ফটাঢোল

মধ্যবিত্তৰ সপোন-নীলাক্ষী কাকতি

: মা মোক কঁঠালগুটি আৰু দুটা দিয়ানা৷ – পিংকুৱে মাক ইৰাক ক’লে৷

: এই দুটা ল৷ মোৰ ভাগৰপৰাই দিছোঁ৷ গাইপতি চাৰিটাকৈ দিছিলোঁ৷ কঠালগুটিৰ যিহে দাম! বাপৰে! কালি বজাৰৰপৰা এপোৱা ত্ৰিশ টকাকৈ আনিছিলোঁ৷ বজাৰখনত যেনিবা জুইহে লাগিছে৷ দাম সুধিবই নোৱাৰি বেপাৰীক৷

– ইৰাই ভাতৰ পাতত একান্তমনে ভাত খাই থকা গিৰিয়েক তপনক ক’লে৷

: তাকেই৷ যিকেইটাহে দৰমহা পাওঁ মাহৰ শেষলৈ টকাকেইটা নাথাকেই৷ পিংকু সোনকালে খা৷ আজি আমাৰ অফিচত মিটিং এখন আছে৷ সোনকালে অফিচ পাবগৈ লাগিব৷ তোক আকৌ স্কুলতো থ’ব লাগিব৷

– তপনে ভাতকেইটা শেষ কৰি হাতখন ধুই পিংকুক ক’লে৷

: দেউতা মোৰ স্কুলৰ বেগটো ফাটিছে ৷ মোক নতুন এটা লাগে৷

: হ’ব দে৷ এইবাৰ দৰমহা পালে দিম৷ এতিয়া ব’ল৷

: দিব দিব বাপেৰে চব দিব৷ আজি তিনিমাহে নতুন কুকাৰ এটা লাগে বুলি চিঞৰি আছোঁ৷ মানুহে কুকাৰৰ শব্দ কম মোৰ মাতহে বেছিকৈ শুনে৷ এই গৰমত কুকাৰটোৰ লগত মোৰ যুঁজি থাকোতেই যায়৷ কি যে কুক্ষণত মই এওঁৰ লগত বিয়াত বহিছিলোঁ৷ একে লগৰ বৰা কেৰাণীয়ে গাড়ী চলাইহে অফিচলৈ যায়৷ আমাৰ আকৌ এইফালে মান্ধাতা যুগৰ ভেচপাখনত কিক্ মাৰোতেই যায়৷ অহা মাহত দৰমহা পালে যদি ঘৰলৈ নতুন কুকাৰ নাহে মই ঘৰ এৰি গুচি যাম৷ গেলা গৰমত গোটেই দিনটো মই লেদেনা উকটি থাকিম আৰু দৰকাৰী বস্তু কেইবিধৰো যোগাৰ নাপাম৷ থাকা তুমিয়েই ধৰ্মৰাজ যুধিষ্ঠিৰটো হৈ৷ চৰকাৰে চাৰ্টিফিকেট দিব তোমাক৷ সেইখন চাই থাকিয়ে তোমাৰ পেট ভৰিব৷

: হেৰা তুমি ক’ৰপৰা ক’লৈ যোৱাহে? কথাই প্ৰতি তোমাৰ ঘৰলৈ যোৱাৰ ভাবুকি৷ মই পৰা নাই কাৰণেহে৷ ঘৰভাৰা, ঘৰৰ খৰচ আৰু বজাৰ সমাৰ কৰোঁতে কৰোঁতে টকা হাতত নাথাকেই৷ যোৱামাহত তোমাৰেই মাহীৰ ছোৱালীৰ বিয়াত অতখিনি খৰচ হ’ল৷ পাৰিলে নিদিয়াকৈ থাকো জানো?

: হয় হয় মোৰ পৰিয়ালৰ নামতেই তোমাৰ সকলো খৰচ হয়৷ মোৰ কাৰণেই তোমাৰ এই অৱস্থা! উ..উ..

– চকুপানী মচি মচি ইৰাই ক’লে ৷

: ধেই অকণো শান্তি নাই মানে! কিবা এটা ক’বই নোৱাৰি৷ গংগা যমুনা ব’বলৈ আৰম্ভ কৰেই৷ হেৰা মোৰ দেৰি হৈছে৷ আমি আহোঁ দিয়া৷ এইবাৰ কিবা এটা কৰিবই লাগিব৷

       ***

পিংকুক স্কুলত নমাই থৈ তপন তাৰ ভেচপাখনৰ ওচৰলৈ আহিল। ভেচপাখন ষ্টাৰ্ট কৰিবলৈ ঠিক দুবাৰমান কিক্ মাৰিছিলহে কিবা এটা যেন জোতাযোৰৰপৰা ওলাই গ’ল তাৰ তেনে এক অনুভৱ হ’ল৷ হয় ঠিকেই, সোঁ ভৰিৰ জোতাপাতৰ আগৰফালে অলপ এৰাই আহিছে৷ “হে ভগৱান! এনেয়ে দেৰি হৈছে তাতে আকৌ পকেটো খালী৷ মই বাৰু তোমাৰ কোনটো পানীখোৱা পুখুৰীত বিহ ধালিছোঁ?” মনতে বিৰবিৰাই লাহে লাহে আৰু দুবাৰমান যত্ন কৰি কিক্ মৰাত ভেচপাখন ষ্টাৰ্ট হ’ল৷

: বাবু এইবাৰ আকৌ কি হ’ল? কেইদিনমান আগতে জোতা ঠিক কৰি দিছিলোঁহে৷

– ৰামলাল মুচীয়ে তাক দেখি দূৰৰপৰাই মাত দিলে৷

: চাচোন৷ আগফালটো ওলায়েই গ’লচোন৷

: বাবু, এইবাৰ একেবাৰেই ওলাই গ’লচোন৷ এইবাৰৰ সৈতে চাৰিবাৰ জোতাযোৰ চিলালোঁ৷ আৰু চিলনি দিব জাগা নাই বাবু৷ আপুনি চাকৰি কৰা মানুহ৷ টকা পইচা আছে৷ নতুন জোতা এযোৰ লৈ লওক৷

: হ’ব হ’ব দে৷ এইবাৰ লৈ ল’ম৷ তই সোনকাল কৰ৷ মোৰ জৰুৰী কাম আছে৷ কিবা কৰি আজি চিলাই দে আৰু৷

: দিয়ক বাৰু৷ চাওঁ কি কৰিব পাৰোঁ৷

              ****

দিনটো তপনৰ ব্যস্ততাৰে পাৰ হ’ল৷ ইফালে মাজে মাজে জোতাযোৰলৈও চাই থাকিব লগা হৈছে৷ ৰামলালে বাৰে বাৰে কৈছে এইবাৰেই শেষ চিলাই আৰু৷ ইফালে দৰমহা পাবলৈও কেইদিনমান আছে৷ অফিচৰ মিটিং শেষ হোৱাৰ পিছত সকলোৱে অলপ বহি কথা বতৰা পাতি আছিল৷ হঠাতে তপনৰ মোবাইলত এটা মেচেজ আহিল৷ সি সাধাৰণতে মেচিজ নপঢ়েই৷ পোন্ধৰশ টকীয়া মোবাইলটোত বিশেষ কৰিবলগীয়াও একো নাই৷ দুনিয়াৰ অফাৰ নাইবা কলাৰ টিউন সলোৱাৰ মেচেজেৰে ভৰি আছে মোবাইলটো৷ মাজে মাজে সি মেচেজবোৰ ডিলিট কৰে৷ ইফালে পিংকুৱে লাগি আছে নতুন স্মাৰ্ট মোবাইল এটা কিনিবৰ বাবে৷ লগৰবোৰে বোলে মোবাইলত গেম খেলে৷ দুদিনমানৰ আগতে সিহঁতৰ স্কুলৰ শ্ৰেণী শিক্ষয়ত্ৰীগৰাকীয়েও বোলে কৈ পঠিয়াইছে Whats app নম্বৰটো লাগে বুলি৷ সেইবোৰ সি বুজিয়েই নাপায়৷ আচলতে বুজিবলৈ তাৰ অৱকাশ নায়েই৷ মোবাইল এটা কিনিবলৈ হ’লেও বহুত টকা লাগিব! সি মেচেজটো খুলি চালে৷ কি! কি দেখিছে এয়া সি? আকৌ এবাৰ চকু দুটা মোহাৰি সি মেচেজটো পঢ়িলে৷ তাৰ বুকুখন ৰাজধানী এক্সপ্ৰেছৰ সমানকৈ যেন দৌৰিছে৷ কপালৰপৰা তাৰ ঘাম বৈ আহিছে৷ আকৌ এবাৰ পঢ়িলে সি৷ ইংৰাজীতে লিখা কথাখিনি সংক্ষেপতে আছিল এনেধৰণৰ “আপুনি আমাৰ কোম্পানীৰ লাকী ড্ৰ’ৰ বিজয়ী৷ সেইকাৰণে আপোনাক আমাৰ কোম্পানীৰ ফালৰপৰা পঞ্চাশ লাখ টকা উপহাৰ দিয়া হ’ল৷ বিতংকৈ জানিবৰ বাবে আপুনি আপোনাৰ ই-মেইল এড্ৰেচ আৰু আপোনাৰ স্থায়ী ঠিকনা আমি তলত দিয়া লিংকটোত দি পঠাওক৷ আপোনালৈ অভিনন্দন৷” তপনে মোবাইলটো পকেটত সুমুৱাই ইফালে সিফালে চালে৷ সি মন কৰিলে বৰা কেৰাণীয়ে অকণমান দূৰত মোবাইলত কিবা লিখি আছে কাগজ এখনৰপৰা চাই চাই৷ মুখত মিচিকিয়া হাঁহি৷ এঃ৷ এইবোৰ চাই কি লাভ! ভগৱানে কৰিলে তাৰ মুখটো এতিয়াৰপৰা হাঁহি নুগুচা হ’ব৷ সি লাহে লাহে বাৰাণ্ডা পালেহি আৰু ভেচপাখনত কিক মাৰিলে৷ এইবাৰ কিক মাৰোতে সি বেছি সাৱধান নহ’ল৷ ভগৱানে কৰিলে এনে জোতা সি হাজাৰযোৰ….!

চাহ একাপ খাই সি বিচনাখনত পৰি চকু দুটা মুদি দিলে৷ আজি তাৰ মনটো কেনে লাগি আছে সি ভাবিব পৰা নাই৷ সি মনত পেলাবলৈ আৰম্ভ কৰিলে সি কেতিয়া লটাৰী খেলিছিল৷ যোৱা বছৰ সিহঁতৰ গাঁৱত পতা লক্ষ্মী পূজাত? নাই নহয়৷ তাততো ৰিজাল্ট ওলাইছিল৷ এশ টকাত কিনা লটাৰী টিকটটো ইৰাই গোসাঁই থাপনাত বহুদিনলৈকে থৈ দিছিল৷ ৰিজাল্ট ওলোৱাৰ দিনা বাণে ঠিকাদাৰৰ পুতেকে মাৰুতি ALTO খন পোৱাত ইৰাই লুকাই লুকাই কান্দিছিল৷ বেচেৰী৷ বৰ সৰল তাই৷ ভালকৈ আৰু নিজৰ পচন্দমতে কোনেনো থাকিব নিবিচাৰে? ৰাতিপুৱা সি তাইক এনেই খং কৰিলে৷ সি আকৌ মনত পেলালে৷ হয় হয় ঠিক মনত পৰিছে৷ তিনি মাহমানৰ আগত ইৰাৰ পেহীয়েকৰ ছোৱালী গিতালী আহিছিল৷ তাইৰ লগত সিঁহত তিনিও শ্বপিং মল এটালৈ গৈছিল৷ আহোঁতে তাতে ছোৱালী দুজনীয়ে কিবা ফৰ্ম এখন ফিল আপ কৰিবলৈ দিছিল৷ কিবা লটাৰী পাতিব বোলে৷ উফ! ভগৱান তুমি ইমান সদয় হ’লা! সি এইবাৰ ভাবিলে এতিয়া কি কৰা যাব? তাৰ মোবাইলততো এইবোৰ কৰিব পৰা নাযাব৷ প্ৰথমতে স্মাৰ্ট মোবাইল এটা কিনিব লাগিব৷ ইৰাই সুধিলে পিংকুৰ স্কুলৰ বাবে লোৱা বুলি ক’ব লাগিব৷ কিন্তু এই মেচেজটো সম্পৰ্কে কাকো ক’ব নোৱাৰি৷ বিয়াৰ ৰভা নিদিওঁতেই ভিক্ষাৰী পদূলিত হাজিৰ হয়৷ খুৱ সাৱধানে কামবোৰ কৰিব লাগিব৷ বৰা কেৰাণীৰদ্বাৰা ই-মেইল একাউণ্ট এটা খুলিব লাগিব৷ তেওঁ সুধিলে সি ক’ব যে পিংকুৰ স্কুলৰ বাবে লাগে৷ তেওঁৰপৰাই মোবাইটোত কেনেকৈ কি কৰিব লাগে শিকি ল’ব লাগিব৷ ইৰাক পিছত ক’ব৷ মাইকী মানুহৰ মুখ আৰু গাঁৱত হোৱা গ্ৰহণী ৰোগ – দুয়োবিধৰে লক্ষণ একেই৷ খুব সোনকালে পেটত যি আছে ওলাই যায়৷ পিছে মোবাইলটো কেনেকৈ কিনা যায়? একাউণ্টত কেইটামান টকাহে আছে৷ সেইকেইটাৰে পাচলি বজাৰহে কৰিব পৰা যাব৷ আইডিয়া! সিহঁতৰ অফিচৰ পিয়ন জগতৰ গাঁৱত এখন চোচাইটি আছে৷ তাৰপৰাই ল’ব লাগিব৷ তাক জগতে বৰ সন্মান কৰে৷ তাক সি না নকয়৷ কিন্তু বৰ সোনকালে কৰিব লাগিব কামখিনি৷ মুখৰ আগৰপৰা সান্দহ কোনে কেতিয়া লৈ যাব পাৰে ঠিক নাই৷ সি জগতলৈ ফোন মাৰিলে টকা পোন্ধৰ হাজাৰ বিচাৰি৷ ৰক্ষা৷ পাঁচটকীয়া সূতত সি সোমবাৰে লৈ আহিব বুলি ক’লে৷ আজি বাৰু সি কাৰ মুখ চাইছিল? ভবাতকৈ বেছিয়ে ভাললৈ আহিছে তাৰ দিন৷ সি এইবাৰ ভাবিলে সি পঞ্চাশ লাখ টকাৰে কি কৰিব? ইমান টকা! প্ৰথমতে সি গাঁৱলৈ গৈ নামঘৰত দহ হাজাৰমান টকা দান দিব৷ হাজাৰ হ’লেও ভগৱানৰ আশীৰ্বাদতেই সি টকা পাইছে৷ তাৰপিছত পয়ত্ৰিশ লাখমানৰ ফ্লেট এটা ল’ব৷ GST আদি কাটিলেও সি অন্ততঃ তিয়াল্লিশ লাখমানতো পাবই৷ ফ্লেটতো লোৱাৰ পিছত সি নতুন গাড়ী এখন ল’ব৷ বৰা কেৰাণীতকৈ ভাল এখন ল’ব লাগিব৷ ইৰা আৰু পিংকুক লৈ বগীবিলৰ দলংখন চাই আহিব লাগিব৷ যিকেইটা টকা বাচে ইৰাৰ মনৰ পচন্দৰ বস্তু কেইবিধমান কিনিব লাগিব৷ সিও দুযোৰমান ভাল ব্ৰেণ্ডৰ জোতা ল’ব৷ বাৰে বাৰে ৰামলালৰ ওচৰত গৈ থাকিব নোৱাৰি৷ বাকী যিখিনি ৰ’ব সেইখিনি ভৱিষ্যতৰ বাবে একাউণ্ট এটা খুলি থ’ব লাগিব৷ এইবোৰ ভাবোতে ভাবোতে তাৰ কেতিয়া টোপনি গ’ল সি ক’বই পৰা নাছিল৷ ইৰাই ভাত খাবলৈ মাতোটেহে সি খপজপকৈ উঠিল৷

       ****

: চাৰ৷

: অঁ জগত৷ আনিছনে টকাকেইটা?

জগতক এক প্ৰকাৰ টানি নিয়াদি নি তপনে তাক ৰূম এটাৰ কোণা এটালৈ লৈ গ’ল৷

: চাৰ এয়া লওক৷ চাৰ, হঠাৎ ইমান টকা লগা হ’ল যে? কিবা বিপদ হৈছে নেকি?

: নাই অ’, গাঁৱৰপৰা খবৰ আহিছে মাৰ গাটো ভাল নহয়৷ ইফালে মাহৰো শেষ৷ সেয়ে…

: অঁ ঠিক আছে দিয়ক৷ ভাল হ’ব দিয়ক আপোনাৰ মাৰ৷ চিন্তা নকৰিব৷

: জগত তোৰ উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম৷ ধন্যবাদ৷

: এঃ চাৰ! কি যে কয়৷ বিপদত আমি ইজনে সিজনক নাচালে কেনেকৈ হ’ব? বাৰু চাৰ আহিছোঁ দিয়ক৷

: বাৰু৷ শুন বৰাদা আহিছেনে?

: আহি পালে৷ ৰুমতেই আছে৷

: অঁ ঠিক আছে দে৷ মোৰ তেওঁৰ লগত অলপ কথা আছিল৷

তপনে ৰূমটোত সোমায়ে লক্ষ্য কৰিলে বৰা কেৰাণীয়ে জোৰজোৰকৈ ফোনত কাৰোবাৰ লগত কথা পাতি আছে৷ ঘামি-জামি মানুহজনৰ অৱস্থা নাই৷ ফোনটো থৈ বৰাই তপনৰ ফালে কন্দনামুৱা হৈ চালে৷

: বৰাদা কি হ’ল? কিয় এনেকুৱা কৰিছে আপুনি?

: মই বৰবাদ হৈ গলোঁ বুজিছা৷ মই শেষ৷ মৰি যাম মই৷

: হেঃ, বৰাদা কি হৈছে নকয় কিয়? কওকচোন৷ জানিলেহে কিবা কৰিব পাৰিম৷

: বহাচোন বহা৷

   পানী এগিলাচ কোটকোটকৈ পি তেওঁ আকৌ আৰম্ভ কৰিলে,

: বুজিছা তপন, চব কপালৰ লিখন৷ মোক শেষ কৰি দিলে ধুৰন্ধৰকেইটাই৷ আজি দুদিনমানৰ আগতে মোলৈ মোবাইলত এটা মেচেজ আহিছিল মই এক কোটি টকাৰ লটাৰী জিকিলোঁ বুলি৷ সিহঁতক বোলে মোৰ ই-মেইল এড্ৰেচ আৰু ঘৰৰ এড্ৰেচ লাগে৷ কিবা এটা লিংকো দিলে৷ তাত ক্লিক কৰিব দিলে৷ ময়ো আগপিছ নাভাবি দি দিলোঁ লিংকটোত বেংকৰ ডিটেইলছখিনি৷ ৰাতিপুৱাই চকুমেলি বেংকৰপৰা অহা মেছেজ দেখি মই অবাক৷ মোৰ একাউণ্টৰপৰা ডেৰলাখ টকা উঠোৱা হৈছে৷ এইমাত্ৰ আহি বেংকলৈ ফোন কৰি সোধাত বেংকৰ ফালৰপৰা মোক ওলোটাই প্ৰশ্নহে কৰিছে যে মই কিয় নজনা নিচিনা মানুহক বেংকৰ একাউণ্টৰ বিষয়ে ক’লোঁ৷ কিয়নো বেংকক বোলে এইবোৰৰ প্ৰয়োজনেই নাই৷ মই শেষ বুজিছা, মই শেষ৷ মোক বেংকলৈ মাতিছে৷ কিবাকিবি বোলে অলপ সলনি কৰিব৷ হেৰা তপন ব’লাচোন ব’লা৷ মোৰ মূৰটোৱেচোন একো কামেই নকৰা হৈছে৷

: হয় হয় ব’লক৷ আহক৷

: হেৰা কি হ’ল?

: নাই কিবা মোৰ মূৰটোও বেয়া লাগি গ’লচোন৷

: পানী খোৱা পানী৷ ভৱিষ্যতে তুমি এইবোৰৰ পাল্লাত নপৰিবা দেই৷

: নাই নাই৷ নপৰোঁ৷

সেই সময়ত তাৰ মনলৈ এটা কথাই  আহিছিল, পোন্ধৰ হাজাৰ টকাৰ পাঁচটকীয়া সূত মাহে সাতশ পঞ্চাশ টকা৷

☆ ★ ☆ ★ ☆

3 Comments

  • ৰক্তাভ

    ভগ্ন পিষ্ট ঘট: ….. বঢ়িয়া লাগিল।

    Reply
  • Pranita Goswami

    হয় দেই, এই ধুৰন্ধৰবোৰে অজলা মানুহ পালে লুটি পেলায়। ভাল লিখিছা নীলাক্ষী।

    Reply
  • বন্দিতা

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.