ফটাঢোল

মহাকবি কালিদাসৰ কিংবদন্তিমূলক জীৱন কাহিনী-চবিনা ইয়াছমিন

মহাকবি কালিদাসক সংস্কৃত সাহিত্যৰ অদ্বিতীয় কবি বুলি কোৱা হয়৷ কিন্তু তেওঁৰ জীৱন সম্পৰ্কে বৰ বিশেষ তথ্য পোৱা নাযায়৷ যিবোৰ তথ্য পোৱা গৈছে, সেইবোৰ পৰস্পৰ বিৰোধী৷ ইতিহাসতো এইবোৰৰ বিশেষ গুৰুত্ব নাই৷ বৰ্তমানলৈকে আমি এই কথাই নিশ্চিতকৈ ক’ব নোৱাৰোঁ যে মহাকবি কালিদাস কোন সময়ৰ কবি আছিল৷ কোনো কোনো পণ্ডিতৰ মতে তেওঁ প্ৰথম শতাব্দীৰ কাশ্মীৰৰ কবি৷ আন এচাম পণ্ডিতৰ মতে তেওঁ গুপ্ত বংশৰ সম্ৰাট চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ এজন৷ আৰু কিছু লোকৰ মতে তেওঁ দশম শতাব্দীৰ ধাৰা নগৰৰ ৰজা ভোজৰ বন্ধু৷ তদুপৰি কিংবদন্তিমূলক কথাত আমি পঢ়িবলৈ পাইছোঁ যে প্ৰথম অৱস্থাত কালিদাস মহামূৰ্খ আছিল৷ গছৰ যিটো ডালত বহি আছিল সেইটো ডালকে কাটি আছিল৷

এসময়ত উজ্জয়িনী নামৰ ঠাইত ৰজা সাৰদানন্দৰ বিদ্যুতমা নামৰ এগৰাকী ৰাজকুমাৰী আছিল৷ ৰাজকুমাৰী বৰ বিদ্বান আছিল৷ নিজৰ শাস্ত্ৰ বিদ্যাক লৈ তেওঁ অহংকাৰী হৈ পৰিছিল৷ শাস্ত্ৰ তৰ্কত তেওঁক কোনেও পৰাস্ত কৰিব পৰা নাছিল৷ বহুতো পণ্ডিত আৰু বিশাৰদক তেওঁ শাস্ত্ৰ বিদ্যাত পৰাজিত কৰি তিৰস্কাৰ কৰিছিল৷ বিদ্যুতমাৰ এনে ব্যৱহাৰত পণ্ডিতসকলৰ মনত ক্ষোভ আৰু প্ৰতিশোধৰ ভাব জাগি উঠিছিল৷ এই কথাত ৰাজ্যৰ প্ৰধানমন্ত্ৰী বিষ্ণু শৰ্মাৰো ক্ষোভ কোনো গুণেই কম নাছিল৷ কাৰণ বিদ্যুতমাই প্ৰধানমন্ত্ৰীৰ বিদ্যা আৰু বুদ্ধিকো বহুবাৰ অপমান কৰিছিল৷

এদিন প্ৰধানমন্ত্ৰীয়ে ভাবিলে, বিদ্যুতমাৰ নিজৰ বিদ্যাৰ ওপৰত আছে অত্যন্ত অহংকাৰ৷ যিজনে বিদ্যুতমাক শাস্ত্ৰবিদ্যাত পৰাস্ত কৰিব তেওঁকহে বিদ্যুতমাই বিয়া কৰাব৷ কিন্তু প্ৰধানমন্ত্ৰীও ৰাজনীতি আৰু কূটনীতিত পিছপৰা বিধৰ নাছিল৷ তেওঁ বিদ্যুতমাক এজন মহামূৰ্খৰ লগত বিবাহ পাশত আবদ্ধ কৰাব বুলি সংকল্প ল’লে৷

এদিন প্ৰধানমন্ত্ৰী বিষ্ণু শৰ্মা আৰু তেওঁৰ অনুচৰ বাসু ৰাজকুমাৰীৰ বাবে মূৰ্খ পাত্ৰ এজনৰ সন্ধানত ঘূৰি ফুৰিছিল৷ তেনেতে তেওঁলোকৰ চকুত পৰিল এজন যুৱকে গছৰ যিটো ডালত বহি আছে সেইটো ডালকে কাটি আছে৷ ইমান মূৰ্খ মানুহ থাকিব পাৰে নে এই জগতত! পিচে যুৱকজন আছিল দেখাত অপূৰ্ব সুন্দৰ৷ প্ৰধানমন্ত্ৰীয়ে ভাবিলে যদি কেনেবাকৈ এই মূৰ্খ যুবকৰ লগত বিদ্যুতমাৰ বিবাহ সম্পন্ন কৰিব পৰা যায়, তেনে তেওঁলোকৰ উদ্দেশ্য সফল হ’ব৷

প্ৰধানমন্ত্ৰী বিষ্ণু শৰ্মাই মূৰ্খ কালিদাসক ৰাজসভালৈ লৈ গ’ল৷ তেওঁ সকলোকে ক’লে যে কালিদাস এজন বিখ্যাত পণ্ডিত আৰু বিদ্বান লোক৷ কিন্তু তেওঁ কিছু দিনৰ বাবে মৌনব্ৰত পালন কৰি আছে৷ কাৰণ কালিদাসে যদি কথা কয়, তেওঁলোকৰ উদ্দেশ্য সফল নহ’ব৷ মৌন হৈ থাকিলেহে তেওঁলোকৰ সমস্যা সমাধান হ’ব৷ ৰাজকুমাৰী বিদ্যুতমাৰ মহামূৰ্খ কালিদাসৰ লগত শাস্ত্ৰ তৰ্কৰ আৰম্ভ হ’ল৷ আৰু নিৰ্ণায়ক হিচাপে থাকিল প্ৰতিশোধৰ জুইত জ্বলি থকা প্ৰধানমন্ত্ৰী বিষ্ণু শৰ্মা৷ এই শাস্ত্ৰ তৰ্কৰ বিশেষত্ব এয়াই আছিল যে, এই শাস্ত্ৰ তৰ্ক মৌন শাস্ত্ৰ তৰ্ক আছিল৷ ইংগিতৰ অৰ্থ স্পষ্ট কৰিবলৈ আৰু পৰিচালনা কৰিবলৈ প্ৰধানমন্ত্ৰীতো আছিলেই৷ তেওঁৰ তত্ত্বাৱধানতে শাস্ত্ৰ তৰ্ক আৰম্ভ হ’ল৷

প্ৰথমে বিদ্যুতমাই এটা আঙুলি উঠাই ইংগিত দিলে৷ যাৰ অৰ্থ আছিল ব্ৰহ্ম এক৷ কিন্তু কালিদাসে ভাবিলে বিদ্যুতমাই এটা আঙুলি দেখুৱাই কালিদাসৰ এটা চকু ফুটুৱাই দিয়াৰ ইংগিত দিছে৷ তৎক্ষণাত কালিদাসে দুটা আঙুলি উঠাই ইংগিত দিলে৷ যাৰ অৰ্থ আছিল, “মই তোমাৰ দুটা চকু ফুটুৱাই দিম৷” তাৰপাছত বিদ্যুতমাই নিজৰ পাঁচটা আঙুলি দেখুৱালে, যাৰ অৰ্থ আছিল সংসাৰ পঞ্চতত্ত্বৰ দ্বাৰা গঠিত৷ কিন্তু কালিদাসে ভাবিলে ৰাজকুমাৰীয়ে তেওঁক চৰ মৰাৰ ইংগিত দিছে৷ তেওঁ লগে লগে ৰাজকুমাৰীক ঘোঁচা দেখুৱালে৷ ইয়াৰ পিছত বিদ্বানসকলে এই ইংগিতসমূহৰ বহুত গূঢ় অৰ্থ উদ্ধাৰ কৰিলে৷ তেওঁলোকে ক’লে, “ৰাজকুমাৰীয়ে কৈছে ব্ৰহ্ম এক৷ যাৰ উত্তৰত কালিদাসে কৈছে সৃষ্টিত ব্ৰহ্ম আৰু জীৱ এই দুয়োটাই সত্য৷ দ্বিতীয়বাৰ ৰাজকুমাৰীয়ে যেতিয়া সংসাৰ পঞ্চতত্ত্বৰ দ্বাৰা গঠিত বুলি ইংগিত দিছিল তেতিয়া কালিদাসৰ উত্তৰ আছিল যেতিয়ালৈকে এই পাঁচ তত্ত্ব সুকীয়া সুকীয়াকৈ থাকে তেতিয়ালৈকে সংসাৰত কোনো বিশেষ কাৰ্য্য সিদ্ধি হোৱা সম্ভৱ নহয়৷ জীৱদেহৰ আশ্ৰয়ত আৰু একগোট হৈহে পঞ্চতত্ত্বৰ অভিব্যক্তি সম্ভৱ৷ এনেধৰণৰ তৰ্কৰ মাজেৰেই পণ্ডিতসকলে কালিদাসক শাস্ত্ৰ তৰ্কত বিজয়ী হোৱা বুলি ঘোষণা কৰিলে৷ বিদ্যুতমায়ো নিজৰ পৰাজয় স্বীকাৰ কৰিলে৷ কালিদাস আৰু বিদ্যুতমাৰ বিবাহ সম্পন্ন হ’ল৷ বিদ্যুতমা বৰ সন্তুষ্ট আছিল৷

এদিন বিদ্যুতমাই কালিদাসক নিজৰ সন্তুষ্টিৰ কথা ব্যক্ত কৰি আছিল৷ কৈশোৰ কালৰ পৰাই যে তেওঁৰ বিদ্যা আৰু বিদ্বানসকলৰ প্ৰতি আকৰ্ষণ আছিল সেই কথা কালিদাসক কৈছিল৷ সেইবাবেই বিদ্যুতমাই নিজৰ পিতৃক কোনো সাধাৰণ ব্যক্তিৰ লগত বিবাহ পাশত আবদ্ধ নহয় বুলি কৈছিল৷ যিহেতু কালিদাস অত্যন্ত বিদ্বানলোক বুলি ৰাজকুমাৰীয়ে ভাবি আছিল সেয়ে তেওঁক লৈ বিদ্যুতমাই গৌৰৱ অনুভৱ কৰে বুলি কৈছিল৷ আৰু শাস্ত্ৰ তৰ্কত হাৰিও ৰাজকুমাৰী সুখী হৈছিল৷ তেনেতে বাটেৰে উট কিছুমান পাৰ হৈ যোৱা দেখি বিদ্যুতমাই কালিদাসক সেইবোৰ কি বুলি প্ৰশ্ন কৰিছিল৷ যাৰ উত্তৰত কালিদাসে উট শব্দৰ শুদ্ধ উচ্চাৰণ কৰিব পৰা নাছিল৷ সংস্কৃতত উটক ushtra বুলি কোৱা হয় কিন্তু কালিদাসে অশুদ্ধ উচ্চাৰণ কৰিছিল৷ ৰাজকুমাৰীয়ে প্ৰধানমন্ত্ৰী তথা পণ্ডিতসকলৰ ষড়যন্ত্ৰৰ কথা বুজি উঠিছিল৷ তেওঁ তেতিয়াহে বুজিছিল প্ৰধানমন্ত্ৰীয়ে কিয় কালিদাসৰ মৌনব্ৰতৰ কথা প্ৰচাৰ কৰিছিল৷ অত্যন্ত ক্ৰোধিত হৈ বিদ্যুতমাই কালিদাসৰ মূল পৰিচয় বিচৰাত কালিদাসে তেওঁ যে প্ৰকৃততে এজন খৰিকটীয়াহে হয় সেই কথা ক’লে৷ হাবিৰ খৰি কাটি হাটত বেচি তেওঁ জীৱন যাপন কৰি আছিল৷ বিদ্যুতমাই সেই শাস্ত্ৰ তৰ্কৰ প্ৰশ্নসমূহৰ কথা সোধাত কালিদাসে যিদৰে বুজিছিল সেই কথাও ক’লে৷ বিদ্যুতমা খঙত জ্বলি উঠিল আৰু সেই ক্ষণতে কালিদাসক অপমান কৰি ৰাজপ্ৰাসাদৰ পৰা খেদি পঠিয়ালে৷ কিন্তু কালিদাসে বিদ্যুতমাক কৈ গ’ল যেতিয়ালৈকে তেওঁ বিদ্বান হৈ নুঠে তেওঁ নিজ পত্নীক মুখ নেদেখুৱাই৷ কালিদাসে অতি কম সময়ৰ ভিতৰতে অধ্যাৱসায়ৰ ফলত নিজৰ সংকল্প সম্পূৰ্ণ কৰিলে৷ তেওঁ অত্যন্ত পৰিশ্ৰমেৰে সাহিত্য, ব্যাকৰণ, গণিত, জ্যোতিষবিজ্ঞান আদি সকলো বিষয়ৰ অধ্যয়ন কৰি অগাধ পণ্ডিত হৈ পৰিল৷ এই পাণ্ডিত্য লাভৰ পিছত কালিদাস যেতিয়া বিদ্যুতমাৰ ওচৰলৈ উলটি আহিছিল তেতিয়া ঘৰৰ ভিতৰৰ পৰা বিদ্যুতমাই সুধিছিল, “দুৱাৰত কোন?” যাৰ উত্তৰত কালিদাসে কৈছিল, “अनावृत्तकपाटं द्वारं देहि” ( Please open the doors of liberation for me)৷ পত্নীয়ে তেওঁৰ মাত চিনিব পাৰিছিল কিন্তু তেওঁৰ কথা কোৱাৰ ধৰণটো শুনি আচৰিত হ’ল৷ ইমান সুন্দৰ আৰু সাহিত্যিক ভাষাৰে দুৱাৰ খুলিবলৈ কওঁতাজন বিদ্যুতমাৰ নিৰক্ষৰ স্বামী কেনেকৈ হ’ব পাৰে! সেয়ে ৰাজকুমাৰী আচৰিত হৈ ক’লে, “अस्ति कशचिद वाग्विशेष” যাৰ অৰ্থ হ’ল, “আপোনাৰ বাণীৰ বিশেষত্ব কি?” সেইবুলি কৈয়ে বিদ্যুতমাই দুৱাৰ খুলি দিলে৷ কালিদাসৰ মুখ পাণ্ডিত্যৰ উজ্জ্বল প্ৰকাশে প্ৰকাশী উঠিল৷ যেতিয়া বিদ্যুতমাই দেখিলে তেওঁৰ স্বামীয়ে নিজৰ প্ৰতিজ্ঞা সম্পূৰ্ণ কৰিছে; সকলো জ্ঞান লাভ কৰি এজন বিদ্বানলোক হৈ উলটি আহিছে তেতিয়া তেওঁ অত্যন্ত সুখী হ’ল৷

ইয়াৰ পিছত কালিদাসে পত্নীয়ে কোৱা তিনিওটা শব্দৰ পৰা একোখনকৈ মহাকাব্য ৰচনা কৰিলে৷ ‘अस्ति’ শব্দৰ পৰা কুমাৰসম্ভৱম মহাকাব্য, ‘कश़्चिद’ শব্দৰ পৰা মেঘদূতম খণ্ডকাব্য আৰু ‘वाग्विशेष’ শব্দৰ ‘वाग’ পদৰ পৰা ৰঘূবংশম মহাকাব্য ৰচনা কৰিলে৷ ইয়াৰ উপৰিও তেওঁ তিনিখন নাটকো লিখিছিল৷ ‘অভিজ্ঞান শকুন্তলম’, ‘বিক্ৰমোৰ্বশীয়ম’ আৰু ‘মালবিকাগ্নিমিত্ৰম’৷ তিনিওখন নাটকেই কালিদাসৰ উৎকৃষ্ট কলাৰ নিদৰ্শন৷ কিন্তু ‘অভিজ্ঞান শকুন্তলম’ৰ বিশ্ব সাহিত্যৰ দৰবাৰত এক বিশেষ স্থান আছে৷ তদুপৰি কালিদাসে ছয় ঋতু বৰ্ণনা কৰি ‘ঋতুসংহাৰ’ কাব্যও ৰচনা কৰিছিল৷ তেওঁৰ সাহিত্যৰাজি হিন্দু পুৰাণ আৰু দৰ্শনৰ ওপৰত ভিত্তি কৰি লিখা৷ কালিদাসৰ এই ৰচনাসমূহত প্ৰকৃতিৰ বৰ সুন্দৰ বৰ্ণনা পঢ়িবলৈ পোৱা যায়, মানুহৰ পৰস্পৰ সম্পৰ্কৰ সূক্ষ্ম মনোবৈজ্ঞানিক চিত্ৰণ দেখিবলৈ পোৱা যায়৷ কিন্তু তেওঁ নিজৰ ৰচনাত ব্যৱহাৰ কৰা উপমাৰ বাবে কালিদাসক সংস্কৃত সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি কোৱা হয়৷ তেওঁৰ সকলো কাব্যতে উপমাৰ সুন্দৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়৷ বিদ্বানসকলে তেওঁৰ এটি উপমা ইমানেই ভাল পাইছিল যে তেওঁলোকে কালিদাসক ‘দীপ-শিখা কালিদাস’ নামেৰে সম্বোধন কৰিছিল৷ ‘ৰঘূবংশম’ত যেতিয়া অযোধ্যাৰ ৰাজকুমাৰে ৰাজকুমাৰী ইন্দুমতিৰ সয়ম্বৰত ভাগ ল’বলৈ আহে, সয়ম্বৰসভাত সকলো ৰজা বহি থাকে, ইন্দুমতিয়ে হাতত বৰমালা লৈ আগবাঢ়ে, তেতিয়া কালিদাসে লিখিছে,

“Sancharini deep-shikheva ratrau
Yam yam vyatiyay patimvara sa
Narendramargatta eva prapede

Vivarnabhavam sa sa bhoomipalah”

(“She was moving like a flame in a dark night. Wherever the flame approaches, the area brightens, when the flame recedes, the area darkens.”)

অৰ্থাৎ কবিয়ে ইয়াকে বুজাব খুজিছে যে, যেতিয়া ইন্দুমতিয়ে কোনো এজন ৰজাৰ সন্মুখত বৰমালা লৈ উপস্থিত হয় তেতিয়া ৰজাৰ মুখমণ্ডল উজলি উঠে; যেতিয়াই ৰাজকুমাৰী পিছলৈ উলটি আহি আগবাঢ়ি যায় ৰজাৰ মুখমণ্ডল আন্ধাৰে আবৰি ধৰে৷

বি: দ্ৰ: ৱিকিপিডিয়াত উপলব্ধ মহাকবি কালিদাসৰ জীৱনৰ লগত জৰিত তথ্যসমূহ সহজেই পোৱা যায়৷ সেয়ে এই প্ৰবন্ধত সেয়া বাদ দিয়া হৈছে৷ এই প্ৰবন্ধ কালিদাসৰ জনশ্ৰুতিমূলক কথাৰ আধাৰতহে লিখা হৈছে৷

☆ ★ ☆ ★ ☆

8 Comments

  • ডলী

    বহুত ভাল লাগিল পঢ়ি বা

    Reply
  • কাবেৰী মহন্ত

    বহুত কথা জানিবলৈ পালোঁ শ্ববিনা৷ ধন্যবাদ লেখাটোৰ বাবে

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply
  • Sadananda Bhuyan

    সৰুতে কালিদাসৰ সাধুটো শুনিছিলোঁ । কিন্তু ইমান তত্বগধুৰ কথাবোৰ জনা নাছিলোঁ । বহুত ভাল লাগিল শ্ববিনা ।

    Reply
  • গীতালি বৰা

    দুপৰীয়াই পঢ়িলোঁ। এতিয়া কমেন্ট কৰিছোঁ। ভাল লাগিল চবিনা। মোৰ ছোৱালীজনীৰ ভাল নাম উজ্জয়িনী।

    Reply

Leave a Reply

Your email address will not be published.