ফটাঢোল

মাথোঁ আধা ঘণ্টা! -জুৰী বৰা বৰগোহাঞি

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিজ্ঞানী এ পি জে আব্দুল কালামে উত্তৰ-পূৰ্বাঞ্চললৈ আহি বৰ গুৰুত্বপূৰ্ণ কথা এটা কৈছিল৷ ‘শিক্ষকসকলে আধা ঘণ্টাকৈ পঢ়ক!’ তাৰ অৰ্থ এইটো– আমাৰ শিক্ষক সকলে আধাঘণ্টাও নপঢ়ে৷ শিক্ষকতাৰ দৰে বৃত্তিত জড়িত লোকক দিয়া এই উপদেশে বহুতকে ভবাই তুলিছিল, চৌদিশে আলোচিত হৈছিল৷ এ পি জে কালাম এজন অত্যন্ত মেধাসম্পন্ন ব্যক্তি, উচ্চমানৰ চিন্তাবিদ আছিল৷ সেয়ে তেওঁৰ কথাৰ তাৎপৰ্য্য মন কৰিবলগীয়া৷

‘শিক্ষকসকলে আধা ঘণ্টাকৈ পঢ়ক৷’ শিক্ষকতা বৃত্তিত জড়িত বহুতৰ বাবে এই উপদেশ লজ্জাজনক বুলিও বিবেচিত হ’ব যদিহে তেওঁলোকে গভীৰতাৰে এইবিষয়ে চিন্তা কৰে৷ কালাম মহোদয়ে বিশ্বৰ বিভিন্ন শিক্ষানুষ্ঠান ভ্ৰমণ কৰিছিল৷ সময়ে সময়ে ভাৰতৰো চুকে-কোণে বিভিন্ন প্ৰান্তত গৈ তেওঁ উপস্থিত হৈছিল৷ তেওঁ এজন মহৎ আৰু জনপ্ৰিয় শিক্ষকো আছিল৷ তেওঁৰ প্ৰতিটো বাক্যই চিন্তাৰ বহিঃপ্ৰকাশ থকা, অৰ্থবহ আৰু গুৰুত্বপূৰ্ণ আছিল৷ সেয়ে তেওঁ গভীৰতাৰে এই কথাষাৰ অনুভৱ কৰি আমাৰ শিক্ষক সকললৈ এই উপদেশ দিছিল৷ তেওঁৰ বাক্যটোৰ ‘আমাৰ’ মানে– সেই শিক্ষকসকল ভাৰতৰো হব পাৰে, উত্তৰপূবৰো হব পাৰে অথবা অসমৰো হব পাৰে৷ তেওঁৰ মতে কিতাপ নপঢ়া শিক্ষকখিনি আমাৰ৷

আামি গুস্তাভ ফ্লবেয়ৰ, উইল ডুৰাণ্টৰ নাম নলওঁ৷ কিন্তু অসমৰে পুৰোধা ব্যক্তি হোমেন বৰগোহাঞিদেৱে কিতাপ পঢ়াৰ উপকাৰিতাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ‘কিতাপ পঢ়াৰ আনন্দ’ লিখি আমাক অনুপ্ৰাণিত কৰিছে৷ বিভিন্ন প্ৰবন্ধও প্ৰকাশ কৰিছে৷ আন বহুতো অসমীয়া লেখকে এই বিষয়ত লিখা মেলা কৰি কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ বাতৰি কাকত, আলোচনীবোৰে ভাল কিতাপৰ আলোচনা প্ৰকাশ কৰি আছে৷ বৰ্তমান জনপ্ৰিয় নেটৱৰ্কিঙ চাইট ফেচবুকতো ‘কিতাপ পঢ়ো আহক’, ‘গ্ৰন্থ’, ‘কিতাপ’ আদিকে কৰি বহুতো গোটে কিতাপৰ প্ৰচাৰ কৰাৰ উপৰিও দুই এক গোটে ডাকযোগে পাঠকক কিতাপ যোগান দিয়ে৷ কিতাপ পঢ়িলে আটাইতকৈ উপকৃত হোৱা মানুহজন হ’লো আমি নিজে৷ তথাপি আমাৰ বহুতে কিতাপ নপঢ়ে!

পুৰণি কালত প্ৰায় প্ৰতিজন শিক্ষকেই পণ্ডিত হৈ উঠিছিল৷ বিশ্বৰ বহুতো দাৰ্শনিক-পণ্ডিত শিক্ষকসকলৰ মাজৰ পৰাই অহা৷ তাৰ কাৰণ আছিল এই শিক্ষক সকলৰ বিস্তৃত অধ্যয়ন৷ অধ্যয়নৰ লগত সম্পৰ্ক নথকা শিক্ষকৰ আমি বহুত উদাহৰণ দিব পাৰো৷ এইবিষয়ত আমাৰো বহু অভিজ্ঞতা আছে৷ এসময়ত এটা ভ্ৰাম্যমাণ গ্ৰন্থমেলা চলাইছিলো৷ বিভিন্ন শিক্ষানুষ্ঠানলৈ গ্ৰন্থ লৈ গৈছিলো৷ দুইৰ পৰা চাৰিদিনীয়া এই মেলাত কিতাপ কিনাতো দূৰৈৰ কথা, এবাৰো ভূমুকি নমৰা শিক্ষক-অধ্যাপকক দেখি হতাশাত ভুগিছিলো৷ সেই বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ ক’ৰ পৰা হ’ব? বিদ্যায়তনিক দিশত পোৱা নম্বৰকেইটাই কলেজ-বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি থকা অথচ অন্য কোনো কিতাপ-পত্ৰৰ লগত সম্পৰ্ক নৰখা শিক্ষক প্ৰায়ে লগ পাওঁ৷ গ্ৰন্থ-আলোচনীতো দূৰৈৰ কথা–বাতৰি কাকত এখন ঘৰত কিনি ৰাখিবলৈ নিবিচৰা কলেজ শিক্ষকো দেখিছো৷ এনেকুৱাও নহয় যে সেইসকলৰ নিজৰ বিষয়তে পাণ্ডিত্য আছে বা অন্য কিবা সামাজিক অৱদান কিম্বা দায়বদ্ধতা আছে৷ প্ৰাচুৰ্য্যৰে ঘৰৰ চুক কোণ ভৰাই ৰখা মানুহৰ ঘৰত এখন কিতাপ নেদেখো৷ প্ৰসঙ্গত সুধিলে কয়– ‘পঢ়িবলৈ সময় নাই৷ বাতৰি কাকতখন পঢ়িলে আধা ঘণ্টা সময় যায়৷ সেই আধাঘণ্টাৰে টনা-টনি৷ বাকী সময় ল’ৰাৰ কেইবাটাও টিউচন৷ বজাৰ-সমাৰ, পত্নীৰ বিউটি পাৰ্লাৰ…৷’ বহু শিক্ষকৰো একেই গতানুগতিক কাহিনী৷ দেশৰ খবৰ, ঘটনা-পৰিঘটনাক লৈ বহুতো মানুহ উদাস৷ শিক্ষকে কিতাপ, আলোচনী পঢ়ি তাৰ যোগেৰে ছাত্ৰ-ছাত্ৰীক শুদ্ধ পথ দেখুৱাব পাৰে৷ বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্ভৱ হোৱা আবেগিক আন্দোলনৰ ক্ষেত্ৰত শিক্ষক সকলে পথ দেখুৱাওক৷ সমাজখনে এওঁলোকৰ মুখলৈ চাই থাকে৷ কিন্তু অত্যন্ত দুখৰ কথা আমাৰ বহুতো শিক্ষক মধ্যবিত্তৰ চেতনাৰে নিজৰ পৰিয়াল সুন্দৰ ঘৰ, গাড়ী লৈ এতিয়া সুখী মানুহ! বাহিৰৰ সমস্যাক লৈ এই সকল নিৰ্লিপ্ত!

কিতাপ লিখো৷ লেখাটো এতিয়া পেছা৷ বিভিন্ন সময়ত বিভিন্নজন লোকৰ সান্নিধ্যলৈ আহো৷ তিনিটা মনত থকা ঘটনা উল্লেখ কৰিব বিচাৰো–

১) এবাৰ এখন সভাত উপস্থিত থাকিবৰ বাবে এখন হোটেলত আছিলো৷ পুৱা ভোজনকক্ষত এজন বিয়েৰাৰে মোক চিনাকি এগৰাকী বিখ্যাত লেখিকাৰ কথা সুধিলে৷ সোধাৰ লগতে তেখেতৰ কিতাপ পঢ়াৰ কথা কলে৷

২)ৰাজ্য চৰকাৰে টেট পৰীক্ষাত উত্তীৰ্ণ কিছু প্ৰাৰ্থীক শিক্ষকৰ চাকৰি দিলে৷ দুজনমান ভ্ৰাতৃস্থানীয়, ভগ্নীস্থানীয় বন্ধুৱে জনালে অন্তত এতিয়াৰ পৰা নিজৰ পইচাৰে আৰু ইচ্ছাৰে দুখনমান কিতাপ-আলোচনী কিনিব পাৰিব৷

৩) বিশ্ববিদ্যালয়ৰ বন্ধু অধ্যাপকে অসমীয়া বিভাগৰ শ্লেট পৰীক্ষাৰ নিৰীক্ষক হৈ আছিল৷ প্ৰশ্ন কাকতত আছিল– তলত উল্লেখ কৰা শিশু সাহিত্যিক কোনজন? ভবেন্দ্ৰনাথ শইকীয়াৰ বাহিৰে তিনিজন ঔপন্যাসিকৰ নাম আছিল৷ তথাপি বহুতো অসমীয়া বিষয়ত এম এ পাছ ছাত্ৰ-ছাত্ৰীয়ে ভুল উত্তৰ দিছিল৷ নিশ্চয়কৈ তেওঁলোকৰ মাজৰে কোনোবাই শ্লেট পাব৷ শিক্ষকো হ’ব৷ মোটা দৰমহাৰে বছৰ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই থাকিব৷ এইসকল শিক্ষকে কেনে শিক্ষা দিব অনুমেয়৷ পিছৰ প্ৰজন্মক কিতাপ নপঢ়ে বুলি দোষ দি লাভ নাই৷ স্কুল, কলেজ পৰ্য্যায়ত শ্ৰেণী কোঠাত বাহিৰা কিতাপৰ কথা কোৱা বা বাহিৰা কিতাপ পঢ়িবলৈ কোৱা শিক্ষক কিমান আছে? নিচেই তাকৰ৷ দুখনমান কলেজত ছাত্ৰ-ছাত্ৰীক এই বিষয়ে সুধিলেই প্ৰকৃত ছবিখন ওলাবই৷ কিছুমান কলেজত শিক্ষকে গোটেই জীৱনত এখনো বাহিৰা কিতাপ নপঢ়াকৈ অৱসৰ লৈছে৷ তাৰ উদাহৰণো দিব পাৰো৷

অধ্যয়নবিমুখিতাই জাতিটোকে ধ্বংস কৰিব৷ গোলকীকৰণৰ গইনাত বিলাসী জীৱনৰ নিগনি দৌৰত বহু শিক্ষকৰ বাবে কিতাপ এলাগী৷ কিমানজন শিক্ষকে স্কুল-কলেজৰ পুথিভঁৰালত আজৰি সময় কটায়? কিছুমান বিদ্যালয়ত পুথিভঁৰালৰ কোনো অস্তিত্বই নাই৷ কিছু শিক্ষকে ইউ জি চিয়ে নিৰ্ধাৰণ কৰি দিয়া মতে দুখনমান আলোচনা চক্ৰত যোগদান কৰি নিৰ্ধাৰিত নম্বৰ আহৰণ কৰাটোকে লক্ষ্য বুলি ভাবে৷ এই আলোচনা চক্ৰৰ ফলাফল সকলোৰে জ্ঞাত৷

গ্ৰন্থমেলাত মানুহৰ সমাগম কম৷ সমাগম হলেও পাঠকৰ সংখ্যা কম৷ তালৈ শিক্ষক নাহে৷ বাণিজ্যমেলাত তাৰ ওলোটা৷ কেইবাবছৰ ধৰি দুটামান শিক্ষকৰ পৰিয়ালৰ সান্নিধ্যত আছিলো৷ সমগ্ৰ সময়ছোৱাত পৰিয়ালবোৰে কেইবাখনো গাড়ী কিনিলে৷ পিছে ওঠৰ কিলোমিটাৰ আঁতৰৰ ডিব্ৰুগড়ত হোৱা চাৰিখন বৃহৎ গ্ৰন্থমেলালৈ এবাৰো যাবলৈ সময় নোলাল৷ ঘূণে ধৰোতে শিক্ষক সকলৰ পৰাই ধৰিছে৷ বিষয়টো হতাশাজনক৷ এ পি জে কালামৰ ‘শিক্ষকসকলে আধা ঘণ্টাকৈ পঢ়ক৷’ এই বাক্যটো আমি মানি লওঁ৷

এতিয়াও বহুতো শিক্ষকে পঢ়া শুনা কৰে৷ তেওঁলোকে শিক্ষাৰ মানদণ্ড উন্নত কৰি ৰাখিছে৷ এতিয়াও বহুতো বিদ্বান লোক শিক্ষক সমাজত আছে৷ শিক্ষক সমাজত নাথাকিলেও আন বহুতো ক্ষেত্ৰত পাঠক বাঢ়িছে৷ সেইবাবেই কিজানি এতিয়াও লাখৰ ঘৰত একোখন অসমীয়া কিতাপ বিক্ৰি হৈ আছে৷ মহান চিন্তাবিদ জনৰ প্ৰসংগটো শিক্ষকসকলক লৈহে৷

☆★☆★☆

2 Comments

  • Bhaskar

    কিতাপ পঢ়া আকৌ আৰম্ভ কৰিছো
    জানোচা কি পৰিবৰ্তন হয়

    Reply
  • অসমী গগৈ

    খুউব ভাল পালো পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.