ফটাঢোল

মন কী বাত-দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰ’ব – থাম্বা – ৱেইট! নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ৰ বিষয়ে নকওঁ। মোডী-বায়েছড্ লেখা বুলি এতিয়াই সমালোচনা নকৰিব। এই ‘মন কী বাত’ৰ লগত সেই ‘মন কী বাত’ৰ দূৰ-দূৰলৈ সম্পৰ্ক নাই।

এইবিধ ‘মন কী বাত’ হৈছে এবিধ যন্ত্ৰ। না, জেৰ’ক্স মেচিন, এক্স-ৰে মেচিন বা জেনেৰেটৰটোৰ দৰে বিয়াগোম যন্ত্ৰ নহয়। এইবিধ মুঠিতে লুকোৱা মুঠিতে শুকোৱা…ওহ নহয়, শুকাব নোৱাৰি এইবিধ যন্ত্ৰ, আচলতে পানীত তিতিলে শেষ হৈ যাব এই যন্ত্ৰৰ জীৱনকাল। কিন্তু মুঠিতে লুকাব পাৰি, দেখিবলৈ সৰু। ঘড়ীটো বা ৰিষ্ট বেণ্ড এডালৰ দৰে। পিন্ধিবও লাগে তেনেকৈয়ে।

যন্ত্ৰবিধৰ আৱিস্কাৰক শৈশৱৰ বন্ধু ড০ পৰশুৰাম হাজৰিকা। পিএইচডি সি? ওহো, মুঠেই নহয়। সি আণ্ডাৰ মেট্ৰিক। কিন্তু জ্ঞান অসীম। ডায়’ড, ট্ৰেনজিষ্ট’ৰ, চাৰ্কিট আদিৰ সৈতে তাৰ সম্পৰ্ক আশৈশৱ। যেতিয়া আমি শৈশৱত কাৰেন্ট গ’লে ‘মহাভাৰত’ চাবলৈ নাপাই বিনাইছিলোঁ, সেই সময়ত সি সৰুকৈ ঘৰতে ইনভাৰ্টাৰ এটা সাজি মহাসুখে সিহঁতৰ পোৰ্টেবল টিভিত দু:শাসনৰ ৰক্তপান চাই চাই তৃপ্তি লভিছিল। এয়া এক সৰু উদাহৰণ। সি মুদী। নিদিও বুলি মেট্ৰিক পৰীক্ষা নিদিলে। তথাপিও পৰশুক আমি সকলোৱে ডক্তৰ বুলি মাতোঁ।  

: বন্ধু, নতুন বস্তু এটা উলিয়াইছোঁ। আহ ঘৰলৈ, দেখুৱাও – সিদিনা পুৱাই মোক ফ’ন কৰি মাতিলে। দেওবাৰ, তাতে ঠাণ্ডাৰ বতৰ – যাবলৈ মন নাছিল। সি আকৌ দুবাৰ ফ’ন কৰিলে। বুজিলোঁ যে বস্তুটো চাগে সাংঘাটিক এক্সাইটিং, নহ’লে এনেকৈ নামাতে সি।

তাৰ ঘৰ গৈ ওলালোঁ।

: এইটো চা, ঘড়ীটোৰ দৰে হাতত বান্ধি ল’বি। সন্মুখৰজনে মনৰ কথা ক’ব, মানে মনত যি আছে সেইখিনি কৈ দিব। এষাৰো মিছা নকয় বা ভাবি-চিন্তি নকয়

: বুজা নাই। মানে সেই ‘লাই ডিটেক্ট’ৰ’ ধৰণৰ নেকি এইটো?

: লাই ডিটেক্টৰেৰে সঁচা নে মিছা কৈছে সেইটোহে ধৰিব পাৰি। এইটো অলপ বেলেগ। ধৰি ল, এইটো তই পিন্ধি আছ। তই মোৰ ওচৰলৈ আহিলি এইটো পিন্ধি, তেতিয়া তোক মই যিবোৰ কথা ক’ম সেইখিনি মোৰ মনৰ কথা। এষাৰো মিছা নামাতিম। বুজিলি? একদম ‘মন কী বাত’ হে ক’ম

: সঁচা কৈছ? গ্যেৰান্টি নে?

: হান্ড্ৰেড পাৰ্চেন্ট! আনকি ফ’নত কথা পাতিলেও আনটো মূৰৰ মানুহজনে তোক সঁচাবোৰ হে ক’ব, যদি তই এইটো পিন্ধি ফ’ন কৰ। প্ৰমাণ চা না এটা, ফ’ন কৰচোন কাৰোবাক।

মই ফ’নটো উলিয়াই কন্টেক্ট লিষ্টখন চাই গ’লোঁ। অৰিন্দম কটকী। আমাৰ লগত ক’লেজত পঢ়িছিল। যোৱা এবছৰে তাৰ লগত কথা পতা নাই। ভাবিলোঁ তাকেই ফ’ন লগাওঁ।

: ৰ, প্ৰথমতে এইটো নিপিন্ধিবি। অলপ দেৰি কথা পাতি ল, তাৰ পাছত পিন্ধি ল’বি – পৰশুৰামে ক’লে মোক।

মই ‘কল’ বুটামটো টিপিলোঁ।

: হেল্লো

: হেল্লো, মই..মই কৈছোঁ। ৰাজীৱ

: ৰাজীৱ?

: আৰে, ৰাজীৱ..ৰাজীৱ দত্ত। মোৰ ফ’ন নম্বৰ ডিলিট কৰি দিলি নেকি?

: ওহ, তই! নাই অ, আগৰ ফ’নটো হেৰাল। তাত থকা গোটেই কন্টেক্টছ্ হেৰুৱালোঁ। কেনে আছ? ইমান দিনৰ মূৰত ফ’ন কৰিলি। প্ৰায়েই মনত পৰে তহঁতৰ কথা

: আছোঁ ভালেই। তোৰ খবৰ ক।

: ভাল ভাল। বাহ: ইমান দিনৰ মূৰত তোৰ মাতটো শুনি কিম্মান যে ভাল লাগিল। আহ না এদিন তেজপুৰলৈ…পাৰ্টি কৰিম গোটেই ৰাতি। আড্ডা দিম, কলেজৰ কথা- কেন্টিনৰ কথা। আহি যা – অৰিন্দমে উৎসাহেৰে কৈ গৈছে।

পৰশুৰামে ইংগিত দিলে। মই ‘মন কী বাত’ যন্ত্ৰটো পিন্ধি ল’লোঁ।

: যাম যাম অৰিন্দম। তেজপুৰলৈ যোৱাৰ কথা ভাবিয়েই আছোঁ। ৰঞ্জনকো লৈ যাম। বৰ ভাল লাগিব

: যিদিনা আহ, পুৱাই ফ’ন কৰিবি – পাক্কা মই তেজপুৰত নাথাকোঁ সেইদিনা। তোৰ লগত এদিন কিয় দুইমিনিট কথা পাতিও মুড অফ কৰাৰ মন নাই মোৰ। কম কামোৰ প্ৰাণী নে তই? আজিকালি কবিতা লিখি, আনক শুনাই মাথা নষ্ট কৰি দিয় নে? তই চাল্লা একোৱেই কৰিব নোৱাৰিলি ৰে, সলনিও নহ’লি বয়সৰ লগে লগে।

: হেই অৰিন্দম, কি কৈছ?

: কি কৈছোঁ মানে? ভুল কি কৈছোঁ? ভুল কৰিছিলোঁ তোৰ নম্বৰটো ‘ছেভ’ কৰি নোথোৱাৰ বাবে। এতিয়া থম যাতে অহাবাৰ ফ’ন কৰিলে ইগন’ৰ কৰিব পাৰোঁ। ধুৰৰ, পুৱাই পুৱাই তোৰ মাতটো শুনি মুডেই খাৰাব হৈ গ’ল। ৰাখ ফ’ন….. – অৰিন্দমে ফ’নটো কাট কৰি দিলে।

মই অবাক হৈ ৰ’লোঁ। পৰশুৰাম ডক্তৰে খুকখুকাই হাঁহিলে।

: টেষ্টিং পাছড্ নে? প্ৰমাণ পাই গ’লি নে? – অৰিন্দমৰ ‘মন কী বাত’ শুনি যিমান অবাক হ’লোঁ, একেই অবাক হ’লোঁ ‘মন কী বাত’ যন্ত্ৰটোৱে কাম কৰাত।

: তই সাংঘাটিক মানুহ আছ ৰে ডক্তৰ আইনষ্টাইন..মোক এইটো দুদিনৰ কাৰণে দে না প্লিজ, মানুহৰ ‘মন কী বাত’বোৰ শুনি চাওঁ।

– মই যন্ত্ৰটো হাতত বান্ধি ঘৰমুৱা হ’লোঁ।

বজাৰৰ ওচৰ পালোঁ।

অলপ আঁতৰত দেখিলোঁ -সেয়া বৰ্মন ছাৰ। আমাক স্কুলত থাকোতে গণিত পঢ়াইছিল। ক্লাছ ছেভেনত থাকোতে। কঠিন সমীকৰণবোৰ কেনেকৈ সমাধান কৰিব লাগে শিকাইছিল। ছাৰৰ বয়স হৈছে। আশীৰ ওচৰেই হ’ল চাগৈ। কাষতে ছাৰৰ লগত কিশোৰী এগৰাকী। হয়, ছাৰৰ নাতিনী হ’ব।

: ছাৰ, চিনি পাইছে নে? ৰাজীৱ, ৰাজীৱ দত্ত। আমাক যে ক্লাছ ছেভেনত…

: পাইছোঁ চিনি। অলগদ্ধ আছিলা নহয় গণিতত। সৰু সমীকৰণ এটাও যে কৰিব নোৱাৰিছিলা..

: মানে ছাৰ, অলপ-চলপ…

: কি অলপ-চলপ? পিছত শুনিলোঁ ভাল চাকৰিও পালা। এতিয়া মাহৰ শেষত পইচাৰ হিচাপ ভালদৰে কৰিব পাৰাতো? নোৱাৰিবা নো কিয়? পইচাৰ হিচাপ হে আচল সমীকৰণ তোমালোকৰ মনত! অলগদ্ধ এজনেও কৰিব পৰা হৈ যায়গৈ।

: আপুনি ভালে আছে নে ছাৰ? – মই কথাবোৰ সলনি কৰিবলৈকে সুধিলোঁ ছাৰক।

: লাজ পোৱা নাই সুধিবলৈ? এই বজাৰৰ মাজত খবৰ লৈছা? কিমান বছৰ হ’ল স্কুল এৰাৰ? পঁচিশ বছৰ? ইমান বছৰে এদিন মোৰ ঘৰলৈ গৈ খবৰ লৈছা মোৰ? মানুহজন মৰিলোঁ নে বাচি আছোঁ, ক’ত লৈছা খবৰ?

মই অলপ অপ্ৰস্তুত হ’লোঁ। তাতে ছাৰৰ নাতিনীজনীও সন্মুখত। হঠাতে মনত পৰিল মই ‘মন কী বাত’ যন্ত্ৰটো পিন্ধিয়েই আছোঁ। সেইটো খুলি মই কান্ধত লৈ থকা বেগটোত সুমুৱাই থলোঁ যাতে শৰীৰৰ স্পৰ্শ নাপায়।

: ছাৰ, এতিয়া বজাৰ কৰিব?

: ও, অলপ কিবা শাক-পাঁচলি কিনোঁ ৰ’বা। তোমাৰ খবৰ কোৱা। তোমাক দেখি বুকুখন শাঁত পৰি গ’ল। তোমালোকৰ খবৰ লোৱাই নহয় হে। বয়সো হ’ল। ঐ মাইনু.. – ছাৰে নাতিনীয়েকলৈ চালে।

: শুনিছ নে নাই মাইনু, এই খুৰাজন মোৰ বৰ ভাল ষ্টুডেন্ট আছিল এসময়ত। ভাল নাম কৰি পাছ কৰিলে। ভাল চাকৰি পালে। আমাৰ খবৰ যে এওঁলোকে লৈ থাকে গম পাই থাকোঁ। আমাৰ কাৰণে সেয়াই বহুত, বুজিছা। আমাক নো আৰু লাগে কি? – ছাৰে বহুত কিবাকিবি কৈ গ’ল। মোৰ কাণত নোসোমাল।

মই বেগাবেগিকৈ তাৰপৰা আঁতৰি আহিলোঁ।

হঠাতে এখন দোকানৰপৰা ওলাই অহা দেখিলোঁ উৰ্মিমালাক। প্ৰায় ছয়-সাত বছৰৰ পাছত তাইক দেখিলোঁ। তাই অলপ শকত হৈছে। বুকুখনত কিহবাই খুন্দিয়ালে। ক্লাছ টেনত যেতিয়া তাইক প্ৰথম দেখিছিলোঁ সেই একেই ধৰণৰ এক শিহৰনে খুন্দিয়াইছিল বুকুত। এতিয়াও মোৰ মনটো মানে একেই আছে!

: ঘৰলৈ আহিছিলা? খবৰ ভাল? – ময়েই মাতিলোঁ প্ৰথমতে তাইক। উৰ্মিমালা হয়তো অলপ অসহজ হ’ল।

: হয়, কালি আহিছিলোঁ। আজি যামগৈ। এওঁৰ কিবাকিবি মিটিং আদি আছে। ইহঁত কেইটাৰো পৰীক্ষা

: খোজ কাঢ়ি যোৱা যদি ব’লা, আগবঢ়াই থওঁ – মোৰ কথাত তাই একো হা-না নক’লে। আমি আগবাঢ়িলোঁ। সৰু সৰু এটা-দুটা কথাৰ আদান প্ৰদান চলিল। আগতে এনেকৈ খোজ কাঢ়ি একলগে যাবলৈ কম টেনছন হৈছিল নে! কোনোবাই দেখিব, দেখি কি ভাবিব, আদি-ইত্যাদি। এতিয়া সেই ভয় নাই।

: তুমি সুখী নে? – হঠাতে সুধিলোঁ মই।

: হা? সুখী? হয় হয়..কিয় নহ’ম? বহুতেই সুখী, যি পাইছোঁ তাকে লৈ…

হঠাতে কিয় জানো মোৰ ‘মন কী বাত’ যন্ত্ৰটো পিন্ধিবলৈ মন গ’ল। পিন্ধিলোঁ।

: তুমি সুখী নে? – আকৌ সুধিলোঁ মই।

: তোমাৰ পৰা আঁতৰি যোৱাৰ পাছত মই কিদৰে জীয়াই আছোঁ, মই হে জানোঁ। তোমাৰ মুখতো হাঁহি আছে, তুমি জানো সুখী? মুখৰ হাঁহিয়ে সুখ নিৰূপন কৰিব নোৱাৰে, ৰাজীৱ – উৰ্মিমালাৰ চকুৰ পৰা চকুলো নিগৰিছে। মোৰো দুচকু সেমেকিছে। ‘মন কী বাত’ক আকৌ বে’গটোৰ ভিতৰত সুমুৱাই থলোঁ। ইমান বছৰৰ পাছতো তাইৰ চকুপানীয়ে মোক বিচলিত কৰিছে – আচৰিত হ’লোঁ মই।

তাই গ’লগৈ।

ঘৰৰ ওচৰতে কোনোবা ৰাজনৈতিক দল এটাৰ অস্থায়ী কাৰ্য্যালয় এটা খুলিছে। নতুন দল। নাম শুনা নাই। আজিকালি অসমত হাজাৰটা সংগঠন-দল, নাম নুশুনাটো ডাঙৰ কথা নহয়। সন্মুখত লগোৱা বেনাৰ কেইখনত কবীন দা জিলিকি আছে। কবীন দা এসময়ত আমাৰ কলেজৰ ছিনিয়’ৰ আছিল। ছাত্ৰ সংগঠন এটাৰো নেতা আছিল। তেওঁৰ হৈ আমি কলেজৰ ইলেকশ্যনত কেম্পেইনিঙো কৰিছিলোঁ। এতিয়া এই নতুন দলটোৰ নেতা। হয়তো এইটো সমষ্টিৰপৰা ইলেকশ্যনো খেলিব।

দেখি মাত দিলোঁ কবীন দাক।

: বুজিছ ৰাজীৱ, এইবাৰ খেলিম বুলি ভাবিছোঁ। সহায় কৰি দিবি দেই। ৰাজ্যখন, দেশখন গ’ল বুজিছ নে? ৰাজনীতিত ভাল মানুহৰ অভাৱ হৈছে। জনতাৰ হৈ কাম কৰা নেতা কেইজন দেখিছ? দেখিছ নে?

: নাই মানে তেনেকৈ দেখা নাই

: সেইবাবেই আহিছোঁ। মানুহৰ কাৰণে ‘জান’ দি দিম, মানুহৰ কাৰণে কাম কৰি মৰি যাম বুলিয়েই সিদ্ধান্ত লৈছোঁ। জনতাৰ চকুবোৰলৈ চায়েই আহিছোঁ তেওঁলোকক কিছু সকাহ দিবলৈ

: ভাল ভাল…আমি আছোঁ আপোনাৰ লগত

হঠাতে কিয় জানো মোৰ যন্ত্ৰটো পিন্ধিবলৈ মন গ’ল! পিন্ধিলোঁ। তাৰ পাছত আৰম্ভ হৈ গ’ল কবীন দাৰ ‘মন কী বাত’!

: দাদা, আপোনাৰতো সমষ্টিত ভাল নামেই আছে। মানুহবোৰেও বেয়া নাপায়

: ধুৰৰ, সমষ্টিৰ মানুহ! মাৰ গুলী সিহঁতক। মই যে বেয়াকৈ হাৰিম, জানোঁ সেয়া। অ’ত বছৰে সংগঠন কৰিলোঁ। তহঁতে চাকৰি কৰিলি। কিন্তু আজি তহঁততকৈ মোৰ বেংক বেলেন্স হাজাৰ গুণে বেছি। সংগঠন এক লাভজনক ব্যৱসায় ইয়াত, অসমত। সন্মানো পোৱা যায়। পুলিচ-ডাক্তৰ-ইঞ্জিনিয়েৰ-শিক্ষক, কোনে ভয় নকৰে সংগঠনৰ নেতাক? আচলতে ভয় নহয়, সংগঠনৰ ঝামেলাত পৰিব নোখোজে। সংগঠনে কেতিয়া ক’ত টায়াৰ জ্বলাই, পথ অৱৰোধ কৰি, ঘেৰাও কৰি অশান্তি বিয়পাব পাৰে, সেয়া কোনেও ক’ব নোৱাৰে। সেয়ে সংগঠনৰ নেতাৰ লগত পাংগা নলয় কোনেও। বুজিছ?

: বুজিছোঁ

: সংগঠন এৰাৰ পাছত আন এটা সুবিধাজনক ব্যৱসায় হ’ল ৰাজনৈতিক দল খোলা। সংগঠনৰ নেতা ৰাজনীতিত যোগ দিলে সেই আগৰ ভয়-সমীহখিনি বৰ্তিয়েই থাকে। ইলেকশ্যনত হাৰিলেও ৰাজনৈতিক পুঁজিত যে কিমান ধন জমা হয়, হিচাপ কৰিবও নোৱাৰিবি। এইবাৰ মই হাজাৰটা ভোট পালেও কোটিৰ ঘৰত ধন জেপত সোমাব। তহঁতে এইবোৰ বুজি নাপাবি দে, ডাঙৰ কেলকুলেছন!

মই সঁচাকৈ বুজা নাছিলোঁ। হেবাংটোৰ দৰে আঁতৰি আহিলোঁ।

ঘৰ আহি পায়েই পৰশুৰামক ফ’ন কৰিলোঁ।

: ডক্তৰ আইনষ্টাইন, তোক মানি গৈছোঁ! লগতে মানি গৈছোঁ তোৰ ‘মন কী বাত’ক! কি যন্ত্ৰ সাঁজিলি ঐ তই

সি হাঁহিলে।

: আচ্ছা ডক্তৰ, এটা কথা কচোন। মই যদি এইটো পিন্ধি ফে’চবুকত কিবা লিখোঁ, সেইটো পঢ়া মানুহে যিবোৰ কমেন্ট দিব, সেয়া মনেৰে ওলাব নে?

: না! তই এটা কাম কৰিবি। যি লিখ তাৰ লগত তোৰ ফ’টো এখনো দি দিবি। মন কৰিবি ফ’টোখনত কিন্তু যন্ত্ৰটো স্পষ্ট হৈ থাকিব লাগিব, মানুহে দেখিব লাগিব।

যন্ত্ৰটো ঘড়ী পিন্ধাৰ দৰে পিন্ধি লৈ ছেলফি এখন তুলিলোঁ। যন্ত্ৰটো জিলিকি আছে। ফ’টোখন আপলোড কৰিলোঁ। লগতে লিখিলোঁ -‘এইবাৰ কবিতা নহয়, গল্পৰ পুথি এখন প্ৰকাশ কৰিম বুলি ভাবিছোঁ। আপোনালোকে সঁহাৰি জনাব নে?’

দুইমিনিট মান পাছতে দহটামান কমেন্ট দেখিলোঁ। পঢ়ি গ’লোঁ –

: আপোনাৰ কবিতা পঢ়ি বমি কৰি দিছিলোঁ। গল্প পঢ়িলে চাগে হ’স্পিটেলত ভৰ্তি হ’ব লাগিব

– সেয়া মোৰ ভাতৃপ্ৰতীম কবি ৰুবেনৰ কমেন্ট। তাৰ লগত কিমান দিন যে মই কবিতাৰ বিষয়ে আলোচনা কৰিছিলোঁ!

: ঐ নতুনকৈ আকৌ কুঁহিপাঠখন পঢ়, তাৰ পাছত লিখা আৰম্ভ কৰিবি

– ওহ, মোতকৈ বিশবছৰ মানৰ সৰু, সদায় দাদা বুলি মাতি অহা ৰূপালীমে মোক ‘তই’ সম্বোধন কৰিছে!

: এইবোৰ খতৰনাক চিন্তা কোনে মূৰত সুমুৱাই দিয়ে হে আপোনাৰ? পাগল চব

– সেয়া মিছেছ দত্তই হাঁহিছে বাগৰি। যোৱাবছৰ মোক লগ পাই ‘আপোনাৰ কবিতাৰ ফেন মই’ বুলি তেৱেই ছেলফি উঠিছিল দৌৰি আহি।

: আমাৰ কলেজৰ সন্মুখত বহা চানাৱালাটোৱে কিনিব দিয়ক আপোনাৰ কিতাপ কেজি হিচাপত, তাক লাগিয়েই থাকে

– গাৰ্লছ্ কলেজৰ মিছ মাধুৰীমাৰ কমেন্ট সেইটো।

: লিখিবা, পঢ়িম মই। ৰৈ থাকিম

– উৰ্মিমালাৰ কমেন্ট! আকৌ সেই একেই খুন্দা খালে বুকুখনে। হাতখন কঁপি উঠিল। আকৌ পঢ়িবলৈ মন নগ’ল। পোষ্টটো ডিলিট কৰি দিলোঁ।

যন্ত্ৰটো খুলিলোঁ।

সন্ধিয়া পৰশুৰামক ফ’ন কৰিলোঁ।

: দোস্ত, তোৰ যন্ত্ৰটো এমেজিং! এইটোৱে মোক দিলে ক্ষোভ, দিলে কিছু ভয়-সংশয়, কিছু লাজ, আনি দিলে হতাশা, অলপ অশান্তি আৰু…আৰু কিছু পৰিমাণে হ’লেও আনন্দ! এইটো আৰু মোক নালাগে। তই লৈ যা আহি

ডক্তৰ পৰশু আহিল।

: মন বেয়া নেকি ৰাজীৱ? এপেগ-এপেগ হৈ যাওক?

: নাই নালাগে। গল্প এটা লিখিবলৈ আছে। ই-মেগাজিন এখনত। এই চা- সম্পাদকে সদায় সুধি আছে হোৱাটচ্ এপত। আজি ৰাতি দিবই লাগিব। কাইলৈ পুৱাই ওলাব মেগাজিন। মেগাজিনখনে প্ৰতি মাহে বিচাৰে জান নে মোৰ লেখা?

পৰশুৰামে খুকখুকাই হাঁহিলে। সি জোৰ কৰি ‘মন কী বাত’ যন্ত্ৰটো মোৰ হাতত পিন্ধাই দিলে।

: ফ’ন কৰচোন সেই সম্পাদকক..আৰু ক যে তোৰ গল্পটো লিখা হোৱাই নাই।

মই একো নুবুজিলোঁ।

ফ’ন লগালোঁ।

: হেল্লো..হয়, মই কৈছোঁ। গল্পটোৰ কথা যে কৈ আছিল..লিখিবই পৰা নাই

: দিলে দিব, নিদিলেও নাই। আৰু সকলোৱে বিচাৰে কাৰণে ময়ো বিচাৰিছিলোঁ। ধৰিবই নোৱাৰোঁ আনে কিয় যে বিচাৰে আপোনাৰ পৰা লেখা। কবিতা হ’লেও যেন তেন, আপুনি গল্প কি লিখে মই হ’লে মাথা-মুণ্ড একো বুজি নাপাওঁ। আপুনি চেষ্টা কৰি যাওক, প্ৰেকটিছ কৰক অলপ। কেতিয়াবালৈ আমাৰ মেগাজিনত প্ৰকাশ কৰিম বাৰু …

মই ফ’নটো ৰাখিলোঁ। ‘মন কী বাত’ক আঁতৰালোঁ।

: ডক্তৰ, আজি এপেগ খালে নহ’ব বুজিছ। ‘মন কী বাত’বোৰক পাহৰিবলৈ আজি মই নিচাত থকাটো জৰুৰী! ব’ল…………

☆ ★ ☆ ★ ☆

17 Comments

  • উফ ৷ কি যে লিখিছা আৰু! “মন কি বাত” যন্ত্ৰটো পিন্ধিলেও মোৰ কমেন্ট এইটোৱেই দেখিবা ৷

    Reply
  • নীতাশ্ৰী নেওগ

    বহুত ভাল লাগিল। আপোনাৰ গল্পৰ ফেন মই। একদম মন কী বাত কৈছোঁ।😊

    Reply
  • rintumoni dutta

    এই যন্ত্ৰটো মোকো লাগিছিল হে। অন্ততঃ বিজয় মহন্তই মোৰ বিষয়ে কি কয় জানিব মন আছিল।

    খুব ভাল লাগিল দিগন্ত

    Reply
  • কাবেৰী মহন্ত

    কি যে যাদু আছে তোমাৰ লেখাত!
    মোকো ঘড়ীটো লাগে৷

    Reply
  • Anonymous

    আপোনাৰ লেখাৰ মজা এৰিব নোৱাৰি, বঢ়িয়া লাগিল।

    Reply
  • Jyoti Karjee

    দাদা সাংঘাতিক ভাল লাগিল।।একদম মন কি বাত

    Reply
  • Dulumani Gogoi

    Wow 😀😀😀
    এই যন্ত্ৰটো কিয়যে আৱিস্কাৰ হোৱা নাই এতিয়ালৈকে!!!

    Reply
  • শৰ্মিষ্ঠা দত্ত

    লাষ্টৰ খিনিত কাবেৰীৰ মুখখ্নহে মনত পৰিল! হাঁ‌, হাঁ‌!

    Reply
  • মানসী

    বহুত ভাল লাগিল দাদা..

    Reply
  • Rimjhim Borthakur

    সদায় ভাল লগাৰ দৰে। মন কি বাত, ন’ ৱকৱাছ।

    Reply
  • উজ্জ্বল দিপ্লু

    দিগন্ত দা, খুব ভাল লাগিল 🙏🙏

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া লিখিলে৷একদম মন কি বাত৷ যন্ত্ৰটো মোকো লাগে৷ ডক্টৰক কত লগ পাম?

    Reply
  • শৰৎ মহন্ত। নগাঁও।।

    ভাল লাগিল পঢ়ি। বহু বহু শুভেচ্ছা জনালো।।

    Reply
  • Minati Mahanta

    কি যে এই ল”ৰাটো ! আৱিস্কাৰ কৰিছা যদি মোৰ নামত এটা কৰা দেই মোৰ বৰ জৰুৰী । বৰ ভাল লাগিল পঢ়ি । যাদু আছে তোমাৰ লিখনিত । ভালে থাকা সদয় ।

    Reply
    • Minati Mahanta

      কি যে এই ল”ৰাটো ! আৱিস্কাৰ কৰিছা যদি মোৰ নামত এটা কৰা দেই মোৰ বৰ জৰুৰী । বৰ ভাল লাগিল পঢ়ি । যাদু আছে তোমাৰ লিখনিত । ভালে থাকা সদায় ।

      Reply
  • বন্দিতা জৈন

    বঢ়িয়া, যন্ত্ৰ টো আচৰিত দেখোন। পোৱা হ’লে।
    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.