ফটাঢোল

মই কৰা নাটকখন-নীলাক্ষি কাকতি

এনেই মই মানুহজনী খুব টেলেণ্টেড৷ মানে মোৰ মূৰৰপৰা ভৰিলৈকে অইলৰ টেংকাৰত ডিজেল ভৰি থকাৰ দৰে টেলেণ্ট এনেকৈ ভৰি আছে যে সেই ভৰ সহিব নোৱাৰি মই মানুহজনী কেতিয়াবা বেঁকা হৈ যাওঁ৷ তথাপিও কোনোবাই ক’ব পাৰিবনে মোৰ পচপন্ন গ্ৰামো অহংকাৰ আছে বুলি? বাৰু, এইবোৰ কথা থাকক এতিয়া। টেলেণ্টৰ কথাটো কওঁ।

সৰুৰে পৰাই মই সৱতে টেলেণ্টেড মানে পুখুৰী পাৰ খেলৰপৰা কোৰাচলৈকে মই সকলোতে যোগদান কৰোঁ৷ অকনমাণ ওখ হোৱা হ’লে মই হাইজাম্প , বাস্কেটবল বা প’লভল্টো খেলিলোঁ হয়৷ গাত অলপমান বেছি বল থাকিলে ৱেট লিফ্টিং, পাঞ্জা, মল্লযুজতো ভাগ ল’লোঁহেতেন। পিচে গাৰ বল কম হ’লে কি হ’ব, ব্ৰেইনটো সাংঘাতিক আছিল মোৰ৷ সেইবাবে মই নৃত্য, গীত, নাটক আদিত অংশগ্ৰহণ কৰিছিলোঁ।

এবাৰ মই চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোঁতে নাটক এখনত অভিনয় কৰিবলৈ আমন্ত্ৰণ পালোঁ৷ আমাৰ ঘৰৰ ওচৰৰ সংঘটোৱে আয়োজন কৰা মইনা পাৰিজাতৰ বাৰ্ষিক অনুষ্ঠানত ‘টিপু চুলতান’ নাটৰ আয়োজন কৰা হৈছিল৷ গৰম বন্ধৰ শেষৰ দিনা নাটকখন অনুষ্ঠিত হোৱাৰ কথা৷ গোটেই মাহ আবেলি তিনিটাৰপৰা ৰিহাৰ্চেল৷ আমাক গাইড কৰিবলৈ দায়িত্ব ল’লে আমাৰ ঘৰৰ ওচৰৰ দুলাল মামাই৷ তেওঁ নাটক কৰে আৰু নাটক নিৰ্দেশনাও কৰে৷ মই নাটকত টিপু চুলতানৰ পুতেকৰ ভাওটো পালোঁ ৷ চুলতানৰ ৰোলটো দুলাল মামাই নিজেই ল’লে। মোৰ ডাইলগ মাত্ৰ এটাই আছিল ৷ চুলতানক ক’ব লাগে- “বাবাজান বাবাজান আম্মিজানে মাতিছে৷” বিশ্বাস কৰক মই তাৰ পিছদিনাৰপৰাই ৰিহাৰ্চেল কৰিবলৈ আঢ়ৈমান বজাতে হাজিৰ হওঁ৷ লগৰকেইটাকো ঘৰৰপৰা মাতি মাতি আনো৷ সিমান বেছি চিৰিয়াছ কৈ যদি পঢ়া-শুনাত লাগিলোঁহেতেন, এতিয়ালৈ মহাকাশ বিজ্ঞানীয়েই হ’ব পাৰিলোঁহেতেন চাগে৷ ৰিহাৰ্চেল চলি থাকিল আৰু ময়ো ডাইলগটো চিৰিয়াছ হৈ প্ৰেক্টিচ কৰি থাকিলোঁ ৷ যিমানেই নাটক অনুষ্ঠিত হোৱাৰ দিন চমু চাপিল মোৰ সিমানেই বুকুৰ ঢপঢপনি বাঢ়িবলৈ ধৰিলে ৷ মাহটো শেষ হ’ল আৰু আমাৰ বাৰ্ষিক অনুষ্ঠানৰ দিনটো আহিল৷ ৰাতিপুৱাৰপৰাই মোৰ বমি বমি লাগিবলৈ আৰম্ভ কৰিলে৷ টেনচনত দুবাৰমান বেছিকৈ লেট্ৰিনতো সোমালোঁ৷ চাৰিবজাত সংঘত নাটকখন আৰম্ভ হ’ল৷ কিছুসময়ৰ পিছত মোৰ মঞ্চত ওলোৱাৰ সময় হ’ল৷ মোৰ হাত ভৰি কঁপিবলৈ আৰম্ভ কৰিলে৷ কঁকালৰপৰা তলৰখিনি নোহোৱা হৈ যোৱা যেন লাগিল৷ মোৰ লগৰ জ্যোতিয়ে মোক ঠেলি দিলে ভিতৰলৈ৷ মই মঞ্চত গৈ দৰ্শকৰফালে চালোঁ৷ দেখোঁ যে মা-দেউতা প্ৰথম শাৰীতে বহি আছে৷ ডিঙিটো মোৰ শুকাই গ’ল৷ মুখৰপৰা মাত নোলাইহে নোলায়৷ ইফালে টিপু চুলতান ৰূপী দুলাল মামাই মোক চকুৰে ডাইলগ দিবৰ বাবে ইংগিত দি আছে৷ মোৰ কান্দোন ওলাই আহিছিল৷ তথাপিও দুলাল মামাৰ ৰঙা চকুৰ আগত “শ্ব’ মাষ্ট গ’ অন৷” মই ক’লোঁ, “দুলাল মামা দুলাল মামা আপোনাক আম্মিজানে মাতিছে৷” তাৰপিছৰখিনি আৰু কি ক’ম? মাত্ৰ চাৰিওফালে হাঁহি শুনিছিলোঁ৷ পুৰস্কাৰ হিচাপে পাইছিলোঁ দুলাল মামাৰ গালি আৰু ঘৰত মাৰ বাঘঢকা৷ এনেকৈয়ে এজনী ‘আপকামিং’ হিৰোইনৰ অপমৃত্যু হ’ল৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.