ফটাঢোল

মাই ফাৰ্ষ্ট লাভ লেটাৰ – দিপালী বসুমতাৰী

হায়াৰ চেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ তেতিয়া…

গোৱালপাৰা কলেজৰ হোষ্টেলত থাকি পঢ়িছোঁ যেনিবা৷ কেমিষ্ট্ৰীৰ টিউচনত মোৰ লগতে আমাৰ বেট্‌চৰ আৰু এগৰাকী ল’কেল ছোৱালী টিউচনলৈ যায়, বাকীবোৰ সব ল’ৰা৷ কেমিষ্ট্ৰী বিভাগৰ হেড, বয়োজ্যেষ্ঠ চুটি-চাপৰ অধ্যাপকজনে আমাৰ ছয়জনীয়া গ্ৰুপটোক পঢ়ুৱায়৷

ছাৰৰ গ্ৰুপ কেবাটাও, মাত্ৰ এঘণ্টাৰ বাবে একোটাকৈ গ্ৰুপ পঢ়ুৱায়, এক মিনিটৰো ইফাল-সিফাল নকৰে, খুবেই পাংচুয়েল৷ পুৱা পাঁচ বজাৰ পৰাই টিউচন ষ্টাৰ্ট কৰে৷ ঠাণ্ডাৰ দিনত মুখেৰে চিগাৰেটৰ নিচিনাকৈ বগা ধোঁৱা এৰি-এৰি আমি ছাৰৰ ঘৰত হাজিৰ হ’ব লাগে, কেতিয়াবা বিৰক্তিও লাগে ইমান ঠাণ্ডাত শয্যা ত্যাগ কৰি৷ এনেদৰে পেদেল মাৰি মাৰি, যেনিবা আৰ্মিতহে ট্ৰেইনিং দিবলৈ গৈছোঁ! মোৰ লগত একেলগে টিউচন কৰা বান্ধৱীজনী কিছু চঞ্চল মনৰ, ল’ৰাবোৰৰ লগত হাঁহি -খিকিন্দালি কৰি কাম হাছিল কৰিব জানে তাই, টিউচনত প্ৰায়ে এবচেণ্ট থাকে৷

মোৰো বেয়া লাগে, তাই খতি কৰিলে, ইমানবোৰ ল’ৰাৰ মাজত অকলে ছোৱালী হোৱা বাবে৷ কাৰো লগত ভালদৰে মাত-কথা হোৱাই নাই তেতিয়ালৈ আৰু কাৰো বিষয়ে নাজানোও সবিশেষ৷

এনেকৈ মাহ শেষ নোহোৱাৰ আগতেই তাই পুনৰ দুদিন একেৰাহে ’টিউচন -ক্লাচ’ খতি কৰিলে৷ আচলতে, আমাৰ সেই ছাৰজন আছিল একেবাৰেই নিৰালস্য প্ৰকৃতিৰ, তাতেই একেবাৰে ৰসহীন বিষয় এই কেমিষ্ট্ৰী! কেৱল নোটচ্‌হে দি গৈছিল মুখেৰে ভোৰভোৰাই, কিতাপ নোচোৱাকৈ লানি-নিছিগাকৈ আৰু এইদৰে অনৰ্গলভাৱে কৈ যাওঁতে চকু দুটা সদায়ে মুদি থাকিছিল ছাৰে, (হয়তো পূৰা গন্তব্য স্থানসমূহলৈ গুচি গৈছিল, কোনখন কিতাপত ক’ত কি মাল-বস্তু আছে ভাবি) গতিকে আমি দুষ্টালি কৰিলেও ছাৰে দেখা পোৱা নাছিল যেনিবা৷

তাৰ পিছত, যিদিনা তাই টিউচনলৈ গ’ল, আমি টিউচন কৰি একেলগে আহোঁতে, আদবাটতে তাই মোৰ পৰা নোটচ্‌ৰ কপিখন খুজি লৈ গ’ল, নোটচ্‌বোৰ টুকি ল’বলৈ বুলি৷

দুদিন পিছত তাই কপিখন ঘূৰাই দিয়াত মই একো নেমাতি বেগত ভৰাই থলোঁ৷ হোষ্টেললৈ আহি কপিখনত নোট কৰি লোৱা ‘পৰ্যায়বাচী টেবুল’ (periodic table)খন এফালৰ পৰা উধাই-মুধাই মুখস্থ কৰোঁ বুলি৷ যেনিয়ে যাওঁ, তেনিয়ে সেই কপিখন লগত লৈ ফুৰোঁতে পিছফালে কিবা এটা ভাৰী-ভাৰী যেন (ওজনৰ বাবে ) লগাত, আৰু বেক চাইদটো অলপ ডাঠ হৈ উখহি থকা যেন লগাত কপিখন ঘূৰাই-পকাই জীলাপ (cover)টো খুলি চাওঁ যে চাৰি পৃষ্ঠাৰ এখন দীঘলীয়া মস্ত লাভ লেটাৰ! আই ঐ!

চকুৰে সৰিয়হ ফুল দেখা যেন পালোঁ, তৎমুহূৰ্ততে চকু থৰ কৰি চাই গ’লোঁ পিটপিটাই, কিনো লিখা আছে তাত৷

মৰমৰ দীপা,

হিয়া উপচাই দিয়া মৰমবোৰ ল’বা জানো…? তোমাৰ কথা ভাবি ভাবি মোৰ ৰাতিও টোপনি নহা হৈছে জানা…, প্লীজ, মোক হতাশ নকৰিবা দীপা…!

ব্লা…. ব্লা ….ব্লা…!

… . … .. .

…ইতি তোমাৰ মৰমৰ

হতভগীয়া ’মই’৷

চিঠিখন পঢ়ি অণ্ঠ-কণ্ঠ শুকাই গ’ল, সম্পূৰ্ণকৈ পঢ়িবলৈ নহ’ল, ইপিনে চাৰে আঠবজাত প্ৰেকটিকেল ক্লাছ আছে, গা-ধোৱা, কাপোৰ ধোৱা ইত্যাদি, ইত্যাদিবোৰ কৰিবলৈ আছেই! উপন্যাস পঢ়াদি মাজে-মাজে ৰীল কাটি-কাটি পঢ়ি যাওঁতে ভৰি দুখন দেখোন ক’ব নোৱাৰাকৈ কঁপিবলৈ ধৰিছে৷ যিজনী ছোৱালীয়ে লাজ আৰু ভয়তে ল’ৰাৰ মুখলৈ চাবলৈ সাহস নকৰে, তাইৰ আজি এই দুৰৱস্থা! আগতিয়াকৈ জাননী নিদিয়াকৈ বা মুখেৰে টু-শব্দ এটা নোকোৱাকৈ কোনে দিলে, এই হেন মস্ত লাভ লেটাৰ?

হে হৰি…! , হে ৰাম..! , কাক ক’ম, কোনে পতিয়ন যাব, মই নিৰ্দোষী বুলি? কাক দেখুৱাম এই বিয়াগোম চিঠিখন! কোনে কেতিয়া মোৰ অগোচৰে এই কামফেৰা গোপনে সংঘটিত কৰিলেবা! লগৰ ছোৱালীক ক’লে যদি কথাটো ভাইৰেল হৈ যায়!

ল’ৰাজনৰ নামটোও জানিব পৰা হ’লে তাক উধাই- মুধাই দুই-এচালি গালিকেই দিব পাৰিলোঁহেঁতেন৷ নিজৰ নাম ঊহ্য ৰাখি কেৱল ’মই’ বুলি লিখি সি যে কি গ্ৰহৰ প্ৰাণী আৰু কিমান চালাক-চতুৰ, তাকে বুজাইছে সেই হতভগীয়াই৷

এইদৰে দুদিন উদ্বিগ্নতাৰ মাজত থাকি পিছদিনা টিউচনলৈ যাওঁতে, (লগৰজনী সেইদিনা পুৱাই আগতীয়াকৈ আহিছে)

মোক দেখি…

: অই, তোৰ কপিখন চাওঁ দেচোন৷

মই কিয় বুলি সোধাত, তাই একপ্ৰকাৰ কপিখন বেগৰ পৰা টানি উলিয়াই লৈ কভাৰটো খুলিবলৈ লওঁতেই,

: অই, ৰ’বি, ৰ’বি, কি বিচাৰিছ তাত হাঁ, তই মোৰ কপিখন এইদৰে খুলিছ যে…?

(ইতিমধ্যে মই চিঠিখন সেই স্থানৰ পৰা আঁতৰাই থৈছোঁ৷ মোৰ বুলি ভাবি, হয়তো দুৰ্দান্ত সেই প্ৰেমিকজনে তাইক সি লিখা চাৰি পৃষ্ঠাৰ সেই লেটাৰখনৰ জাননীটো ইতিমধ্যে দি থৈছে আৰু সেইবাবেই তাইৰ এই উদ্বিগ্নতা…!)

: এহ নহয় ৰ’হ, আকৌ হাতখনেৰে বিচাৰিবলৈ ধৰাত…

: ঐ, কাৰবাৰ লাভ-লেটাৰ আছিল নেকি তাত?

মোৰ প্ৰশ্নবানত তাই একপ্ৰকাৰ থতমত খাই,

: ও ৰে৷

বুলি অনুচ্চ কণ্ঠত কোৱাত মই সুধি দিলোঁ,

: ঐ ছোৱালী, তোৰ ঘৰত মাতা নামটো দীপা নেকি?

তাই সন্মতিৰে মূৰ দুপিওৱাত ময়ো জীৱনত প্ৰথমবাৰৰ বাবে পোৱা সেই দীঘলীয়া লাভ-লেটাৰখন বেগৰ এচুকৰ পৰা উলিয়াই দিলোঁ, (অলপ বেয়াও লাগিছিল হ’লে, )

আৰু ক’লোঁ,

: হুহ্ ল’ এইখন, মোৰো ঘৰত মাতা নামটো দীপা বাবে, চিঠিখন কোনোবাই মোক দিয়া বুলি ভাবি যি ভয় খালোঁ নহয়৷ কোনে দিছে ক৷

তাইক কেবাবাৰো সোধাত কোনোমতে সেই শান্ত বুলি ভাবি থকা ল’ৰাটোৰ নামটো ক’লে যেনিবা,

: নহয় অ’, সি মোক মৰমতে ’দীপা’ বুলি মাতে..

তই কাৰো আগত কথাবোৰ নকবি হাঁ, প্ৰ’মিজ কিন্তু৷

: অ’ দে নকওঁ, কিন্তু আজি পাৰ্টি খুৱাব লাগিব হ’লে৷

বুলি শান্ত হৈ থাকিলোঁ৷

আচলতে, তাই মোৰ পৰা কপিখন নি সেই প্ৰেমিকজনক দিছিল চাগৈ নোটখিনি ’কপি’ কৰি দিবলৈ, আৰু সিয়ো কপিখনত দীপা নামটো দেখা পাই বচ, লিখি-মেলি কামফেৰা সাৱধানেৰে সমাপন কৰি কভাৰৰ মাজত গোপনে ভৰাই থ’লে আৰু তাঁহাতৰ ঘৰলৈ কপিখন শান্ত-শিষ্ট হৈ দিবলৈ যাওঁতে হয়তো মাক-বাপেক, ভায়েকহঁতক দেখি সেই চাৰি পৃষ্ঠাজোৰা লাভ-লেটাৰখনৰ কথা ভয়তে ক’বলৈ নহ’ল৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.