ফটাঢোল

মতিভ্ৰম – শাণ্ডিল্য মহন্ত

মিছানো কি কম,
অভ্যাসৰ নৰ
সন্ধিয়া সময়ত তিনিআলিলৈ
সদায় মাৰোঁ লৰ।
সিদিনা ওলাইছিলোঁ হে ঘৰৰ পৰা
নেপালোং আলিবাট
ইফালৰ পৰা আঘোণা বুঢ়াই
হঠাতে লগালে মাত।
ৰ’চোন ৰ’ ক’লৈ যাৱ’
খন্তেক এইফালে আহ
বেছি সময় নলওঁ বাৰু
কাম এটা কৰি দি থৈ যা।
এনেয়ে থাকোঁ ঘৰতে আজিকালি
কথা ভাবিছোঁ এটা সেই গুণে
বৰ বোপাই দিয়া ম’বাইলটোত
টিকটক টোকে ভৰাই দে।
মই বোলোঁ ঐ লাপুং বুঢ়া
ভালকৈ শুনি ল’ মোৰ কথা
কালৰো কাল বিপৰীত কাল
মই মুখখন নোখোলাই ভাল।
বাজিব লাগে টেমী কটাৰী
বাজিছে হাঁচটি
এই বয়সতহে ল’ৰিবলৈ পালে
তই বুঢ়াৰ পৰকিতি
ল’ব লাগে এতিয়া হৰিৰ নাম
ল’ব লাগে ভকতৰ সং
তাৰ সলনি বহুৱালি কৰিবৰ
পাতিছ’ তই পাং।
বেছিদিন চাউল নাই আৰু তোৰ
কটা ভাল কাম কৰি
শাৰী পিন্ধি লৈ এতিয়া তই
হ’ব নালাগে নাৰী।
দাঁত নিকটাই ৰাগ নুজুৰিবি
যেন বায়নৰ বোন্দা
ভালে ভালে এৰ বুলিছোঁ
সেইবোৰ ফটুৱা ধান্দা।
নাৱে কৰে টুলুং ভুটুং ব’ঠাই বোলে বাওঁ
টিকটক কৰাতকে ৰাকুদাৰ চিনেমাকে
উৰাই ঘূৰাই চাওঁ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.