ফটাঢোল

মহিষাসুৰ পতন – মনোজ কুমাৰ শইকীয়া

পথৰ কাষতেই মোৰ বাসস্থান৷ চাদত থিয় হ’লেই তলৰ পথটো দেখিবলৈ পোৱা যায়৷ পিচে আজি মোৰ বাটলৈ চোৱাৰ বাবে মন আৰু শৰীৰ সঠিক নাই৷ বিছনাত বহি বহিয়েই মই ঢাকৰ শব্দ শুনিছোঁ৷ গাড়ীবোৰ পাৰ হৈ গৈ আছে৷ হয়তো তাত বহি থকা দেৱীয়ে ৰঙাচকু দেখুৱাই অসুৰটোক বধিবলৈ উদ্যত হৈ আছে৷ অসুৰেও ফেপেৰি পাতি ধৰিছে৷

আহ, দাঁতটো আকৌ বিষাবলৈ আৰম্ভ কৰিছে৷ আজি দুদিন ধৰি দাঁতৰ বিষত মই কেঁকাই আছোঁ৷ মোৰ লগৰীয়াসকলে ভ্ৰাম্যমাণ পাণ দোকান নাম দিয়া মোৰ মুখখনে তামোল, পাণ, ৰজনী আদি চোবাবলৈ এই দুদিন সমূলি বাদ দিছে৷ দাঁতৰ বিষটো যেন লাহে লাহে মোৰ মূৰলৈ উঠিছে৷ বাটেৰে পাৰ হৈ যোৱা শোভাযাত্ৰাটোত দেৱীৰ ভক্তসৱে কৰা  হাই-উৰুমিত মই বিৰক্ত হৈ পৰিছোঁ৷ যত চব হাঁহাকাৰ এই দেৱীৰ বাবেই৷ চাল্লা, আজি এই দাঁতটোৰ বিষৰ সময়তেই দশমী পৰিল৷ অসুৰটোৰ প্ৰতি কিবা এক সহানুভূতি মই যেন অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ৷

তিনিবছৰ মানৰ আগৰ কথা৷ ওপৰ পাৰিৰ ওচৰা-ওচৰিকৈ থকা দুটা দাঁতত পোকে খাই ফুটা উলিয়াই পেলাইছিল৷ জীৱনত প্ৰথমবাৰৰ বাবে দাঁতৰ বিষৰ লগত চিনাকি হৈছিলোঁ৷ ডাক্তৰে ততাতৈয়াকৈ ৰুট কেনেলৰ (RCT) ব্যৱস্থা কৰিছিল৷ কপালেই বেয়া নে RCT ব্যৱস্থাপনাৰেই সমস্যা, আজি কেইদিনমানৰ পৰা দাঁত দুটা আকৌ বিষাবলৈ ধৰিলে৷ জ্বৰে-বিষে মোৰ পাতি লোৱা অৱস্থা৷

: হেৰি, এনেদৰে পৰি থাকিবানে ডাক্তৰৰ ওচৰলৈ যাবা?

মোৰ পত্নীৰ মাতত মই যেন সাৰ পালোঁ৷ খঙটো মোৰ মূৰৰ চুলিৰ আগ পালেগৈ৷

: মনে মনে থাকা৷ দেখা নাই ডাক্তৰে আগৰবাৰ ৰুট কেনেল কৰি কি কৰিলে?

: তেনেহ’লে থাকা পৰি তেনেকৈ?

তেওঁ মোক এৰি আঁতৰি গ’ল৷ পাকঘৰৰ কামত তেওঁ ব্যস্ত হৈ পৰিল৷

মই প্ৰমাদ গণিলোঁ৷ এই দুৰ্গা গোসাঁনীক অৱজ্ঞা কৰা মানে তেওঁৰ ৰোষৰ সন্মুখীন হোৱা৷ মোৰ নিজৰ ওপৰতেই খঙ উঠিল৷ এইজনীকহে মই আজি দুবছৰ আগতে তাইৰ ঘৰৰ অমতত আনি মোৰ ঘৰলৈ আনিছিলোঁ৷ দাঁতৰ বিষৰ লগে লগে মোৰ দুবছৰ আগৰ কথাবোৰ মনত পৰিল৷ মোৰ পত্নীৰ মাক-বাপেকৰ মুখকেইখন৷ ঘৰ-ঘৰোৱাই আজিলৈ মোক বুজিব নোৱাৰিলে৷ পত্নীৰ ঘৰখনৰ সৱাতকৈ বিপদজনক মানুহগৰাকী হ’ল তেওঁৰ খুৰীয়েক৷ পাৰিলে বোলে তেওঁ মোক বাঢ়নীৰে কোবাবলৈও সাজু আছে৷ দাঁতৰ বিষত মোৰ খুৰীয়েকলৈ মনত পৰিল৷ চাল্লা, মোক কোবাই জাতীয় ভাব এটা মনলৈ আনি মই বিষটো পাহৰিবলৈ যত্ন কৰিলোঁ৷

মই লাহেকৈ তেওঁক মাত লগালোঁ,

: হেৰা, আজি নহ’লে থাকক দিয়া৷ দশমীৰ দিনাখননো ক’ত ডাক্তৰক লগ পাম?

তেওঁ একো নামাতিলে৷ নিশাটো মই দাঁতৰ বিষত থৰকাচুটি হেৰুৱালোঁ৷

আজি একাদশী৷ আমাৰ চহৰখন নিজম পৰিছে৷ দশমীৰ দুখে যেন সকলোকে দুখী কৰি তুলিছে৷ সেই সকলোবোৰ দুখৰ ওপৰত মোৰ দাঁতৰ বিষে মোক যেন আৰু বেছি কৰি তুলিছে৷

আজি গাড়ীখন মোৰ পত্নীয়ে চলাইছে৷ তেওঁ মোৰ দৰে গাড়ী চলাব নোৱাৰে যদিও আপদ-বিপদত গাড়ীৰ ড্ৰাইভিং চিটত বহে৷ আজিও মোৰ দাঁতৰ বিষৰ বাবে তেওঁ ড্ৰাইভিং চিটত৷ তেওঁৰ গাড়ী চলোৱা কাৰবাৰ দেখি মোৰ মূৰে কাম নকৰা হৈছে৷

: হেৰা, তুমি চলোৱা তেনেহ’লে৷

মই মনে মনে থাকিলোঁ৷ এই বিষত গাড়ী চলোৱা অসম্ভৱ৷ দাঁতৰ বিষ আৰু তেওঁৰ ওপৰত উঠা খঙক যিমান পাৰোঁ নিয়ন্ত্ৰণ কৰি মই মনে মনে চিটটোত বহি থাকিলোঁ৷

মোৰ দাঁতৰ ফুটা বন্ধ কৰা চিনাকি ডাক্তৰজনৰ তাত আমি নোযোৱা ঠিক কৰিলোঁ৷ চহৰৰ উপকণ্ঠৰ আন এজন ডাক্তৰৰ চেম্বাৰলৈ আমি আগবাঢ়িলোঁ৷ সেয়া আচলতে আমাৰ এওঁৰ সম্পৰ্কীয় খুৰাক৷ মই লাহেকৈ এওঁক ক’লোঁ,

: নহলে আজি দাঁতটোৰ কাম বাদ দিওঁ নেকি?

: দিয়া, কিন্তু চোৱা৷ পিছত ঘৰত গৈ উহ-আহ কৰি থাকিলে মই তোমাক সুদাই নেৰোঁ?

নিৰীহ জীৱ মই৷ পত্নীৰ প্ৰতি কিবা এটা ভয় আছে মোৰ৷ দিন-ৰাতি মই তেওঁৰ পৰা গুৰুত্ব বিচাৰি ভাল পাওঁ৷ সেই গুৰুত্ব লাভ কৰিবলৈ মই নিজক লাগিলে তেওঁৰ তলতীয়া কৰ্মী হিচাবেও গণ্য কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ৷ মই লাহেকৈ তেওঁৰ খুৰাকৰ চেম্বাৰলৈ যোৱা ঠিক কৰিলোঁ৷

: ব’লা তেনেহলে৷

: খুৰা, ভালে আছে৷

গাড়ী চলাই থাকি তেওঁ ফোনত খুৰাকৰ সতে কথা পাতিলে৷ মোৰ দাঁত সম্পৰ্কে তেওঁক বিশদ বিৱৰণ দি তেওঁ গাড়ী চলাই থাকিল৷ বিশ মিনিটমান পিছতেই আমি গন্তব্যস্থল পালোঁ৷ খুৰাজন এক প্ৰকাণ্ড মানুহ৷ মোক দেখিয়েই তেওঁ মাত লগালে৷

: অ কিহে, আজিহে অমুকালৈ মনত পৰিল?

মই সেমেনা-সেমেনিকৈ হাঁহি এটা মাৰিলোঁ৷ সেইসময়ত চেম্বাৰত কোনো ৰোগী নাছিল৷ খুৰাই মোক চেয়াৰখনত বহিবলৈ দি তেওঁৰ কাম আৰম্ভ কৰিলে৷ প্ৰাথমিক পৰীক্ষা-নিৰীক্ষাৰ অন্তত ডাক্তৰ খুৰাই চচমাৰ ওপৰেদি চাই ক’লে,

: কথা বিষম…. RCT Failure, দুয়োটা দাঁত উঠাই পেলাব লাগিব৷

আগতে কোনে ৰুট কেনেল কৰিছিল সুধিলে৷ মই ডাক্তৰজনৰ নামটো কোৱাত তেখেতে মুখৰ ভিতৰত কিবাকিবি ভোৰভোৰাই শেষত ক’লে,

: এই ৰিপিয়াৰিং কামবোৰত অযথা সময় নষ্ট হয়৷  তাতোকৈ ডাঙৰ কথা যে ময়ো যথেষ্ট কষ্ট কৰিব লাগিব আৰু তুমিও যথেষ্ট কষ্ট সহ্য কৰিব লাগিব৷ আজিয়েই কৰি দিওঁ নেকি অ?

খুৰাই পিছৰ কথাখিনি তেওঁৰ ভতিজী মানে মোৰ পত্নীক ক’লে৷

: দিয়ক খুৰা৷

পত্নীয়ে হাঁহি এটা মাৰি ক’লে৷

আহঃ কি অনুভৱ- ঘৰ্ষণ, ঘূৰ্ণন, লিভাৰ, হেলনীয়া তলৰ সমবেত সংগীত দেখোন মোৰ মুখৰ ভিতৰত৷ এনাস্থেচিয়াই থিক মতেই কাম কৰি আছে তথাপি মাজে মাজে ভৰি দুটা লৰাই সেই সংগীতৰ তাল নাৰাখি নোৱৰিলোঁ৷ কপালত, ওঁঠত, গালত আৰু ক’ত ক’ত যে চাপৰ্ট লোৱা হৈছে….. দাঁতৰ গুৰি অভিমুখী অসম বলে লক্ষ্য স্থানত যেন বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে মাজে মাজে দুই এটা ভগ্ন টুকুৰা ওলাই আহি থাকি খুৰা, মোৰ আৰু সহধৰ্মিনীৰ আশাবোৰ সজীৱ কৰি ৰাখিলে৷

প্ৰায় দুঘণ্টামানৰ পিছত কিবা এটা থিত লাগিল৷ খুৰাৰ মুখত এটি হাঁহি৷

: বাঃ, হৈ গ’ল দেই৷ দিয়া বোপা এতিয়া উঠা৷ তুমি কেইদিনমান গোটা বস্তু নাখাবা৷

খুৰাই চেম্বাৰৰ পৰিচালকজনক চাহ অনাবলৈ পাচিলে৷ সেয়া তেওঁৰ আৰু মোৰ পত্নীৰ বাবে৷

: তহঁতে আৰু অলপ দেৰি কৰিলে মোক নাপালিহেঁতেন৷ এই খুৰীয়েৰৰ লগত অলপ ওলাই যোৱা কথা আছিল৷

খুৰাই কথাখিনি কোৱাৰ পিছতেই খুৰী চেম্বাৰলৈ সোমাই আহিল৷ আহ, এই খুৰীকেই মই সকলোতকৈ ভয় কৰোঁ৷ বগা আৰু সেন্দূৰৰ ৰঙেৰে গোসাঁনীযেন মানুহগৰাকীয়ে মোক দেখি ভ্ৰু কোচাই খুৰাক ক’লে,

: কি হ’লহে এইজনাৰ?

খুৰাই হাঁহি এটা মাৰি দাত সম্পৰ্কে তেওঁক বিতংকৈ বুজালে৷ তেওঁ মোলৈ এটি দৃষ্টি নিক্ষেপ কৰিলে৷ এনাস্থেচিয়াৰ প্ৰভাৱ আঁতৰি নোযোৱা মই যেন সেই দৃষ্টিত দেৱী দুৰ্গাৰ খঙাল চকুহাল দেখা পালোঁ৷ সেই যে মহিষাসুৰৰ ফালে দেৱীয়ে চাই থকা চকুহাল খুৰীৰ মুখতহে কোনোবাই লগাই থ’লে৷ মই তলমুৱা হৈ বহি থাকিলোঁ৷ নিজকে কিবা দেৱীৰ আগত থিয় হৈ থকি চিৰ নিন্দিত মহিষাসুৰটো যেন লাগিল৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.