ফটাঢোল

মানাহৰ জয়াল ডাকবাংলাত এনিশা-ধূৰ্জ্জটি কাকতি

ডিগ্ৰী পাছ কৰি উঠা সময়ৰ কথা৷ বন্ধু দুজনৰ সৈতে মাঘ বিহুত ক’ৰবালৈ যাম বুলি পৰিকল্পনা কৰি আছিলোঁ, শেষত মানাহলৈ যোৱাটোকে স্থিৰ কৰিলোঁ৷ তেতিয়া মানাহলৈ মানুহ খুব কম গৈছিল৷ বড়োলেণ্ডৰ  চুক্তি স্বাক্ষৰ হোৱাৰ পাছতহে মানুহ অলপ যাবলৈ লৈছে, তাৰ আগতে উগ্ৰপন্থী সমস্যাৰ বাবে খুব কমেই গৈছিল৷ কেনেকৈ যাব লাগে, ক’ত থাকিব লাগে আমি একো নেজানোঁ৷ তিনি বন্ধু ওলালোঁ উৰুকাৰ দিনা৷ খবৰ কৰি গম পালোঁ বাচত বৰপেটা ৰোডলৈ যাব লাগে, তাৰপৰা সৰু গাড়ী লৈ মানাহলৈ৷ পিচে বৰপেটা ৰোডৰ বাচ ক’ৰপৰা যায় তাকো নেজানোঁ৷ কোনোবাই ক’লে বেলতলাৰপৰা, কোনোবাই ক’লে মাছখোৱাৰপৰা। ৰাতিপুৱাৰেপৰা আধা গুৱাহাটী ভ্ৰমণ কৰি গম পালোঁ আদাবাৰীৰপৰাহে যায়৷ আদাবাৰী পালোঁগৈ বাৰমান বজাত৷ পিচে বাচত ভীৰ দেখিহে বিচূৰ্ত্তি খালোঁ, বিহুৰ বাবে সকলো মানুহ ঘৰলৈ যাবলৈ ওলাইছে৷ বহাতো দূৰৰে কথা, ঠিয় হৈ যাব পৰাটোৱে ডাঙৰ কথা৷ কোনোমতে এখন বাচত উঠিলোঁ আৰু যিমান কম পৃষ্ঠকালি পাৰি তাতে নিজকে খাপ খোৱাবলৈ চেষ্টা কৰিলোঁ৷ অলপ সময়ৰ পাছত মোৰ ভৰি, হাত, মূৰ ক’ত আছে ময়েই ধৰিব নোৱাৰা হ’লোঁ৷ হেঁচাৰ কোবত মোৰ মূৰ আৰু ভৰিৰ মাজত ধুমুহাত হাউলী পৰা গছৰ দৰে ত্ৰিশ ডিগ্ৰীমান কোণ হ’লগৈ৷ অৱশ্যে বহি যোৱাবোৰৰো ভ্ৰমণ ইমান সুখৰ নাছিল৷ মোৰ লগৰটোক মহিলা এগৰাকীয়ে “আপুনিতো এনেই বহি আছে, বাবাকে লওক” বুলি কোচত নিজৰ সন্তানটো দি দিলে৷ তাৰ ভ্ৰমণৰ লগতে বেবি চিটিঙো হৈ গ’ল৷ বৰপেটা ৰোড পাই, ৰেঞ্জাৰ অফিচত মানাহলৈ কেনেকৈ যাব পাৰি সুধিবলৈ গ’লোঁ৷  ৰেঞ্জাৰজন ক’লে ডাকবাংলা (আইবি) এটা আছে ভিতৰত, কিন্তু খালী নাই৷ আমি ক’লো “ইমান দূৰৰপৰা আহিছোঁ, কিবা এটা কৰক ছাৰ”৷ ৰেঞ্জাৰজনে ৱায়াৰলেচত খবৰ লৈ ক’লে, “কাইলৈ ৰুম এটা খালি হ’ব, তাত থাকিব পাৰিবা, আজি বৰপেটা ৰোডত হোটলতে থাকা৷ পিচে কাইলৈ তোমালোকে খানা লৈ যাবা বজাৰ কৰি, তাত একো নেপায়, যি নিয়া তাকে ৰান্ধি দিব।” আমিও ৰেঞ্জাৰজনক ধন্যবাদ দি হোটেল এখনলৈ আহিলোঁ৷ তাৰপাছত বজাৰলৈ গৈ মাংস, পাচলিৰ বজাৰ কৰিলোঁ৷ পাছদিনা পুৱা গাড়ী এখনত আমি মানাহলৈ ওলালোঁ৷ আইবিটো মঠনগুৰিত আছে৷ মানাহৰ প্ৰবেশদ্বাৰৰপৰা বিশ কিলোমিটাৰ ভিতৰত বেকী নৈৰ পাৰত৷ বৰপেটাৰোডৰপৰা মানাহৰ প্ৰবেশদ্বাৰ প্ৰায় বিশ কিলোমিটাৰ৷ এই সম্পূৰ্ণ চল্লিশ কিলোমিটাৰ পথত ড্ৰাইভাৰজনে চাগৈ চল্লিশবাৰমান আমাক “আইচিনায়াং মানে কি” গানটো শুনালে৷ তেতিয়া খুব হিট হৈছিল গানটো৷ সেইবুলি ইমানবাৰ শুনিলে ভাল গীতো বেয়া লগা হয়৷ ডাক বঙলা পোৱাৰ পাছত ভাবিলো গানটোৰপৰা ৰক্ষা পালোঁ, কিন্তু আমাৰ ধাৰণা ভুল আছিল। পিকনিকৰ বতৰ। গতিকে নদীৰ পাৰত লাউদ স্পিকাৰত পিকনিকতো সেই একেটা গানেই বাজি আছিল৷ ডাক বঙলাৰ ৰান্ধনিজনক লগ পাই কথা বতৰা পাতিলোঁ৷ তেওঁ সুধিলে “আপোনালোকে খোৱা বস্তু আনিছেতো?”

আমি গৰ্বৰে ক’লো “চিন্তা নাই, আনিছোঁ।”

“ডিজেল আনিছে নাই?”

“ডিজেল কিয় আকৌ?”

“ইয়াত কাৰেণ্ট নাই নহয়৷ জেনেৰেটৰহে চলে৷ জেনেৰটৰৰ কাৰণে ডিজেল লাগে।”

“আমাকতো নক’লে৷” আমি অলপ হতাশ হৈ ক’লো৷

“আচ্ছা, মম আনিছে নেকি?”

“নাই অনা৷” এইবাৰ আমাৰ হতাশা আৰু বাঢ়ি গ’ল৷

 “হ’ব দিয়ক মোৰ ওচৰত এডাল মম আছে, সেইডালকে দিম” বুলি কৈ তেওঁ আমাৰপৰা খোৱা বস্তুখিনি লৈ গুচি গ’ল৷ বুজিলো ৰাতি আমি এদাল মমেৰেই চলিব লাগিব।

ডাক বাংলাটো দুমহলীয়া, ছটামান ৰুম আছে৷ আমি ৰান্ধনিজনক সুধিলোঁ “বাকী ৰুমবোৰ ফুল চাগৈ”৷

তেওঁ ক’লে, “নাই, আজি খালি, সব গুচি গ’ল”৷

“অঃ, তাৰমানে ডাকবাংলাত ৰাতি অকল আপুনিহে থাকিব৷”

“নাই মই কেম্পত থাকোঁ, ভাত ৰান্ধি গুচি যাম৷” ৰান্ধনিজনে গহীনাই কৈ আঁতৰি গ’ল৷

তেওঁৰ লগত হোৱা চমু আলোচনাৰপৰা এটা কথাই বুজিলোঁ, আজি ৰাতি এই হাবিৰ ডাকবংলাত আমি তিনিটা ল’ৰা এডাল মমৰ সহায়ত থাকিব লাগিব৷ ড্ৰাইভাৰজনৰো কেম্পত পাৰ্টনাৰ আছে, তাতে থাকিব বোলে৷

লাহে লাহে ৰাতি হ’ল৷ পিকনিক পাৰ্টিবোৰ নোহোৱা হ’ল৷ ডাকবাংলাৰপৰা অকল বেকী নৈখন বৈ যোৱা শব্দ৷ বাকী একো শব্দ নাই৷ ৰাতি হৈ অহাৰ লগে লগে পৰিৱেশ আৰু জয়াল হৈ পৰিল৷ আঠমান বজাতে আমাক লেমৰ পোহৰত খাবলৈ দি, ৰান্ধনিজনে লেমটো লৈ গুচি গ’ল৷ দৃশ্যটো এনেকুৱা লাগিল, ভূতৰ চিনেমাবোৰত যে ভূত বাংলোৰ চকিদাৰজনে, মানুহবোৰক ভূতৰ চিকাৰ হ’বলৈ দি গুচি যায়৷ হাতত দি গ’ল ৰাতিৰ সাৰথি হিচাপে একমাত্ৰ মমডাল৷ লাহে লাহে ৰাতি বেছি হৈ আহিল৷ জোনৰ পোহৰ বাৰু অলপ আছিল, তথাপি তললৈ যাবলৈ মানা কৰিছিল, বনৰীয়া জীৱ জন্তু নদীত পানী খাবলৈ আহিব পাৰে৷

এনেই জোনৰ পোহৰত নদীখনক লৈ বৰ নৈসৰ্গিক দৃশ্য এটাই উপভোগ কৰি আছিলোঁ, কিন্তু সমস্যা হ’ল সেই ডাকবাংলাটোত আমি তিনিটা ল’ৰা। অকল মমডালৰ সহায়তে পোহৰ পাই আছিলোঁ৷ লাহে লাহে আমাৰ অন্তিম সহাৰি মমডালো গলি গলি শেষ হ’ল আৰু পোহৰ হিচাপে জোনৰ পোহৰৰ বাহিৰে আমাৰ আৰু একো নেথাকিলে৷ কিবা কাৰণত কৰিড’ৰেদি যাব লগা হ’লে এচাটি চেঁচা বতাহ গাত লাগে। কোনো ভৌতিক চিনেমাৰ দৃশ্য যেন লগা হয়, যি ভৌতিক শক্তিৰ হাতত অলপ পাছতে মৰিম৷ জীৱনত চোৱা হৰৰ চিনেমাবোৰৰ কাৰণে সেইদিনাহে অাফচোচ হ’ল, কিয় চাইছিলোঁ যেন লাগিলে৷ আজি সকলো দৃশ্য ইয়াতেই ৰিপিট হ’ব যেন লাগিল৷ নদীৰ পাৰৰ ডাঙৰ ডাঙৰ শিলবোৰ চাই থাকিলে এনে লাগে যেন লাহে লাহে শিলবোৰে এটা আকৃতি লৈছে৷ অকল নৈখন বৈ যোৱা কুলু কুলু শব্দ আৰু জিলিৰ শব্দ৷ কোনোবা এটা বাথৰুমলৈ গৈ ঘূৰি আহিলে সন্দেহেই হয়, সিয়েই নে  কোনোবা ভূত, তাৰ ৰূপ ধৰি আমাৰ মাজলৈ আহিছে৷  ৰঞ্জু হাজৰিকাৰ উপন্যাসবোৰৰ দৃশ্যবোৰো মনলৈ ভাহি আহিল৷ এনে লাগিলে যেন আজি ৰাতি আমাৰ অদ্য শেষ ৰজনীয়েই হয় নেকি! শেষত তিনিও গা মূৰ ঢাকি কম্বলৰ তলত সোমাই ৰাতিটো কটালোঁ৷ টোপনিও বহুত দেৰীকৈ আহিল৷ ৰাতিপুৱা সাৰ পাওঁতে গম পালো, বাচিলো, ৰাতি আমাক ভূতে নেমাৰিলে৷

যদিও ভয় লাগিছিল, সেইটো ৰাতি মোৰ জীৱনৰ আটাইতকৈ ৰোমাঞ্চকৰ আৰু স্মৰণীয় নিশা আছিল।

☆ ★ ☆ ★ ☆

3 Comments

  • ডলী

    ভাল লাগিল। ভয়ো লাগিল অলপ

    Reply
  • Pranita Goswami

    ডাক বঙলা বুলিলে এনেই ভয় ভয় লাগে সঁচাকৈ। ৰঞ্জু হাজৰীকাৰ উপন্যাসবোৰৰে প্ৰভাৱ নেকি নাজানো।

    Reply
  • জিতু

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.