ফটাঢোল

মন্থৰা আইতা : নীলাক্ষী কাকতি

: খটং–কেৰ ৰ ৰ

গেটখন খোলাৰ শব্দটো শুনি ৰিমলীয়ে ড্ৰয়িংৰুমৰ নেটৰ পৰ্দাখনৰ ফাকেদি চাই দেখিলে তাইৰ বান্ধৱী তথা প্ৰতিবেশী মিকুৰ আইতাক সোমাই আহিছে৷

: কোনোবা আহিছে হ’বলা! ৰিমলিৰ মাক সবিতাই ক’লে৷

: উম৷ আচলজনীয়ে আহিছে৷ মন্থৰা আইতা৷ আমাৰ আইতাই যে এওঁৰ লগত কিয় থাকে মই বুজি নাপাওঁ মা৷ মিকুৰ মাকজনী ইমান ভাল তথাপিও অনবৰতে বদনাম গায় থাকে তেওঁৰ৷ কাৰো ভাল কথা নকয় তেওঁ৷

আচলতে ৰিমলিয়ে ‘মন্থৰা আইতা’ বুলি মতা মানুহগৰাকীৰ নাম বকুলী বৰুৱা৷ পিচে তেওঁৰ তলখুচৰীয়া আৰু চকুচৰহা স্বভাৱৰ বাবে তেওঁ তেওঁৰ উপনামটোৰে অঞ্চলটোত অধিক জনাজাত৷

: হেই এইজনী৷ মনে মনে থাক৷ শুনিব৷ আইতাৰৰ সমবয়সীয়া৷ একেলগে নামঘৰলৈ যায় আৰু৷ হ’ব তই একো নক’বি৷

: টিং টং

: সুমাই আহক খুৰী৷

: অ বোৱাৰী দেখোন৷ আজি তুমি কামলৈ যোৱা নাই নেকি? সোণেশ্বৰী নাই নেকি? আজি নামলৈ যাবলৈ দেৰিয়ে হ’ল৷

: মা ওলাই আছে খুৰী৷ আজি আমাৰ বিদ্যালয় বন্ধ৷ সেয়ে মই যোৱা নাই৷ আপুনি বহক৷

: হওক হওক দিয়া৷ অলপ বন্ধ-চন্ধও পাব লাগে৷ সোণেশ্বৰীৰে কপাল৷ বোৱাৰীয়ে ঘৰো চম্ভালিছে আৰু চাকৰি কৰি ধনো ঘটিছে৷ আমাৰ জনীয়ে জানো গোটেই দিনটো কি কৰি থাকে৷ চাহ এবাতিও আজি খোৱা নাই৷ জানো আৰু ওপৰৰ জনাই মোক কেতিয়া মাতি নিয়ে!

: উৱা আইতা! আপুনি মিছাকৈ কিয় ক’লে? মই দেখোন অথনি আপোনালোকৰ তালৈ যাওঁতে আপুনি জলপান খাই আছিল৷ লগতে চাহো খাই আছিল৷ খুৰীয়ে এসোপা কাপোৰ লৈ দমকলৰ পাৰত ধুই থকা মই নিজে দেখিছিলোঁ৷

ৰিমলীয়ে মাত লগালে৷

: অই ভাটৌ৷ মাতটো দিলিয়েনে? মইহে মিছা মাতিলোঁ ন? তোমাৰ ছোৱালীয়ে মুখৰ জহত একঠা খাব দেই বোৱাৰী কৈ থ’লোঁ৷ সোণেশ্বৰী অ৷ তই আহি থাক মই যাওঁ৷

: ৰিমলি তই ভিতৰলৈ যা৷ আইতাক মাতি দে৷ বকুলী আইতাক যোৱাৰ আগতে ক্ষমা খোজ৷

: বে–বেয়া নাপাব আইতা৷ কওঁ নকওঁকৈ ৰিমলীয়ে কৈ ভিতৰ সোমাল৷

: বোৱাৰী আহিছোঁ দেই৷

: মা পানীৰ বটলটো লৈ যাওক৷ নাম গালে পিয়াহ লাগিব পাৰে৷

: অ দিয়া দিয়া৷

সোণেশ্বৰীয়ে সবিতাৰ পৰা পানীৰ বটলটো লৈ ওলাই গ’ল৷

সৰু অঞ্চলটোত স্থানীয় মহিলাসকলে লগ লাগি নামঘৰটো স্থাপন কৰিছে৷ যোৱাবাৰ ভাদমাহত স্থানীয় বিধায়কজনে কিছু টকা দান দিয়াত নামঘৰটো আগতকৈ ভালদৰে সজোৱা হ’ল৷ পুৱা গধুলি চাকি দিবৰ বাবে মানুহ এগৰাকীক মাহে চাৰিশ টকাও দিয়ে মহিলাসকলে৷ প্ৰত্যেক বৃহস্পতিবাৰে তেওঁলোকে দুপৰীয়া তাত গৈ নাম গায়৷ সোণেশ্বৰী আৰু বকুলিও তালৈকেই আহিছে৷ লাহে লাহে মহিলাসকল এজনী দুজনীকৈ গোট খাইছে৷

: অ সৰুজানৰ মাক৷ মোক মুঢ়া এটা দিবিচোন৷ কঁকালটোৰ বিষত থাকিব পৰা নাই৷ মাটিত বহি নাম গাব নোৱাৰিম আজি৷

মহন্তনীয়ে মাত দিলে৷

: অ নবৌ হ’ব বাৰু৷ ৰ’ব আনি দিছোঁ৷

: এহ একেবাৰে পটেশ্বৰীজনী৷ তাতকৈ বিচনাখনকে আনি নলয় কিয়?

বকুলীয়ে মাত দিলে৷

: তেওঁৰ কঁকালৰ বিষ৷ কেনেকৈনো মাটিত বহিব বকুল? তয়ো যে কথা কৱ৷

: এ থ থ৷ নাতিয়েকে বেলেগ জাতৰ ছোৱালী আনিলে৷ লাজতে মুঢ়া লৈ দূৰত বহিবলৈ বিচাৰিছে৷

: তোৰ মুখৰ লগত নো কোনে পাৰিব? তই সকলোৰে বেয়াই দেখ৷

: হেৰি নহয় অকণ৷ মই যি কওঁ মুখৰ আগতে কওঁ৷ কোনোবাই বেয়া পালে উপায় নাই৷ তোৰো নাতিয়েৰক শাসন কৰ৷ জগত ঠিকাদাৰৰ জীয়েকক তাৰ মটৰ চাইকেলৰ পিছত বহুওৱা দুদিনমান দেখিছোঁ৷ ছিঃ ছিঃ কি নিলাজী ছোৱালী ঐ৷ একেবাৰে বতাহ অকনো মাজত সুমাব নোৱাৰাকৈ তোৰ নাতিয়েৰক পিঠিত ধৰি গৈছিল৷ কি যে দিনকাল আহিল ঐ৷ লাজ চৰম বোলা বস্তু নাইকিয়াই হ’ল৷ এইবোৰ কথা ক’লে অমুকী বেয়া৷ মোৰনো কি আহে যায়?

: অই বকুলী কথা ভালেকৈ ক’বি৷ মোৰ নাতিৰ নাম নল’বি৷

: তহঁতৰ কি হৈছে অ? নামঘৰলৈ আহি কাজিয়া কৰিছ যে? বকুলী তোৰ মুখখন অলপ চম্ভাল৷ অকন তই মোৰ ওচৰলৈ আহ৷ তেন্তে আইসকল আৰম্ভ কৰোঁ আৰু দেই৷

পাঠকনীয়ে মাত লগালে৷

: অঁ আই কৰক কৰক৷

সনলোৱে সমস্বৰে হয়ভয় দিলে৷

“ জয় হৰি গোবিন্দ
নাৰায়ণ ৰাম কেশৱ হৰি —”

: আইসকল নাম সামৰণিৰ আগতে কথা এটা কওঁ৷ অহা বৃহস্পতিবাৰে মই মোৰ ফালৰ পৰা শৰাই এখন দিম বুলি ভাবিছোঁ৷ মাজু ল’ৰাই কালি এখন গাড়ী ল’লে৷ আপোলোকৰ আশীৰ্বাদ অকনমান পালে বৰ ভাল লাগিব৷

: পাঠকনী আই বৰ সুখী হ’লোঁ৷ হ’ব দিয়ক৷ আমি আশীৰ্বাদ কৰিম৷

: বুজিছ সোণেশ্বৰী পাঠকনীৰ পুতেকে গাড়ী নলৈ কোনে ল’ব? পুলিচৰ চাকৰি৷ সোঁৱে বাঁৱে টকা৷ লাঠি জোকাৰিলেই টকা বানপানী ঢল অহাদি আহে৷ চাবিচোন পাঠকনীৰ কিমান অহংকাৰ হ’ব৷ দেখিলি মোক অথনি কিমান বেয়াকৈ ক’লে৷

বকুলীয়ে ফুচফুচাই ক’লে৷

: হ’ব দে৷ মনে মনে থাক৷

: তেন্তে আইসকল নামভাগ সামৰোঁ৷ ধৰক দেই

“ অপৰাধ বিনাশন
তযু নামে নাৰায়ণ
জানি নামে পশিলোঁ শৰণ–”৷৷

: এয়া এখন এখন ঘৰমূৰিও দিলোঁ দেই আইসকল৷

দেউৰীয়ে ক’লে৷

: চাচোন চা কমলা দেউৰীয়ে তাইৰ লগত ভাল কেইজনীক কিমান বেছি বেছিকৈ দিছে৷ এইজনী খাবলৈ নোপোৱাজনী৷ নিজলেও সদায় সদায় পাতত বেছিকৈ লয়৷ আমাৰনো কি আৰু৷ মোৰ কথাতো সবেই বেয়াই পায়৷

: বকুলী বৌ আপোনাৰ মাহেকীয়া অনুদানখিনি দুমাহ দিয়া হোৱা নাই৷ এইবাৰ একেলগে দি দিব৷ সোণটিৰ মাকক মাহৰ টকাখিনি দিবলৈ দিগদাৰ হৈ যায় নহ’লে৷ নামঘৰৰ ধনভৰালী শইকীয়ানীয়ে মাত দিলে৷

: তহঁতৰো যে কথা৷ বেমাৰত পৰি আছোঁ৷ ঔষধে পাতিয়ে লাতে লাতে টকা খেদি আছোঁ৷ হেৰৌ মোৰ টকাকেইটাৰ কাৰণেহে সব ৰৈ আছেনে? দিম দিম৷ নামঘৰৰ পইচা খাই ৰৌ ৰৌ নৰকত পচিবলৈ নাই৷

: বৌ আপোনাক কেৱল কথাটোহে কৈছোঁ৷ কিয়নো ইমান খং খাইছে?

: হ’ব হ’ব দে৷ আহ ঐ সোণেশ্বৰী৷ দেৰি হ’ল৷ ব’ল যাওঁ৷

সোণেশ্বৰীয়ে আৰু বকুলীয়ে সোণেশ্বৰীৰ ঘৰৰ আগত ৰ’ল৷ ৰিমলীয়ে বাৰান্দাত মোবাইটোত চেলফী তুলি আছিল৷

: হেৰৌ বাঘৰ আগ তেল খোৱাজনী৷ কিনো মুখ জোঙা কৰি কি আঙুটি ভেঙুটিখন কৰি আছ’?

: বকুলী আইতা চেলফী তুলি আছোঁ৷ উঠিব নেকি আহক৷

: থ থ হেৰৌ৷ মোৰ সেয়াহে কৰিবলৈ বাকী ৰ’লনে? হেৰৌ ছোৱালী মানুহ৷ কাম বন অলপ শিক৷ এনেকৈ আৰু কিমান দিন মতা দাংকাতি হৈ থাকিবি? দেখিছনে আমাৰ মিকুৱে গুৱাহাটীত গৈ পঢ়িও আছে আৰু কিবা বোলেনে টিভিৰ বাকচটোৰ লেখিয়া সেইটো যে কি বোলেনো কনপিউটাৰ নে কি সেইটোও শিকি আছে৷ তাত বোলে বহুত কথা শিকিব পাৰে৷

: অঁ আইতা৷ কনপিউটাৰ নহয় কম্পিউটাৰ৷ সেইটোতো আমাৰ চাৰিআলিৰ মহেশ বৰতাৰ পুতেক দিজেন দাদাৰ কম্পিউটাৰ চেণ্টাৰতো শিকিব পাৰি৷ মিকিয়েতো সেয়াই শিকি আছে৷ মই জানো নহয়৷ অ আইতা মিকিৰ ফটো এখন চাব নেকি? আজি দিছে ফেচবুকত৷ মিকিয়ে ফেচবুকত তাইৰ কোনোবা কলেজৰ ল’ৰাৰ লগত এখন ফটো উঠি আপলোড কৰিছিল “মেহ এণ্ড মাই বেষ্টি” বুলি৷

ল’ৰাজনৰ গাত ধৰি থকা ফটোখন দেখি বকুলীয়ে মাত দিলে “অই বেং খাইটি৷ এয়া আমাৰ মিকি নহয়৷”

: অ আইতা মিকিয়ে হয়৷ চশমাযোৰ লগাই চাওক৷

: অ হ’বও পাৰে৷ অ এয়া দেখোন তাইৰ মোমায়েকৰ পুতেকটো৷

: আইতা মিকিৰ মোমায়েকে উপাধি ঘোষ লিখে নেকি? ল’ৰাটোৰ নামটো সমীৰ ঘোষ বুলি দিয়া আছে৷

: তোৰ লগত মোৰ মুখ চেলাই থাকিলে নহয়৷ মই যাওঁ৷ তাইৰ মোমায়েকৰ পুতেকেই হয় সেইটো৷ নামটোহে সলাই লৈছে৷ আমাৰ মিকুৰ লেখিয়া গুণী ছোৱালী এইটো এলেকাত নায়েই৷ তই ছাগলীয়ে ক’লি বুলিয়ে মই মানি ল’মনে? অ সোণেশ্বৰী এইৰ কিবা ব্যৱস্থা কৰ৷ নহ’লে এই নাক কাণ কাটিব৷

এইবুলি ‘মন্থৰা আইতা’ই কুবাকুবিকৈ আঁতৰি গ’ল৷

☆ ★ ☆ ★ ☆

6 Comments

  • মন্থৰা আইতাই মুখ থেকেচা খালে— সমাজত এনে মানুহৰ অভাৱ নাই।

    Reply
  • হেমন্ত কাকতি৷

    তই ছাগলীয়ে কলি বুলিয়েই মই মানি লম নে হেৰৌ?

    চুপাৰ ডুপাৰ নীলাক্ষী! বৰ জমনি লিখা তুমি৷

    Reply
  • anjan sadhanidar

    আইঔ বিচুৰ্ত্তি আও পাই৷
    একদম বঢ়িয়া৷ ভাল লাগিল৷ ফটাঢোলেে কিছু জিনিছ জিনিছ মাল পেইদা কৰিছে দেই৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া

    Reply
  • ঈশ্বৰ বৰা

    মোৰ দাদা এজন আছে, চিনাকীহে সম্পৰ্কীয় নহয় । একদম মন্থৰা আইতাৰ দৰে । এনিটাইম আনৰ বদনাম । টিক্লি বাইদেউ ভাল লাগিল

    Reply
  • এনেকুৱা মন্থৰা আইতাৰ অভাৱ নাই ।ভাল লাগিল নীলা ।

    Reply

Leave a Reply

Your email address will not be published.