ফটাঢোল

মধ্যবিত্তৰ দিনলিপি : বিকাশ দত্ত

খণ্ড ১- টুথপেষ্টঃ

টুথপেষ্ট এটা শেষ হ’লে মধ্যবিত্তসকলে বিভিন্নধৰণৰ উপায় লয়। কাৰণ “মধ্যবিত্তছ অলৱেজ ৰক”।

আপোনালোকে যদি শেষ হৈ যোৱা টুথপেষ্টটোক মাজেৰে প্ৰস্থচ্ছেদ কৰি টুথব্ৰাছডাল ভিতৰলৈ সোমাই দি ঘূৰাই-পকাই কুঁ‌তৰি কুঁ‌তৰি কৰকৰীয়াকৈ লাগি ধৰা পেষ্টখিনি বাহিৰলৈ উলিয়াই আনি পানী অকণমান ঢালি তিনিমিনিটলৈ সেইখিনিৰেই দাঁ‌ত ঘঁ‌হি পোৱা নাই তেন্তে ক’ব খোজো যে সঁ‌চা-সোণৰ চামুচ ন’ললেও ষ্টিলৰ চামুচ মুখত লৈ নিশ্চয় জন্ম পাইছে আপোনালোকে!

শেষ হৈ টুথপেষ্টটোৰ ভিতৰৰ অৱশিষ্টখিনি এটা পৰ্যায়ত নকটাকৈ উলিয়াবলৈ মন সকলোৰে যায়। এইক্ষেত্ৰত আপোনালোকে টুথপেষ্টটোৰ মুখখন খুলি লৈ ৰেললাইনত ৰাখি থৈ দিয়ক। ওপৰেৰে ৰেলগাড়ীখন পাৰ হৈ গ’লেই পেষ্টখিনি ওলাই আহিব।

কিন্তু ৰেলগাড়ীখনৰ ক্ষেত্ৰত আপোনাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন আহি পৰিব পাৰে। সেয়ে, মহিলাসকলে ৰুটি আৰু নিজৰ নিজৰ পতিক বেলি দিয়াৰ ওপৰিও টুথপেষ্টটোৰ ওপৰতো বেলনা মাৰিডাল ব্যৱহাৰ কৰিব পাৰে। একেই প্ৰচেছ, মুখা খোলক আৰু বেলি দিয়ক, টুথপেষ্ট ওলাই আহি যাব।

খণ্ড ২- ৰিলেশ্বনচীপ আৰু আডাৰ্ছঃ

মানুহে কয় প্ৰেমিক,

আমি কওঁ‌ “খতৰৌ কে খিলাড়ী”
মানুহে কয় বিয়া,
আমি কওঁ‌ “গেম অ’ভাৰ”
মানুহে কয় ফাগুনৰ পঁ‌চোৱা বতাহ,

আমি কওঁ‌ “ইচমে তেৰা ঘাতা মেৰা কুচ নহী যাতা”

খণ্ড ৩- মই, টেম্প’যাত্ৰা আৰু আডাৰ্ছঃ

টেম্প’ত বহিছোঁ। পিছৰ ছিটত। বাহিৰত ধাৰাসাৰ বৰষুণ। কাষত ধুনু মাইনা এজনী বহিছে। অলপ uneasy টাইপ ফিলিঙ এটা আহিছিলেই, এনেতে তাই মাতিলে:

“দাদা, বেগটো অকণ ল’বচোন। ফোনটো উলিয়াই লওঁ‌।”

এক নিস্বাৰ্থ হাঁ‌হিৰে ক’লোঁ: “অ’ ঠিক আছে।”

ফোনটো উলিয়ালে তাই। বেগটো লোৱাৰ বাবে থেংকিউ বুলিও ক’লে। হাজাৰ হওক মনতো পাতল লাগে এইবোৰ ঘটিলে। এনেতে ভাবিলোঁ, বোলো অলপ কথাকেই পাতোঁ। নাই, ষ্টাৰ্ট কৰিব পৰা নাই। কেৰাহিকৈ চালো। তাই হোৱাটছেপ খুলিছে। চশমা পিন্ধা DP ৰ ল’ৰাজনৰ চাটটো খুলি ৰিপ্লাই দিছে:

“O dhun, moi tempot bohisu.” পিছফালে দুটা ৰঙা কলিজা আৰু চুম্বন তিনিটা।

ল’ৰাজনৰ নামটো “Bikash❤😘” বুলি টাইপ কৰা আছে।
এটা হুমুনিয়ায়েহেৰে বেগৰ পৰা হেডফোনডাল উলিয়াই লৈ ম’বাইলত বজালোঁ- “মন যায়, মন যায়, মন যায়!”

খণ্ড ৪- মই, টেম্প’যাত্ৰা আৰু আডাৰ্ছ ২.০ঃ

টেম্প’যাত্ৰা! সাধাৰণতে মই টেম্প’ৰ সন্মুখত ছিটত বহি যাওঁ‌। কাৰণ মন ভালে থাকিলে ড্ৰাইভাৰজনৰ ভেকেটা-ভেকেট ঘামৰ গোন্ধয়ো একো প্ৰভাৱ নেপেলায়। কিন্তু যেতিয়া জীৱন-যৌৱনে আমনি কৰে তেতিয়া পিছফালে বহোঁ। কিজানি কোনোবা ধুনু মাইনা ওচৰত বহে আৰু বতাহত তাইৰ ওকণিবিহীন চুলিকোঁচাই মোৰ মুখত কোবাই, তাই তাৰ পিছত মোক ছ’ৰী কওঁ‌ক, মই ক’ম Its Ok, তেতিয়া কথা আগবাঢ়িব, মই তাইৰ নাম সুধিম তাই মোক সুধিব!!! উফফ, সপোনৰ দুনিয়াখনৰ পৰা ঘূৰি আহিলোঁ।

বাৰু, আজিও একো ব্যতিক্ৰম ন’হল। সন্মুখৰ ছিটটোত বহিছে এযোৰ কাপ’ল। আৰু মোৰ ওচৰত সিহঁতৰেই কোনোবা এগৰাকী বান্ধৱী। এডাল হেডফোনেৰে দুয়োটাই কি গান শুনিছে নাজানোঁ। কিন্তু ল’ৰাজনৰ দাঁ‌ত নিকটোৱা হাঁ‌হি আৰু ছোৱালীজনীৰ বাৰে বাৰে তাৰ ফালে চাই মৰা হাঁ‌হি এটাৰে উৰি থকা চুলিকেইডাল কাণৰ পিছফালে নি থকা দেখিলে দুয়োকে বৰ সুখী যেনেই লাগিছে। ময়ো হেডফোন উলিয়ালোঁ। মোৰ ওচৰৰ ধুনু মাইনা জনীয়ে ফোনটোত কিবা চাইছে। মই তেওঁৰ সম্ভৱপৰ নামবোৰ ভাবিব ধৰিছোঁ। মানে মনৰ গভীৰতাৰ পৰা জীৱনে আমনি কৰিলে আৰু পৰিস্থিতিবোৰে জীৱনটোক বেয়াকৈ বজাব ধৰিলে এইবোৰকেই কৰোঁ। এনেও নিসংগতাই দহি থকা মনৰ কুঠৰীত ওচৰত থকা অচিনাকি ছোৱালীজনীৰ নামবোৰ guess কৰিব লোৱাতোনো ক’ত অপৰাধ! দস্তুৰমত স্বাধীন ভাৰতৰ ছিংগল ল’ৰা। গতিকে নামবোৰ ভাবিব ধৰিলোঁ‌ এটা এটাকৈ।

বৰষা, ভাস্বতী, অনুশ্ৰী, পল্লৱী, বনশ্ৰী, মৌচুমী, নে সংগীতা!

অৱশেষত সমুখত বহি থকা বান্ধৱীজনীয়ে মাতিলে, তাইৰ হয়তো নামিবৰ হ’ল।

“ঐ সংগীতা, মই নামোঁ দে। তই যাবি।”

হুমুনিয়াহ! হেডফোনতো গীত এটা বাজি উঠিল-

“আঁ‌খে ভি হৌতী হে দিল কি জুবা, বিন বৌলে কৰ দেতী হে হালত য়ে পল মে বয়া!

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.