ফটাঢোল

মহাজন- মৃণাল গোস্বামী

“গুটামি, আই গুটামি, ক’ত যোৱা।”  পিছফালৰ পৰা চিঞৰ এটা, বুজিলোঁ আমাৰ মহাজন ওলাইছে। মহাজন মানে মোৰ প্ৰতিবেশী এঘৰৰ  চাৰে তিনি বছৰ মান বয়সৰ ল’ৰাজন, তাহাঁতৰ ঘৰৰ বেলকণিৰ পৰা চিঞৰি মাতিছে। সকলোকে উপাধি ধৰি মাতে সি, ৰস্তাইদি খোজ কাঢ়ি  যোৱা চুবুৰীৰ কোনো বাদ নপৰে, কোনোবা বদমাছ ককায়েকে শিকালে চাগৈ উপাধিবোৰ। বিশ্ববিদ্যালয় অৱসৰ প্ৰাপ্ত অধ্যাপক, কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কোনো বাদ নপৰে। প্ৰথমে মানুহ বিলাক আচৰিত হৈছিল, ল’ৰাটোৰ মাক দেউতাকো অপ্ৰস্তুত হৈছিল, তাক নাপাই নাপাই বুলি বুজাইছিল, কিন্তু মানুহ বিলাকে তাৰ এই সম্বোধন আৰু কথাবোৰ উপভোগ কৰা দেখি মাক দেউতাকেও বাদ দিলে তাক মানা কৰিবলৈ। গতিকে আমাৰ সকলোকে বিন্দাছ উপাধি ধৰি মাতে সি, কথা পাতে। মাত ভালকৈ ফুটাই নাই, থুনুক-থানাক হৈয়েই আছে, চৌধুৰীটো মাতে তৌদৰি, মহন্তটো মাতে মন্তঅ। ভাল লাগে তাৰ লগত দুই চাৰিটা কথা পাতি। ধেৰ কথা থাকে তাৰ আমাক ক’বলৈ, আমি শ্ৰোতা হে। আমি মাত্ৰ সোধোঁ ভাত খালানে, ফু ফু যাবা নে, কাপোৰ কিনিলা নে, সেইবিলাক কথা, সি লম্বা উত্তৰ দি দিয়ে।  সি আকৌ কাপোৰৰ খুব চৌখিন। যিকোনো  কাপোৰ পিন্ধিলেই সি ক’ব, তোমাৰ জিন্সটো মজ্জা, একদম দিং দং লাগিছে।  পেণ্ট মানেই জিন্স। চোলা মানেই স্পৰ্টিং। তোমাৰ স্পৰ্টিঙটো জাকাছ লাগিছে, সি কয়। সি পিচে নিজে মাজে মাজে নাঙঠ হৈ ওলাই আমাৰ আগত, মাক বা অন্য কোনোবাই  পিছে পিছে “নাপায় নাপায়, ছিঃ ছিঃ”  কৰি টাৱেল বা পেণ্ট এটা লৈ দৌৰি আহে। পিচে সেইবিলাকৰ প্ৰতি মহাজনৰ ভ্ৰক্ষেপ  নাই, ওলমি বাগৰি কথা পতাত ব্যস্ত থাকে। বেছি ক’বলৈও ভয় মহাজনক, পেণ্টটো খুলি বাহিৰলৈ দলিয়ায়ো দিব পাৰে, ভাগ্য বেয়া থাকিলে ড্ৰেইনতো পৰিব পাৰে, তাৰ ৰিস্ক মহাজনৰ নাই। তাৰ এইবিলাক নৃত্য চাই আৰু তাৰ লগত  সকলোৱে কথা পাতে সেই ফালে খোজ কাঢ়ি গ’লে। কুকুৰ ফুৰাব যোৱা কেইজনৰ হে দিগদাৰ হয়, কুকুৰটোৰ লগত সমানে সমানে ভৌ ভৌ কৰি কথা পাতিব সি, সেইটো ছোৱালী কুকুৰ নে ল’ৰা কুকুৰ বুজাব লাগিব তাক, কুকুৰটোক কাপোৰ কানি কিয় দিয়া নাই, কাপোৰ কেতিয়া কিনি দিব বুজাব লাগিব তাক। কোনটো কুকুৰক কি ৰঙৰ জিন্স, কি ৰঙৰ স্পৰ্টিং পিন্ধালে ভাল লাগিব সি বিনামূলীয়া উপদেশ দিয়ে। ভাগ্যে সি কুকুৰৰ কাৰণে লিপষ্টিক, নেইল পলিছৰ কথা চইচ কৰিবলৈ এতিয়াও শিকা নাই! কুকুৰৰ মালিকৰ উপাধিৰে কুকুৰটোৰো নাম হৈ যায়, আৰু  আমাক  সি খবৰ দিয়ে মন্ত কুকুৰে আজি গেটৰ ওচৰত চু চু কৰিলে, খয়কিয়া কুকুৰে ওহ কৰিছিল, সি দেখিলে, ওহ কৰি কিন্তু  নুধুলে। ঘৰত গৈ ধুব চাগে, আমি তাক বুজাওঁ। কোনটো কুকুৰে তাক কি ক’লে সেইটোও কয় সি, কোনোবা কুকুৰে তাক গুড মৰ্ণিং কয়, কোনোবা কুকুৰে তাক হেল্ল’ কয়, কোনোবাই আকৌ খঙত থকা বাবে তাক নামাতে।  নামাতিলে বৰ বেয়া পাই সি, বদমাচি কৰাৰ বাবে দেউতাকে চাগৈ তাক ঘৰত পিটিছিল আজি, সেইকাৰণে খঙত  আছিল, আমাক বুজাই সি। কোনটো কুকুৰৰ হাঁহিটো কিউট সেয়া সি আমাক জনায়।  বেলকনিত থাকিলে গ্ৰিলৰ ফাঁকেৰে সি সেইবোৰকে কৰি থাকে।  কৰিব নো কি বেচেৰাই, ওলাই মেলি নিবলৈ মাক দেউতাকে ভয় কৰে। এইবাৰ স্কুলত নাম লগাইছিল, পিছে কপাল বেয়া তাৰ, লকডাউনৰ বাবে স্কুলখনেই আজিলৈকে দেখা নাপালে। মাক দেউতাকে ঘৰতে পঢ়াই হয়তো। মই পঢ়াৰ কথা সোধোঁতে কিন্তু সি ফালৰি কাটে, মোৰ যে কামলৈ দেৰি হ’ব সোঁৱৰাই দিয়ে।

তাৰ নাম মহাজন ৰাখিলোঁ কেলেই তাৰো এক কাহিনী আছে। তাৰ যোৱাটো জন্মদিনৰ এমাহ মানৰ আগৰে পৰা গোটেই চুবুৰীৰ বাসিন্দাকে ‘বাৰ্থ ডে’ লৈ নিমন্ত্ৰণ দি ফুৰিছিল। মাক দেউতাকে হয়তো ইমান মানুহ মতাৰ কথা ভবাই নাছিল, সকলোৰে লগত ঘনিষ্ঠটাও নাই, কিন্তু ল’ৰাই মাতি দিলে যেতিয়া  মাতিবতো লাগিব সকলোকে, আৰু মানুহ বিলাকো নাহিলেতো নহ’ব, তাক কি উত্তৰ দিব পিছত। গধূলি ৰাস্তাৰ কাষৰ পুতলাৰ  দোকানখনলৈ গৈ দেখোঁ গোটেই চুবুৰীৰ মানুহ, সি কি উপহাৰ ভাল পাব চিন্তা কৰি কৰি কিনিছে, ঠিকটো নাই সন্মুখতে খুলি সি কি কি কৈ দিয়ে। তেতিয়াই হাঁহি হাঁহি ক’লো মহাজনে দৌৰাই দিছে সকলোকে, তাৰ নাম তেতিয়াৰ পৰা আমাৰ বাবে মহাজন হ’ল।

সেইদিনা দেউতাকক ওচৰতে পালোঁ, এনেই কথা ওলাল, ল’ৰাৰ পঢ়াৰ কথা ওলাল, ক’লে পাগল হৈ গৈছোঁ তাক পঢ়াবলৈ লৈ। মই ক’লোঁ, একো নাই, ঠিক হৈ যাব, পঢ়া হিচাপে নেদেখুৱাব, খেলা হিচাপে শিকাব। তেওঁ মোক ক’লে আপুনি সোধক মহাজনক What is your name?

মই বেলকণিত ৰৈ থকা মহাজনক সুধিলোঁ, What is your name? নাই, একো উত্তৰ নাই। আকৌ সুধিলোঁ what is your name?

এইবাৰ সি আকাশলৈ দেখুৱাই দিলে আঙুলি টোৱাই। চালোঁ আকাশত  একো নাই, ডাৱৰীয়া বতৰ, বেলিটোও ওলোৱা নাই। মই ভাবিলোঁ ইয়াৰ নাম কি ক’ব খুজিছে,   আকাশ নে,  তৰা,   জোন নে ডাৱৰ, ক’ব খুজিছে সি। দেউতাকে মোক কলে তেতিয়া, দেখিলে আপুনি যে what is your name সুধিলে, সেইটো সি পঢ়া সুধিছে ভাবিছে। মই ক’লোঁ, তেন্তে সি আকাশলৈ কিয় আঙুলিৰে দেখুৱালে। দেউতাকে উত্তৰ দিলে, আকাশত বেলি ওলোৱা নাই, সেইকাৰণে তাৰ স্কুল বন্ধ, সি নপঢে আকৌ, আপুনি তাক পঢ়াব নালাগে। আমাৰ লগতো সি এইবিলাক বুদ্ধিকে কৰি থাকে, এ পৰা চি পোৱাগৈ নাই আজিলৈকে, পঢ়াৰ কথা উলিয়ালেই তাৰ এশ এটা বাহানা। মই বোলোঁ হে হৰি, অন লাইনত কি পঢ়াব এই তিখৰ গুটিক। মহাজনক বাই বাই দিলোঁ, ক’লোঁ, মই তোমাক নপঢ়াও দেই, what is your name ক’ব নালাগে,  হাঁহি ওলাই গ’ল তাৰ মুখত, মোকো,” বাই বাই গুটামি” কৈ গহীনত ভিতৰলৈ সোমাই গ’ল।

☆ ★ ☆ ★ ☆

One comment

  • ডলী তালুকদাৰ

    বঢ়িয়া লাগিল

    Reply

Leave a Reply

Your email address will not be published.