ফটাঢোল

ভূতৰ লগত এৰাতি-বৃতুল শৰ্মা

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত কটোৱা দিনৰ এটা ঘটনা।

আমাৰ মাজৰে এজনৰ (নাম উল্লেখ নকৰোঁ) সকলো কথাতে মাত্ৰাধিক ওফাইদাং মৰা স্বভাৱটো আমাৰ বাবে অসহ্যকৰ আছিল। আমি সকলোৱে মিলি তেওঁক এসেকা দিবলৈ ঠিৰাং কৰিলোঁ। দিন-বাৰ ঠিক কৰা হʼল। গধূলিতে আমাৰ মাজৰ এজনে গৈ আড্ডা মৰাৰ চলেৰে এখন খিৰিকী খুলি থৈ আহিল। তাৰপিছত দুজনে সোনকালে ভাত খাই উঠি সম্পূৰ্ণ দুঘণ্টাযোৰা মেক্আপেৰে এক্কেবাৰে কন্ধৰ নিচিনা ৰূপ এটা লʼলে। বন্ধুজন চিলমিল টোপনিতপৰা আনুমানিক সময়ৰপৰাই এজনে গৈ তেওঁৰ ৰূমৰ ওচৰত মাজে মাজে শিকলি এডাল জোকাৰি অলপ চাউণ্ড এফেক্ট দি থাকিল। যেন কোনো নূপুৰ পিন্ধা মাইকী মানুহে ৰূমৰ ওচৰেৰে খোজ কাঢ়ি গৈছে। তাৰলগতে ৰাতি আগবঢ়াৰ লগে লগে বাঢ়ি গৈ থকা কুঁৱলীৰ বগা জাল। লগতে এজনে তেওঁৰ ৰূমৰ ওচৰত গৈ মাইকী মানুহৰ অনুচ্চ কণ্ঠত কন্দাৰ শব্দ কৰি আহিল। আন এজনে গৈ ৰূমৰ ওচৰৰপৰা কʼৰিডৰটোৰ শেষলৈ প্লাষ্টিকৰ ভগা খাৰু আৰু অলপ সেন্দুৰ পেলাই থৈ আহিল। গোটেই ক্ৰিয়া-কলাপবোৰে এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিল যেন, কোনো অশৰীৰী নাৰী মূৰ্তি কʼৰিডৰৰ সিটো মূৰৰপৰা তেওঁৰ ৰূমৰ সম্মুখলৈ আহি তাত অলপ সময় ৰৈ পুনৰ ঘূৰি গʼলগৈ। নাৰী মূৰ্তি যেন অতিশয় দুঃখিত। যেন চকুপানী টুকিছে অহৰহ – ঠিক তেনে এটা প্ৰেক্ষাপট। খোজকাঢ়ি আহোঁতে নূপুৰৰ শব্দ, অহা-যোৱা পথত ভগা খাৰু আৰু সেন্দুৰ, লগতে অনুচ্চ স্বৰত নাৰীৰ ক্ৰন্দন, এই সকলোবোৰেই যেনে একো একোটা স্পেচিয়েল এফেক্ট।

কিন্তু এই স্পেচিয়েল এফেক্টবোৰে তেওঁৰ ওপৰত কিমানখিনি ক্ৰিয়া কৰিছে সেইবিষয়ে আমি অৱগত নাছিলোঁ। নে তেওঁ ইতিমধ্যে টোপনিত লালকাল দিছে সেয়াও আমি নাজানো। সেইসময়ত তেওঁ ওঠৰ নম্বৰ ৰূমত আছিল। তেওঁৰ অনেক ভাল গুণৰ ভিতৰত অন্যতম হʼল, তেওঁ লাইট জ্বলাই শুইছিল। আমাৰ যি দুজনে মেকআপ কৰি নিজৰ পাৰ্ফৰমেঞ্চ দিবলৈ ৰৈ আছিল সেই দুজন গৈ ওঠৰ নম্বৰ ৰূমৰ পিছফালৰ নলাটোৰ ওপৰেৰে খিৰিকীখনৰ ওচৰত ৰʼলগৈ। খিৰিকীখন ইতিমধ্যে ভিতৰৰপৰা খোলা। তেওঁলোকে দেখা  মতে বন্ধুজনৰ মুঠেও টোপনি অহা নাই আৰু ইকাতি-সিকাতি কৰি আছে আৰু বাৰে বাৰে অস্থিৰ ভাৱত লেপখন এবাৰ মূৰলৈ টানি লৈছে আৰু কিছু পিছতে আঁতৰাই দিছে। মাজতে আকৌ ধহ্মহ্কৈ উঠি বহিল বিছনাৰ ওপৰত। বুজিবলৈ বাকী নাথাকিল যে, কষ্টই ফল দিছে। সু-খবৰটো সকলোকে দিয়া হʼল। উৎসাহৰ অন্ত নাই।

এইবাৰ মাইকী মানুহৰ কান্দোনৰ মাত দিয়াজনে লাহেকৈ বন্ধুজনৰ নাম সম্বোধন কৰিবলৈ লাগিল। ঠিক যেন নাৰীমূৰ্তিয়ে কান্দি কান্দি তেওঁক মাতিছে। তেনে এটা সময়তেই তেওঁ বিছনাৰ পৰাই “কোন, কোন” বুলি চিঞৰিবলৈ ধৰিলে।

কিছু নিস্তব্ধতা। আমি সকলোৱে যেনি-তেনি লুকাই চাই আছোঁ। এনেতে তেওঁ ৰূমৰপৰা ওলাই আহি ইফালে সিফালে চালে। উদ্বিগ্নতা, কৌতূহল আৰু সীমাহীন ভয় তেওঁৰ মুখমণ্ডলত স্পষ্টকৈ ফুটি উঠিছে। ৰূমৰ বাহিৰত ভৰি দিয়েই তেওঁ প্ৰত্যক্ষ কৰিছিল ভগা খাৰুৰ টুকুৰা আৰু সেন্দুৰ। সেন্দুৰ আৰু খাৰুৰ উৎস অনুসৰণ কৰি দৃষ্টিনিক্ষেপ কৰিলে কʼৰিডৰটোৰ শেষলৈ। ওঁঠ-মুখ চেলেকি তেওঁ ৰূমত সোমাবলৈ লৈ ৰৈ গৈছে। যেন কিবা এটা থাকি গʼল। এখোজ দুখোজকৈ টয়লেটৰ ফালে আগবাঢ়িল। সেই সময়তে শিকলিৰে নূপুৰৰ আৱাজ উলিওৱা বন্ধুজনৰ হাতৰপৰা শিকলিডাল অসাৱধানবসতঃ মাটিত পৰিল। টয়লেটৰ পিনে আগুৱাই গৈ থকা বন্ধুজন থমকি ৰৈ উভতি চালে। আমি গাৰ্ডেনৰ জোপোহাৰ আন্ধাৰত লুকাই আছোঁ। আমাক দেখা পোৱাতো অসম্ভৱ। কিন্তু শিকলিৰ আৱাজে নিশ্চয় তেওঁৰ অন্তৰাত্মা কঁপাই তুলিছিল। শিকলিৰ আৱাজ হোৱা ঠাইখিনিলৈ তেওঁ কিছুসময় চাই থাকিল। তেওঁ ঠিয় হৈ আছে বাৰাণ্ডাৰ লাইটৰ পোহৰত আৰু আমি লুকাই আছোঁ জোপোহাৰ ঘিটমিটীয়া অন্ধকাৰত। গতিকে তেওঁ আমাক দেখা পোৱা নাই কিন্তু আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ পুহমহীয়া ঠাণ্ডাত তেওঁৰ কঁপালত জিলিকি উঠা বিন্দু বিন্দু ঘাম। তেওঁ যেন লৰচৰ কৰিব পৰা নাই। কিছুসময় তেনেদৰে থাকি হঠাৎ দৌৰাদৌৰিকৈ একেকোবে তেওঁ ৰূমত সোমালগৈ। ৰূমলৈ যাওঁতে তেওঁ যিটো বেগেৰে গৈছিল আনকি আমাৰ দৃষ্টিয়েও তেওঁক অনুসৰণ কৰিবলৈ বহু কষ্ট কৰিবলগীয়া হৈছিল।

সকলোৱে মিলি সিদ্ধান্ত ল’লোঁ। লোহা গৰম, এতিয়াই হাতু্ৰী মৰাৰ ভাল সময়। সিদ্ধান্ত মৰ্মে, ইতিমধ্যে মেক্আপ কৰি সাজু হৈ থকা দুজনে গৈ পিছফালৰ খিৰিকীৰে বিকট চিঞৰ আৰু অংগী ভংগীৰে পদাৰ্পণ কৰিলে। সেই দৃশ্য দেখি কোনোমতে জীৱটো বুকুত বান্ধি বন্ধুজন ৰূমৰ পৰা ওলাই দৌৰ মাৰিলে। যাওঁতে তেওঁ “মা” “মা” বুলি চিঞৰি গৈছিল আৰু গ্ৰাউণ্ড ফ্লʼৰৰ সম্পূৰ্ণ এটা ৰাউণ্ড মাৰি ওঠৰ নম্বৰৰপৰা চাৰি নম্বৰ ৰূম সোমালেগৈ।

চাৰি নম্বৰ ৰূমত থকাসকলে তেওঁৰ এই অৱস্থা দেখি হতভম্ব। কি হৈছে একো তলকিব নোৱাৰি তেওঁক বহিবলৈ দি সোধ-পোচ কৰাত লাগিল। ওচৰৰ দুটামান ৰূমৰ বাসিন্দাও আহি গোট খালেহি। সকলোৱে তেওঁৰ অৱস্থা দেখি কোনোমতেহে হাঁহি ৰখাই সমবেদনা যাচি থাকিল। দুজনমানে কʼত ভূত ওলাইছে চাওঁচোন বুলি ফেঁপেৰি পাতি উঠিল। এই সকলোবোৰ ক্ৰিয়া-কলাপ আমি দূৰৈৰপৰা নিৰীক্ষণ কৰি আছিলোঁ। কিন্তু তেওঁৰ ভয়ত কম্পমান চেহেৰাটো এবাৰৰ কাৰণে হ’লেও চোৱাৰ দুৰ্বাৰ ইচ্ছা আছিল আমাৰ সকলোৰে। আমাৰ মাজৰে এজনক পঠালোঁ খবৰ ল’বলৈ। খবৰ লওঁতে তেঁৱো কোনোমতেহে হাঁহি ৰখাই থৈছিল। অৱশেষত সকলোৰে সন্মতিমৰ্মে আমি সকলো কথা ভাঙি-পাতি কৈ কন্ধৰ ৰূপলোৱা কেইজনক সম্মুখত ঠিয় কৰাই দিয়াতহে সকলোৱে বুজি পালে। সেই মুহূৰ্তত এক গিৰ্জনি মৰা হাঁহিয়ে হোষ্টেল কঁপাই তুলিছিল।

আজিৰ দৰে স্মাৰ্টফোন থকা হʼলে নিশ্চয় কেইখনমান সুন্দৰ ফটো তুলি ৰাখিব পৰা গʼলহেঁতেন।

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    বেলেগ দুষ্টামী খৰিছিলা দেই। বেচেৰাটোৱে তাৰ স্বভাৱ সলনি কৰিলনে পাছত।

    Reply
    • Britul Sharma

      মুঠেও সলনি ন’হোল তাৰ। আজি পৰ্য্যন্ত তাৰ ওফাইদং মৰা স্বভাৱ ন’গোল।

      Reply

Leave a Reply

Your email address will not be published.