ফটাঢোল

মধুপুৰ বহুদূৰ নহয়- নয়নমণি হালৈ

(১)

আলিপুৰদুৱাৰৰ পৰা কোচবিহাৰ অভিমুখী বাছখনত উঠোঁতেই বৰষুণজাক আৰম্ভ হৈছিল আৰু আমি যেতিয়া কোচবিহাৰ পাইছিলোঁ, কলহৰ কাণে ঢলা বৰষুণ এজাকে আমাক স্বাগতম জনাইছিল৷ হোটেলৰ খিৰিকীৰে প্ৰকৃতিৰ তাণ্ডৱ-লীলা চাই থকাৰ বাহিৰে ৰাতিপুৱাৰ বেলাটোত আমাৰ আৰু একো কাম কৰা নহ’ল৷ আবেলিলৈ বতৰ ফৰকাল হ’ল যদিও আকাশত মেঘ আৰু গুমগুমনিৰ বৰঢোল বাজিয়ে থাকিল৷ দিনটো আছিল যোৱা দুৰ্গাপূজাৰ নৱমীৰ দিন৷ অ’টো এখন ঠিক কৰিলোঁ ‘মধুপুৰ’লৈ বুলি৷ উদ্দেশ্য – সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজনৰ সমাধিস্থল দৰ্শন কৰা তথা গুৰুজনাৰ শেষ বয়সৰ লীলাভূমিত ক্ষন্তেক মূৰ দোঁৱাই জাতিলৈ আগবঢ়োৱা পৰ্বতসম অৱদানৰ কিঞ্চিত ঋণ পৰিশোধ কৰা৷

 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ‘বৈষ্ণৱ ধৰ্ম’ত দীক্ষা লোৱা মই এজন ভকত বা বৈষ্ণৱ নহয়৷ আনহাতে শংকৰদেৱৰ বিষয়েও মোৰ জ্ঞান বা ধাৰণা বৰ বিশাল নহয়৷ বৰঞ্চ মেট্ৰিক দিয়া সময়লৈকে শংকৰদেৱ নগাঁৱৰ আলিপুখুৰীত জন্মিছিল, মাকৰ নাম সত্যসন্ধা, আইতাকৰ নাম খেৰসুতি, ভৰা ব্ৰহ্মপুত্ৰ সাতুৰি পাৰ হৈছিল, কীৰ্তন ঘোষা লিখিছিল, এনেধৰণৰ সৰুসুৰা কিতাবীয় জ্ঞানতে আবদ্ধ আছিল মোৰ শংকৰদেৱ৷ কলেজত পঢ়া দিনত এটি বৰ্ষণমুখৰ দিনত হঠাত্‍ কিতাপ পঢ়িবলৈ মনেৰে তাগিদা অনুভৱ কৰাত, ওচৰত একো কিতাপ নথকা দিন এটাত হাতত তুলি ল’লোঁ ‘কীৰ্তনঘোষা’খন৷ কীৰ্তনঘোষা সেইসময়ত গোঁসাইঘৰত ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা বস্তু বুলিয়ে ভাবিছিলোঁঁ৷ যিটো অধ্যায় মেলি লৈ মই পৰম গো-গ্ৰাসে পঠন কৰিবলৈ ধৰিলোঁ, সেই অধ্যায়টোৰ নাম ‘হৰমোহন’৷ বেছি নিলিখোঁ, আজিৰ পৰা ছশ বছৰ আগতে এজন কবিৰ কলমত নাৰী আৰু প্ৰকৃতিৰ ইমান সুন্দৰ উপমা, ব্যঞ্জনা আৰু হাস্যৰসৰ মাজেৰে অনুপম ভক্তিসুধা বোৱাই দিব পৰা কবিজনাৰ কবিত্বশক্তিত মই মোহিত হৈ পৰিলোঁঁ৷ তাৰপিছৰ পৰা যেতিয়াই গুৰুজনাক অধ্যয়ন কৰিছোঁ তেতিয়াই ধৰ্মগুৰুৰ চোকোৰা ভাঙি গুৰুজনা মোৰ ওচৰত বিশাল প্ৰতিভাধৰ এজন পুৰুষ, সমাজসংস্কাৰক, সাহিত্যিক, নাট্যকাৰ, বাদক, অনুবাদক আৰু দাৰ্শনিক ৰূপেই ধৰা দিছে৷ গুৰুজনাৰ সমগ্ৰ কৃতীৰ বাবে আমি যিজন ব্যক্তি বা যিখন সমাজক প্ৰথমেই কৃতজ্ঞতা জনাব লাগিব, সেইজন হৈছে কোচৰজা নৰনাৰায়ণ তথা সমসাময়িক কোচ সমাজখন৷ কাৰণ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা অবিহনে গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰো বহু সৃষ্টি যে স্তিমিত হৈ পৰিলহেঁতেন, তাত কাৰো সন্দেহ নাই৷ সেই তেতিয়াই মনত উকমুকনি দিছিল যে কোচবিহাৰৰ মধুপুৰলৈ নোযোৱালৈ মোৰ গুৰুজনাক জনা অসম্পূৰ্ণ৷ মধুপুৰ নেদেখালৈ মই কেতিয়াও শান্তি নাপাম৷ হয়তো মধুপুৰেই অসমীয়া জাতিৰ কৃতজ্ঞতা স্বীকাৰৰো একমাত্ৰ স্মাৰক৷

(২)

১৮৮৮ চনত বৰ্তমানৰ বাংলাদেশৰ পাবনা জিলাৰ হিমাইতপুৰ নামেৰে গাঁৱত এজন ব্যক্তিৰ জন্ম হৈছিল, যাৰ নাম আছিল অনুকূল চন্দ্ৰ চক্ৰৱৰ্তী (অনুকূল ঠাকুৰ)৷ জীৱনীকাৰসকলে এইজনা ব্যক্তিৰ অসংখ্য লৌকিক-অলৌকিক কাহিনী লিখি থৈ গৈছে৷ কিন্তু মূল কথা হ’ল এইজনা ব্যক্তিয়ে তদানীন্তন বংগীয় সমাজখন ‘সংস্কাৰ’ৰ বাবে কিছুমান অভূতপূৰ্ব কাৰ্যসূচী হাতত লৈছিল৷ তেওঁ পাবনাত যিখন ‘সৎসঙ্গ আশ্ৰম’ আৰম্ভ কৰিছিল, সিয়ে সেইসময়ত সমগ্ৰ উত্তৰ আৰু পূৱ ভাৰতত একধৰণৰ ‘বিস্ময়কৰ বিপ্লৱ’ সাধন কৰিছিল৷ তদানীন্তন ভাৰতৰ প্ৰায় সকলো গুণীজ্ঞানী, বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিৰ আগমন ঘটিছিল উক্ত আশ্ৰমলৈ৷ মহাত্মা গান্ধী, দেশবন্ধু চিত্তৰঞ্জন দাস, লাল বাহাদুৰ শাস্ত্ৰী, নেতাজী সুভাষ (সুভাষ বসুৰ পিতৃ-মাতৃ অনুকূল ঠাকুৰৰ পৰম ভক্ত আছিল), আনকি আমাৰ অসমৰ পৰাও গোপীনাথ বৰদলৈ, ৰোহিনী চৌধুৰীৰ দৰে ব্যক্তিও অনুকূল ঠাকুৰৰ সান্নিধ্য পাবলৈ আশ্ৰমলৈ গৈছিল৷ ঠাকুৰৰ সেই আশ্ৰমখনক কোৱা হৈছিল ‘Man Making Industry’৷ জীৱন-চলন পথ নিৰ্দেশ কৰা ঠাকুৰ অনুকূল চন্দ্ৰৰ বাণীৰ সংখ্যা ষাঠী হাজাৰতকৈও অধিক৷ যিয়ে নহওক, ৰাজনৈতিক পাকচক্ৰত স্বাধীনতাৰ পৰৱৰ্তী কালত ১৯৪৮ চনত ঠাকুৰে সেই আশ্ৰম পৰিত্যাগ কৰি ভাৰতবৰ্ষলৈ গুচি আহে আৰু বিহাৰৰ (বৰ্তমান ঝাৰখণ্ড) ‘দেওঘৰ’ নামে ঠাইত আশ্ৰম প্ৰতিষ্ঠা কৰে৷ কোৱা হয়, ঠাকুৰে যি ঠাইত আশ্ৰম পাতিছিল, সেই ঠাই তপত বালি আৰু শিলেৰে মৰুভূমি সদৃশ আছিল৷ কিন্তু আজি ইয়াৰ ৰূপ সম্পূৰ্ণকৈ পৃথক৷
শংকৰদেৱৰ প্ৰসংগ আৰম্ভ কৰি মইনো ঠাকুৰ অনুকূল চন্দ্ৰৰ কথা কিয় ক’লোঁ, সেই কথা নিশ্চয় ক’ম৷ কিন্তু তাৰ আগতে আৰু দুটামান কথা কৈ লওঁঁ৷ ঠাকুৰ অনুকূল চন্দ্ৰ প্ৰতিষ্ঠিত সৎসঙ্গৰ দীক্ষা গ্ৰহণ কৰা লোকসকলক কোৱা হয় ‘সৎসঙ্গী’৷ সৎসঙ্গীসকলে বছৰত এবাৰ দেওঘৰলৈ যোৱাটো এক পবিত্ৰ কৰ্তব্য ৰূপে জ্ঞান কৰে৷ কোনোবাই বছৰত নোৱাৰিলেও দুই-তিনিবছৰৰ মূৰত হ’লেও এবাৰ দেওঘৰলৈ যায়৷ দেওঘৰ আশ্ৰমত বছৰত দুটা উৎস‍ৱ হয়, সেই উৎসৱত লক্ষ লক্ষ মানুহৰ ভীৰত সৎসঙ্গ নগৰত খোজ দিবলৈ ঠাই নাইকিয়া হয়৷ আৰু বছৰৰ প্ৰায় সকলো সময়তে কেইবাহাজাৰ দৰ্শনাৰ্থী আশ্ৰমত থাকেই৷ একমাত্ৰ সৎসঙ্গ আশ্ৰমৰ বাবেই আজি ঝাৰখণ্ডৰ ‘দেওঘৰ’ হৈ পৰিছে পৰ্যটনৰ উল্লেখনীয় ক্ষেত্ৰ৷ সৎসঙ্গ নগৰত গঢ়ি উঠিছে কেইবামহলীয়া কেইবাটাও অতিথিশালা, হোটেল, ল’জ, খোৱা-লোৱাৰ বাবে সাতমহলীয়া বিশাল ‘আনন্দবাজাৰ গৃহ’ (য’ত পচিশ হাজাৰ মানুহে একেলগে বহি খাব পাৰে), সকলো সময়তে গাড়ী-মটৰৰ সুবিধা, ওচৰেৰে বৈ যোৱা ‘দ্বাৰৱা’ নদীৰ পৰা পানী যোগানৰ ব্যৱস্থা, গঢ়ি উঠিছে সৎসঙ্গ হাস্পত্যাল, সৎসঙ্গ ডাকঘৰ, প্ৰেছ, কম্পিউটাৰ কেন্দ্ৰ, পুথিভড়াল ইত্যাদি৷ আশ্ৰমলৈ যোৱা লোকসকলে ওচৰ-পাজৰৰ ঠাইসমূহো চাবলৈ বিচাৰে বাবে দ্ৰুত উন্নয়ন হৈছে দাতি-কাষৰীয়া বাবাধাম, চিত্ৰকূট, মধুবন, নৱলক্ষ আদি তীৰ্থস্থল সমূহৰো৷ পৰ্যটন ক্ষেত্ৰ এখনৰ হয়তো এনেদৰেই বিকাশ সাধন হয়৷

কিন্তু দেওঘৰত চাবলগীয়া আছে কি? ঠাকুৰ অনুকূল চন্দ্ৰই ব্যৱহাৰ কৰা ঘৰবোৰ, গছ-লতিকা, এটা বিশাল প্ৰাৰ্থনা গৃহ, স্মৃতিজড়িত সা-সামগ্ৰী (দাঢ়ি খুৰোৱা ৰেজৰটোৰ পৰা আচাৰৰ বৈয়ামটোলৈ) আৰু আলোকচিত্ৰসমূহেৰে এটা সংগ্ৰাহলয় আৰু সমাধিক্ষেত্ৰ৷ কিন্তু ইয়েই ভক্তসকলৰ বাবে পৰম সম্পদ, পৰম আবেগ৷ সমাধিক্ষেত্ৰত মূৰটো দোঁৱাব পৰাটোৱেই যেন ভক্তসকলৰ পৰম হাবিয়াস৷ এতিয়া আহোঁ শংকৰগুৰুজনাৰ সমাধিক্ষেত্ৰ মধুপুৰলৈ৷

(৩)

দবাথেকেচা বৰষুণজাক আবেলিলৈ সাম কাটিলে৷ বেলিটো চাবৰ উপায় নাই, গোটেই আকাশজুৰি গোমাগোমে মেঘ৷ অনুমান কৰিলোঁ বেলি পশ্চিমৰ দিশে লহিয়াইছে৷ আমি হোটেলৰ পৰা ওলাই অ’ট এখন ঠিক কৰিলোঁঁ৷ কোচবিহাৰৰ স্থানীয় মানুহে মধুপুৰক ‘ধাম’ বুলি ক’লেই চিনি পায়৷ মূল পথেৰে প্ৰায় সাত কি:মি: যোৱাৰ পিছত অটোখন এটা সৰু ৰাস্তাৰে ঘূৰিল৷ আগবেলা হৈ যোৱা তাণ্ডৱৰ চিন স্বৰূপে ঠায়ে-ঠায়ে উভালি পৰা গছ, গছৰ ডাল, ঘৰৰ মুধচ আদি পৰি থকা দেখিলোঁ৷ কিছুদূৰ গৈয়ে গাড়ীখন এঠাইত ৰ’ল আৰু লগে-লগে এটা কেচেমা-কেচেম ওকালি অহা গোন্ধ আমাৰ নাকত লাগিল৷ দেখিলো ঠাইখনত এখন সৰু বজাৰ বহিছে৷ বোধকৰো অস্থায়ী সাপ্তাহিক বা দৈনিক বজাৰ৷ কেচা শাক-পাচলিতকৈ বেছিভাগ দোকানেই শুকান মাছৰ৷ স্থানীয় বিভিন্ন প্ৰকাৰৰ মাছ আৰু গোন্ধেৰে বৰ বিচিত্ৰ বজাৰখন পাৰ হৈয়ে এখন অস্থায়ী দুৰ্গাপূজা মণ্ডপ৷ বতাহত গোটেই মণ্ডপখনেই হাওলি আছিল৷ পূজা মণ্ডপৰ সন্মুখৰ পৰাই চকুত পৰিল নাতিদূৰৈত সেইখন সত্ৰৰ বাটচৰা৷ মধুপুৰ অসমৰ পৰা বেছিদূৰ নহয়, ক’বলৈ গ’লে ঘৰৰ কাষতে৷ কিন্তু সত্ৰলৈ গৈ থকা এইখিনি সময়তে আমাৰ মনলৈ এনে ভাৱ আহিছিল যেন মধুপূৰ বহু দূৰ৷ বহুদূৰ বিদেশৰ কৰবাত যেন যুগ-যুগ ধৰি সত্ৰৰ বাটচৰা অকলে থিয় হৈ আছে, আমালৈ অধীৰ আগ্ৰহেৰে বাট চায় আছে৷ সত্ৰৰ বাটচৰাতে দেখিলোঁ সৰু এখন দোকান৷ তাত গুৰুদুজনাৰ কেইবাখনো পুথি, অসমীয়া আৰু বাংলা ভাষাৰ আন-আন পুথি, সত্ৰৰ ভিতৰৰ আলোকচিত্ৰ, ধূপকাঠি, মাহ-প্ৰসাদ আদি থকা দেখিবলৈ পালোঁঁ৷ বিক্ৰেতাজন স্থানীয় কোচ-ৰাজবংশী সম্প্ৰদায়ৰ ল’ৰা, তেওঁ ভালকৈয়ে অসমীয়াত কথা-বতৰা পাতিলে৷ লৰাজনৰ মুখতেই আৰু এটা নতুন কথা গম পালোঁ যে, এইখন সত্ৰৰ মূল মন্দিৰত হেনো মাহ-প্ৰসাদৰ লগতে নিমখ দিয়াটো নিয়ম৷ আমি মাহ-প্ৰসাদৰ লগতে নিমখ আৰু অক্ষয় বন্তিত দিবলৈ মিঠাতেলৰ পেকেট একোটাও ল’লোঁঁ৷ দক্ষিণমুৱাকৈ থকা বাটচৰাৰে ভিতৰলৈ সোমায়েই চকুত পৰিল পশ্চিমমুৱাকৈ থকা ‘সমাধি মন্দিৰ’৷ গুৰুজনাই সমাধি প্ৰাপ্ত হোৱা স্থানটুকুৰাতে এই মন্দিৰ৷ মন্দিৰৰ সোঁদিশে পূৱমুৱাকৈ আছে বিশাল কীৰ্তনঘৰ৷ কীৰ্তনঘৰৰ গাতে লগাকৈ এটা নাট-মণ্ডপ নিৰ্মিয়মান অৱস্থাত থকা দেখিবলৈ পালোঁঁ৷ কীৰ্তনঘৰৰ ঠিক সন্মুখতে পুখুৰী৷ পুখুৰীৰ চাৰিওপাৰ, হাত-ভৰি ধুৱা ঘাট আদি সুদৃশ্যকৈ শিলেৰে বন্ধোৱা আছে৷ পুখুৰীৰ আনটো পাৰত সত্ৰৰ চোৱা-চিতা কৰা ভকতসকল আৰু সত্ৰাধিকাৰৰ বাসস্থান৷ মন্দিৰৰ বাঁওফালে গুৰুজনাৰ সম্পূৰ্ণ অবয়বৰ এটি মূৰ্তি৷ (গুৰুজনাই কোৱা ‘মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা’ কথাষাৰ তেৰাৰ ভকতসকলে বৰ কট্টৰভাৱে পালন কৰে, পিচে এই মূৰ্তিটোৰ ক্ষেত্ৰত ভকতসকলৰ প্ৰতিক্ৰিয়া কি মোৰ এবাৰ জানিবৰ মন আছিল৷) মূৰ্তিটোৰ পৰা বাঁওদিশে কিছুদূৰ গৈ জিৰণি-চৰা, প্ৰস্ৰাৱঘৰ, অতিথিশালা ইত্যাদি৷ সকলোবোৰেই আছে, নাই কেৱল মানুহ৷ সমাধিমন্দিৰত সেৱা জনাই, সত্ৰাধিকাৰ গৰাকীৰ লগত মন্দিৰৰ মজিয়াত বহিয়ে কিছু কথা-বতৰা পাতিলোঁঁ৷ উল্লেখযোগ্য যে মধুপুৰ সত্ৰতে গুৰুদুজনাই ব্যৱহাৰ কৰা ভালেকেইপদ সামগ্ৰী, যেনে অংগবস্ৰ, জপমালা, বাদ্য, সাঁচিপাত আদি আৰু গুৰুজনাৰ অস্থি সংৰক্ষিত হৈ আছে৷ কিন্তু সেয়া দৰ্শনাৰ্থীয়ে চাবৰ উপায় নাই৷ বছৰৰ মাত্ৰ দুটা দিনতহে হেনো সামগ্ৰীবোৰ দৰ্শনৰ বাবে উলিয়াই দিয়া হয়৷ মনেৰে কিছু অসন্তুষ্টি বোধ কৰিলোঁঁ৷ সত্ৰলৈতো পবিত্ৰ মন এটাৰেই যোৱা হয়৷ তেন্তে কিয় প্ৰতিদিনেই দৰ্শন কৰিব পৰাকৈ বিজ্ঞানসন্মত সংগ্ৰহালয় এটা গঢ়ি উঠা নাই! আনহাতে বছৰৰ মাত্ৰ দুটা দিনৰ বাহিৰে বাকী দিনবোৰত কাপোৰেৰে ঢাকি থোৱাৰ ফলত বস্তুবোৰ ভালে আছেনে? সুধিব খুজিছিলোঁঁ তেখেতক, নুসুধিলোঁ৷ পিচে সত্ৰাধিকাৰৰ কথাতো বিষাদৰ সুৰ স্পষ্ট৷ ভকতৰ আগমনতহে হেনো ভগৱানৰ আনন্দ৷ কিন্তু মধুপুৰলৈ যোৱা ভকতৰ সংখ্যা ইমান কম যে বছৰৰ সৰহভাগ দিনেই মধুপুৰ নিজম পৰি থাকে৷ আমি যেতিয়া গৈছিলোঁ সেইসময়ত পূজাৰ বন্ধ চলি আছিল৷ তথাপিও দৰ্শনাৰ্থী বুলিবলৈ কোনো নাছিল৷ যিটো সময়ত বাংলাদেশত জন্ম লৈ ঝাৰখণ্ডলৈ অহা অনুকূল ঠাকুৰৰ আশ্ৰম লোকে-লোকাৰণ্য হৈ থাকে, সেই সময়ত গুৰুজনাৰ মধুপুৰৰ চোতালত ভকতৰ অভাৱত ঘাহ-বন গজে৷ গুৰুৰ লীলাভূমি দৰ্শন কৰিবলৈ দেওঘৰত ভকতে উখল-মাখল লগায়, মধুপুৰে ভক্তলৈ ৰৈ থাকে বছৰটোৰ সৰহভাগ কাল৷

(৪)

শংকৰদেৱ কেৱল শৰন লোৱা ভকতসকলৰ বাবেহে নেকি! চুৰিয়া পিন্ধি নাম-প্ৰসংগ কৰা, সংঘৰ অধিবেশনলৈ বাছভাড়া কৰি যোৱা ভকতসকলৰ বাবেহে নেকি শংকৰদেৱ! তাৰ বাহিৰে শৰন নলোৱা অভকতকে ধৰি বিভিন্ন সম্প্ৰদায়, জাতি, বৰ্ণ বা আন ধৰ্মৰ বাবে শংকৰদেৱ আজি কিয় সমানে প্ৰাসংগিক হৈ উঠা নাই? আজিৰ প্ৰজন্ম দুৰ্গাপূজা বা সৰস্বতী পূজাক লৈ যিমান উৎসাহী, গুৰুদুজনাৰ প্ৰতি সেইকণ উৎসাহ আমি প্ৰদৰ্শন কৰিব পৰা নাই কিয়? কিয় এই বিশাল অসম ভূখণ্ডৰ প্ৰতিটো জাতি, জনজাতি, সম্প্ৰদায়, বৰ্ণ বা ধৰ্মৰ বাবে শংকৰদেৱ এক সাৰ্বজনীন গৌৰৱ হৈ উঠা নাই? কেৱল অসমৰ বাহিৰত হোৱা বাবেই যদি গুৰুজনাৰ পদৰেণুৰঞ্জিত মধুপুৰলৈ অসমীয়া জাতিয়ে উদাশীনতা দেখুৱাব পাৰে, তেন্তে অন্য প্ৰান্তত শংকৰী স্মাৰক প্ৰতিষ্ঠা হ’ব কিদৰে? কিয় শংকৰদেৱৰ গৌৰৱগাথাক আমি ভাৰতবৰ্ষৰ চুকে-কোনে লৈ যাব পৰা নাই? কিহৰ বাবে এই উদাশীনতা? সত্ৰৰ পৰা ঘূৰি আহোঁতে এই প্ৰশ্নবোৰেই মোক বৰকৈ আমনি কৰিছিল৷

কিন্তু এইবোৰ প্ৰশ্নৰ সঠিক উত্তৰ মোৰ হাততো নাই৷ কিন্তু মই নিশ্চিত যে, শৰণ লোৱা ভকতসকলে বা শংকৰ সংঘৰ সদস্যসকলে যেতিয়ালৈ শৰণ নলোৱা বিশাল জনগণৰ প্ৰতি বৈষম্য আৰু বিদ্বেষভাৱ পোষণ কৰি থাকিব, তেতিয়ালৈ এয়া সম্ভৱ নহয়৷ এটা সৰু উদাহৰণ, শংকৰ সংঘৰ সদস্য এজনে হয়তো ঘৰৰ কাষৰে সত্যনাৰায়ণ পূজাখনলৈ তীব্ৰ ঘৃণা নিক্ষেপ কৰিছে, ‘ধৰ্ম হৈবে ব্যভিচাৰ’ বুলি ভাবি যদি তেওঁ সৰস্বতী বা লক্ষীৰ প্ৰতিমাটিক অবজ্ঞা কৰিছে, পূজাৰ প্ৰসাদখিনি ‘বিষ্ঠা সম’ হৈ পৰা বুলি যদি তেওঁ ভাবিছে, তেন্তে কেতিয়াও তেওঁ ভাবিব নালাগে যে সেই চুবুৰীয়াজন এদিন সংঘ বা গুৰুজনাৰ প্ৰতি শৰণাপন্ন হ’ব৷ চুবুৰীৰ দুৰ্গাপূজাখনক যদি ভকতে অধৰ্ম, অনাচাৰ বুলি জ্ঞান কৰে, তেন্তে ভকতৰ পথটোকো চুবুৰীটোৱে অধৰ্ম, অনাচাৰ বুলি ভবাটোৱে স্বাভাৱিক৷ অসমত এতিয়া ঠিক সেইটোৱেই হৈছে৷ (ইয়াত সত্যনাৰায়ণ বা দুৰ্গাপূজাখনক প্ৰতীক হিচাপেহে কোৱা হৈছে৷) পথ বেলেগ হ’লেও সহনশীলতা আৰু উদাৰ দৃষ্টিৰে সকলো সামৰি ল’ব পাৰিলেহে উদ্দেশ্যত সফলতা লাভ কৰিব পৰা যায়৷ মান্ধাতাকলীয়া যুগ এটাত শংকৰদেৱ এজন আধুনিক পুৰুষ হৈ জন্মলাভ কৰিছিল৷ কিন্তু এতিয়াৰ আধুনিক (!) যুগত মান্ধাতাকলীয়া চিন্তা পৰিহাৰ কৰিবৰ হ’ল৷ মৃতকৰ কাজ দহদিনত পাতিম নে তেৰদিনত, চুলি খুৰাম নে নুখুৰাম, মোচ ৰাখিম নে নাৰাখিম এই ধৰণৰ অতি সংকীৰ্ণ চিন্তাই গুৰুজনাৰ আদৰ্শকে অপমান কৰিছে৷ দুৰ্গাপূজা পতা এজন ব্ৰাক্ষ্মণৰ মনতো শংকৰদেৱৰ প্ৰতি অতি উচ্চ সন্মানবোধ, প্ৰগাঢ় ভক্তি আৰু আদৰ্শগত মিল থাকিব পাৰে৷ অমিলবোৰ বাদ দি মিলবোৰ বিচাৰি লৈ সকলোৱে একেলগে শংকৰদেৱক তুলি ধৰিলেহে বিশ্বই গুৰুজনাক জনাটো সম্ভৱ হ’ব৷ শংকৰদেৱে দেখুওৱা ভক্তিমাৰ্গ শুদ্ধ নে শাক্তসকলৰ পূজা-পাতল শুদ্ধ সেই লৈ দ্বন্দ-বিবাদত সময় নষ্ট কৰাতকৈ এতিয়া সময় আহিছে দুয়োপক্ষই হাতত ধৰাধৰিকৈ শংকৰদেৱক বিশ্বৰ নাগৰিকৰ চকুত উজলাই তুলিবলৈ৷ অন্যথা আমাৰ মাজত থকা ঠেক গণ্ডীটোতে আবদ্ধ হৈ থাকিব বিশ্বৰ বাবে প্ৰাসংগিকতা থকা শংকৰদেৱ গুৰুজনাৰ আদৰ্শ৷

☆ ★ ☆ ★ ☆

5 Comments

  • rintumoni dutta

    খুব ভাল লাগিল নয়নমনি

    Reply
  • Anonymous

    সুন্দৰ লিখনি

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ৷বৰ ভাল লাগিল

    Reply
  • সুকুমাৰ গোস্বামী

    বৰ সহজ ভাষাত বুজাই দিলা

    Reply

Leave a Reply

Your email address will not be published.