ফটাঢোল

মহীনৰ খুৰা (মহীনের কাকা) – মূল : বলাইচাঁদ মুখোপাধ্যায় (ছদ্মনাম : বনফুল)অনুবাদ – মুনমুন সৰকাৰ শইকীয়া

অভাৰব্ৰীজৰ ঠিক মাজডোখৰ পাওঁতেই ট্ৰেইনখন ভৰিৰ তলেৰে পাৰ হৈ গ’ল৷ আৰু অলপ বেগাই অহাহেঁতেন শেষৰ দবাটোত উঠি ল’ব পৰা হলহেঁতেন। কিন্তু এমাহৰ আগতে নৈহাটিত হোৱা ভয়ানক ৰেল দুৰ্ঘটনাটোলৈ মনত পৰি গ’ল। তেতিয়াৰে পৰা মই চলন্ত ট্রেইনত নুঠোঁ।

পছিশ মিনিটৰ পিছতহে দ্বিতীয়খন ট্ৰেইন আছে, অগত্যা কিনো কৰিম বুলি ভাবিয়েই প্লেটফর্মৰ বেঞ্চ এখনতে বহোঁ বুলি ভাবিলোঁ। এই সময়খিনিত দুটামান চিগাৰেট হুপিব পৰা হ’ব। কাপোৰৰ মিলৰ ৰঙীন পোষ্টাৰবোৰ ভালদৰে নিৰীক্ষণ কৰিব পৰা হ’ব। মূৰৰ ওপৰত থকা ষ্টেচনৰ লোৰ ৰেলিংবোৰত বাহ লোৱা শালিকা আৰু পাৰকেইটাৰ জীৱনযাত্ৰা চাব পৰা হ’ব কিন্তু এইবোৰ ভাবি থাকোঁতেই এইবোৰতকৈও মনোগ্ৰাহী বস্তু এটা আহি পালেহি।

: কল্যাণী লোকেলখন গুছি গ’ল নে এইমাত্র?

ফোপাই জোপাই এজনে আহি সুধি সুধি মোৰ কাষতেই বহি পৰিল। মই কলোঁ,

: এইমাত্র ঠিক নহয়; হ’ল তথাপিতো অলপ দেৰি।

চুৰিয়াৰ আগটোৰে মুখখন মুছি মানুহজনে ক’লে,

: মই এনেকুৱা অঘটন এটা হ’ব বুলি আগতেই ভাবিছিলোঁ। কিন্তু অতিথি আপ্যায়নৰ প্ৰকোপত উঠি আহিব পাৰিলেহে, ইটো সিটো খুৱাই খুৱাই থাকোঁতেই মোৰ ইমান ডাঙৰ সৰ্বনাশ হ’বলৈ পালে।

: সৰ্বনাশ বুলি কিয় ভাবিছে আৰু বিছ মিনিটমান পিছতেই আন এখন ট্ৰেইন আহিবই।

: সেয়া গৈ পাওঁতে ৫-৪৫ বাজিব, মোৰ ৫-৩০ টা মান বজাত এটৰ্নিৰ অফিচ পাব লাগিছিল, কাইলৈ মোকৰ্দমাৰ শুনানি আছে। যি হয় হ’ব আৰু।

: কোনোবা নিকটাত্মীয়ৰ ঘৰলৈ গৈছিলে হ’বলা?

মই সৌজন্যতাৰ খাতিৰত সুধিলোঁ। মানুহজনৰ খঙাল মুখখনত হাঁহিৰ ৰেশ এটা বিয়পি পৰিল।

: ভতিজাৰ বাবে ছোৱালী এজনী চাবলৈ গৈছিলোঁ।

: ছোৱালী কেনে পালে?

ভালেই বুলি কৈয়ো সচকিত দৰাঘৰীয়াৰ দৰে নিজকে সংযত কৰি তেওঁ ক’লে,

: বেয়া নহয়।

: পঢ়া শুনা?

: এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈছে, শুনিবলৈ পোৱা মতে পঢ়াত চোকা, প্ৰথম বিভাগ পোৱাটো সুনিশ্চিত। মুখখন দেখিও তেনেই যেন লাগিল, বেচ সপ্ৰতিভ।

মানুহজনে এইবাৰ কিন্তু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।

: লেনদেন?

: সেইপিনে আশা দেখা নাই, অৱস্থা পাতি ভাল নহয়, মোৰ ভতিজা ল’ৰাটো আকৌ বেছি মডাৰ্ণ, যৌতুকৰ ঘোৰ বিৰোধী।

: তেতিয়াহ’লেতো কথাই নাই, শুভ কামফেৰা কৰিয়েই পেলাওক।

প্ৰায় তপা মূৰটোত অৱশিষ্ট থকা কেইডাল মান চুলি ঠিকঠাক কৰি পকেটৰ পৰা বিড়ি এডাল উলিয়াই মোৰ পৰা দিয়াচলাই বাকচটো খুজিলে, বিড়ি ডাল জ্বলাই লৈ ক’লে,

: বহুত চিন্তা কৰি পালোঁ, এই বয়সত মোহীনৰ বিয়াখন পতা ঠিক নহ’ব।

: মোহীন কোন? আপোনাৰ ভতিজা নেকি?

: আৰু কোন? সেই যে হেণ্ডাৰচন কোম্পানীত চাকৰি কৰে, বগা, খীন মীন ল’ৰাটো, ফৰফৰাই কথা কয়, চিনি নাপায় নে?

লাজ লাজকৈ কলোঁ,

: নাই নাপাওঁ, পৃথিৱীৰ বহু নামী দামী মানুহক মই চিনি নাপাওঁ।

মানুহজনে ক’লে,

: কিমাননো আৰু বয়স হৈছে, কেইদিনমান আগতেই স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ১২০ টকা দৰমহাৰ চাকৰিত সোমাইছে। পাৰ্মানেণ্ট হৈছেহে, এতিয়াই বাৰু বিয়াখন পতা উচিত হ’বনে?

মই কলোঁ,

: ইয়াত অনুচিত কি আছে, বি. এ পাছ কৰিছে, চাকৰি পাৰ্মানেণ্ট হৈছে এই বয়সতেই বঙালী ল’ৰাবোৰে বিয়া পাতে। আপত্তি কৰিবলগীয়া কি আছে?

: আছে, আছে। (চিন্তিত হৈ বিড়িত টান মাৰিলে তেওঁ) ১২০ টকাত নিজে খাবলৈ নোজোৰে, পৰিয়ালক কি খুৱাব, ল’ৰা ছোৱালী হ’লে কি কৰিব?

: তেতিয়া দৰমহাও বাঢ়িব নহয়৷

: কিমাননো বাঢ়িব হে, মাৰ্চেণ্ট অফিচৰ চাকৰি, ল’ ৰা ছোৱালী বঢ়াৰ দৰে মাহে মাহে নাবাঢ়ে নহয়? গাখীৰ আৰু বেবি ফুডৰ খৰছ চলাওঁতেই নাজেহাল হ’বগৈ। ভতিজাটোক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলোঁ, এতিয়া তাৰ ল’ৰা ছোৱালীও মই তুলিম নেকি?

হেণ্ডাৰচন কোম্পানীৰ বগা ধকধকীয়া, খীন চেহেৰাৰ মহীনক আৰু সমৰ্থন কৰা উচিত হ’ব নে নাই মই ভাবিবলৈ ললোঁ। আকৌ মানুহজনে ক’বলৈ ললে,

: সেয়ে ভাবি আছিলোঁ আৰু পাঁচ বছৰ মান যাওক, অলপ পইচা পাতি বাঢ়ক, পৰিয়ালৰ খৰছ বহন কৰিবলৈ শিকক, তাৰ পিছত নহ’লে ভাবিব পৰা হ’ব, সেয়াও হয়নে নহয়, নাজানো, আজিকালি আকৌ সি কমিউনিষ্টসকলৰ লগ লাগি যি ইউনিয়ন বনাই নেতাগিৰি কৰি আছে, চাকৰি যে বেছি দিন থাকিব আশা নাই।

: তেতিয়াহ’লে ছোৱালী চাবলৈ আহিছিল কিয়?

: মোৰ চখ লগা নাছিল নহয়, তাৰ তৰ্জন গৰ্জনত আহিব লগা হ’ল। ছোৱালীজনী তাৰ অফিচৰ লগৰ কোনোবা এজনৰ ভনীয়েক, কলিকতাত থাকি পঢ়া শুনা কৰা, চকুত পৰিল চাগে ভতিজাৰ, সেয়ে সি মোক টানি লৈ আহিল।

: অহ সি আহিছে নেকি লগতে?

: আহিছে মানে? জোক লগাদি লাগি আছে। গাড়ীৰ দেৰি দেখি আকৌ চাহ খাবলৈ গ’ল, এসোপা খাই আহি আকৌ চাহ?

মানুহজন অলপ বিৰক্ত হোৱাদি বিৰবিৰাই থাকিল।

: তেতিয়াহ’লে নো কি কৰিব? বিয়া পাতি দিবই লাগিব আপুনি।

: পাতি দিবই লাগিব মানে? কিয়? তাৰ চাকৰিটোও মোৰেই দান, কোম্পানীৰ হেডক্লাৰ্ক মোৰ শালপতি। ইচ্ছা কৰিলে চাকৰি খাই দিব পাৰোঁ।

: চাকৰিটো আকৌ কিয় খাব, তেতিয়া আকৌ আপুনিহে খৰছ বহন কৰিব লাগিব৷

মই অলপ হাঁহি হাঁহি ক’লোঁ।

: নাহাঁহিব ডাঙৰীয়া৷ (মানুহজনৰ অলপ খং উঠা যেন লাগিল) মই ঠিক কৰিছোঁ তাৰ বিয়াখন এতিয়া নাপাতোঁ।

: ইমান ভাল সম্বন্ধ এটা এৰি দিব?

মানুহজনে তপা মূৰটোত হাত ফুৰাই ক’লে,

: তাকেই ভাবিছোঁ, ছোৱালীজনী খুব ভাল দেখাই শুনাই, মই কি ভাবিছিলোঁ জানেনে?

তেওঁ কি ভাবিছিল মই নাজানো কিন্তু শুনিবলৈ উদগ্ৰীৱ হৈ পৰিলোঁ।

: চাওক মোৰ মানুহগৰাকী ঢুকোৱাৰ ২ বছৰমান হ’ল, লক্ষ্মী মানুহ আছিল, ল’ৰা দুটাক ডাঙৰেই কৰি থৈ গৈছে, ভাবিছিলোঁ নতুনকৈ আৰু সংসাৰ নাপাতোঁ, কিন্তু ছোৱালীজনী খুবেই ভাল ডাঙৰীয়া, এনে এজনী এৰি দিব নোৱাৰি, সেয়ে ভাবিছিলোঁ…..

মই ভয় খাই গ’লোঁ, ভতিজাকৰ কাৰণে ছোৱালী চাবলৈ আহি নিজে পচন্দ কৰি বহি আছে, সেয়ে ইমান পাতনি, ইমান ব্যাখ্যা! মই কলোঁ,

: কি কয়হে, আপুনি?

: কিয় কি হ’ল, মোৰ বয়স মাত্ৰ পঞ্চল্লিছ অতিক্ৰম কৰিছে, এই বয়সত কিমানে প্ৰথম সংসাৰেই নাপাতে, চাৰিখন ঘৰ আছে কলিকতাত, ইমান ডাঙৰ কাপোৰৰ দোকান মূল বজাৰত, আৰু মহীনৰ; পৈত্ৰিক সম্পত্তিৰ আধা অংশ আৰু মাত্ৰ ১২০টকীয়া দৰমহাৰ চাকৰি, সেইটোও মন গ’লে মই খাই দিব পাৰোঁ।

: সেয়া পাৰে বাৰু৷

সেই মুহূৰ্তত মানুহজনলৈ চাই মোৰ এনে লাগিল যেন তেওঁ চাকৰি নালাগে মানুহো খাই দিব পাৰিব, মানুহজনলৈ খুব ঘৃণা উপজিল, কথা পাতিবলৈ অলপো মন যোৱা নাছিল কিন্তু নিজকে সম্ভালিব নোৱাৰি সুধিয়েই পেলালোঁ,

: কিন্তু ছোৱালীৰ দেউতাকে সন্মতি দিব নে?

: দেউতাক ক’ত? বিধৱা মাক, মোমায়েক সৰ্বেসৰ্বা, আৰু ভায়েকক মই গনতিত নধৰোঁ, মই বিয়া পাতিম বুলি শুনিলে মোমায়েক জপিয়াই উঠিব, বেছি দ্বিধাবোধ কৰিলে ৫০০ টকামান দি দিম, কেতিয়াও ১০০ টকাও একেলগে দেখিছে নে নাই সন্দেহ।

মানুহজনেও বিড়ি এটা আকৌ মুখত ভৰাই লৈ মোৰ পৰা দিয়াচলাই বাকচটো আকৌ খুজিলে, মোৰ মানুহজনক ডিঙি চেপি মাৰি পেলাবলৈহে মন গৈছিল, এই নৰাধমটোৱে এতিয়া জালি উইল বনাব পাৰে, ভতিজাকক বিহ খুৱাই মাৰিব পাৰে, গুণ্ডা লগাই খুন কৰাব পাৰে, ইমান হিংস্ৰ যেন লাগিল মোৰ মানুহজনক।

: দিয়াচলাইৰ বাকচটো দিয়কহে।

দিয়াচলাই বাকচটো দিলোঁ, দাত নিকটাই মানুহজনে বিড়ি জ্বলালে, বাৰুদৰ গোন্ধ এটা মোৰ নাকত লাগিল।
মই সুধিলোঁ, আপোনাৰ ভতিজা যদি ৰাজী নহয়?

: যাব ক’ত, চাকৰি মোৰ হাততহে।

মানুহজনৰ কাষৰ পৰা উঠি যাব খুজিছিলোঁ, নিজেই উঠিব লগা হ’ ল, সিগনেল নামিল, ঘণ্টা বাজিল, ট্ৰেন আহি আছে। মানুহজনে ইফালে সিফালে চালে, কিন্তু মহীন? মোৰ শুনিবলৈ ধৈৰ্য্য নাছিল, কাঠ আৰু ইস্পাতৰ ধুমুহা এটা যেন ষ্টেচনত সোমাই পৰিল, এক মিনিটহে ৰ’ব। গাড়ী ভৰ্তি মানুহ, ফুটষ্টেপতো মানুহ বহি আছে, ঠেলি ঠেলি সন্মুখৰ দবাৰ ফুটবৰ্ডত ভৰি থ’লোঁ, মানুহজনে ৰাহু লম্ভাদি লম্ভিলে মোৰ কান্ধত, ঘামৰ দুৰ্গন্ধ এটা উজাই আহিল। মন গৈছিল গতা মাৰি মানুহজনক তলত পেলাই দিওঁ। গাড়ী চলিবলৈ ধৰিলে।
হঠাত পাছফালৰ পৰা আৰ্তস্বৰ শুনিবলৈ পালোঁ।

: মহীন নাহিল দেখোন? সি তেন্তে…

মই তিতা কেঁহা লাগি গ’লত ক’লোঁ,

: আপোনাৰ অভিসন্ধি গম পালে হয়তো, তাৰ মুখৰ আহাৰ যে আপুনি গ্ৰাস কৰিব খুজিছে, সেয়ে ঘূৰি গ’ল চাগে, ছোৱালীঘৰলৈ।

তাৰ পিছত যি ঘটিল তাৰ বাবে মই সঁচাকৈয়ে প্ৰস্তুত নাছিলোঁ। অন্ততঃ ইমান ডাঙৰ ভয়লগা কথা মই মানুহজনক কোৱা নাছিলোঁ, মোৰ পিঠিৰ ওপৰৰ হেঁচা আঁতৰি গ’ল হঠাৎ, হয়তো মানুহজন নামি যাব খুজিছিল, কিন্তু ট্ৰেইন খন, ২৫০ গজমান দুৰৈত গৈ ৰৈ গ’ল, দুই তিনিটা দবাৰ পৰা একেলগে চেইন টানিলে মানুহে। আৰু এটা ভয়ানক দুৰ্ঘটনা। এমাহৰ আগতে নৈহাটিত হোৱাটোতকৈ বেছি ভয়ানক। মই মূৰ ঘুৰাই পৰি যাব লৈছিলোঁ, যেনে তেনে খুঁটা এটাত ধৰিহে ৰ’লোঁঁ৷ তেনেতে চকুত পৰিল ধকধকীয়া বগা চেহেৰাৰ শীৰ্ণকায় ল’ৰা এজনে খুৰা খুৰা বুলি পাগলৰ দৰে চিঞৰি চিঞৰি দৌৰি আহি আছে, নিশ্চয় মহীন, কেতিয়ানো পাছফালৰ দবাটোত উঠিছিল আমি নেদেখিলোঁৱেই।
☆★☆★☆

6 Comments

  • নীলাক্ষি দেৱী ডেকা।

    একে উশাহে পঢ়িলোঁ। বৰ সুন্দৰ অনুবাদ। আগলৈয়ো পঢ়িবলৈ বাট চালোঁ।

    Reply
  • Moon Moon Sarkar Saikia

    পাঠকে পঢ়ি ভাল পালেই মোৰ সাৰ্থকতা।

    Reply
  • BITUPANSAIKIA

    সুন্দৰ অনুবাদ। পঢ়ি বহুত ভাল লাগিল।।

    Reply

Leave a Reply

Your email address will not be published.