ফটাঢোল

ভূপেনদাৰ গীতত শ্ৰেণীবৈষম্যহীন সমাজৰ সপোন (‘দোলা হে দোলা’ গীতৰ বিশেষ উল্লিখনসহ)- ড° চাহিন জাফ্ৰি

বিশ্ববিশ্রুত শিল্পী ড° ভূপেন হাজৰিকা একাধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক, কথাছবি নির্মাতা, কবি, সংস্কৃতিৰ পূজাৰী, মানৱদৰদী, সমন্বয়ৰ বাহক আৰু অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল৷ তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজি অসমবাসীৰ বাবে এক অমূল্য সম্পদ। বিশেষকৈ সংগীত জগতত ড° ভূপেন হাজৰিকাৰ অৰিহণা অপৰিসীম৷ তেওঁ প্ৰথমৰ পৰাই সংগীতৰ দ্বাৰা সমাজৰ উন্নতি কৰিবলৈ যত্ন কৰিছিল। তেওঁ জাতি-ধর্ম-ভাষাৰ বিভেদক পাহৰি সকলােৰে মনত ভ্রাতৃত্ববােধ জগাই তুলিবলৈ চেষ্টা কৰিছিল। গীতক মাধ্যম হিচাবে লৈ তেওঁ শোষক-শোষিতৰ মাজৰ প্রাচীৰ ভাঙি সাম্যবাদ প্রতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছিল। দুখীয়া- নিপীড়িত মানুহৰ মুক্তিৰ সপোনক বাস্তৱৰূপ দিবলৈ যে ঐক্যবদ্ধ সংগ্রামৰ প্রয়ােজন, সেই কথাও তেওঁ গীতৰ মাজেৰে বুজাই দিছিল। অসমীয়া জাতিৰ প্ৰাণৰ গীত গােৱা ড° হাজৰিকাই মানুহৰ বাবে গীত গাইছিল, মানুহক মানৱ প্ৰেমত অনুপ্রাণিত কৰাবলৈ গীত গাইছিল। জাতি-ধর্ম-বর্ণৰ উৰ্ধত তেওঁ মানৱতাবাদী গীতৰ ধাৰা এটি প্রতিষ্ঠা কৰি থৈ গ’ল, যাৰ আদৰ্শত নতুন প্রজন্ময়ো ভবিষ্যত উত্তৰণৰ বাট বুলিব পাৰিব।

অসমীয়া গীতি-সাহিত্যৰ ভঁৰালত ভূপেন হাজৰিকাৰ ‘হে দোলা হে দোলা’ গীতটিৰ এক বিশেষ স্থান আছে। শ্রেণী সংগ্ৰামৰ বিৰুদ্ধে বিদ্রোহৰ অগনিত তেওঁ উক্ত গীতটি ৰচনা কৰিছিল বুলি ভাবিব পাৰি। সমাজৰ অন্যায় অবিচাৰ, দৰিদ্র বা শ্রমিকসকলৰ নির্যাতন আদিৰ বিপক্ষে বিদ্রোহ তেওঁৰ এই গীতটিৰ মূল বিষয় আছিল। আমাৰ এই আলোচনাত ড° ভূপেন হাজৰিকাৰ শ্ৰেণী বৈষম্যহীন সমাজৰ সপোন  ‘হে দোলা হে’ দোলা’ গীতটিৰ মাজেৰে কিদৰে প্ৰতিফলিত হৈছে তাকে দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

ড° ভূপেন হাজৰিকাৰ প্ৰায়বােৰ গীততেই এখন শ্রেণী-বৈষম্যহীন সমাজ বা সাম্যবাদৰ সুৰ শুনিবলৈ পােৱা যায়। বিশেষকৈ জাতিপ্রেমী মনােভাৱ তথা মানৱদৰদী সুৰেই তেওঁৰ গীতসমূহক এক উচ্চ পর্যায়ত অধিস্থিত কৰাইছে বুলি ক’ব পাৰি। সময়ে সময়ে তেওঁৰ বহু গীতত বিদ্রোহী প্রাণৰ স্পষ্ট সুৰ এটিও শুনিবলৈ পােৱা যায়। শােষণকাৰীৰ বিৰুদ্ধে, অত্যাচাৰীৰ বিৰুদ্ধে, দমনকাৰীৰ বিৰুদ্ধে, দৰিদ্র বা শ্রমিকে ভূগিবলগীয়া হােৱা নিৰ্যাতনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মানুহক উৎপ্ৰেৰণা যােগােৱাত তেওঁৰ বিদ্রোহী গীতবিলাক লাচিতৰ তৰােৱালতকৈও চোকা। (দিলীপ কুমাৰ দত্ত, ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, পৃ. ৭৫) তেওঁৰ হে’দোলা হে’ দোলা শীর্ষক গীতটিতো সাম্যবাদ তথা ৰাজনৈতিক মতবাদৰ সংকেত পােৱা যায়। এই গীতটিক আমি বিদ্ৰোহৰ গীত বুলি ধৰিব পাৰােঁ। তেওঁৰ এই বিদ্রোহ আচলতে মানৱতাবাদৰ সপক্ষে কৰা বিদ্রোহ, য’ত তেওঁ বিচাৰিছে সমাজৰ প্রতিটো শ্ৰেণীৰ মানুহে যেন সমান মৰম-চেনেহ তথা সহানুভূতি লাভ কৰে। দুখীয়া-নিচলা, পীড়িত বা জীৱনত দুখ-কষ্ট ভােগাসকলৰ প্রতি সহানুভূতিৰ দৃষ্টি আকর্ষণ কৰিবৰ কাৰণে তেওঁ সদায়েই কাতৰ আহ্বান জনাই আহিছে। মানুহৰ দুখ-কষ্ট, দাৰিদ্র বা শােকলগা পৰিস্থিতিৰ কৰুণ চিত্র দাঙি ধৰাত হাজৰিকা এজন অদ্বিতীয় শিল্পী।” (দিলীপ কুমাৰ দত্ত, ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, পৃ. ১২০)

‘হে’ দোলা, হে দোলা’ গীতটিৰ মাজেৰেও স্পষ্ট হৈছে দোলাভাৰীজনৰ শােকলগা মানসিক স্থিতি। গীতটিৰ আৰম্ভণি ঘটিছে এজন দোলাভাৰীৰ আত্মকথাৰ মাজেৰে। তেওঁ যেন নিজৰ বনুৱা জীৱনটোৰ সুখ-দুখৰ গাঁথাসমূহ গীতটিৰ মাজেৰে প্ৰকাশ কৰিছে…! তেওঁৰ দৃষ্টিৰে ডাঙৰ ডাঙৰ মানুহৰ দোলা বৈ নিয়া দোলাভাৰীজনৰ ভাগৰুৱা দেহাৰ দুখ-কষ্ট তথা আশা-আকাংখাৰ যেন কোনাে মূল্য নাই। যুগে যুগে যেন তেওঁলােক উপ্রেক্ষিত হ’বলগীয়া হয়। আনৰ বাবে নিজৰ দেহা-খাটি কষ্ট কৰে যদিও নিজৰ বাবে তথা নিজৰ পৰিয়ালৰ বাবে একো সুখ দিব নােৱাৰে তেওঁলােকে..। গীতটিৰ প্ৰথম অংশ এনেধৰণৰ-

….”হে’ দোলা হে’ দোলা হে’ দোলা হে’ দোলা
একা-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা!
হে’ দোলা………
আপোন কৰিলোঁ বনুৱাৰ জীৱনক
দেহ ভাগৰাই তােলা, হে’ তােলা।

হেইয়া না, হেইয়া না, হেইয়া না, হেইয়া ।”….

তেওঁলােক শ্রমিক/বনুৱা যদিও সেই জীৱনবােধক তেওঁলােকে আপােন কৰি লৈছে। সুখে-দুখে হ’লেও ভাত এমুঠি খাই সন্তুষ্টিৰেই পেট প্ৰবৰ্তাইছে বৰ বৰ মানুহবােৰে তেওঁলােকৰ দ্বাৰাই কষ্টকৰ কামবােৰ কৰােৱাই লয় যদিও তেওঁলােকৰ জীৱনৰ মূল্য নাই। ডাঙৰ মানুহবােৰে তিৰবিৰাই থকা পাটৰ কাপােৰৰ পাগ মৰা দেখি তেওঁলােকৰ ঘৰলৈ মনত পৰে, নিজৰ ল’ৰাটিক তেওঁ বিহু বুলিও সূতাৰ চোলা এটাকে দিব পৰা নাই। কথাবােৰ ভাবি চকুপানী সৰিলেও কিন্তু তেওঁলােকৰ মনবােৰ দৃঢ় কৰি ৰাখে আৰু নিয়াৰিকৈ দোলা কঢ়িয়াই লৈ গৈ থাকে।

“… দোলাৰ ভিতৰত তিৰবিৰ কৰিছে
চহকী পাটৰে পাগ
ঘনে ঘনে দেখিছোঁ লৰচৰ কৰিছে
শুকুলা চোঁৱৰৰ আগ।
মােৰহে ল’ৰাটিক এইবাৰ বিহুতে
নিদিলোঁ সূতাৰে চোলা।
চকুলাে ওলালেও মনটি নেভাঙো

কঢ়িয়াই লৈ যাওঁ দোলা।”

ৰজা-মহাৰজাৰ দিনৰে পৰা এই সাধাৰণ বনুৱা বা শ্রমিক শ্ৰেণীৰ লােকসকল উপ্রেক্ষিত হৈ আহিছে; আনকি লঘু দোষতে তেওঁলােকে গুৰু শাস্তি ভােগ কৰিবলগীয়া হয়। সামন্ত যুগত বা ডা-ডাঙৰীয়াৰ যুগতাে কাড়ী-পাইকৰ জীৱনৰ কোনাে মূল্য নাছিল। সিহঁতৰ ব্যক্তিত্বক, স্বকীয় আশা-আকাংখাক ডা-ডাঙৰীয়া অধ্যুষিত সমাজে মানি নলয়। দোলাভাৰীৰ কাম মাত্র ৰজা আৰু ডা-ডাঙৰীয়াৰ দোলা বৈ নিয়া। তাতকৈ বেছি সিহঁতে আশা কৰিব নােৱাৰে আৰু কৰিবলৈ গ’লেও পায় চমতাৰ কোব।এনে অ-সাম্যবাদী চিন্তাধাৰাৰ বিৰুদ্ধে ড° হাজৰিকাই গীতৰ মাজেৰে প্রতিবাদ সাব্যস্ত কৰিছিল। বৰ মানুহ আৰু সৰু মানুহৰ মাজৰ ব্যৱধান মানিব নােখােজা ড° হাজৰিকাই গীতৰ মাজেৰে সেই অনুভৱ ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিছে –

“যুগে যুগে জাপি দিয়ে মেটমৰা বােজাটি
কান্ধ ভাঙো ভাঙো কৰে, হে’ কৰে
বৰ মানুহে দোলাত টোপনিয়াই
আমাৰহে ঘামবােৰ সৰে অ’ সৰে।
ওখকৈ পাহাৰৰ টিঙটিত উঠিছোঁ
ভালকৈ খােজটি মিলা
আমাৰ কান্ধৰ পৰা পিচলিব লাগিলে
বাগৰি পৰিব দোলা।
অ’ ৰজা মহাৰজাৰ দোলা

বৰ বৰ মানুহৰ দোলা।”

বিহুত পুতেকক সূতাৰ চোলা এটাও কিনি দিব নােৱাৰাৰ দুখত তেওঁৰ অন্তৰ দহিছে। সেই শােকত তেওঁৰ দুচকুৰে চকুপানী সৰিলেও কিন্তু তেওঁ মনটোক ভাগি পৰিব নিদিয়াকৈ ৰাখিছে আৰু নিষ্ঠাৰে নিজৰ কর্তব্য পালন কৰিছে। তেওঁৰ সেই অব্যক্ত বেদনা গীতটিৰ মাজেৰে প্ৰকাশ কৰাত ড° হাজৰিকা সফল হৈছে।

“এইবাৰ বিহুতে মােৰহে ল’ৰাটিক নিদিলােঁ

সুতাৰে চোলা”….!

আনহাতে, গীতটিৰ মাজেৰে প্ৰকাশ পােৱা আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে ডাঙৰ ডাঙৰ মানুহবােৰ অথবা শাসক শ্ৰেণীৰ মানুহবােৰে এই কথাটো কেতিয়াও অনুধাৱন নকৰে যে, এই সৰু মানুহখিনিয়ে যদি তেওঁলােকৰ কাম কৰি নিদিয়ে বা দায়িত্ব পালনত অৱহেলা কৰে, তেন্তে তেওঁলােকৰ বিপদ অহাটো এক প্রকাৰৰ অনিবার্য। উদাহৰণ স্বৰূপে ক’ব পাৰি—দোলা বৈ নিয়া দোলাভাৰীজনে যদি ওখ পাহাৰলৈ উঠি যাওঁতে খােজ মিলাওঁতে সামান্যভাবেও অসাৱধান হৈ পৰে, তেন্তে দোলা কান্ধৰ পৰা পিচলি গৈ বাগৰি পৰাটো নিশ্চিত। আৰু তেনে হ’লে ডা-ডাঙৰীয়া বা সেই বৰ মানুহজনৰাে হাত-ভৰি ভঙা বা আঘাতপ্রাপ্ত হােৱাটো নিশ্চিত। ঠিক সেইদৰে সমাজৰ আন আন ক্ষেত্ৰবােৰতাে যদি সাধাৰণ খাটি খােৱা মানুহ বা শ্ৰমিকৰ শ্ৰেণীটোৱে তেওঁলােকৰ সৰু সৰু সেৱাসমূহ বন্ধ কৰি দিয়ে, তেন্তে উচ্চ শ্রেণীৰ মানুহবােৰৰ জীৱনাে ছেদেলি-ভেদেলি হৈ পৰিব, সমাজত বেমেজালিৰ সৃষ্টি হ’ব। উচ্চ শ্ৰেণীৰ মানুহবােৰে সেই কথাবােৰ উপলব্ধি কৰি, সেই সাধাৰণ মানুহখিনিৰ প্রতি সহানুভূতি দেখুওৱাটো অত্যন্ত প্রয়ােজনীয় কিন্তু দুখৰ কথা যে তেওঁলােকে সেই মানুহবােৰৰ ওপৰতেই মইমতালি দেখুৱায় বা ক্ষমতাৰ অহংকাৰ দেখুৱাই ফুৰে। ড° হাজৰিকাই সেই কথাবােৰ গীতৰ মাজেৰে ফুটাই তুলি সমাজলৈ এক গুৰুত্বপূৰ্ণ আৰু মহৎ বার্তা প্ৰেৰণ কৰিব খুজিছিল৷ লগতে তেওঁ আন এটা কথাও স্পষ্ট কৰি দিছে যে- উচ্চ শ্ৰেণীৰ মানুহখিনিয়ে উপলব্ধি নকৰিলেও কিন্তু সেই সৰু মানুহখিনিয়ে অতি নিষ্ঠা আৰু সততাৰে তেওঁলােকৰ কৰিবলগীয়া কামখিনি কৰি আছে। তেওঁলােকৰ মালিকৰ যাতে কোনাে ধৰণৰ হানি-বিঘিনি নঘটে তাৰ প্রতি যেন তেওঁলােক সদায় সচেতন। গীতটিৰ মাজেৰে এই কথাখিনি স্পষ্টকৈ ফুটি উঠিছে—

“… ওখকৈ পাহাৰৰ টিঙটিত উঠিছোঁ
ভালকৈ খােজটি মিলা
আমাৰ কান্ধৰ পৰা পিচলিব লাগিলে
বাগৰি পৰিব দোলা।
অ’ ৰজা মহাৰজাৰ দোলা

বৰ বৰ মানুহৰ দোলা।।”

উক্ত আলােচনাৰ পৰা ক’ব পাৰি যে ড° ভূপেন হাজৰিকাই গীতসমূহৰ মাজেৰে অসমীয়া সমাজ জীৱনৰ সমস্যাসমূহক নিৰ্মূল কৰাৰ প্ৰয়াস কৰিছিল। সমাজৰ দুর্বলতাবােৰ গীতৰ মাজেৰে স্পষ্ট কৰি মানুহক নতুন যুগৰ বাণীৰে সজাগ কৰাটো তেওঁৰ গীতৰ অন্যতম বৈশিষ্ট্য আছিল। তেওঁৰ ‘হে দোলা হে’দোলা’ গীতটোও ইয়াৰ ব্যতিক্রম নহয়। এই গীতটোত সমাজৰ শ্ৰেণী-বৈষম্যৰ স্পষ্ট আভাষ দেখা পােৱা গৈছে। ডাঙৰীয়া আৰু শ্ৰমিকৰ মাজত থকা অসমতাৰ প্ৰাচীৰখন ভাঙি এখন সাম্যবাদী সমাজ গঢ়িবলৈ তেওঁ প্ৰয়াস কৰিছিল। গীতটিৰ মাজেৰে মূলতঃ শ্রমিক বা বনুৱাসকলৰ অন্তৰৰ আর্তনাদ শুনিবলৈ পােৱা যায়। শ্ৰমৰ মৰ্যদা আৰু মানুহৰ প্রাপ্য অধিকাৰ প্রাপ্ত হ’লেহে সাম্যবাদৰ ভেটি গঢ়ি উঠিব। মুঠতে, তেওঁ এনে এখন সমাজৰ কল্পনা কৰিছিল, য’ত শােষণকাৰী নাথাকিব, য’ত ধনী-দুখীয়াৰ প্রভেদ নাথাকিব, য’ত মানুহে মানুহৰ বাবে প্রদর্শন কৰিব অকল আন্তৰিক মৰম-চেনেহ, য’ত নৈতিকতা থাকিব, কিন্তু জাত-পাত, উচ্চ-নীচৰ প্রভেদ নাথাকিব। এনে যুগ-সচেতন আৰু প্রগতিশীল চিন্তা-চেতনাই তেওঁৰ গীতসমূহক এক বিশেষ স্থান দিয়াৰ উপৰিও গীতসমূহক বিশ্বমুখী কৰি তুলিছিল। অকল ভাৰতবৰ্ষতেই নহয়, বিশ্বজুৰি তেওঁৰ গীতসমূহ চর্চিত আৰু সমাদৃত হৈছিল। আচলতে, তেওঁৰ সৃষ্টি আৰু সংস্কৃতি সমাজৰ বাবে, বিশ্বৰ বাবে আৰু সৰ্বজনৰ বাবে আছিল। সেয়ে তেওঁ জনতাৰ শিল্পী, মানৱ প্রেমী আৰু বিশ্বজনীন সংস্কৃতিৰ শ্ৰষ্টা। মানৱপ্রেমৰ বিশ্বজনীন ভাৱেৰে তেওঁ লুইত পাৰৰ অসমীয়া জাতীয় জীৱনক এনেদৰে জিলিকাই তুলিছে যে, ই নিশ্চিত ভাৱে নতুন প্রজন্মৰ বাবে আদৰ্শৰ বাট হ’ব।

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    বৰ ভাল হৈছে৷

    Reply

Leave a Reply

Your email address will not be published.