ফটাঢোল

ভৌতিক যৌৱন – গায়ত্ৰী গোস্বামী অধ্যাপক

“শৰীৰ ক্ষন্তেকীয়া, আত্মা অমৰ। যেতিয়াই আমি কাৰোবাৰ মংগল কামনা কৰোঁ সেয়া প্ৰেম, পিছে যেতিয়া সেইজনক নিজৰ হাতৰ মুঠিত ধৰি ৰাখিব বিচাৰো সেয়া মোহ। এই মোহ অন্ধ কিন্তু প্ৰেম শাশ্বত, প্ৰেম পোহৰ। পিছে স্বয়ং পোহৰ নিজেই আন্ধাৰহে। যদিও নক্ষত্ৰৰপৰা বিচ্ছুৰিত বৰ্ণালী চিৰপ্রৱাহমান, ধূলিকণাহীন মহাকাশত পোহৰক আমি চকুৰে নেদেখো, কিন্তু সেই পোহৰ পৰি উজলি উঠা চন্দ্ৰমাক দেখি উদ্দেলিত হওঁ। আমাৰ চকুত ধূলিকণাৰ অবিহনে পোহৰ নিজেই আন্ধাৰ। প্ৰেমো সেই পোহৰেই যি আমাক পোহৰাই তোলে। আমিও সেই ধূলিকণাই যাৰ অবিহনে স্বয়ং প্ৰেমো অসম্পূৰ্ণ।”

গুৰুজীৰ যৌৱনদীপ্ত কণ্ঠৰ এই প্ৰবচনৰ প্ৰভাৱত বৃহৎ সভাগৃহ নিস্তব্ধতাই আৱৰি আছে। তাৰে মাজৰ বাইশ বছৰীয়া চফল ডেকা ঋষভ অয়ন বৰুৱা, এজন উদীয়মান সাংবাদিক যদিও আজি তিনিমাহে নিয়মীয়াকৈ গুৰুজী মহাৰাজৰ সান্ধ্যসভাত কুৰ্তা-পাইজামা পিন্ধি কায়-মনো-বাক্যে উপস্থিত হৈ আহিছে, উদ্দেশ্য আত্মা-পৰমাত্মাৰ দৰ্শন শুনি নিজৰ জীৱন ধন্য কৰা নহয়, উদ্দেশ্য বেলেগ।

আজিও গুৰুজী মহাৰাজে পূৰ্ণ সভাগৃহত নিজৰ অন্যন্য কথন ভংগীয়ে শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰাখিছে। দেখাত ঋষভকো তাৰে এজন ভক্তিত গদগদ ভক্ত যেনেই লাগিছে, কিন্তু প্ৰকৃততে সেয়া নহয়। ঋষভৰ জীৱনৰ লক্ষ্য এজন বিখ্যাত সাংবাদিক হোৱা। ইতিমধ্যে ঋষভে বহুকেইজন খ্যাতনামা সাংবাদিকৰ বিখ্যাত হোৱাৰ কাৰণ বুজি উঠিছে, তেওঁলোকৰ জীৱনৰ আদৱ-কায়দা দেখি মোহাচ্ছন্ন, সেয়ে সি এনে এটা সংবাদৰ সন্ধানত আছে যিটোৱে তাক ৰাতাৰাতি প্ৰখ্যাত কৰি তুলিব আৰু তেনে এটা কাংক্ষিত সংবাদ হিচাপেই তাৰ চকুত ধৰা দিছে এইজনা গুৰুজী মহাৰাজ, মানে তেখেতৰ ৰহস্যময় চিৰযৌৱন।

গুৰুজী মহাৰাজ এজন ৰহস্যঘন চৰিত্ৰৰ পুৰুষ । আজিৰপৰা চল্লিশ বছৰৰ আগতে দেখাজনেও সাধাৰণভাবেই কয় যে তেতিয়াও আৰু এতিয়াও গুৰুজীৰ একেই তেজ্জোদীপ্ত চেহেৰা, তেখেতৰ যৌৱন অক্ষয়-অব্যয়। চহৰখনৰ বুঢ়া মেথায়ো একেই মত পোষণ কৰে, “গুৰুজীক লাহে লাহে ত্ৰিশ চল্লিশ বছৰীয়া যেন লগা হয় যদিও কোনোবাদিনা পুনৰ বিশ বাইশ বছৰীয়া যেন লগা হৈ পৰে, তেওঁ শ-শ বছৰজুৰি বুঢ়া নোহোৱাকৈ হয়টো আছে।” সাধাৰণ লোকৰ এই সৰল স্বীকাৰোক্তিক ঋষভৰ সাংবাদিক মনে মানি নলয়, মানি ল’বলৈ টান পায়। গুৰুজীয়েও এইয়া ঈশ্বৰৰ আশীৰ্বাদ, পৰম অলৌকিকতা বুলি কৈ ভক্তগণক প্ৰতীয়মান কৰে। পিছে, ঋষভৰ পেটে-পেটে ভাৱ হয়, গুৰুজীয়ে হয়টো বিদেশলৈ গৈ মনে-মনে প্লাষ্টিক চাৰ্জাৰি কৰে, কিন্তু সেইবুলি সমগ্ৰ দেহাটোতে চাৰ্জাৰি কৰি নৱ-যৌৱন অপৰিবৰ্তিত কৰি ৰখাটোও সম্ভৱ নহয়, সম্ভৱ হ’ব নোৱাৰে, তেন্তে ৰহস্যটো কি ।

এই ৰহস্য ভংগৰ উদ্দেশ্যৰেই ঋষভৰ এই ভক্তি প্ৰদৰ্শন, যাতে গুৰুজীৰ লগত ঘনিষ্ঠতা বঢ়াই যেনেতেনে তেওঁৰ অক্ষয় যৌৱনৰ ৰহস্য ফাদিল কৰা। আৰু আজি, হয় আজি, সভাৰ শেষত ঋষভে আশা কৰা মতেই গুৰুজীৰ বিশেষ দৃষ্টি নিবদ্ধ হৈছে তাৰ ওপৰত।

সভাগৃহ খালি হোৱালৈকে ঋষভ ৰৈ দিলে। ঋষভৰ মন এতিয়া থৌকি-বাথৌ। ইফালে গুৰুজীয়েও নিজৰ সহায়কাৰীৰ জৰিয়তে ঋষভক তেওঁৰ বিশেষ কক্ষলৈ মাতি পঠিয়ালে। গুৰু-ভক্তৰ সৌহাদ্যপূৰ্ণ চিনাকিৰ পিছতে ঋষভে নিজৰ অন্তৰৰ গুৰুজীৰ প্ৰতি থকা ভাৱ-ভক্তি যিমান পাৰে সিমান বেছি স্পষ্টকৈ প্ৰকাশ কৰিলে। ঋষভৰ এই অকপট ভক্তিক গুৰুজীয়েও লাহে-লাহে গুৰুত্ব সহকাৰে ল’বলৈ ল’লে আৰু এনেদৰেই ঋষভৰ লগত গুৰুজীৰ সম্পৰ্ক গভীৰ হৈ গৈ থাকিল। এই গভীৰতাৰে ঋষভে অনুভৱ কৰিলে দেখাত কম বয়সীয়া যেন লাগিলেও গুৰুজী আৰু তাৰ বয়সৰ যেন দহ-পোন্ধৰ বছৰমানৰ এক পাৰ্থক্য।

এদিন সুযোগ-সুবিধা বুজি ঋষভে গুৰুজীৰ অক্ষয় যৌৱনৰ ৰহস্যৰ কথা তেওঁৰপৰাই জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। ঋষভৰ আগ্ৰহ দেখি গুৰুজীৰ মুখত অৰ্থপূৰ্ণ হাঁহিয়ে খেলি গ’ল। তেওঁ গুৰুগম্ভীৰ ভাৱে ক’বলৈ ধৰিলে, “ঋষভ, তোমাক প্ৰথম দিনাৰেপৰা মই মন কৰি আছোঁ। তোমাৰ উৎসুকতা মই আন দহজনক কোৱাৰ দৰে নিৰসন কৰিব নোৱাৰো, সেয়াও মোৰ জ্ঞাত। সেয়ে খোলাখুলিকৈয়ে কওঁ, মোৰ এই যৌৱন সঘনাই মই কোনো ইচ্ছুকজনৰ লগত সলনা-সলনি কৰি লওঁ।”

ঋষভৰ চকুত অবিশ্বাস জলজল-পটপট হৈ ওলাই পৰিল, “এইয়া কেনেকৈ সম্ভৱ গুৰুজী মহাৰাজ?”

“এইয়া সম্ভৱ ঋষভ। সাধনালব্ধ গুপুত মন্ত্ৰৰে এইয়া সম্ভৱ। পিছে, এই মন্ত্ৰ তোমাক মই জনাব নোৱাৰিম, কাৰণ সেইয়া কোনো দ্বিতীয়জনক এনেদৰে জনোৱা মানেই তাৰ ফলপ্ৰসূতা শূন্য হৈ পৰা। ময়ো মোৰ গুৰুৰ পৰাই এই মন্ত্ৰ লৈছিলো। কোনোবাজনে যদি কায়-মনো-বাক্যে সলনি হ’বলৈ বিচাৰে তেন্তে তেওঁক সলনি কৰি এই মন্ত্ৰ দিব পাৰোঁ। এইখিনি কথা তোমাৰ যদি বিশ্বাস হোৱা নাই, তুমি নিজেই সলনি হৈ চাব পাৰা, যদিহে দৃঢ়তাৰে ইচ্ছা কৰা!”

গুৰুজীৰ কথা শুনি ঋষভ একেকোবে মান্তি হ’ল, তাৰ বহুদিনৰ স্বপ্ন বাস্তৱ হ’বলৈ ওলাইছে।
“বাকী, যি হয় দেখা যাব, ৰহস্যটো ভেদ কৰি প্ৰমাণ কৰি লৈ সি সেইয়া এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বৃহৎ এটা ‘ষ্টৰী’ হিচাপে প্ৰকাশ কৰিব।” এটা খলকনি তোলা ‘নিউজে’ তাৰ চকুৰ আগত অগা-দেৱা কৰি ৰ’ল। এইবোৰ ভাবি-ভাবিয়েই সি নিজৰ সন্মতি গুৰুজীক প্ৰদান কৰিলে।

ঋষভৰ সন্মতি পাই এখন্তেক কিবা এটা চিন্তা কৰি গুৰুজীয়ে তাক পিছদিনা ব্ৰহ্মপুৱাতে কাষৰ নৈখনলৈ গেৰুৱা একবস্ত্ৰৰে আহিবলৈ কৈ পঠিয়ালে।

ঋষভ ঘৰলৈ ঘূৰি আহিল, তাৰ মনত বিভিন্ন ভাৱে ক্ৰিয়া কৰি থাকিল যদিও ঘৰৰ কাকো এইবিষয়ে ঘূণাক্ষৰেও জানিবলৈ নিদিলে। ৰাতিটো এপলকো চকুৰ টিপ নমৰাকৈ সি সময়ত নৈখনৰ গঁৰাত থিয় হ’লগৈ। তেনেতে পিছফালৰপৰা গুৰুজী মহাৰাজে মাত লগালে, “ঋষভ, তুমি আহিলা। এতিয়াও সময় আছে, এবাৰ ভাবি চোৱা, তুমি সত্যকৈ সলনি হৈ চাব খোজা নেকি?”

“হয়, গুৰুজী। নিশ্চয় এবাৰ চেষ্টা কৰি চাব বিচাৰো।”

“ঠিক আছে, তুমি কৈছা যেতিয়া আহা মোৰ পিছে পিছে।”

একান্ত বাধ্য ছাত্ৰৰ দৰে ঋষভ গুৰুজীৰ পিছে পিছে নৈখনৰ মাজলৈ নামি গ’ল। দুয়ো মুখা মুখিকৈ থিয় হ’ল, দুয়োৰে ডিঙিলৈকে পানী। পানীৰ মাজতেই গুৰুজীয়ে ঋষভৰ হাত দুখন ধৰি মনে-মনে কিবা দীঘলীয়া মন্ত্ৰ এটা বিৰবিৰাই ঋষভক ইংগিত কৰি কৈ উঠিল, “কোৱা, মই তুমি হৈ যাওঁ, তুমি মই হৈ যোৱা।”

কাণ্ড-কাৰখানাবোৰ দেখি ঋষভৰ পেটে-পেটে হাঁহি উঠিল যদিও তাৰ মনোভাৱটো বাহিৰত নেদেখুৱাই গুৰুজীৰ বাক্যটো আওঁৰালে। হঠাতে নৈখনৰ এচাটি ঢৌৱে দুয়োকে ঢৌৱাই থৈ গ’ল। ঋষভে এক শিহৰণত মুদ খাই যোৱা চকু মেলি অবাক । সন্মুখত পৰিবৰ্তিত ঋষভক দেখি সি আটাহ পাৰি উঠিল, “এয়া কি, এইয়া দেখোন সাইলাখ মোৰ চেহেৰাৰ অন্য এক ঋষভ !”

“হয় ঋষভ, আজিৰ পৰা তুমি ঋষভ নহয়, তুমি গুৰুজী মহাৰাজ, বাইশ বছৰীয়া গুৰুজী মহাৰাজ আৰু মই ত্ৰিশ বছৰীয়া ঋষভ অয়ন বৰুৱা।” গুৰুজী মহাৰাজে লাহেকৈ কৈ উঠিল ।

ঋষভে নিজৰ পৰিবৰ্তিত চেহেৰাটো দেখি পৰম বিস্ময়ত ভেবা লাগি ৰ’ল। নিজৰ তন্ময়তা ভাঙি উঠিলত অনুভৱ কৰিলে তাৰ শৰীৰটোৰ বৰ্ধিত ওজন। এক অভাৱনীয় অৱসতাই হেঁচা মাৰি ধৰাৰ দৰে অনুভৱ কৰি সি পিছ মুহূৰ্ততে সম্বিত ঘুৰাই পোৱা যেন হৈ, সেই ঠাইৰ পৰা যাবলৈ ওলোৱা গুৰুজী মহাৰাজক কৈ উঠিল, “গুৰুজী মহাৰাজ, মানিছো আপোনাক । আপোনাৰ ৰহস্যৰ ভেদ ভাঙি মই ধন্য। কিন্তু মই এতিয়াই পুনৰ ঋষভৰ মানে মোৰ নিজৰ শৰীৰটোলৈ আহিব বিচাৰোঁ। অনুগ্ৰহ কৰি পুনৰ সলনা-সলনিকৈ কৰোঁ আহক এতিয়াই। মই এই গুৰুজী মহাৰাজৰ শৰীৰত বৰ অসহজ-অসহায় অনুভৱ কৰিছোঁ।”

“পুনৰ সলনা-সলনি? কিছু হহুঁৱালা দেই তুমি। এতিয়া যোৱা গুৰুজী মহাৰাজ হৈ থাকাগৈ। কেতিয়াবা পুনৰ লগ হ’লে মন্ত্ৰটো শিকাই দিম বাৰু!” সেইবুলি কৈয়ে তৎক্ষণাত গুৰুজী মহাৰাজে ঋষভৰ ভেশেৰে ঋষভৰে মটৰ চাইকেলখন লৈ গুছি গ’ল। পৰিস্থিতিটো বুজি পাই গুৰুজীৰূপী ঋষভে চিঞৰি চিঞৰি সি যে গুৰুজী মহাৰাজ নহয়, ঋষভহে, ক’বলৈ নৈখনৰ গ’ৰাটোৰ সিপাৰে দুৰত ৰৈ থকা গুৰুজীৰ সহায়ককেইজনৰ ওচৰলৈ দৌৰি গ’ল। কিন্তু তেওঁলোকৰ ওচৰ পায়েই ভাবিলে, “এতিয়া গুৰুজীৰ শৰীৰেৰে গুৰুজী নহয় বুলি ক’লে তাৰ কথা কোনে মানিব, বৰঞ্চ প্ৰলাপ বকা বুলি পগলা ফাটেকহে পোৱাবগৈ। তাতোকৈ পুনৰ ঋষভৰূপী প্ৰকৃত গুৰুজী মহাৰাজলৈ অপেক্ষা কৰাই মংগল হ’ব! অন্ততঃ মন্ত্ৰটো পালেই কোনো নতুন উৎসুক বিশ বছৰীয়া ডেকাৰ সন্ধান কৰিব লাগিব! ” সেই ভাবি গুৰুজীৰূপী ঋষভ চুপ চাপ গাড়ীখনৰ চিটটোত বহি পৰিল ।

এইদৰে গুৰুজীয়ে নৈৰ মাজৰপৰা ঢপলিয়াই আহি গাড়ীৰ চিটত মৌন হৈ বহা দৃশ্যটো সহায়ককেইজনৰ বাবে বৰ নতুন নহয়, সেইবাবে তেওঁলোকো গাড়ীৰ পিছৰ ছিটত বহি উভটিবলৈ সাজু হ’ল।

☆ ★ ☆ ★ ☆

8 Comments

  • Ronjon Baruoh

    অপূর্ব

    Reply
    • গায়ত্ৰী গোস্বামী

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো 🙏

      Reply
  • ৰাজশ্ৰী শৰ্মা

    বেলেগ এটা সোৱাদ পালো।

    Reply
    • ঙগায়ত্ৰী গোস্বামী অধ্যাপক

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো

      Reply
  • হেমন্ত কাকতি

    বাহ! কি জেং কাৰবাৰ দেখোন! মই বেলেগ কিবা হব বুলিহে ভাবিছিলো৷ ভাল লাগিল গায়ত্ৰী৷

    Reply
    • গায়ত্ৰী গোস্বামী

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো 🙏

      Reply
  • Chandana Das

    ভাল লাগিল

    Reply
    • গায়ত্ৰী গোস্বামী

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো 🙏

      Reply

Leave a Reply

Your email address will not be published.