐ, মোক চায় বে’৷

তেতিয়া বিপৰীত লিংগৰ কাৰোবাক দুবাৰমান দেখিলেই প্ৰেমত পৰা বয়স, তাতে নিজেই চাইছে বোলে। ছোৱালী দুজনীও একেবাৰে কুন্দত কটা চেহেৰাৰ নহ’লেও আমাৰ দৰে চেঙেলীয়া ল’ৰাৰ মতি গতি বেয়া কৰিবলৈ পাৰ্গত ধৰণৰ আছিল। নিজে ল’ৰা চোৱা ছোৱালী তেতিয়াৰ দিনত বিৰল গতিকে পটাবলৈ লগৰ এটাক কবিতা লিখিবলৈ আগধন মানে আগ চাওমিন খুৱালেই বন্ধুৱে৷

কেইদিনমান যোৱাৰ পাছত থিৰাং হ’ল, ক’ৰ ছোৱালী জানিব লাগিল৷ গতিকে বন্ধুৰ এৰাব নোৱাৰা অনুৰোধত এদিন অলপ দূৰত্ব ৰাখি ছোৱালীৰ পিছে পিছে চাৰিসিদ্ধই গমন কৰিলোঁ৷ ছোৱালী দুজনীয়ে দুবাৰমান পিছফালে চাই নৱগ্ৰহ শ্মশানৰ আগে আগে পোৱা পূৱফালৰ ৰাষ্টা ল’লে৷ ইতিমধ্যে ৫:৪৫ মান হৈছে, আন্ধাৰ হওঁ হওঁ৷

আমি বেছি নিৰস দুজনৰ আমনি লাগিল, ক’লোঁ,

: আমি শ্মশানৰ ৱালৰ কাষতে ৰৈছোঁ, তহঁত দুটাই চাই আহগৈ৷

ছোৱালীদুজনীয়ে শ্মশানৰ পূৱফালৰ লুংলুঙিয়া ৰাষ্টাটো ল’লে, আমাৰ প্ৰেমকুমাৰ দুজন ডিচটেন্স মেইনটেইন কৰি পিছে পিছে৷

অলপ পাছতে আমাৰ প্ৰেমকুমাৰ দুজনো পালেহি৷ ৰাষ্টাটোৰ কাষত বৰ জংঘল বোলে। আন্ধাৰো বহুত, জয়াল জেগাটুকুৰা। অলপ দূৰ গৈ ছোৱালী দুজনীও হঠাতে নাইকিয়া হ’ল। সিহঁতেও আমাক অকলে ৰখাই থ’বলৈ বেয়া পালে বোলে গতিকে ঘূৰিয়েই আহিল। অহাবাৰ ভালকৈ ঘৰটো বিচাৰিব।

মই ক’লোঁ,

: দে ভালেই কৰিলি, ব’ল ঘূৰি যাওঁ, ৰ’ মই অলপ সৰু পানী চুই আহোঁ।

মোৰ লগৰটোৱেও ক’লে,

: মোৰো লাগিছে৷

তেতিয়া এজনৰ লাগিলে বাকীকেইজনৰো লাগে , গতিকে চাৰিওজন ৱালৰ কাষত থিয় হঁলোঁগে৷ মই আৰু মোৰ লগত ৰৈ থকাটো আছিলোঁ একাষে থিয় হৈ।

প্ৰেমকুমাৰৰ সৰু পানী চোৱা পৰ্ব অৰ্ধসমাপন হোৱাত হঠাৎ সি ওপৰলৈ চাই দেখে তাৰ মূৰৰ দুফুট ওপৰৰ পৰা তাৰ অসুৰ্যস্পৰ্শ অংশক এটা নৰমুণ্ডৰ চক্ষুবিহীন কোটৰে অৱলোকন কৰিছে৷

ষ্পট জাম্পত কেনেকৈ তিনিমিটাৰ পাৰ হ’ব পাৰি সিদিনা স্বচক্ষুৰে দেখিলোঁ৷ বন্ধুৱে বাকীৰোৱা মুত্ৰৰে ৰাষ্টাৰ মাজত এটা বৃত্ত আঁকি তাৰ মাজত সোমাই কঁপিবলৈ ধৰিলে। বন্ধুৱে পিছত কৈছিল যে তাৰ প্ৰতুৎপনমতিয়েই তাক বচালে৷ সি বোলে শুনিছিলে মুত্ৰ চতিয়াই দিলে ভূত নাহে। আমিও ততাতৈয়াকৈ নিজৰ নিজৰ কৰ্ম সমাপন কৰি চাওঁ যে ৱালৰ ওপৰৰ ফেঞ্চিংৰ লোহাৰ শলাত লাওখোলা দুটামানে দন্ত প্ৰদৰ্শন কৰি মৃদুহাস্য কৰি আছে।

বন্ধু সিদিনাৰ পৰা কনফাৰ্ম হ’ল যে সেই ছোৱালী দুজনী মানুহৰ ঘৰৰ নহয়েই৷ ছোৱালীকেইজনী অহা সময়লৈ আড্ডা দিয়াও বন্ধুৱে বাদ দিলে৷

সঁচা কথা ক’বলৈ গ’লে কেইদিনমান আগতে মই নৱগ্ৰহ শ্মশান আহি থৈছিলোঁ লাওখোলা বিছাৰি, কিবা এটা কামত লাগিছিল। তেতিয়াই দেখি থৈছিলোঁ, কোনোবা আমাতকৈ ডাঙৰ অঘাসুৰ বঘাসুৰে ৱালৰ ওপৰৰ লোহাৰ ফেন্সিংবোৰত লাওখোলা ওলোমাই থৈছিলে। ওচৰৰ পৰা মন কৰিলেহে দেখি৷ লগৰটোকো দেখুৱাইছিলোঁ৷ লাহে লাহে ৰাতি হৈ অহা দেখি আমাৰ সহজ সৰল মনত আইডিয়া এটা আহিছিল সিদিনা। ছোৱালী দুজনীৰ ঘৰো ঠিক কেঁকুৰীটো ঘূৰিয়েই দুটামান নামি যোৱা চিড়ি আছে, তাতে। হঠাতে ৰাতি চিড়িকেইটা নেদেখি। গতিকে ছোৱালী অন্তৰ্ধান হোৱাটোও মিলি গ’ল কৃষ্ণক চিন্তি৷

এবছৰমান পিছত বন্ধুক ভূতৰ বেকগ্ৰাউণ্ড ষ্টৰিটো কোৱা হৈছিল। নক’লেও হ’ব দুদিনমান মই পিঠি চিধা কৰিব পাৰা নাছিলোঁ৷

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ। ইয়াৰ পিছত নিজৰো ফটাপ্ৰেম লিখিব বুলি আশা কৰিলোঁ। 😁😁

    Reply
    • অৰ্চন শৰ্মা

      বা বিপুল দাই বৰ সুন্দৰ লিখে ন

      Reply
  • ৰাজু কুমাৰ নাথ।

    ৱাহ! বঢ়িয়া কাহিনী।

    Reply

Leave a Reply

Your email address will not be published.