ফটাঢোল

ভোটদানৰ স্মৃতি-অনুৰূপ মহন্ত।

২০১৬ চনত অসমত বিজেপি দলৰ বতাহ বাৰুকৈয়ে বলিছিল। সকলো ফালে মাত্ৰ বিজেপিয়েই বিজেপি। মোডী ডাঙৰীয়া দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমত সৰ্বানন্দ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ’লে দেশ আৰু ৰাজ্যৰ সকলো ফালেই জয়-জয়, ময়-ময় অৱস্থা হ’ব বুলি সকলোৱেই আশা কৰিছিল। গাঁৱে-ভূয়ে ডেকা-বুঢ়া সকলোৰে মুখতে বিজেপি দলৰেই জয় গান আছিল। 

আমাৰ পুৰণি ঘৰখনত আকৌ আগৰ পৰাই অগপ দলৰ চাব এটা নিজেই নিজেই লাগি আছিল। সকলোৱেই আমাক অগপ দলৰ মানুহ বুলিয়েই ভাবে, সেইয়া লাগিলে কোনো দলৰ মানুহেই হওক নাইবা সাধাৰণ গাঁৱৰ চুবুৰীয়াই হওক। অগপ আৰু বিজেপিৰ মিত্ৰতা হোৱাৰ বাবে আমাৰ সমষ্টিটো অগপ দলৰ বাবে এৰি দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল।

ঘোষণাৰ পিছতেই ভোট বিচাৰি অগপ দলৰ প্ৰাৰ্থীজন আহি আমাৰ ঘৰত উপস্থিত। বৰদেউতাই পৰিয়ালৰ মূল। তেখেতৰ লগত ডাঙৰীয়াৰ আগৰেই চিনাকী। গতিকে বৰদেউতাকে খাটনি ধৰিলে অসুখীয়া হ’লেও যেনে-তেনে তেখেতক ভোট দিবলৈ যাব লাগিব আৰু লগতে ঘৰৰ সকলোৱেই যেন তেখেতকেই ভোট দিয়ে তাৰ বাবেও অনুৰোধ জনালে।

বৰদেউতাই ইমান আদৰ সাদৰ পাই লগে লগেই মোক ফোন লগাই কোৱালে, যেন ভোট দিয়াৰ দিনা তেখেতক আমাৰ গাড়ীখনেৰেই ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ যাওঁ। আমাৰ পৰিয়ালত বৰদেউতাৰ আদেশ অমান্য কৰাৰ কথাই নাহে, গতিকে মইও সন্মতি জনাই থ’লোঁ, যদিও তেতিয়াও ভোটগ্ৰহণলৈ তিনি সপ্তাহমান সময় আছিলেই।

ভোটগ্ৰহণৰ দিনা দুপৰীয়া সময়ত মই গাড়ীৰে বৰদেউতা আৰু আমাৰ খুড়ী আইতাক ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ আহিলোঁগৈ, বাকী সকলে পুৱাৰ বেলাতেই ভোট দি গ’ল। ভোটাৰৰ দীঘলীয়া শাৰী আছিল যদিও বয়সীয়া আৰু অসুখীয়া বুলি সকলোৱে জানে বাবে আমাক বাট এৰি দিলে। মই বিনা বাধাই দুইজনকে ধৰি ধৰি ভিতৰলৈ সোমাই গ’লোঁ।

ময়ো মনতে ভাবিলোঁ, ভালেই হ’ল, নিজেও দীঘলীয়া শাৰী নপতাকৈয়ে মোৰ ভোটটো দি যাব পাৰিম। ময়েই প্ৰথমে ভোট দি ল’লোঁ। তাৰ পাছত বৰ দেউতাক ধৰি ধৰি ই ভি এমটোৰ ওচৰলৈ আগুৱাই নি মই লাহেকৈ আঁতৰি দিলোঁ, বোলো নিজৰ ভোট নিজে দিয়ক। পিচে বৰদেউতাই আকৌ মোক হে হাত বাউল দি ওচৰলৈ মাতিলে। কি কৰোঁ, কি নকৰোঁ কৈ মই গ’লোঁ আগুৱাই। 

মোক কাষলৈ মাতি ঘৰত যেনেকৈ ডাঙৰকৈ কথা কয়, তেনেকৈয়ে মোক সুধিছে- “ঐ, অমুক (অগপ দলৰ প্ৰাৰ্থীজন) কোনটো নম্বৰত আছে অ’, চাই দেচোন, মই চশমা আনিবলৈ নহ’ল আজি।

 মই তেতিয়াহে মন কৰিছোঁ, সেইদিনা তেওঁ চশমা নিপিন্ধাকৈয়ে ভোট দিবলৈ আহিছিল।

বয়স হোৱা বাবে তেখেতে কাণেৰেও অকণমান কমকৈ শুনে আৰু সেয়ে অভ্যাস বশতঃ কথা বিলাকো অলপ ডাঙৰকৈয়ে কয়। ৰূমটোত থকা সকলোৱেই শুনিলেই তেখেতে কাক ভোট দিবলৈ আহিছে। গতিকে মই ভয়ে ভয়ে তেখেতক দেখুৱাই দিলোঁ। তেখেতৰ ভোটদান সম্পন্ন হ’ল।

ইয়াৰ পাছত আহিল আইতাৰ পাল। আইতাই বাৰু চশমা পিন্ধিয়েই আছিল, তথাপি সময় বাঢ়ি গৈছে যদিও ই ভি এম ৰখা ঠাইত ভোট দিবলৈ গৈ আইতা বাহিৰলৈ নোলাই হে নোলায়।

মই ইতিমধ্যে বৰদেউতাক বাহিৰত চকী এখনত বহুৱাই থৈ আইতাক আগবঢ়াই নিবলৈ আকৌ সোমাই গৈ আইতালৈ চাই দেখোঁ, আইতাইও মোক হাত বাউল দি মাতি আছে। কি আপদ, এইবাৰ আইতাৰ বা আকৌ কি হ’ল, মনতে ভাবি ভাবি ভয়ে ভয়ে আগুৱাই গ’লোঁ। 

বয়সীয়া আৰু অসুস্থ যেন দেখি দুয়োজনকে মই সহায় কৰি দিবলৈ যোৱা দেখিও কোনেও আপত্তি কৰা নাছিল বাৰু।

আইতাৰ ওচৰ পোৱাত আইতাই মোক সুধিলে, “ঐ, ইয়াত পদুম ফুলৰ চিনটো নাই চোন।”

মই কি কৰোঁ, কি নকৰোঁ ভাবি মিত্ৰদল অগপ ৰ হাতীটোকেই দেখুৱাই দিলোঁ মেচিনত। এইবাৰ আইতাই নিজে আচৰিত হৈ আৰু আনকো আচৰিত কৰি মোক চিঞৰি সুধিলে, “এইটো হাতী হে কিবা, মই পদুম ফুলত হে দিবলৈ আহিছিলোঁ।”

গোটেই কোঠাটোৰ কোনো মানুহৰ বুজিবলৈ বাকী নাথাকিল আৰু আমাৰ ঘৰৰ ভোট ক’ত পৰিছে। সকলোৱে আমাক হাঁহিব ধৰিলে।

দুয়োজনৰ কাণ্ডত ইফালে মোৰ ‘ফাঁট দিয়া বসুমতী পাতালে লুকাওঁ’ অৱস্থা। বাবে বাৰে চাৰিও ফালে চাইছোঁ, কোনোবা সাংবাদিকে কেমেৰাত বন্দী কৰা নাইতো আমাক, নহ’লে অলপ পাছতে ব্ৰেকিং নিউজত যে গোল কৰি কৰি দেখুৱাব মোক!

শেষত মই কোৱা মতেই ভোট দি আইতা ওলাই আহিল। আইতাক ধৰি ধৰি ওলাই আহোঁতে ভোট গ্ৰহণ কেন্দ্ৰৰ কোনোবা এজন বিষয়াই মোক হাঁহি হাঁহি ধেমেলীয়া সুৰত কৈ গ’ল, “ভাইটি, আইতাহঁতক ভোট দিয়াবলৈ আনিলে ঘৰতে ভালকৈ টিউচন দিয়াই আনিব লাগে আক’!”

মইহে জানিছোঁ, ইফালে মোৰ কি অৱস্থা হৈছে! দুইজনকে গাড়ীৰে নি ঘৰত থৈ আহিলোঁ। আকৌ নিৰ্বাচনৰ সময় চমু চাপি আহিছে বাবে এই ঘটনাটো বাৰে বাৰে মনলৈ আহি আছে, এইবাৰ বা ভোট দিয়াবলৈ নিলে কি কৰে দুয়োজনে!

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.