ফটাঢোল

মাথোঁ তোমাৰ বাবে : ৰূপাংকৰ চৌধুৰী

পাহাৰীয়া নদীখনৰ লগতে নদীৰ দুয়োফালৰ ওখ-চাপৰ পাহাৰবোৰ কেমেৰাৰ ফ্ৰেমত সুন্দৰকৈ আহি গৈছে। পাহাৰৰ সেউজীয়া আৰু নদীৰ নীলাত হেঙুলীয়া আভা সানি দিয়া আবেলিৰ বেলিটো পশ্চিমৰ আকাশত মাৰ যাবলৈ ওলোৱা এই বিশেষ মুহূৰ্তটো সাঁচি ৰাখিবলৈ সুদূৰ গুৱাহাটীৰ পৰা অৰুণাচলৰ ছাংটি ভেলী পাইছে সুভাষ।

সুভাষ-সুভাষ বৰ্মন। গুৱাহাটীৰ এক বেচৰকাৰী টেলিকম প্ৰতিস্থানৰ বিষয়া। ফটোগ্ৰাফী সুভাষৰ নিচা। বিশেষকৈ নতুন নতুন পাহাৰীয়া ঠাইবোৰলৈ গৈ ফটো উঠোৱাৰ চখ সুভাষৰ। ব্যস্ত কৰ্মসূচীৰ পৰা সময় উলিয়াই সুভাষে পাহাৰ ভ্ৰমণত ওলাই আহে কেৱল এই হাবিয়াস পূৰণ কৰিবলৈ। কংক্ৰিট অৰণ্যৰ পৰা আঁতৰি পাহাৰ, নদী আৰু নীৰৱতাৰ মাজত কিছু সময় কটাই দেহ-মন সতেজ কৰি আহে।

ছাংটি ভেলীৰ কাষৰ পাহাৰীয়া সৰু চহৰ ডিৰাঙত সুভাষৰ বাল্যবন্ধু অনুপমে চাকৰি কৰে। অনুপমেই প্ৰস্তাৱ দিছিল সুভাষক কিছুদিন হাততলৈ আহিবৰ বাবে। ডিৰাঙৰ কাষতে থকা এই ছাংটি ভেলীৰ কথা সুভাষে শুনিছিল শতাব্দীৰ পৰা।

শতাব্দী-শতাব্দী বৰঠাকুৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ গৱেষিকা শতাব্দীয়ে গৱেষণাৰ কামত প্ৰায়েই অৰুণাচলৰ পাহাৰে-পাহাৰে ঘূৰি ফুৰিছিল। অৰুণাচলৰ বিভিন্ন অঞ্চলত কাম আৰম্ভ হোৱা জলশক্তি প্ৰকল্পসমূহৰ পাৰিপাৰ্শ্বিক দিশবোৰ আছিল শতাব্দীৰ গৱেষণাৰ বিষয়। ছাংটি ভেলীত তেনে এক প্ৰস্তাৱিত জলশক্তি প্ৰকল্পৰ জৰীপৰ কামত আহোঁতে শতাব্দী মুগ্ধ হৈছিল এই ঠাইখনৰ নৈসৰ্গিক পৰিবেশত।

সুভাষ বৰ্মন আৰু শতাব্দী বৰঠাকুৰ। একেখন আৱাসিক বিদ্যালয়ত পঢ়িছিল। পঢ়া-শুনাৰ লগতে সুভাষ আৰু শতাব্দী আছিল খেলা-ধূলা, নাটক, কুইজ-তৰ্ক, গান-বাজনাত সমানেই পাকৈত। বিভিন্ন খেল আৰু সাংস্কৃতিক প্ৰতিযোগিতাত বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি বিভিন্ন সময়ত অসমৰ বিভিন্ন স্থানৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুয়োজনে নিজ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছিল।

বিদ্যালয়ৰ পৰা ওলোৱাৰ পিছত দুয়োজন ব্যস্ত হৈছিল নিজ-নিজ উচ্চ শিক্ষাত। সুভাষে ইঞ্জীনিয়াৰিং পঢ়িবলৈ বাংগালুৰুলৈ গৈছিল। শতাব্দীয়ে কটন কলেজত জীৱ-বিজ্ঞান বিভগত নামভৰ্তি কৰিছিল। সুভাষ আৰু শতাব্দীৰ লগতে সিহঁতৰ বন্ধু-বান্ধৱীখিনি বছৰৰ এটি দিন হাঁহি-ধেমালিৰে নিজৰ মাজত পাৰ কৰিছিল এৰি থৈ অহা বিদ্যালয়ৰ উদ্যোগত অনুস্থিত বাৰ্ষিক ন-পুৰণি সতীৰ্থ সন্মিলনত। তেনেদৰেই সিহঁত আটাইকেইজন বান্ধ খাই পৰিছিল নিজ-নিজ ব্যস্ততাৰ মাজতো এটি পৰিয়াল হিচাপে।

সময়ৰ লগে-লগে সুভাষ-শতাব্দীহঁতৰ এচাম চাকৰিয়াল হৈছিল, এচাম হৈছিল ব্যৱসায়ী আৰু আন এচামে গৱেষণামূলক ক্ষেত্ৰত জড়িত হৈছিল। সৰুৰেই পৰা প্ৰকৃতিৰ প্ৰতি থকা এক আৱেগিক দুৰ্বলতাৰ বাবে শতাব্দীয়ে পৰিৱেশ বিজ্ঞানত উচ্চ শিক্ষা আহৰণ কৰি গৱেষণাত ব্ৰতী হৈছিল। এই ক্ষেত্ৰত নিজৰ পৰিয়ালৰ লগতে সদায়ে তাইৰ কাষত সাহস হিচাপে আছিল সুভাষ।

সুভাষ আৰু শতাব্দীৰ মাজৰ সম্পৰ্ক বন্ধুত্ব বা প্ৰেমৰ পৰিভাষাৰে বান্ধিব নোৱাৰি। দুয়োজনেই স্বতন্ত্ৰতাৰে নিজ-নিজ ক্ষেত্ৰত আগুৱাই যোৱাত কোনেও কাকো হকাবাধা দিয়া নাই। দুয়ো দুয়োৰে কাষত তেতিয়াই উপস্থিত হয় যেতিয়া আনজন দ্বিধাগ্ৰস্ত হয়। দুয়োৰে জীৱনৰ বহুত জটিল সিদ্ধান্ত একেলগে সমাধান কৰিছে।

সময় সদায় সকলোৰে নিজৰ ইচ্ছানুযায়ী পাৰ নহয়। সুভাষ আৰু শতাব্দীৰো ব্যতিক্ৰম নহ’ল।

: সুভাষ! তোমাৰ বয়স পাৰ হৈ যাব! এজনীক নিজৰ কৰি লোৱা সুভাষ!

: বহুত সপোন আধৰুৱা হৈ আছে শতাব্দী! তুমি অবিহনে মই কেনেকৈ সেই সপোনবোৰ পূৰ কৰিম?

: সুভাষ! তুমি জানাই! মই এতিয়া অসমৰ্থ! ঐ! আমাৰ জুনিয়ৰ যে আছিল প্ৰিয়াক্ষী! তাই তোমাৰ বাবে এতিয়াও পাগ্লা ৰে৷ তাইক তুমি হাঁ কোৱা৷

: হাঁ! আই লাভ ইউ শতাব্দী৷

: আহ! কিমান দিনৰ পৰা যে মই ব্যাকুল হৈ আছিলোঁ‌ এই শব্দকেইটা তোমাৰ পৰা শুনিবলৈ! কিন্তু সুভাষ! লগন উকলি গ’ল! মই এতিয়া পংগু সুভাষ৷

: তুমি মোৰ মাথোঁ মোৰ শতাব্দী! এয়া চোৱা তুমি অবিহনে মই তোমাৰ প্ৰিয় ছাংটি ভেলীৰ ফটো আনিছোঁঁ৷ মাথো তোমাৰ বাবে!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.