ফটাঢোল

মনে পৰে ৰুবী ৰায়-ডা° পাৰ্থসাৰথি ভূঞা

“মনে পৰে ৰুবী ৰায় কবিতাই তোমাকে একদিন কত কৰে ডেকেছি, আজ হায় ৰুবী ৰায় ডেকে বল আমাকে তোমাকে কোথায় যেন দেখেছি”

গাড়ীখনত বহি চকু দুটা মুদি শঙ্কৰে অজানিতে আকৌ এই গানটো গুণগুণালে। আৰ ডি বৰ্মনৰ এই বিখ্যাত বাংলা গীতটো মাজতে পুনৰ অৰিজিতৰ কণ্ঠত শুনাৰ পাছৰ পৰা তাৰ মনলৈ অনবৰতে এই গানটোৱেই আহি থাকে। অৱশ্যে এই গীতটোৰ আধাৰত ৰচিত “মেৰী ভিগী ভিগী চি, পলক’ মে ৰহ গই জেছে মেৰে স্বপ্নে বিখৰ কে, জ্বলে মন তেৰা ভি কিছিকে মিলন ক’, অনামিকা টু ভি তড়ছে” এই হিন্দী গীতটো সি তাৰ জীৱনৰ থিম চং বুলিয়েই ভাৱে।

যোৰহাট অভিমুখী গাড়ীখন চলিবলৈ আৰম্ভ কৰিছিল, কোম্পানীটোত সোমোৱাৰ পাছৰ পৰা শংকৰৰ আজি তেজপুৰ, কাইলৈ যোৰহাট চলিয়েই থাকে। এনে যাত্ৰাত হেডফোন লগাই মোবাইলত গান শুনি শুনিয়েই সি যাত্ৰাটো শেষ কৰে। সৰুৰে পৰাই শংকৰৰ গানৰ বিৰাট চখ আছিল আৰু ডাঙৰ হৈ এজন ভাল গায়ক হোৱাৰ হেঁপাহ আছিল। সেয়ে দেউতাকে তাক ওচৰৰে মিউজিক স্কুল এখনত গান শিকিবলৈ নাম লগাই দিছিল। পিচে সি গান গাবলৈ লোৱাৰ লগে লগে স্কুলৰ ফিল্ডখনত চৰি ফুৰা গৰু-ছাগলীকেইটাই ইফালে সিফালে চাই সেই ঠাইৰ পৰা দূৰলৈ আঁতৰি গৈছিল। এদিন গানৰ ছাৰে তাক কিবা ৰাগ এটা গাবলৈ দিওঁতে, সি আৰম্ভ কৰাৰ পাছতেই স্কুলখনৰ চকীদাৰ হেমন্ত খুড়াৰ ঘৈণীয়েক কমলা খুড়ীয়ে কোনোবা সৰু ল’ৰা-ছোৱালী পৰি দুখ পাই দেদাউৰি পাৰিছে বুলি ঢপলিয়াই আহিছিল। সেইদিনা সকলোৰে মাজত যি হাঁহিৰ ৰোল উঠিছিল যে সি লাজত মৰি যাওঁ যেন হৈছিল আৰু ছাৰেও আজিলৈ আৰু হ’ব দে, আজি শিকাবলৈ আৰু মন নাই বুলি সকলোকে ঘৰলৈ পঠিয়াই দিয়াতহে সি ৰক্ষা পাইছিল। সেই দিনাৰ পৰাই তাৰ গানৰ শিক্ষাৰ অন্ত পৰিছিল। কিন্তু অসমীয়া, বঙালী, হিন্দী গান আৰু ভাল গান গোৱা লোকৰ প্ৰতি তাৰ আকৰ্ষণ আগৰ দৰেই আছিল।

তেতিয়া শংকৰ হায়াৰ চেকেণ্ডাৰী চেকেণ্ড য়েৰত পঢ়ি আছিল। সেইদিনা কলেজত নবাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠান চলি আছিল। শংকৰ, সঞ্জীৱ, তাবিবৰ আৰু আদিত্যই হলৰ শেষৰ ফালে বহি লৈ নতুনকৈ অহা ছোৱালীবিলাকৰ ৰেগিং কৰি আছিল। সিহঁতৰ গেংটোক বৰ উৎপতিয়া বুলি কলেজত সকলোৱে জানে, কিন্তু যিকোনো সামাজিক কামত বা কাৰোবাৰ বিপদ আপদত ইহঁতকেইটাই সদায় আগবাঢ়ি যায় বাবে সকলোৱে ভালো পায়। সেই সময়ত সিহঁতে নীলাক্ষী নামৰ ছোৱালী এজনীক তাইৰ নামৰ অৰ্থটো সুধোঁতে তাই নীলা চকুৰ গৰাকী বুলি কোৱাত তাইক জোকাই আছিল যে তোমাৰতো চকু নীলা নহয়, ক’লা হে, গতিকে তোমাৰ নামটো কলাক্ষী হ’ব লাগিছিল, আমি তোমাক কলাক্ষী বুলি মাতিম। তেনেতে মঞ্চৰ পৰা এটা অতি শুৱলা কণ্ঠত লতা মংগেস্কাৰৰ “জোনাকৰে ৰাতি অসমৰে মাটি, জিলিকি জিলিকি পৰে” গীতটি ভাঁহি আহিল। শঙ্কৰে বহাৰ পৰা উঠি গাই থকা ছোৱালীজনীলৈ মন্ত্ৰমুগ্ধৰ দৰে চালে। উস, কি সুন্দৰ কণ্ঠ, লগতে বৰ মৰমলগা ছোৱালী। সি বাকীকেইটাক ক’লে,

: বল গ্ৰীণ ৰূমলৈ যাওঁ, এইৰ লগত তাতে চিনাকি হওঁ৷

গানটো শেষ কৰি মঞ্চৰ পৰা নামি অহা ছোৱালীজনীক গোটেইকেইটাই আগুৰি ধৰিলে। নাম সুধি গম পালে, অনামিকা তাইৰ নাম। আদিত্যই বোলে,

: এইজন আমাৰ লগৰ শংকৰ, খুব ভাল ছিংগাৰ, তোমাক বোলে তাৰ বৰ পচন্দ হৈছে, তোমাৰ পচন্দ হৈছে নে?

তায়ো থতমত খাই অঁঁ বুলি ক’লে। পিছে তেনেতে বিজয় ছাৰ সোমাই আহি, ঐ তহঁতে ইয়াত কিয় ভিৰ কৰি আছ, ওলা ওলা বুলি কোৱাত সিহঁত গ্ৰীণ ৰূমৰ পৰা ওলাই আহিব লগা হ’ল। পিছদিনাৰ পৰা কলেজত তাহাঁতক দেখিলে অনামিকাই তললৈ চাই পাৰ হৈ যায়। আদিত্যৰ ভনীয়েক নিৰ্মালি অনামিকাৰ লগত একেলগে পঢ়ে আৰু দুয়ো ভাল বান্ধৱী। নিৰ্মালিৰ পৰা ইহঁতে গম পালে যে ক্লাছৰে দেৱজিত নামৰ ল’ৰা এটাই অনামিকাক খুব জোকাই থাকে, ক্লাছত তাইৰ পাছফালে বহি, হাঁহিলে তুমি মুকুতা মণি সৰে গানটো গাই থাকে আৰু অনামিকাই বৰ অশান্তি পায়। কথাটো শুনি শঙ্কৰে এদিন কলেজৰ বাহিৰত দেৱজিতক আগ ভেটি ধৰি ভালকৈ গালি পাৰিলে আৰু ক’লে,

: আজিৰ পৰা যদি তাইক তই দিগদাৰ কৰা বুলি আকৌ মোৰ কাণত পৰে, কি গান গাৱ তই, হাঁহিলে তুমি মুকুতা মণি সৰে… দুইপাৰি দাঁত সৰাই দিম একে চৰে…

ঘটনাটো নিৰ্মালিৰ পৰা গম পাই পাছদিনা অনামিকাই কলেজত শংকৰৰ ওচৰলৈ আহি ধুনীয়াকৈ হাঁহি এটা মাৰি “ঠেং য়ু শংকৰ দা” বুলি কৈ গ’ল। আদিত্য, তাবিবৰ, সঞ্জীৱহঁতে তাই আঁতৰি যোৱাৰ পাছতে পাৰ্টি পাৰ্টি বুলি হুলস্থূল লগালে। সঞ্জীবে তেৰা কাম হ’ গেয়া গুৰু বুলি শংকৰৰ পিঠিত ঢকা এটা মাৰিলে৷ সেইদিনা ৰাতি শংকৰৰ টোপনি নাহিল, গোটেই ৰাতি হাজাৰ বাৰ ভূপেন হাজৰিকাৰ “সহস্ৰজনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম মালবিকা নে লিপিকা নে মল্লিকা, অৰ্থপূৰ্ণ ভাবে ই ঈষৎ হাঁহিৰে কওঁ, নাম বিহীনা তাই, নাম বিহীনা তাই অনামিকা” গানটো গুণগুণাই কটালে। তাৰ পাছৰ পৰা কলেজত তাক দেখিলে অনামিকাই ধুনীয়াকৈ হাঁহি এটা মাৰেই। অতি সোনকালে তাইক তাৰ মনৰ কথা ক’বলৈ সি ঠিক কৰিলে। তেনেতে এদিন নিৰ্মালিয়ে তাক ক’লে যে অনামিকাই তাক সিহঁতৰ ঘৰলৈ মাতিছে, আবেলি চাৰি বজাত। তাইৰ মাক দেউতাক হেনো কৰবালৈ যাব আৰু তাইৰ শংকৰক কিবা ক’ব লগা আছে।

ফূৰ্তিতে শংকৰৰ পাগল যেন লাগি গ’ল। অনামিকাই তাক কিবা ক’বলৈ মাতি পঠিয়াইছে, কথাটো যেন তাৰ বিশ্বাস কৰিবলৈকে টান লাগিছে। ঠিক চাৰি বজাত সি গৈ অনামিকাৰ ঘৰ পালেগৈ। ধুনীয়া হাঁহি এটাৰে দুৱাৰখন খুলি ঠেংক্স ফৰ কামিং শংকৰ দা বুলি কৈ তাই তাক বহিবলৈ দিলে। তুমি বহা মই কিবা এটা লৈ আহোঁ বুলি তাই ভিতৰলৈ গৈ হাতৰ মুঠিতে কিবা এটা লৈ আহি তাৰ কাষতে বহি কৈ গ’ল,

: শংকৰ দা, দেউতাৰ ট্ৰেন্সফাৰ হৈছে, আমি অহা দেওবাৰে বঙাইগাঁও যামগৈ। অতি কম দিনতে মোৰ তোমাক বিৰাট ভাল লাগিল। মই ঘৰৰ একমাত্ৰ ছোৱালী, তোমাক সেয়ে মই দাদা পাতিম, আজি ৰাখী নহয় যদিও, মই তোমাৰ কাৰণে এয়া নিজে এডাল ৰাখী বনাইছোঁ, চাওঁ হাতখন দিয়া৷

ৰাখী পিন্ধোৱাৰ পাছতেই পেটটো বিষাইছে বুলি লৰালৰিকৈ সিহঁতৰ ঘৰৰ পৰা আহি শংকৰ নিজৰ ৰূমতে সোমাই থাকিল, দুচকুৰে বৈ আহিল চকুপানী আৰু কাণত ভাঁহি আহিল …মেৰী ভিগী ভিগী চি, পলক’ মে ৰেহ গই…!

যোৰহাট বাছ আস্থানত গাড়ীৰ পৰা নামিয়েই কণমানি লৰা-ছোৱালী এহালৰ লগত এগৰাকী মহিলাক দেখি সি উচপ খাই উঠিল। লৰালৰিকৈ বাহিৰলৈ ওলাই যাব ধৰোঁতেই মহিলাগৰাকীয়ে চিঞৰি মাতিলে,

: শংকৰ দা, ইমান বছৰৰ পাছত লগ পালোঁ, একদম একেই আছে দেই আপুনি৷ ৰিকী, নিকী এয়া শংকৰ মামা, হাই কোৱা।

সিহঁত দুয়োৱে হাত জোকাৰি তাক হাই মামা বুলি ক’লে।

: তুমিও একেই আছা অনামিকা, কিন্তু বেয়া নাপাবা মোৰ দেৰিয়েই হৈছে৷ এজন মানুহ ৰৈ আছে, মই এতিয়া যাওঁ হাঁঁ৷

তাইক আৰু একো ক’বলৈ সুযোগ নিদি প্রায় দৌৰি ওলাই যোৱাৰ দৰে আস্থানৰ পৰা ওলাই সি ই ৰিক্সা এখন ৰখাই বহি পৰিল। এটা দীঘল হুমুনিয়াহ কাঢ়ি সি গালে…“মনে পৰে ৰুবী ৰায় কবিতাই তোমাকে একদিন কত কৰে ডেকেছি, আজ হায় ৰুবী ৰায় তোমাৰ ছেলে মেয়ে আমাকে মামা বলে ডেকছে….”

☆ ★ ☆ ★ ☆

13 Comments

  • বৰ্ণালী মূদৈ

    মনে পৰে ৰুবী ৰায়……..
    সংঘাটিক👌

    Reply
  • Trishna Bora

    ভাল লাগিল

    Reply
  • আদিত্য

    ভাল লাগিল, পাৰ্থ দা ।

    Reply
  • দীপ বৰা

    তামাম ।মনে পৰে ৰুবি ৰায়।হাঁহি ৰখাব পৰা নাই

    Reply
  • সুমন শেখৰ(দীপ)

    ভাল লাগিল

    Reply
  • অনামিকা

    ভাল লাগিল দাদা।

    Reply
  • বন্দিতা

    দুখ লাগিল, ভালো লাগিল ।

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • ডাঃ পাৰ্থসাৰথি ভূঞা

    সকলোকে ধন্যবাদ জনাইছোঁ দেই

    Reply
  • মানসী বৰা

    আই ঐ দেহি ..বেয়া লাগি গ’ল
    শংকৰটোলৈ..

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল

    Reply
  • HEMANTA KAKATI

    আটচা, চকীদাৰৰ নামটোহে নে মোৰ ভাগ্যত পৰিল নে? প্ৰিন্সিপাল বা কমচে কম কেৰানীৰ নামটো তো আহিব লাগিছিল!

    ভাল লাগিল পাৰ্থ

    Reply

Leave a Reply

Your email address will not be published.