ফটাঢোল

মাইনিং ইঞ্জিনীয়াৰৰ সৈতে এটা সন্ধ্যা-পূৰ্ণানন্দ শৰ্মা

২০১৩ চনৰ আগষ্ট মাহৰ ২৪ তাৰিখ৷ বাৰটো পাহৰিছোঁ৷ মধ্যপ্ৰদেশৰ মংগোলীৰ পৰা ঘৰ অভিমুখী যাত্ৰা৷ অকলশৰে৷

যমুনা নদী নাৱেৰে পাৰ হৈ অ’টো এখনত উঠি জবলপুৰ ৰেলৱে ষ্টেছন পালোঁ৷ বাহিৰতে চাহ একাপ খাই লৈ ৱেইটিং ৰূমত চকী এখনত ভৰি তুলি বহি ল’লোঁ। কাৰণ মই উঠিবলগীয়া ‘লোকমান্য’ ট্ৰেইনখন দুঘণ্টা পলমকৈ আহি আছে৷ তেতিয়া ছয় বাজিছেহে৷ লগত কিতাপ এখন আছে যদিও পঢ়িবলৈ মন যোৱা নাই৷ কাৰণ মংগোলীত দহ বছৰীয়া ভাগিনটোক এৰি থৈ আহিছোঁ৷ বিদায় দিয়াৰ সময়ত সি উচুপি উঠিছিল৷ তাৰ লগতে ময়ো৷ গতিকে মনটো গধুৰ হৈ আছে৷

বাহিৰলৈ গ’লে মই নিতান্ত প্ৰয়োজনতহে আন মানুহৰ স’তে কথা-বতৰা পাতোঁঁ৷ ইংৰাজী বা হিন্দী-এটা ভাষাও মই সলসলীয়াকৈ ক’ব নোৱাৰোঁ৷ একেদৰে ঠগ-প্ৰৱঞ্চকৰ পাল্লাত পৰাৰ ভয়টোৰ বাবেও কাৰো স’তে মিলামিচা নকৰোঁ৷ ট্ৰেইনত অনেকবাৰ যাত্ৰা কৰিছোঁ৷ তেনে যাত্ৰাত কেইবা ঘণ্টা যোৱাৰ পিছতহে দুই-এজনৰ স’তে সামান্য ঘনিষ্ঠ হওঁ৷ অন্তৰ্মুখীতা বেছি বাবে অকলশৰীয়া যাত্ৰাবোৰ বেচ উপভোগ কৰোঁ কিন্তু সেইদিনা ইয়াৰ বিপৰীত অনুভৱ হৈছিল। ভাগিনটোৰ স’তে গুৱাহাটীৰ পৰা যোৱাৰ কথাবিলাক মনত পৰিছিল৷ আমি জবলপুৰত নামিব লাগে কিন্তু টোপনিৰ কাৰণে তিনি ঘণ্টাৰ পথ আগুৱাই গৈ ইটাৰ্চি জংছন পাইছিলোঁগৈ৷ ট্ৰেইনত তাৰ মুখৰোচক খাদ্যৰ বাবে প্ৰায় দুহেজাৰ টকা খৰচ কৰা, খাৰুপেটীয়াৰ মিঞা ল’ৰা এজনৰ স’তে তাৰ সাহসী টক্কৰ, যমুনা নদীত পানী বেছি হোৱা বাবে নাও বন্ধ কৰাত আন এটা পথেৰে গৈ নিশা ছয় কিলোমিটাৰ পথ খোজ কাঢ়ি মংগোলী পোৱা আদি কথাবোৰ চিনেমাৰ ৰীলৰ দৰে মনলৈ আহি থাকিল৷ মাজে মাজে বোৰ্ড খনলৈ চাওঁঁ ‘লোকমান্য’ কেতিয়াকৈ পাব৷

এনেকৈ বহি থাকোঁতে অলপ খীণ মাগুৰ বৰণীয়া ল’ৰা এজন ওচৰতে আহি বহিল৷ বয়স ত্ৰিশৰ বেছি হোৱা নাই৷ মই ক’লৈ যাম সুধিয়েই নিজৰ পৰিচয় দি কথাৰ বকলা মেলিলে৷ ঘৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত৷ পেছাত মাইনিং ইঞ্জিনীয়াৰ৷ বিয়া-বাৰু কৰাইছে৷ ল’ৰা-ছোৱালী দুটাও আছে৷

এযোৰ জধলা জোতা পিন্ধি থকা তেনেই সাধাৰণ যেন লগা ল’ৰাটোৱে মাইনিং ইঞ্জিনীয়াৰ বুলি কওঁতে মোৰ মুখত ফুটি উঠা অবিশ্বাসৰ ভাবটো ধৰিব পাৰি তৎক্ষণাত পকেটৰ পৰা আইকাৰ্ডখন উলিয়াই দেখুৱাই ক’লে- “পিন্ধাউৰাতো নো কি! লাইফত এনজয়মেণ্ট কৰাটোৱেই শেষ কথা!

তাৰ পিছত কিঞ্চিত মুখখন ওচৰ চপাই আনি মোক সুধিলে, “অসমলৈ গ’লে প্ৰষ্টিটিউট পোৱা যাবনে নাই? কাৰোবাৰ ফোন নম্বৰ আছে নেকি?” মই বিস্ফোৰিত নেত্ৰে ক’লোঁঁ, যে নাই নাই মই নাজানো!

নাজানো বুলি কোৱাৰ পিছতো সি নেৰানেপেৰাকৈ লাগি থাকিল৷ 

“আপোনালোকৰ পৰা ভূটানলৈ কিমান দূৰ? শিলচৰ কিমান দূৰ? মেলা ভূটান বা শিলচৰৰ ৰেড লাইট এৰিয়াৰ কিবা সংযোগৰ ব্যৱস্থা কৰি দিব পাৰিমনেকি? তাত থকা প্ৰষ্টিটিউটবোৰ বঙালী নে ট্ৰাইবেল?” মই মূৰে-কঁপালে হাত দি ক’লোঁ, “চাওক, আপুনি মেলা ভূটান বা শিলচৰৰ ৰেড লাইট এৰিয়াৰ কথাও জানে৷ মই কিন্তু নাজানো। মাত্ৰ কলকাতাৰ সোনাগাছিৰ কথা কিতাপতহে পঢ়িবলৈ পাইছোঁ৷ গতিকে তাৰ কিবা খবৰ লাগিলে আপুনি মোৰ পৰা একো নাপাব৷ গুৱাহাটীত গৈ আইএচবিটিত থকা গাড়ীৰ দালালবিলাকক লগ ধৰিলেই গাখীৰ লাগে পানী লাগে সকলো পাই যাব৷”  

এইবাৰ সি কুটুৰিবলৈ ধৰিলে তাক যেনে তেনে এজন দালালৰ ফোন নম্বৰ লাগে৷ তাৰ কথাবোৰ কোৱাৰ ধৰণো আকৰ্ষণীয়! অনুৰোধো নহয় বা দাবীও নহয় তেনেকুৱা, মোৰ মুখৰ অভিব্যক্তি পঢ়িয়েই এক বিশেষ সুৰত কথাখিনি কয়৷ তৎক্ষণাত না কৰিব নোৱাৰি৷

কিছু সময় চিন্তা কৰিলোঁ৷ আপদটোৰ গাড়ী আহিব মোৰ পিছতহে৷ গতিকে এইখিনি সময় তালিবাজি কৰি কটাই দিওঁ! সেই সময়ত মনলৈ আহিল মাহীৰ ল’ৰা মণ্টুলৈ৷ সি গুৱাহাটীত থাকে৷ আমি এমাহৰ ডাঙৰ-সৰু৷ গতিকে লাগবান্ধ নোহোৱাকৈ সকলো কথাই পাতোঁ৷ তালৈ ফোন লগালোঁ৷ ক’ত আছোঁ, কি আপদে লম্ভিছে আটাইবোৰ বিবৰি ক’লোঁ৷ পোন্ধৰ মিনিটমান তাৰ সতে কথা পাতিলোঁ৷ তাৰ পিছত ফোনটো মাইনিং ইঞ্জিনীয়াৰৰ হাতত তুলি দিলোঁ৷ ফোনতে মণ্টুৱে আশ্বাস দিলে যে গুৱাহাটীত গৈ তাক ফোন কৰিলেই হ’ল৷ হোটেল, প্ৰষ্টিটিউট, খানা যি লাগে সকলো যোগান ধৰিব৷ বিনিময়ত তাক এটা ‘হাফ’ আৰু আধা কেজি ছাগলীৰ মাংস দিলেই হ’ল৷ আৰু একো নালাগে৷ 

মণ্টুৰ কথা শুনি মগেম্ব’ খুছ! এতিয়া তাক লাগে মণ্টুৰ নম্বৰ৷ সেই সময়তে ঘৰৰ পৰা ফোন এটা আহিল৷ ফোনো কৰি আছোঁ, মনতে ভাবিও আছোঁ, তই আজি বৰ জ্বালা দিলি! গতিকে তোক মণ্টুৰ নহয় বাঘৰ ফোন নম্বৰটোহে দিম! এজনী থকাৰ পিছতো….৷ পিছৰখিনি ভাবিবলৈ মন নগ’ল৷ ঘৰৰ ফোনটো সামৰাৰ পিছত তাক ক’লোঁঁ, মণ্টু ভাইৰ এয়াৰচেল নম্বৰটো মাজে মাজে চুইছ অফ কৰি থয়। গতিকে তাৰ বিএচএনএল নম্বৰটো লওক। ৱাটছআপো সেই নম্বৰটোতে আছে৷ আৰু কিবা কণ্ডিচনত তাক নাপালে মোক ফোন কৰিলেই হ’ল৷ মণ্টুক আমাৰ ব্যাসপাৰাৰ ঠাৰ ব্যৱহাৰ কৰি দুই আষাৰমান কৈ ফোন কাটি দিলোঁ আৰু 94351….আৰু নম্বৰটো মাইনিং ইঞ্জিনীয়াৰক দিলোঁ আৰু ক’লোঁ অসমত সোমোৱাৰ লগে লগে ফোন কৰিলে হ’ল৷ আগতে কৰিব নালাগে। কাৰণ ৰোমিঙত এনেয়ে পইচাকেইটা খৰচ কৰিব নালাগে৷ ফোন নম্বৰটো লোৱাৰ পিছত কামোৰ বন্ধ হ’ল আৰু মাইনিং ইঞ্জিনীয়াৰৰ মুখেৰে সোণৰ খনিৰ কাহিনী শুনিবলৈ ধৰিলোঁ৷ 

এবাৰ বোৰ্ডখনলৈ চালোঁ আৰু সাতাইশ মিনিট পিছত ‘লোকমান্য’খন দুই নম্বৰ প্লেট ফৰ্মত ৰ’বহি৷ মই মাইনিং ইঞ্জিনীয়াৰক হেণ্ডচেক এটা দি বেগটো পিঠিত ওলমাই লৈ বিদায় লৈ প্লেটফৰ্মত সোমালোঁ।

ইমানখিনিলৈকে আপুনি লেখাটো পঢ়িছেই যেতিয়া শেষ বাক্যটোও পঢ়ক৷

মাইনিং ইঞ্জিনীয়াৰক দিয়া নম্বৰটো মণ্টুৰ নাছিল, সেইটো নম্বৰ আছিল সেই সময়ৰ আমাৰ চহৰখনৰ ‘কুখ্যাত(?)’ অ’ চি জনৰহে!

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি😂

    Reply
  • বন্দিতা জৈন

    😂😂মজা

    Reply

Leave a Reply

Your email address will not be published.