ফটাঢোল

ভৌতিক – সমুজ্জল কাশ্যপ

সীমা বাইদেউ। ক্লাছত সকলোৱে ভয় কৰা আমাৰ স্কুলৰ ইংৰাজীৰ শিক্ষয়িত্ৰীগৰাকী। অসীমা তালুকদাৰ তেওঁৰ নাম। আমাৰ সৰু চহৰখনত সীমা বাইদেউ বুলিয়েই সকলোৱে জানে তেওঁক। তেওঁৰ মুখত হাঁহি খুব কম দেখা যায়। সকলোৱে তেওঁক সমীহ কৰি চলে। খুবেই খঙাল বুলি তেওঁৰ নাম আছে। চিঞৰ-বাখৰ, হাহি-খিকিণ্ডালি কৰি থকা ক্লাছটো তেওঁ সোমোৱাৰ লগে লগে নিমাত নিস্তব্ধ হৈ পৰে। অৱসৰ ল’বলৈ হয়তো আৰু বেছি সময় নাই বাইদেউৰ, তেওঁৰ বহুকেইগৰাকী ছাত্ৰীয়ে ইতিমধ্যে একেখন স্কুলতেই শিক্ষকতা কৰি আছে।

ক্লাছতো তেওঁ বেছি কথা নকয়। তেওঁ পঢ়াবলগীয়াখিনি সামৰি নিজৰ ৰুমলৈ গুচি যাই, কাৰো লগত বেছি কথা পাতি থকা নেদেখোঁ। এটা কথা লক্ষ্য কৰিছিলোঁ, ক্লাছত তেওঁ মোৰ ফালে চাই কেতিয়াবা কিবা ভাবি থাকে। তেওঁৰ সেই চাৱনিটোত আনৰ তুলনাত যেন অলপ কোমলতা আছে মোৰ প্ৰতি। সকলোকে আচৰিত কৰি বাইদেউৱে এদিন লেইজাৰ টাইমত মোৰ পিঠিত হাতখন ফুৰাই ‘ভালদৰে পঢ়িবা’ বুলি কৈছিল। মোৰ লগৰ ছোৱালীবোৰো যথেষ্ট আচৰিত হৈছিল তেওঁৰ এই কাৰ্য্যত। কেইজনীমানৰ অলপ হিংসাও হৈছিল মোৰ প্ৰতি।

নিজৰ বুলিবলৈ বাইদেউৰ কোনো নাই, অকলেই থাকে। কোনেও সুধিবলৈ সাহসো কৰা নাছিল বাইদেউৰ পৰিয়ালৰ বিষয়ে। কিন্তু মাহঁতৰপৰা গম পাইছিলোঁ যে বাইদেউৰো এখন সংসাৰ আছিল। স্বামী আৰু কন্যা সন্তান এজনীৰে সৈতে সুখেৰেই আছিল তেওঁ। লুইতৰ বানে এদিন তেওঁৰ সৰ্বস্ব কাঢ়ি নিছিল, আৰু তেতিয়াৰপৰাই হয়তো তেওঁ কঠোৰ হৈ পৰিছিল।

লাহে লাহে শিক্ষকসকলৰ কমন ৰুমত কেতিয়াবা তেওঁক মাত দিয়া কৰিলোঁ মই। মোৰ ফালে চাই থাকিছিল তেওঁ। মোৰ লগৰ আন কোনো এজনীও ছোৱালী তেওঁৰ ওচৰ চাপিবলৈ সাহস কৰা নাছিল, কেতিয়াও। মাৰপৰা শুনিছিলোঁ, তেওঁ হেনো নিজৰ দৰমহাৰ বেছিখিনি টকা চহৰখনৰ মাজত থকা অনাথ শিশুগৃহ এটালৈ দান দিছিল, নিজৰ বাবে অতি সামান্য কিবা এটা ৰাখিছিল মাত্ৰ।

কিছু বছৰ পাৰ হ’ল, আমিও স্কুল সামৰি কলেজ পালোগৈ। নতুন বহুতো শিক্ষক শিক্ষয়িত্ৰীৰ সান্নিধ্যলৈ আহিলোঁ। সীমা বাইদেউৰ কথা কিন্তু কোনোদিনে পাহৰিব নোৱাৰিলোঁ। লাহে লাহে ফাইনেল শেষ হ’বৰ সময় হ’ল। ডিগ্ৰী থাৰ্ড ইয়েৰৰ ফাইনেল পৰীক্ষা শেষ হোৱাৰ পিছদিনাই হোষ্টেল এৰি ঘৰলৈ আহিম, কিমান যে আনন্দ মনত। পৰীক্ষা শেষ হোৱাৰ পিছত দুজনীমান লগ হৈ চিনেমা চাবলৈ গ’লোঁ, অনুৰাধাত। চিনেমা শেষ হোৱাৰ পিছত আমিকেইজনী বজাৰত সোমালোঁ। কিমান যে সৰু সৰু বস্তু কিনিছোঁ, নিজৰ কাৰণে, মাৰ কাৰণে, দেউতাৰ কাৰণে, দাদাৰ কাৰণে। মুঠতে আনন্দৰ সীমা নাই। হোষ্টেল আহি পাই ভাগৰে জুৰুলা কৰা দেহাটো বিছনাত এৰি দিলোঁ।

চান্দমাৰী বাছষ্টেণ্ডত ৰৈ আছোঁ। বাছ অহা নাই, যিকেইখন আহিছে তলে ওপৰে মানুহ পাণ জপাৰ দৰে জাপি আহিছে। খালি বাছ আহিব বুলি বহু দেৰিৰপৰা ৰৈ আছোঁ। এনেতে ৰিক্সা এখন আহি থকা দেখিলোঁ। ৰিক্সাত এখন চিনাকি মুখ দেখি সেইফালে থৰ লাগিলো কিছু দেৰি। হয়, সেয়া সীমা বাইদেউৱেই হয়। আমাৰ স্কুলৰ অসীমা তালুকদাৰ। কেইবছৰমান তেওঁক দেখা নাই যদিও ঠিকেই চিনি পাইছোঁ। মুখত এতিয়া বয়সৰ চাপ পৰিছে। চুলিবোৰো পকিছে। ৰিক্সাৰপৰা তেওঁ মোৰ পিনেই চাই থকা যেন লাগিল। মই ফুট-পাথৰপৰা নামি আগুৱাই গ’লোঁ তেওঁক মাত লগাম বুলি। ৰিক্সাখনৰ ওচৰ পাওঁতে মই ‘বাইদেউ’ বুলি মাত লগাবলৈ চেষ্টা কৰিলোঁ কিন্তু আচৰিত ধৰণে মোৰ মাতটো ওলাই নাহিল। বহু চেষ্টা কৰিও মাতটো উলিয়াব নোৱাৰিলোঁ। ৰিক্সাৰ ওপৰৰপৰা বাইদেউৱে সোঁহাতৰ তৰ্জনী আঙুলিটোৰে নিজৰ ওঁঠ দুটা স্পৰ্শ কৰি মোক মনে মনে থাকিবলৈ কোৱাৰ দৰে কৰিলে। ৰিক্সাখন লাহে লাহে আগুৱাই আহি মোৰ কাষেৰে পাৰ হৈ গুচি গ’ল। মই আকৌ এবাৰ ‘বাইদেউ’ বুলি মাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু এইবাৰো সফল নহ’লোঁ। মোৰ মাতটো যেন ডিঙিৰ মাজতেই চেপা খাই ৰৈ গ’ল। তেনেতে কোনোবা এজনীয়ে গাত ধৰি জোকাৰি জোকাৰি মাতি থকা গম পালোঁ। চকু দুটা দুহাতেৰে মোহাৰি মোহাৰি সম্মুখত দেখিলোঁ সেইজনী ঝিলি।

: বা, নুঠে নেকি? ভাত দিছে ডাইনিং ৰুমত। সকলো আপোনাৰ কাৰণে ৰৈ আছে, সোনকালে আহক।

হোষ্টেলৰ কাম কৰা ছোৱালীজনীয়ে মুখৰ ফালে চাই মোক টোপনিৰপৰা জগাই আছে। সৰু ছোৱালীজনীক সকলোৱে বৰ মৰম কৰে, তাইৰ আচল নামটো কি নাজানো, কিন্তু সকলোৱে ঝিলি বুলিয়েই মাতে। লাহে লাহে বিছনাৰপৰা উঠি আহিলোঁ।

ভাগৰুৱা দেহাত কেতিয়া টোপনিটোৱে হেঁচি ধৰিছিল গম নাপালোঁ। বাইদেউক সপোনত দেখা কথাটো বহু সময় ভাবি থাকিলোঁ। ভাত খাই থাকোঁতে বিভিন্ন জনীৰ বিভিন্ন গল্প ওলাল টেবুলত, আন দিনাৰ দৰে। হোষ্টেলৰ শেষ সাজ ভাত খাই আমি ফাইনেল দিয়া আটাইকেইজনী নিজৰ নিজৰ ৰুম পালোঁ। তেনেতে ঝিলিয়ে আহি মাৰ ফোন অহা বুলি কোৱাত দৌৰ মাৰি হোষ্টেলৰ ফোনটোৰ ওচৰ পালোঁ। সদায় ৰাতি দেৰিকৈ ফোন কৰে মায়ে, হোষ্টেলৰ নম্বৰটোত। মাক গোটেইখিনি কথা ক’লোঁ। পৰীক্ষা, বজাৰ, চিনেমা, আৰু সপোনটোৰ কথাও ক’লো।

: তোক কথা এটা কওঁ মাজনী। তই সপোনত দেখা তহঁতৰ স্কুলৰ সীমা বাইদেউ, তেওঁ ১৫ দিনমানৰ আগতেই ঢুকাল। তোৰ পৰীক্ষা চলি থকা বাবে আমি কোৱা নাছিলোঁ। তোক বহুত মৰম কৰিছিল তেওঁ, নিজৰ ছোৱালীজনীৰ দৰে দেখিছিল। হয়তো সেই কাৰণেই তেওঁক তই সপোনত দেখিলি!

কি যে কয় মায়ে, মই যেন বিশ্বাস কৰিব পৰা নাই কথাটো। মাৰ কথা শুনি মনটো বৰ বেয়া লাগিল। অলপ আগতে মই তেওঁক দেখিছোঁ, তেওঁৰ সেই উজ্জ্বল মুখখন চকুৰ আগত ভাহি আছে। সপোন বুলি মানি ল’লোঁ যদিও তেওঁৰ মৃত্যুৰ কথাটো মানিবলৈ যথেষ্ট টান হ’ল।

: সপোনত মৰা মানুহে কথা নকয়। সেইবাবে তই তেওঁক চেষ্টা কৰিও মাতিব পৰা নাছিলি বা তেওঁ তোক মাতিব মানা কৰিছিল ওঁঠত আঙুলিটো লগায়।

বহু দেৰিলৈ মাৰ কথাকেইটা মনৰ মাজত পাকঘূৰণি খাই থাকিল। ৰুমৰ বস্তুবোৰ, মোৰ কাপোৰবোৰ সামৰিবলৈ এতিয়া যেন দেহটোত একেবাৰে শক্তি নাই, সকলো পুৱাই ঠিক ঠাক কৰিম বুলি আকৌ বিছনাখনত বাগৰ দিলোঁ। ৰাতি পুৱাবলৈ বহু দেৰি আছে এতিয়াও।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.