ফটাঢোল

মাইনী মেডাম (লটি-ঘটি) — সংগীতা পাৱে

উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ চাৰি নম্বৰ কোঠাটোৰ ভিতৰখন জমি উঠিছে আমাৰ চাৰিজনীয়া আড্ডাৰে। পঞ্চায়ত নিৰ্বাচন নিচেই সমাগত। হিচাবত মাথোন দহটা দিনহে বাকী। গতিকে নিৰ্বাচনৰ প্ৰস্তুতি তেনেই তুংগত। তাৰেই সহযোগী স্বৰূপে আমি, মানে পি.ডব্লিউ.ডি. কাৰ্যালয়ৰ বেগম বাইদেউ, জলসিঞ্চন বিভাগৰ মিতালী বাইদেউ আৰু নিয়োগ বিনিময় কাৰ্যালয়ৰ দত্তদা আৰু মই নিৰ্বাচন বিশেষ ‘কণ্ট্ৰল ৰূম’ ডিউটিত মকৰল হৈ এইটো কোঠাত সন্মিলিত হৈছোঁহি । ‘কণ্ট্ৰল ৰূম’ মানে টেবুল দুখন, দুখন স্প্ৰীং চেয়াৰ, তিনিখন প্লাষ্টিকৰ আৰু এখন কাঠৰ চকী। এখন টেবুলত বিএছএনএলৰ এটা লেণ্ডলাইন ফোন, এটা ‘বিছলেৰী’ৰ পানী বটল আৰু দুখন ৰেজিষ্টাৰ বহী। এখনত আমাৰ উপস্থিতিৰ চহী কৰিব লাগে আৰু আনখনত যদি ফোন আহে ফোন কৰোঁতাই কৰা অভিযোগ-প্ৰতিঅভিযোগ বা কিবা সহায় বিচাৰিলে সেই বিষয়সমূহ টুকি ৰাখিব লাগে আৰু বিষয়বস্তুৰ গুৰুত্ব বুজি ইমাৰ্জেঞ্চি থাকিলে সেইখন বহীৰে প্ৰথম পৃষ্ঠাত লিখি ৰখা ইন্-চাৰ্জৰ নম্বৰত ফোন কৰি জনাব লাগে- এইখিনিয়েই কোৱা হৈছিল আমাক প্ৰথম দিনা। চাৰিজনীয়া তিনিটা গ্ৰুপ কৰি দিছে এদিনত আঠঘণ্টাকৈ, পুৱা ছয় বজাৰপৰা দুপৰীয়া দুই বজালৈ এটা গ্ৰুপ, দুই বজাৰপৰা ৰাতি দহ বজালৈ এটা আৰু দহ বজাৰপৰা পুৱা সাত বজালৈ এটা গ্ৰুপ। প্ৰতিটো গ্ৰুপে পিছৰটো গ্ৰুপক হেণ্ডঅভাৰ কৰিহে যাব পাৰে। একোটা গ্ৰুপৰ দুদিনৰ মূৰে মূৰে ডিউটি।

আজি আমাৰ দ্বিতীয় দিন। দেওবাৰ বাবে কাৰ্যালয়টোৰ বাকী বিভাগসমূহ বন্ধ হোৱাত নিমাওমাও পৰিৱেশ এটাই বিৰাজ কৰিছে। এই সুযোগতে আমাৰ আড্ডাটো প্ৰাণ পাই উঠিছে। নিৰ্বাচন সম্পৰ্কীয় কথাৰপৰা ধৰি বিহু, বজাৰ, মূল্যবৃদ্ধিৰ লগতে নিজ নিজ কাৰ্যালয় তথা ঘৰুৱা কথালৈকে। মাজতে বেগম বাইদেউৰ হাতৰ তিল পিঠা, ঘিলা পিঠাৰ লগত মিতালী বাইদেৱে নিজে বনাই অনা কেক আৰু ফ্লাক্সত অনা গৰম চাহ খাই ল’লোঁ আটাইকেইজনে।

এপাকত দত্তদাই তললৈ গৈ কাৰ্যালয়ৰ সন্মুখত থকা সৰু ঘুমটিখনৰপৰা তেওঁলোকৰ বাবে কেইখনমান তামোল আৰু মোৰ বাবে দুপেকেট ‘আমলা’ও আনিলেগৈ। মাজে-মাজে তাৰো এটুকুৰা চোবাই আছোঁ। দত্তদাৰ মুখত উঠা তামোলৰ পাগটোৰ সমান্তৰালভাৱেই আড্ডাটোও পাগ উঠি আহিছে।

বেগম বাইদেৱে দুদিনৰ আগতে এইটো কোঠাৰ ডিউটিৰপৰা উভতি যাওঁতে বাহিৰে বাহিৰে বজাৰত সোমাই স্মাৰ্টফোন এটা কিনিলে। তেওঁ বিচৰাত ফোনটোৰ ব্যৱহাৰ কিছুমান তেওঁক শিকাই দিলোঁ। লগতে আটাইকেইজনে চেলফিও উঠিলোঁ। চেলফিকেইখন চাওঁতে ফটো গেলেৰীত আগদিনা ভতিজীৰ বিয়াত উঠা তেওঁৰ ফটোবোৰো চালোঁ। কমলাৰঙী পাটৰ সাজ আৰু অসমীয়া গহনা পিন্ধা মৰমলগা কইনাৰ দুকাষে খাঁটি মুগাৰ সাজত বাইদেউ আৰু তেওঁৰ ছোৱালীক কি সুন্দৰ লাগিছে! তাৰ লগে লগে মুগাৰ কাপোৰৰ ওপৰতো আলোচনা পৰ্ব এটা চলিল।

দত্তদাৰ বাহিৰে আমি আটাইকেইগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী। বেগম বাইদেউৰ মতে,

: আমি তৃতীয় বৰ্গৰ কৰ্মচাৰীসকল প্ৰকৃততে চাকৰহে চৰকাৰৰ। আজি বোলে নিৰ্বাচনৰ ডিউটি, কালি বোলে এন. আৰ.চি.ৰ ডিউটি ইত্যাদি। দৌৰি থাকা, দৌৰি থাকা। তাৰোপৰি অফিচত আমাৰ নিচিনাবোৰৰ মূল্য নাই, ভুল হওক শুদ্ধ হওক অফিচাৰৰ গালি খোৱা। বুজিছা? আনফালে ঘৰতো মান নাই আমাৰ নিচিনাবোৰৰ। অফিচাৰ ৰেংকত চাকৰি নকৰিলে মানুহ বুলি গণ্যই নকৰে কোনেও। কৰেনে? গতিকে ঘৰতো চাকৰ, কাৰ্যালয়তো চাকৰ। নহয়নে?মোৰ মনৰ ভাৱহে দেই।

: হয়, হয়, একদমেই হয়। মোলৈকে নেচাই কিয়? এখেত নাইকিয়া হোৱাৰপৰা মই অকলেই ল’ৰা-ছোৱালীহালৰ সৈতে ঘৰে-অফিচে চম্ভালি আছোঁ। পৰিয়ালৰ কোনে আহি সহায় কৰিছে মোক? ওলোটাই হেঁচা মাৰিবলৈহে চাই সকলোৱে, মোৰ বদনাম কৰে, বোলে ‘তৃতীয় বৰ্গৰহে চাকৰি কৰে, পিচে অহংকাৰ কি চাবা? যেন অফিচাৰনীহে’। কিন্তু মই সেইবোৰ গুৰুত্ব নিদিওঁ বুজিছে। তেওঁলোকৰ ভৰিৰ তলত থাকিব লাগে, তেতিয়া জানো মোৰ ল’ৰাই আজি ইঞ্জিনিয়াৰিং পঢ়ি থাকিব পাৰিলেহেঁতেন! নোৱাৰিলেহেঁতেন বুজিছে। অৱশ্য মোৰ অফিচৰ মানুহখিনি ভাল। মোৰ সহকৰ্মীসকলেই হওক বা আমাৰ মেডামেও প্ৰয়োজন হ’লেই সহায়-সহযোগিতা তথা ইহঁত দুটাকো গাইডেন্স কৰে দেই, মিছা নকওঁ। তাতে এখেতো একেটা কাৰ্যালয়তে চাকৰি কৰিছিলেতো। তেতিয়াৰেপৰাই সকলোৰে লগত ঘৰুৱা সম্পৰ্ক একোটা আছিলেই নহয়। বুজিছে!-

এয়া মিতালী বাইদেউৰ কথা।

মাজুলীৰ কমলাবাৰী সত্ৰৰ প্ৰায় দাঁতিতে দত্তদাৰ ঘৰ যদিও প্ৰায় বাইশ বছৰেই হ’ল এইখন চহৰত থকা। কাৰ্যালয়ৰ পৰা পোৱা একোঠলীয়া কোৱাৰ্টাৰটোত তেওঁ অকলেই আছে অতদিনে। এটা ল’ৰা, দুজনী ছোৱালীৰে সৈতে পৰিবাৰ মাজুলীৰ মূল ঘৰত থাকে। কলেজত পঢ়ি থকা ল’ৰাটো আৰু বিবাহোপযোগী ছোৱালী দুজনীৰ মাকজনীক যোৱা কিছু মাহৰপৰা বিষ বেমাৰে ধৰিছে। চিকিৎসা কৰিছে যদিও আৰোগ্য হৈ উঠা নাই। সেয়েহে তেওঁ যোৱাকালি শনিবাৰে কাৰ্যালয় বন্ধ হেতু তাৰ আগৰ দুদিনমানৰ সৈতে ছুটী লৈ ঘৰলৈ যোৱাৰ কথা আৰু ডিব্ৰুগড়লৈ নি পৰিবাৰৰ সুচিকিৎসা কৰাৰ কথা আছিল। ছুটীৰ বাবে আবেদনো কৰিছিল। পিছে এই নিৰ্বাচন বিশেষ ডিউটীটোৱে খেলিমেলি লগাই দিলে। হ’লেও তেওঁ অসন্তুষ্ট হোৱা নাই, পৰিবাৰকো বুজাইছে, পোন্ধৰ দিনৰ পিছৰ শনিবাৰটোৰ লগত মিলাই ছুটী লৈ গৈ তেওঁৰ চিকিৎসা কৰিবই।

: হ’ব আৰু নহয় জানো। নিজৰ কাৰ্যালয়ৰ কৰ্তব্য কৰাটো যেনেকুৱা দায়িত্ব, এইটোও তেনেকুৱাই দায়িত্ব বুলি ধৰি লৈছোঁ আৰু। হেঃ হেঃ হেঃ!

তেওঁ স্বগতোক্তি কৰি নিজে নিজে হাঁহিলে। হাঁহোতে মানুজনৰ কাষৰীয়া দুটা ভগা দাঁতৰ আলু জিলিকি উঠিল। এৰা, দায়িত্বই দিয়কচোন। সেয়া কাৰ্যালয়ৰে হওক বা নিৰ্বাচন বিশেষেই হওক বা ঘৰুৱাই হওক। দায়িত্বৰ তাগিদাতে বিয়াৰ এবছৰৰ পিছতে গুৱাহাটীৰ কাৰ্যালয়ৰপৰা বদলি হৈ আহি এইখন চহৰৰ মাজ-মজিয়াত থকা বিভাগৰ একমাত্ৰ কাৰ্যালয়টোত যোগদান কৰিলোঁ । মানুহ বুলিবলৈ গাঁৱৰ ঘৰখনত মুঠেই চাৰিজন, শহুৰ-শাহু, শ্ৰীমান আৰু মই। সেই হেতু আঠ কিলোমিটাৰ শ্ৰীমানৰ লগত মটৰ চাইকেলত আহোঁ, তেওঁৰ কাৰ্যালয়ৰ সন্মুখতে ট্ৰেভেলাৰত উঠি বাকী পঁচিশ কিলোমিটাৰ আহি কৰ্তব্য কৰি আছোঁ, প্ৰায় এবছৰে হ’লহি। আজিও পুৱা চাৰি বজাত শোৱাৰ পৰা উঠি গা-পা ধুই কুহুমীয়া পানী এগিলাচ খায়েই শ্ৰীমানৰ মটৰ চাইকেলত আঠ কিলোমিটাৰ আহি পাঁচবজাত আহি পোৱা নৈশ বাছত প্ৰায় পঞ্চলিশ মিনিট উঠি আহি ছয়বজাত এইটো কোঠাত উপস্থিত হৈছোঁহি। অৱশ্যে মই ভালেই পাইছোঁ । ঘৰৰ পৰা কাৰ্যালয়, কাৰ্যালয়ৰ পৰা ঘৰ – কিবা যেন একঘেয়ামী জীৱন এটা কটাই আছোঁ তেনে অনুভৱ হয় কেতিয়াবা। মাজে-মাজে আমনিদায়ক হৈ উঠে সময়বোৰ। বিয়াৰ বান্ধোনত সোমাই জীৱনটোৱেই যেন বান্ধোনত মেৰ খাই পৰিল! প্ৰথমবাৰৰ বাবে এনে ব্যতিক্ৰম দায়িত্ব এটা পাই ভালেই লাগিছে। তাতে বয়সত ডাঙৰ হ’লেও আটাইকেইগৰাকীয়ে সহজ হৈ উঠিছে, আড্ডাত মোকো সমানেই চামিল কৰিছে।

: ডেৰ বাজেইচোন। এটাও ফোন নাহিল। মানুহবিলাকৰ অভিযোগ-স্বভিযোগ নাই হ’বলা।

হাতৰ ঘড়ীটোলৈ চাই বেগম বাইদেৱে ক’লে।

: হয় দেই। আমাৰ পিছৰ মানুহকেইজনো আহিবৰে হ’ল।

দত্তদাই হয়ভৰ দি ক’লে। দত্তদাৰ কথাষাৰত আমি মূৰবিলাক দুপিয়াই কিবা এষাৰ ক’বলৈ পোৱাৰ আগতেই সৰুফুটীয়াকৈ লাহী মৰমলগা ছোৱালী এজনী সোমাই আহিল। কোমল মাতেৰে সুধিলে –

: আপোনালোকে কেইবজাত আহিল আজি?

: আমি ছয়বজাত আহিলোঁ।

সকলোৰে হৈ বেগম বাইদেৱে উত্তৰটো দিলে।

: ফোন আহিছিলনে?

বুলি তাই ৰেজিষ্টাৰ বহীকেইখন মেলি চালে।

: নাই অহা। তোমাৰ নামটো?

পুনৰ বেগম বাইদেৱে উত্তৰটো দি নামটো সুধিলে তাইৰ।

: প্ৰীতি কৌশিক। অ’ আপোনালোকে এৰাইভেল চহী কৰিলে ন’।

: অঁ, কৰিলোঁ। তুমি কোন অফিচৰ?

বেগম বাইদেউৰ পুনৰ প্ৰশ্ন।

: এইটো অফিচৰে।

: কি পোষ্টত কৰা? জইন কৰা বেছিদিন হোৱা নাই ন’। বৰ সৰু দেখিছোঁ তোমাক। আৰু ঘৰ ক’ত তোমাৰ?
বেগম বাইদেউজনী এনেকৈয়ে মানুহৰ লগত ঘপহকৈ আপোন হৈ উঠে।

: হয়, তিনিমাহ হৈছে মাত্ৰ, এডিচি পোষ্টত জইন কৰিছোঁ। আৰু মোৰ ঘৰ তেজপুৰত ।

হেহ্! মুহূৰ্তৰ বাবে যেন স্তব্ধ হৈ গ’ল সকলোবোৰ। মোৰ চকুকেইটা যে বেছি ডাঙৰকৈ মেল খাই গৈছে সেয়া অনুভৱ কৰিছোঁ মই। আচৰিত! অকল্পনীয়! দেখাত ঊনৈশ-বিশ বছৰীয়া যেন লগা ছোৱালীটি এচিছটেণ্ট ডেপুটী কমিছনাৰ! ক’ব নোৱাৰাকৈয়ে বহাৰ পৰা থিয় হৈ মন কৰিলোঁ বাকীকেইজনো ইতিমধ্যে নিজৰ নিজৰ ঠাইত থিয় হৈ আছে। হয়তো তেওঁলোকৰো মনত মোৰ দৰেই অৱস্থা! এডিচি মেডামৰ বাহিৰে সকলোৰে চকু-মুখত আশ্চৰ্য আৰু দ্বিধাভাৱ মই ঠিকেই দেখিছোঁ।

: হ’ব, হ’ব, বহক আপোনালোক, থিয় নহ’লেও হ’ব দিয়ক।

: নহয় মানে হয়, আমি নেজানো যে, জনা হ’লে অথনিয়েই থিয় হ’লোঁহেঁতেন। আৰু তুমি বুলি ক’লোঁ বেয়া নেপাব দেই।

বেগম বাইদেৱে থেৰোগেৰোকৈ ক’লে কথাষাৰ।

: একো নাই দিয়ক। মোৰ লগত এনেকুৱা হৈয়ে আছে এই তিনি মাহে। বেয়া নেপাওঁ।

তেওঁ হাঁহি হাঁহি কোৱা কথাষাৰে মনত কিছু সকাহ দিলে। লাজো পাইছোঁতো মনে মনে এডিচি মেডামক চিনি নোপোৱাৰ বাবে।

: হয় নেকি? ইয়াত কোন থাকে আপোনাৰ লগত?

এইবাৰ বেগম বাইদেউৰ মুখতো হাঁহি বিৰিঙি উঠিল।

: দেউতা আছেহি মোৰ লগত। আপোনালোকে পিছৰ মানুহকইজন আহিলে যাব পাৰিব আৰু ডিপাৰচাৰ চহীটো কৰি যাব দেই।

কৈয়ে তেওঁ কোঠাটোৰপৰা ওলাই যাবলৈ ধৰিলে।

: হ’ব মেডাম। মাইনী মেডাম ক’লেহে শুৱাব পাই আপোনাক।

শুনা নুশুনাকৈ কথাষাৰ কৈ জিভাখনৰ চুক এটা মুখৰ বাহিৰলৈ উলিয়াই দাঁতেৰে চেপি ধৰিলে বেগম বাইদেৱে। ইতিমধ্যে দুৱাৰ মুখ পাইছিলগৈ এডিচি মেডাম। দুৱাৰৰ বাহিৰত দিব খোজা খোজটো ৰখাই উভতি চালে তেওঁ। সৰ্বনাশ আজি! এবাৰ চিনি নোপোৱাৰ লটি-ঘটিয়েই আটিছে! আকৌ ভাল লেঠাটো লগালে বেগম বাইদেৱে দেই। আটাইৰে অৱস্থা ‘ফাট দিয়া বসুমতী পাতালে লুকাওঁ’ৰ দৰে হৈছে।

: হ’ব, আজিৰপৰা তেনেকৈয়ে মাতিব। মোৰ ভাল লাগিব।

হাঁহি হাঁহি কৈ যোৱা কথাষাৰ শুনি স্বস্তিৰ নিশ্বাস এটা ওলাই আহিল।

: মাইনী মেডাম বৰ ভাল দেই। এতিয়াহে মনটো পাতল লাগিছে।

মোৰ কথাত ”হয়, হয়” বুলি আটাইকেইজনে হাঁহি উঠিল। এই প্ৰাণখোলা হাঁহি, সন্তুষ্টিৰ! মানুহে মানুহক বুজি পোৱাৰ, মনৰ পৰা মনলৈ সাঁকোৰ আৱিস্কাৰৰ সন্তুষ্টি! যিয়ে মান ৰাখিব পাৰে। এই মুহূৰ্তত মোৰ এনেদৰেই অনুভৱ হ’ল।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.