ফটাঢোল

মাজতে নাচি থাক-উজ্জ্বল দিপ্লু গগৈ

সৌ দূৰৰ ডেকাকেইজন! ওহোঁ, নহ’ব নহঅঅঅ’ববব দেই এনেকৈ, ইচচচ একেবাৰে জৌশেই নাই দেহি ঐ! মিচ তমুকৰ মায়ালগা মাতৰ ৰিপ্লাইত কিৰিলি এসোপামান ভাহি আহিছিল য’ৰ-তৰ পৰা৷ খোলা পেণ্ডেলটোৰ দৰ্শকৰ প্ৰায় সন্মুখৰ আসনত বহি নাইট ফাংচন চাই থকা দহবছৰীয়া মইটোৱে পাছফালে মূৰটো ঘূৰাই চকুকেইটা ফুৰালোঁ‌ কিবাকৈ মোক চাইকেলত তুলি বিহু চাবলৈ অনা সৰু মোমাইক দেখোঁ নেকি বুলি৷ ব’হাগী বিদায়; সেইদিনা চাহনগৰী ডুমডুমাৰ কেন্দ্ৰীয় বিহুখনিৰ সামৰণি পৰিব৷ মোৰ হাতত ট্ৰফী এটাৰ সৈতে চাৰ্টিফিকেট এখন, সৰু ল’ৰা-ছোৱালীৰ বাবে পতা আকস্মিক বক্তৃতাত হুঁচৰিৰ ওপৰত বক্তৃতা দি প্ৰাইজ এটা পাইছিলোঁ৷ মোমাইৰ লগত বঁটা নিবলৈকে গৈছিলোঁ কিন্তু বঁটা দিওঁতে প্ৰায় ন বাজিছিল; মোমাইয়ে ক’লে “দেৰিতো হ’লেই, প্ৰাইজটো ল’লি যেতিয়া প্ৰগেমটোও অলপমান চাই যাওঁ দে।” মোৰো মনটোৱেও ক’লে, ক্লাচ চিক্সৰ ল’ৰা যেতিয়া ডাঙৰ হ’লি আৰু! আজি ফাংচনকে চাই যোৱা হওঁক, তাতে আছে অমুক কুমাৰৰ গীতৰ শৰাই লগতে মিচ তমুক। সেইটো সময় এনেকুৱা আছিল যে কোনোবা গায়কে নামৰ আগফালে বা পাছফালে কুমাৰটো লগাই দিয়াৰ লগে লগে ব্ৰেণ্ডেড চিংগাৰ এটা অ’টোমেটিকেলি হৈ যায়৷ ষ্টেজৰ পৰা গানৰ মাজে মাজে গায়ক-গায়িকাৰ চিঞৰ আহে “সৌফালে কিন্তু নাচিবই পৰা নাই দেই৷” মই মূৰটো ঘূৰাই চাওঁ, ক’তা সবফালেই দেখোন সবেই তাকধিনাধিন তিঘিন তিঘিন কৈ বিহুজাঁপ মাৰিয়ে আছে৷ পুৱা চাৰিমান বজাত বিহু ফাংচনৰ আকৰ্ষণ কুমাৰ ডাঙৰীয়া থমকিল; আমাৰো কাপোৰ-কানি বোকা হ’ল, মই এচাৰিৰ কোবকেইটা আৰু মোমাইয়ে থকাসৰকা হ’বলগীয়া গালিকেইটাৰ কথা সুঁৱৰি দুয়ো ঘৰমুৱা হ’লোঁ‌, চাইকেলত৷

সেই ফাংচনখনৰ প্ৰায় দহবছৰ আৰু কেইটামান মাহৰ পাছৰ কথা৷ অসমৰ ইমূৰৰপৰা সিমূৰলৈ বহুতো গায়ক আহিল, বহুত গায়কৰ নাম উঠিল, বহুতৰ ডুবিল, কুমাৰ লিখা ফেচনটো আওপুৰণি হৈ গায়ক-গায়িকাবোৰে কবিতা কবিতাযুক্ত মিঠা নামবোৰ লগাবলৈ ল’লে৷ পুৱতি নিশালৈকে নাইট ফাংচন চাই ঘৰত এচাৰিৰে গৰুবিহুৰ ধোঁৱা ওলাই যোৱাকৈ পিটন খোৱা মইটোৱে তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ৷ যুৱ মহোৎসৱৰ প্ৰগেম আছিল সেইদিনা৷ যুৱ মহোৎসৱ মানে সেইকেইটা স্বৰ্গসুখৰ দিন৷ কাক চাম, কিমান চাম, কোনফালে চাম! সকলো কলেজৰপৰা ল’ৰা-ছোৱালীবোৰ আহে৷ ইউনিভাৰ্চিটীৰ হোষ্টেলৰ ল’ৰাবোৰৰ মুখত সেইকেইদিন মিহি হাঁহি এটা জিলিকিয়ে থাকে, চকুবিলাক কণা হৈ পৰে ছোৱালীবোৰৰ মুখবোৰ চাই চাই৷ সেই যুৱ মহোৎসৱৰে সেইদিনা শেষৰ দিন৷ আমি চিনিয়ৰ হৈছোঁ মাত্ৰ৷ মুখৰ হাঁহি আৰু চকুৰ ইংগিতৰ প্ৰতি কেইবাজনীয়ে লগৰ কেইবাজনকো সঁহাৰি দিলে কিন্তু আমি কেইটামান যি ডাংবৰলা হৈ কলেজৰপৰা আহিছিলোঁ তেনেকেই সেইকেইটা দিন গ’ল৷ মোৰ নিজৰ ক্ষেত্ৰত যি এজনীৰ লগত লাইন মিলিছিল তাইও কেণ্টিনত মোৰপৰা পঞ্চাছ টকীয়া চিকেন চাও একপ্লেট খোৱাৰ পাছতেই ক’ৰবাৰপৰা হেনো বয়ফ্ৰেণ্ড আহি ওলালহি৷ লগৰকেইটাই বুজালে, “হ’ব দে এইবাৰ ৰং নাম্বাৰ লাগিল, অহাবছৰ য়ুথ ফেষ্টিভেল আকৌ আহিব৷” অৱশেষত প্ৰগেমৰ সন্ধিয়া সোমালহি; কোনোবা কোনোবাই প্ৰগেম চাবলৈ বিকেবি অডিটৰিয়ামলৈ খোজ ল’লে আৰু সুযোগসন্ধানী কোনো কোনোৱে প্ৰগেম কৰিবলৈ কেম্পাচৰ জোপোহাবোৰলৈ যাত্ৰা কৰিলে৷ বাকী থকা আমি ডি এচ চ’ডাৰ মিউজিক চিডি কেইখনমান লগাই হোষ্টেলৰ পকাতে বহিলোঁ৷

দূৰৰপৰা ঘোষণাবোৰ ভাহি আহিছিল, উৎকণ্ঠিত হৈ আমাৰ লগৰে কোনোবাই ফোন লগাই বিকেবিত বহি থকা কাৰোবালৈ৷ পাছমূহুৰ্ততে আমাক গালি দিয়ে “জলদি গানকেইটা শুনি শেষ কৰি নেপেলাৱ কিয়! চিংগাৰ-চিংগাৰনী উঠিবই অলপ পাছত৷” অৱশেষত আমাৰ মিউজিক চিডিবোৰ শেষ হৈছিল; আবতৰীয়া বিহু, উকি, কিৰিলি আৰু নৃত্যৰে সৈতে আমি উগুল-থুগুল মনেৰে অডিটৰিয়াম পালোঁগৈ৷ ভিতৰৰপৰা নাচ-গান আৰু চিঞৰ ভাহি আহিছিল; পাছে বাৰাণ্ডাতে আৰম্ভ হোৱা আমাৰ নৃত্য-গীতসমূহৰ তুলনাত সেই ষ্টেজৰ মানদণ্ড উন্নত নাছিল৷ চাওমিন খোৱাগৰাকীকো দেখা পালোঁ, বয়ফ্ৰেণ্ডৰ লগত নহয় কোনোবা তপা আংকুল এজনৰ লগত৷ লাহে লাহে গৈ আমি বিকেবিত সোমালোঁ‌; সোমালোঁ‌ মানে আগদুৱাৰেদি সোমাই নাচি নাচি একেবাৰে পাছফাল পালোঁগৈ৷ আমাৰ গ্ৰুপটোৰ নৃত্য দেখি পাছফালে থকাসকলে বুজি পালে এইটো গ্ৰুপক নাচিবলৈ যথেষ্টখিনি ঠাই লাগিব গতিকে সকলোৱে অলপ অলপকৈ ঠাই এৰি দিলে৷ মঞ্চত ফাংচন আৰম্ভ হৈছিল৷ জুবিনদাৰ য়া আলি গানটো সেই কবিতা কবিতা নামযুক্ত গায়কজনে গোৱাৰ লগে লগে আমাৰ দুটামানে আৱেগিক হৈ মজিয়াত বাগৰ মাৰিয়েই নাচি দিলে৷ আনটো চুকৰপৰা বেলেগ কিছুমানে চিঞৰিলে বিহু লাগে বিহু, লগে লগে গোটেই হলটোত বিহু লাগে বিহহহু, বিহু লাগে বিহহহু বুলি হাল্লা এটা হৈ গ’ল৷ গায়কে চিঞৰিলে “ধন্যবাদ ধন্যবাদ, ইউনিভাৰ্চিটীত গান গাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ, বিহু গাম নিশ্চয় গাম, বিহু আহিব আপোনালোকৰ মাজলৈ, কিন্তু তাৰ আগতে মই পৰিচয় কৰি দিবলৈ বিচাৰিছোঁ মোৰ লগৰ গায়িকা…এইয়া আপোনালোকৰ মাজত আহি উপস্থিত হৈছেহি ‘মিচ………’৷” সম্বৰ্ধনা অনুষ্ঠান চলিল; আমাৰ মাজৰেপৰাই কোনোবাই চিঞৰিলে “চিংগাৰ মাইনা তুমি জুই, তোমাক নাপালে মই পদুম পুখুৰীত জঁপিয়াই পৰিম৷” কোনোবাই চিঞৰ দিলে “মাইনা তুমি মোৰ, তুমি যদি গান তেন্তে মই তোমাৰ হাতত থকা স্পীকাৰটো৷” গায়িকা মাইনাই মিচিকমাচাককৈ হাঁহি মাৰি স্পীকাৰটো লৈ ক’লে “আমি আজি গোটেই ৰাতি গাম আৰু নাচিম দেই৷” লগে লগে উকি-কিৰিলিৰ কোবত হলটো তালফাল লাগি গ’ল৷ গায়িকাৰ চকু চাট মৰা সৌন্দৰ্য্যত গায়ক লুকাল……গায়িকাই কণ্ঠৰ ভিতৰৰ কোমল কলিটি এপাহ ৰঙা গোলাপলৈ ৰূপান্তিৰত কৰি গান আৰম্ভ কৰিলে, লগে লগে আমাৰ ভোমোৰামখাই ফুলৰ লহৰে লহৰে নৃত্য কৰিবলৈ হৈচৈ কৰিলে৷ 

এটা-দুটাকৈ কেইবাটাও গান পাৰ হ’ল৷ নাচি নাচি গাৰপৰা ঘামৰ জোল বৈছিল৷ কোনোবা দুটামানে মাজে মাজে স্লিপ লিখি লিখি গানৰ অনুৰোধ জনাই আছিল, মাজে মাজে কমিটীৰ মানুহে ষ্টেজত নুঠিবলৈ মানুহক অনুৰোধ কৰি গৈছিল৷ হঠাতে গায়িকাই আঙুলিয়াই ক’লে, “সেইফালে কিন্তু নাচিব পৰা নাই দেই, এনেকৈ হ’লে নহ’ব কিন্তু৷” আমাৰ জৌশ আহি গ’ল “বাপেক্কে অথনিৰপৰা নাচি আছোঁ আকৌ বোলে কয় আমাৰফালে নাচিব পৰা নাই৷” আকৌ উদ্দাম নৃত্যত মগন হ’লোঁ‌৷ গায়িকাই গালে “ইফালে নাযাবি, সিফালে নাযাবি মাজতে নাচি থাক৷” আমি আকৌ কঁকালৰ চেৱত পাক দিলোঁ৷ অলপ সময় গ’ল, গায়িকাই আকৌ ক’লে, “ইউনিভাৰ্চিটীৰ ডেকাহঁতৰ জৌশ নাইয়ে দেইইই৷” তেতিয়ালৈ নাচি নাচি ভাগৰি পৰা আমাৰ নাচবোৰ বান্দৰ জাঁপলৈ ৰূপান্তৰিত হৈছিল৷ আকৌ জাঁপ লগাই নাচিলোঁ৷ এনেদৰে আগৰপৰা পাছলৈ, সোঁকাষৰপৰা বাওঁকাষলৈ জঁপিয়াই জঁপিয়াই নাচিছোহে নাচিছোঁ‌, কিন্তু প্ৰতিবাৰতে গায়িকাই আঙুলিয়াই কয় “সৌফালৰ ডেকাহঁতৰ জৌশেই নাই, নাচিবই পৰা নাই, এনেকৈ পৰৰৰি দিলে নহ’ব, আৰু নাচক আৰু নাচক৷” আঙুলিৰ দিশলৈ পোনাই পোনাই নাচিছোহে নাচিছোঁ‌, কিন্তু জৌশ নাইকিয়া লেবেলডাল ষ্টাম্প লগাদি লাগিল৷ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ পানী এটুপি বিচাৰি জীৱনে হাঁহাকাৰ কৰিলে৷ ভিৰ ফালি লগৰ এটা আৰু মই বাহিৰলৈ ওলাই আহিলোঁ৷ পানী খাই খাই দুয়োটাই পাতিলোঁ “আব্বে এইজনীয়ে মৰাব বে, যিমান নাচিলেও নাই পৰা নাচিব বুলি কয়৷” বন্ধুজনেও ক’লে “হয় বে সেইজনীয়ে আঙুলিটো এনেই দেখাই দিয়ে নেকি সেইফালে নাই নচা বুলি৷” আকৌ ভিতৰলৈ গ’লোঁ‌ এইবাৰ গায়িকা আঁতৰি গায়ক উঠিছে, তেখেতৰো একেই চেও, “সেইফালে নাই নচা, এইফালে এনেকৈ নহ’ব৷” প্ৰগেম শেষ হ’ল, সকলোবোৰ গৈ অডিটৰিয়াম খালী হৈ পৰিল৷

বহুদিনৰ পাছৰ কথা, ভাল গায়ক বন্ধু এজনৰ লগত কথা পাতি আছিলোঁ৷ হঠাৎ কথাটো মনত পৰি তাক সুধিলোঁ কেচটো আচলতে কি! সি উত্তৰ দিলে “চকুৰ ওপৰত যিসোপাহে লাইট ত-তকৈ মাৰি থয় কিডাল দেখিবি কোনে নাচিছে কোনে কি কৰিছে৷ মাজতে অনুমান এটা কৰি লওঁ কোনফালে নাচিছে নাই নচা, নহ’লে কেতিয়াবা এনেই টেঁটুফলা চিঞৰ এপাট এৰি দিওঁ “সৌ চুকৰফালে কিন্তু আৰু নাচিব লাগে দেইইই৷”

☆ ★ ☆ ★ ☆

5 Comments

  • purabi borah

    ভাল লাগিল ।লিখি থাকিবা।

    Reply
  • Nitu Das

    ভাল লাগিল পঢ়ি..মনত পৰি গল সেই দিনবোৰ

    Reply
  • Anonymous

    Very nice dear .

    Reply
  • বন্দিতা

    হা:হা:,মানে দ’শক বোৰে এনেই কষ্ট কৰি মৰে ।

    Reply
  • abhijit goswami

    ভাল লাগিল দেই 👍

    Reply

Leave a Reply

Your email address will not be published.