ফটাঢোল

মন্দিৰ ৱহী বনেগা – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

তহঁ‌তৰ বাৰু জানিবৰ মন নাযায় নে আমাৰ গাঁওখনৰ নামটো কেনেদৰে হ’ল, কোনে ক’ত কেতিয়া ৰাখিলে?

“ক’চোন বাৰু তয়েই জান্ যদি”। কেইজনমান ল’ৰাই হেমন্তকে উভতি ধৰিলে।

গাঁৱৰ বেছিভাগ ল’ৰাই জানে যে হেমন্তই উল্টা পুল্টা যুক্তি কিছুমান দি হ’লেও নিজৰ কথাখিনি সত্য বুলি প্ৰতীয়মান কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব, তথাপিও তাৰ অতুলনীয় প্ৰকাশভঙ্গী শুনিবৰ বাবেই সিহঁ‌তে তাৰ মিছা কথাবোৰো প্ৰতিবাদ নকৰাকৈ শুনে। এনেই ল’ৰাবোৰে গাঁৱত হেমন্তক ধপকুমাৰ বুলিয়েই মাতে, তথাপিও তাৰ ৰস লগা মিছা কথাবোৰ শুনিবলৈ সকলো আগ্ৰহী হৈ থাকে। ৰাইজৰ জোৰ যিফালে বেছি থাকে তাৰ কথাবোৰো সদায় সেইফলীয়াই হয়।

দুজনমান চেঙেলীয়াইতো আজিকালি অকল হেমন্তৰ কথা শুনি শুনি দূৰদৰ্শনৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ কথাবোৰো মিছা বুলি ভবা হৈছে। হেমন্তই যদি কয় অহাকালি পৃথিৱী ধ্বংস হ’ব দুজনমানে ঘৰত গৈ নোৱাৰ নাওখনৰ দৰে নাও বনোৱাৰো চেষ্টা কৰিব পাৰে, মুঠৰ ওপৰত হেমন্তই যি ক’ব সেয়াই সঁচা আৰু নহ’লেও তাক সঁচা কৰাৰ দায়িত্ব সিহঁ‌তৰ।

সদায় একোটা নতুন বিষয়ৰ ওপৰত জ্ঞান দিয়াৰ দৰে আজিও সন্ধিয়া তিনিআলিৰ আড্ডাত অসমৰ বিভিন্ন ঠাইসমূহৰ নামাকৰণৰ দৰে ইতিহাস বিজড়িত বিষয়টো আৰম্ভ কৰিলে হেমন্তই। নিজেই ধুনীয়াকৈ বুজাই দিলে শিলপুখুৰী, দীঘলীপুখুৰীৰ দৰে ঠাইৰ নামবোৰ কেনেদৰে হ’ল।

“তহঁ‌ত সকলোৱে জনা দৰকাৰ, দুৰ্যোধন অসমৰ জোঁ‌ৱাই আছিল, ৰজা ভগদত্তই নিজৰ জীয়েকক দুৰ্যোধনলৈকে বিয়া দিছিল আৰু সেই বিয়াত পানী তুলিবৰ বাবে দীঘলীপুখুৰী খন্দোৱাইছিল”, আনকি মহাভাৰতৰ যুদ্ধত ভগদত্ত কৌৰৱৰ সেনাপতিও হৈছিল।আমাৰ অসমীয়া মানুহৰ বাবে কম গৌৰৱৰ কথানে সেইটো। কিমানবোৰ অসমীয়া বীৰ আছিল তহঁ‌তে নামেই শুনা নাই চাগে। নৰকাসুৰ, বাণৰজা, ভীস্মক ৰজা, ভগদত্ত, এইবোৰ একো একোজন বিশ্ববিজয় কৰিব পৰা বীৰ আছিল। শ্ৰী কৃষ্ণই চল চাতুৰি কৰি নমৰা হ’লে আজি ভাৰতৰ শাসনৰ বাঘজৰী অসমীয়াৰ হাততে থাকিলহেতেন। এতিয়া ক’চোন কৃষ্ণৰ ঘৰ ক’ত আছিল? দ্বাৰাকা নহয় জানো? দ্বাৰাকা ক’ত?গুজৰাটত, সেইকাৰণে গুজৰাটৰ পানীৰ পাইপত এতিয়াও মাজে মাজে তেজ ওলায়েই থাকে। বাৰু বাদ দে দীঘলীপুখুৰীৰ কথা, আমাৰ গাঁওখনৰ নাম কনিহা কেনেদৰে হ’ল?”

“আমাৰ গাঁওখনৰ চাৰিসীমাৰ আকৃতি হাঁহকণীটোৰ দৰে, সেইকাৰণে কণীহাঁহ হৈ অপভ্ৰংশ হৈ কনিহা হ’ল আকৌ” পিছফালৰ পৰা ৰাতুলে চিঞৰিলে।

“নহয় নহয়, আমাৰ উত্তৰপুৰুষক কেইবাশ শতিকাৰ আগতে, বোধহয় নৰকাসুৰ ৰজাৰ সময়তে কৌনজৰ পৰা আনি ইয়াত সংস্থাপিত কৰিছিল, প্ৰথমে কৌনজীয়া আৰু তাৰ পৰা অপভ্ৰংশ হৈ কনিহা হ’ল” এইবাৰ পিছফালৰ পৰা হৰেন মাষ্টৰে ক’লে।

“নহয় ঐ। এইবোৰ হাঁহকণী, কৌনজ একো নহয়, কাহিনী বেলেগ আছিল, মই কওঁ শুন। বৃটিছে ভাৰতত আহিয়েই প্ৰথমে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা চাহখেতি কৰিবৰ বাবে শ্ৰমিক ৰপ্তানি কৰা কামটো আৰম্ভ কৰিছিল বৃটিছৰ উপনিৱেশ থকা বিশ্বৰ বিভিন্ন দেশবোৰলৈ। মেণ্ডেলাৰ নাম শুনিছিলি নহয় তহ’তে, সেই মেণ্ডেলাৰ দেশ আফ্ৰিকাৰ এখন ঠাইৰ নাম হ’ল কেনিয়া, তাতেও বগা চাহাবে চাহ খেতি আৰম্ভ কৰিছিল আমাৰ অসম মূলুকত আৰম্ভ কৰাৰ সময়তে।আমাৰ উত্তৰপুৰুষসকলক ধৰি নি কেনিয়া পঠাব খুজিছিল বৃটিছে, সেইবাবে আমাৰ আজোককাহঁ‌ত পলাই অসম গুচি আহিল।”

“তাৰপিচত?” হেমন্তৰ সন্মুখত বহি থকা সকলোৰে মুখত উৎসুকতা।

“তাৰপিচত কাহিনীয়ে বেলেগ পাক ল’লে।” এক নাটকীয় ভঙ্গীত ডিঙিটো বেঁ‌কা কৰি কৈ গ’ল হেমন্তই।

“আমাৰ আজোককাহঁ‌ত হিন্দীভাষী আছিল আৰু শিলিগুৰি হৈ অসমত সোমাই প্ৰথম ৰঙিয়াত আৰিমত্ত বুলি এজন ৰজাৰ ৰাজ্যত উপস্থিত হ’ল। ককাহঁ‌তে মাথোঁ‌ এটাই বুজিছিল যে সেই ৰাজ্যত ভাষাৰ অসুবিধা হ’লে যিকোনো বাক্যৰ শেষত ‘হা’ লগাই দিলে মোটামুটি কথাটো বুজিব পৰা হৈ যায়। আৰিমত্ত ৰজাৰ সৈন্যই ককাহঁ‌তক ধৰি নি ৰাজদৰবাৰ পোৱালেগৈ। ৰাজসিংহাসনত আৰিমত্ত ৰজা, সন্মুখত আমাৰ আজোককাহঁ‌তৰ অবৈধ অনুপ্ৰৱেশ কৰা দলটো।

ক’ৰ পাৰাই আইছা হা তোনহাই গুৰু গম্ভীৰ স্বৰেৰে আৰিমত্ত ৰজাই সুধিলে।”

“তাৰপিচত!” হেমন্তৰ সন্মুখত বহি থকা সকলোৰে মুখত উৎসুকতা বাঢ়ি গ’ল।

“তাৰপিচত তহঁ‌তৰ চবৰে আজোককাহঁ‌তৰ মুখৰ মাত বন্ধ হৈ গ’ল ৰজাৰ ভয়ত, আমাৰ আজোককাই উত্তৰ দিছিল,”কেনিয়া চে আয়া হা।”

কিমান বুধিয়ক আছিল আমাৰ ককা দেখিলি, ভাৰতৰ বেলেগ জেগাৰ পৰা অহা বুলি ক’লে আৰিমত্ত ৰজাৰ ৰাজ্যৰ জাতীয়তাবাদী প্ৰজাৰ ৰোষত পৰিব বুলি চিধাই বিদেশৰ নাম কৈ দিলে। ৰজাই মুখতে ভোৰভোৰাই থাকিল “কেনিয়া”, আৰু আমাৰ ককাই কৈ থাকিল “কেনিয়া হা, কেনিয়া হা।”

আৰিমত্ত ৰজা বৰ দয়ালু আছিল বুজিলি, তাতে আমাৰ ককাহঁ‌তৰ গাত লগুণ দেখা পাই পূজা পাঠ কৰিব জানে নে সুধিলে আমাৰ ককাক অকলশৰে ৰাজপ্ৰসাদৰ ভিতৰলৈ মাতি নি। ককাই জানো বুলি কোৱাত ৰজাই আকৌ সুধিলে কোন ভগৱানৰ পূজা কৰিব জানে। মই কৈছোঁ‌ৱেই আগতে, আমাৰ ককা বিৰাট বুধিয়ক আছিল। ককাই ক’লে যে যিজনে আমাক অন্ন বস্ত্ৰ বাসস্থান দিব তেওঁৰেই পূজা কৰিম আমি জীৱনভৰ আৰু লগে লগে ৰজাই ‘এক ঢোলৰ কোব’ মাটি আমাৰ ককাহঁ‌তক দি ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড সকলোবোৰ একেদিনাই দি এই জেগাত বহিবলৈ দিলে।

সেই যে “কেনিয়া হা” বুলি প্ৰজাবোৰে শুনিলে ৰাজসভাত সেইটোৱেই খাৰখোৱা জিভাত কেনিহা হৈ তাৰপৰা অপভ্ৰংশ হৈ কনিহা হ’ল, বুজিলি আমাৰ গাঁওৰ ইতিহাস।

কেইমিনিটমান হেমন্তৰ সন্মুখত বহি থকা মানুহবোৰ থৰ লাগি ৰ’ল। কথাবোৰ দেখোন সঁচা যেনো লাগে।

“ঐ হেমন্ত, বৃটিছ দেখোন ভাৰতত সোমাইছিল অসমত আহোম অহাৰ বহুত পিছত আৰু আৰিমত্ত ৰজা দেখোন আহোম অহাৰ বহুদিন আগতেই ঢুকাইছিল।” হঠাৎ পিছফালৰ পৰা ৰাতুলে চিঞৰিলে।

“তাতি কি হ’ল, কোন কেতিয়া আহিল তোৰ কি মতলব, তোৰ নাম এন আৰ চিত আহিলতো। এতিয়া আমাৰ গাঁৱৰ নামৰ কোনটো কাহিনী তোৰ বেছি ভাল লাগিল সেইটো ক’চোন মোক, ‘হাঁহকণী’, ‘কৌনজীয়া’ নে ‘কেনিয়া হা’।

“তোৰ মনে সজা কাহিনীটো ভাল লাগিলেই নহ’ব নহয়, এইবোৰ কথাৰ একো ভিত্তি নাই, ক’ত ৰজা আৰিমত্ত আৰু ক’ত বৃটিছ, সকলোবোৰ একাকাৰ কৰিলেই

আমি মানি ল’ম নেকি? আমাৰ উত্তৰপুৰুষ কৌনজৰ পৰা অহা আৰু কৌনজীয়াৰ পৰাই কনিহা হৈছে।” হৰেণ মাষ্টৰে অলপ উষ্মাৰেই ক’লে কথাখিনি।

“আচ্ছা বাৰু, ঠিক আছে, সকলো ৰাইজ যদি একফালে আছে ময়ো আপোনালোকৰ লগতেই আছো, মাথোঁ‌ মনত ৰাখিব,’মন্দিৰ ৱহী বনেগা’।”

☆ ★ ☆ ★ ☆

9 Comments

  • কাবেৰী মহন্ত

    মজা৷
    “কেনিয়া হা ”
    “কেনিয়া হা”

    Reply
  • ৰাজশ্ৰী শৰ্মা

    কেনিয়া হা?মানে কনিহা😀😀😀 ভাল লাগিল দাদা।

    Reply
  • সঞ্জীৱ কলিতা

    সুন্দৰ হৈছে দাদা””
    কেনিয়া মানে কনিহা😁

    Reply
  • Rintumoni Dutta

    কেনিয়া হা

    কেনিয়াৰ ছোৱালীবোৰো ধুনীয়া।

    বঢ়িয়া লাগিল সঞ্জীব

    Reply
  • HEMANTA KAKATI

    তামাম সঞ্জীৱ৷ এজ ইউজুৱেল, ফালি দিছা

    Reply
  • ইন্দ্ৰ মোহন বৰা

    তামাম

    Reply
  • সুন্দৰ লিখনি 👌👌, মজ্জা 👌লাগিল পঢ়ি।

    Reply
  • কমলা দাস

    মজ্জা

    Reply
  • হাঃ হাঃ , মজা। তাৰমানে হেমন্তই পাভ লুটি মাৰিব জানে

    Reply

Leave a Reply

Your email address will not be published.