ফটাঢোল

মাজনী- নাজিফ হাজৰিকা 

১৯৯৩ চন।

“ভেঁ………..ভেঁএ……..ভেঁ”

মোৰ ছোৱালীজনীয়ে কান্দিছে৷

“আমাৰ মাইনা এতিয়া বিস্কুট খাব দেই ……কুটু কুটু কুটু ….লু লু লু লু…..”

বুলি কৈ লাহেকৈ মোৰ ডেৰ বছৰীয়া ছোৱালীজনীক পাকঘৰৰ টুল এখনত বহুৱাই দিলোঁ। আলমাৰিটো খুলি মেৰীগ’ল্ড বিস্কুট এখন তাইৰ হাতত তুলি দিলোঁ৷ নাই! তাইৰ কান্দোন নক’মে হে নক’মে৷ কোলাত লৈছোঁ, টুলত বহুৱাইছোঁ, নিচুকাইছোঁ …..পিচে নাই!তাইৰ কান্দোন কমক চাৰি বাঢ়িছেহে৷ তেনেতে হঠাৎ কাৰেণ্ট গ’ল। চলি থকা ফেনখনো বন্ধ হৈ পৰিল।

ময়ো বিচনীখনেৰে তাইক বিচিবলৈ আৰম্ভ কৰি দিলোঁ। কান্দি কান্দিয়েই তাই বিচনীখন থাপ মাৰি ধৰিলে। বিচনীখন ওভোটাই লৈ মোৰ মূৰত দুইচাট লগাই দিলে। মই দুখ পোৱাৰ নিচিনাকৈ ভেশচন কৰি দিলোঁ। |

“হিঃ হিঃ ….হিঃ হিঃ…”

তাইৰ হাঁহি ওলাই গ’ল।

আকৌ মূৰটো পাতি দিলোঁ। আকৌ দুইচাট লগাই দিলে তাই৷ আকৌ হাঁহি,

“হিঃ হিঃ হিঃ….”

: ৱাহ! বাপেৰক মাৰিলেহে শান্তি লাগে ন? ল ল মাৰ মোকেই মাৰ আৰু৷

বুলি কৈ লাহেকৈ মূৰটো পাতি দিলোঁ৷ তাইৰ ওঁঠৰ হাঁহিৰ কাৰণে মই সকলো কৰিব পাৰোঁ। সকলো কৰিম।

                                   *    *   *

২০০৬ চন।

বহাগ বিহুৰ সময়।

পাকঘৰৰ পৰা ‘কুতুৰ-কাটাৰ’ শব্দ আহি থকা শুনি পাকঘৰ পালোঁগৈ। দেখিলোঁ ছোৱালীয়ে কিবা পিচি আছে।

: কি পিচি আছ মাজনী?

: এই জেতুকা অলপ পিচিছোঁ! ৰুণজুনহঁতৰ ঘৰৰ পৰা আনিলোঁগৈ।

: হ’ল আৰু! আজি মানে ভাত ৰন্ধাৰ পৰা কাঁহী বাতি ধোৱালৈকে মানে ময়ে কৰিব লাগিব আৰু!

: অঁ। তুমিয়েই বনাব লাগিব, তুমিয়েই ধুব লাগিব।

তাই ভেকাহি মাৰি উঠিল৷

: হ’ব আৰু দে। মোলৈও জেতুকা অকণ থৈ দিবি আকৌ।

: কিয়?

: এই নখতে লগাম অলপ।

: হ’ব  বাৰু।

জেতুকা পিচি হোৱাৰ পিছত বাতি এটাতে তাই মোলৈ থৈ দিলে। নখত জেতুকা লগাই ময়ো ভাল পাওঁ

                                      *    *   *

২০১৯ চন।

বিয়াঘৰ উদুলি মুদুলি। দূৰৈৰ পৰা ভাঁহি আহিছে জেনেৰেটৰৰ শব্দ। ধুনীয়া ধুনীয়া ডিজাইনৰ লাইটৰ পোহৰত জিলিকি উঠিছে মোৰ চোতালৰ ৰভা। মই ব্যস্ত, ভীষণ ব্যস্ত। আলহীৰ সোধ-পোচৰ পৰা আৰম্ভ কৰি জেনেৰেটৰৰ তেললৈকে, খাহী মাংসৰ পৰা আৰম্ভ কৰি কেটাৰিং পাৰ্টিলৈকে সকলোতে ময়েই চকু দিব লগা হৈছে। কামৰ মাজতে কেৰাহীকৈ বে’খনলৈ চাওঁ। কইনাৰ সাঁজত ছোৱালীজনী বহি আছে। দুফালে দুজনী তাইৰ বান্ধৱী। ইমান মৰম লাগিছে সিহঁত গোটেইকেইজনীকে। তাইলৈ চালেই বুকুখনত বিষ এটা অনুভৱ হয়। আজি তাই যাবগৈ! বেলেগ এখন ঘৰৰ বোৱাৰী হ’বগৈ। এতিয়াৰ পৰা মাজে মাজে হে আহিব তাই।

তাইৰ চকুলৈ নাচাওঁ মই। অন্ততঃ আজি নাচাওঁ। মোক দেখিলেই তাই ভাগি পৰিব। সেয়ে পলাই আছোঁ, পলাই আছোঁ কঠোৰ বাস্তৱৰ পৰা।

অৱশেষত সেই চৰম মুহূৰ্তটো আহিল। জোঁৱায়ে তাইক নিবলৈ ওলাল৷

: দেউতা!

তাই সজোৰে মোক সাৱটি ধৰিলে। কান্দি কান্দি তাই বাউলি হৈ পৰিল। তাইৰ নাকৰ পানী, চকুৰ পানীয়ে মোৰ চোলাটো তিয়াই পেলালে। তাইক শান্ত কৰিব পৰা নাই, আমি কোনেও তাইক শান্ত কৰিব পৰা নাই।
কেইগৰাকীমান মহিলাই জোৰকৈ তাইৰ হাতদুখন মোৰ পৰা এৰুৱাব বিচাৰিছে, কিন্তু পৰা নাই। মই কিন্তু কন্দা নাই, নাকান্দো মই। অৱশেষত বিজু বাইদেউৰ হাতৰ পৰা বিচনীখন টান মাৰি আনিলোঁ।

: চাওঁ মাজনী! এইফালে চাওঁ৷ এইখন লচোন, এইখন৷

বিচনীখন তাইৰ হাতত তুলি দি আঁঠু কাঢ়ি বহি দিলোঁ, নিজৰ মূৰটো পাতি দিলোঁ। কান্দি কান্দিয়েই তাই হাঁহি দিলে। লাহেকৈ মোৰ মূৰত এচাট মাৰি দিলে….

তাৰ পিছত কি হ’ল নাজানো মই। একো গম নাপালোঁ। তাই গ’লগৈ, সেইটো কিন্তু গম পালোঁ।

                              *   *   *

২০২০ চন।

আজি বহাগ বিহু। গোটেইখন লক ডাউন, না ওলাব পাৰিছোঁ না সোমাব পাৰিছোঁ। ছোৱালীজনীলৈও মনত পৰিছে৷ অকলশৰে আমনিও লাগিছে। হাততে মোবাইলটো লৈ আগফালৰ বাৰাণ্ডালৈ ওলাই গলোঁ। আৰামি চকীখনতে ধুনীয়াকৈ বহি ললোঁ। পকেটৰ পৰা চিগাৰেট এটা উলিয়াই ওঁঠত লৈ জ্বলালোঁ। দীঘলকৈ টান এটা মাৰিছোঁহে , তেনেকুৱাতে মোবাইলটো বাজি উঠিল। স্ক্ৰীনখনত জিকিলি উঠিল ‘মাজনী Jio’।

: হেল্ল’ মাজনী!

: দেউতা, কি কৰিছা?

: এই আছোঁ এনেই! তই কি কৰিছ?

কথা পাতিলোঁ তাইৰ লগত। বহুত দেৰিয়েই পাতিলোঁ।

তাই বাৰে বাৰে দৰববোৰ ঠিক মতে খাবলৈ কৈ থাকিল।

ফোনটো থোৱাৰ পিছত মনটো কিবা এটা অস্থিৰ লাগিল, আজি প্ৰথম মাজনী নোহোৱাকৈ বিহু গৈছে মোৰ। কিবা এটা যেন মিছ কৰিছোঁ, কিবা এটা যেন নাই….

অলপ পিছত গেটখন খুলি ৰুণজুন সোমাই আহিল।

: বৰদেউতা!

: অ ৰুণজুন দেখোন, ক’ৰ পৰা আহিলি?

: ঘৰৰ পৰাই আহিলোঁ বৰদেউতা! মাজনীয়ে ফোন কৰিছিল মোলৈ।

: তোলৈ? কিয়?

: আপুনি বোলে নখত জেতুকা লগাব। মোক অলপ পিচি আপোনাক দি যাবলৈ কৈছিল। তাকে লৈ আনিছোঁ বৰদেউতা।

: হাঁ? জেতুকা আনিছ? বৰ ভাল কৰিলি, বৰ ভাল কৰিলি দেই। থ থ, ইয়াতে থৈ যা৷

: হ’ব বৰদেউতা।

তাই পিচি অনা জেতুকাখিনি থৈ গুচি গ’ল। মই বাতিটোৰ পৰা অলপ অলপকৈ আঙুলিৰ নখত জেতুকাবোৰ লগাবলৈ আৰম্ভ কৰিলোঁ।

কিন্তু ই কি? মোৰ যে আঙুলিবোৰ চেঁচা! লাহে লাহে হাতখন, গাটো চেঁচা হৈ পৰিছে৷ মূৰটো লাহেকৈ হাউলি পৰিল মোৰ৷ টেবুলৰ ওপৰত বিচনীখন দেখিলোঁ।

“মাজনী, মাজনী”……

মাতিলোঁহে মাতিলোঁ….কাৰোৰে মাত নাপালোঁ।
লাহে লাহে মোৰ চকুৰ পতা জাপ খাই আহিল।

☆ ★ ☆ ★ ☆

10 Comments

  • কমল তালুকদাৰ

    😢 কন্দুৱাই দিলে …

    Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক৷

    Reply
  • আদিত্য বৰঠাকুৰ

    নাজিফৰ লেখা প্ৰায় অনন্য ।

    Reply
  • আদিত্য বৰঠাকুৰ

    নাজিফৰ লেখা সদায় অনন্য ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হৃদয় চুই গ’ল৷

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • HEMANTA KAKATI

    কন্দুৱাই দিলাহে৷

    Reply
  • তোমাৰ লেখাৰ কথা সুকীয়াকৈনো কি ক’ম৷ এইটো গল্পও তাৰ ব্যতিক্ৰম নহয়৷

    Reply
  • শেষৰ ফালে কিয় তেনেকুৱা কৰিলা? 😢

    Reply

Leave a Reply

Your email address will not be published.