ফটাঢোল

মানিপ্লেণ্ট (মূল হিন্দী: সুধীৰ ঔখদে) – ভাৱানুবাদ: ধ্ৰুৱ

পত্নীৰ ইচ্ছা আছিল ঘৰত মানিপ্লেণ্ট লগোৱা হওক। ইচ্ছাটো তেওঁৰ অলেখ আছিল, যেনে ঘৰ বনোৱা যাওক, কাৰ কিনা যাওক, কুকুৰ পোহা যাওক, সন্তানক পাব্লিক স্কুলত পঢ়োৱা যাওক, নিজৰ চুলি চুটিকৈ কটোৱা হওক, পতিৰ চুলি দীঘলকৈ ৰখোৱা যাওক ইত্যাদি। কিন্তু এইটো তেওঁ জানিছিলেও যে এই সকলোবোৰ অসম্ভৱ। তেওঁৰ পতি মন্ত্ৰীও নহয়, ঘোচখোৰ বিষয়াও নহয়। প্ৰৱচন দিয়া ধৰ্মগুৰুও নহয়। তেন্তে তেওঁৰ ইমান ইচ্ছা কেনেকৈ পূৰণ হ’ব!

তেওঁ কুকুৰ এটা পুহিলে। দেশী জাতৰ। যিটোৰ ঘৰখনৰ কাৰো লগত ৰাহি যোৰা নাহিলেই। তেওঁৰ লগতো নাহিল। বিচাৰিছিল যে বিদেশী জাতৰ কুকুৰ পোহা যাওক। কিন্তু কুকুৰৰ দাম পতিৰ গোটেই মাহৰ দৰমহাতকৈ বেছি হোৱাত তেওঁ পতিক ৰখাৰেই সিদ্ধান্ত ল’লে। দেশী কুকুৰটোৱে য’তে ত’তে পদূলি শুঙি আহে আৰু পিছত নিজেই নেজ জোকাৰি জোকাৰি ঘৰ সোমাইহি। পত্নীয়ে কয়, “একদম তোমাৰ নিচিনা। একে স্বভাৱৰ দুটা প্ৰাণীক মই ঘৰত ৰাখিব নোৱাৰোঁ।”

কোনোবাই পত্নীক ক’লে যে মানীপ্লেণ্ট কাৰোবাৰপৰা খুজি বা কিনি নহয় চুৰ কৰি লগাব লাগে। তেতিয়াহে ভালদৰে ফুলি জাতিষ্কাৰ হয়। মই ভাবিলোঁ টকাও দুই নম্বৰী উপায়েৰে চুৰ কৰিহে বঢ়াব পাৰি। পত্নীয়ে আদেশ দিলে যে মানীপ্লেণ্ট ক’ৰবাৰপৰা হ’লেও চুৰ কৰি আনা। মই ক’লোঁ,” চুৰ কৰাই যদি মোৰ স্বভাৱ হোৱাহেঁতেন মই তোমাৰ বাকীবোৰ ইচ্ছাও পূৰণ কি নকৰোঁ? বিলাসী ঘৰ থাকিলেহেঁতেন, কাৰ থাকিলেহেঁতেন, বিদেশী কুকুৰ থাকিলেহেঁতেন, মানিপ্লেণ্টো থাকিলেহেঁতেন।”

পত্নীয়ে ক’লে, “মই জানো তুমি কিবা উল্টা পুল্টা ক’বাই। এতিয়া চুৰ কৰিবলৈও মই যাওঁ? সংস্কাৰ বোলাও কথা এটা আছে। ঘৰৰ মাইকীমানুহে চুৰ কৰে নেকি?”  ময়ো মনে মনে ভাবিলো‍ঁ ঠিকেই কৈছা তুমি। মাইকী মানুহে নিজে নো কি কৰে। এইবোৰ কাম কৰিবলৈ তেওঁলোকৰ ওচৰত পতি নামৰ বুৰ্বক এটা থাকেই।

“মানিপ্লেণ্ট তুমিয়েই চুৰ কৰিবা। বচ। মই আৰু একো নাজানো। ”

আদালতৰ শেষ ৰায় আহি গ’ল। ময়ো বুজিলোঁ মানিপ্লেণ্ট চুৰ কৰাৰ বাদে মোৰ হাতত একো বিকল্প নাই। কেনেকৈ কি কৰিব পাৰি একো ভাবি নাপাই চুবুৰীয়া ৰমেনৰ ওচৰলৈ গ’লোঁ। ৰমেন এজন বুদ্ধিজীৱি। মই ৰমেনক সুধিলোঁ,

“চুৰি কৰাৰ অভিজ্ঞতা আছে তোৰ? আছে যদি ক’।”

ৰমেনে অস্বীকাৰ নকৰিলে। এসময়ৰ এজন আপোচবিহীন সাংবাদিক ৰমেনে ক’লে,

“চুৰি তাক কয় যিটো ধৰা পৰে। তই কেনেকুৱা চুৰি কৰিব বিচাৰ’? বিদ্যুতৰ চুৰি, কৰ চুৰি, অফিচৰ ষ্টেচনাৰী চুৰি, চৰকাৰ বাহনৰ অপপ্ৰয়োগ চুৰি বা পইচাৰ চুৰি? পইচাৰ চুৰিটো বাদ দিলে বাকীবোৰ চুৰিৰ শ্ৰেণীত নাহেই।” অলপ ৰৈ সি  আকৌ ক’লে, ” ধৰ তোৰ ঘৰৰ সমুখত অফিচৰ গাড়ী থিয় হৈ আছে। তোৰ ঘৈণী আৰু ল’ৰা ছোৱালী সেই বাহনেই ব্যক্তিগত বাহন হিচাবে ব্যৱহাৰ কৰিলে তোৰ সমাজত প্ৰতিপত্তি বাঢ়ে। বাৰু তই কেনেকুৱা চুৰি কৰিবলৈ বিচাৰ’? ”

মই ক’লোঁ যে মানিপ্লেণ্ট চুৰ কৰিব বিচাৰোঁ। সি ক’লে চুৰ কৰ, কোনে মানা কৰিব। মই কাৰোবাৰ মানিপ্লেণ্ট চুৰ কৰিম কোনেও একো নক’ব? মই আচৰিতেই হ’লোঁ। সি কয়, ব্যৱসায়ীয়ে ভুল কথাৰে বিজ্ঞাপন দি তোৰ পৰা টকা লুটে তই কিবা ক’ৱ? নেতাই জাতি ধৰ্মৰ আৱেগেৰে তোৰ ভোট চুৰ কৰে তই কিবা ক’ৱ? প্ৰাইভেট নাৰ্চিং হোমবোৰে বিশেষ একো নকৰাকৈ তোৰ ভয়ৰ ব্যৱসায় কৰি লাখ টকাৰ বিল দিয়ে, তই কিবা ক’ৱ?

মোক মনে মনে থকা দেখি ৰমেনে পৰিকল্পনাটো ক’লে, চুবুৰীতে চাৰি পাঁচঘৰমান পাৰ হৈ মহন্তৰ ঘৰ। তেওঁৰ ঘৰত মানিপ্লেণ্ট অসমৰ নতুনকৈ খোলা  ৰাজনৈতিক দলবোৰৰ দৰেই য’তে ত’তে সিঁচৰতি হৈ আছে। সিদ্ধান্ত হ’ল যে ৰমেন আৰু মই ৰাতিৰ আন্ধাৰত মহন্তৰ বাংলোলৈ যাম, ৰমেনে পহৰা দিব আৰু মই ডাল এটা মনে মনে কাটি আনিম।

পৰিকল্পনামতেই কাম হ’ল। কাটি অনাৰ পিছত মই মানিপ্লেণ্টৰ ডালটো পত্নীৰ হাতত দিলোঁ। তেওঁৰ মুখত পূজাৰ সময়ত শ্বপিং এপচ সমূহত চে’ল দিলে যিদৰে হাঁহি দেখা পাওঁ ঠিক তেনেকুৱা হাঁহিয়েই দেখিলোঁ। মোৰ মুখটো দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছত আদালতত নিৰ্দোষী প্ৰমাণ হোৱা বিষয়াজনৰ নিচিনাই স্বস্তিৰ নিশ্বাস আছিল বোধহয় তেতিয়া।

পত্নীয়ে মানিপ্লেণ্টজোপাৰ সদায় ভালদৰে আপডাল কৰিবলৈ ধৰিলে। পিচে এদিন তেওঁ মোক ক’লে,

“শুনা, এইজোপা মৰহি গৈছে যেন লাগিছে।”

মই তেতিয়া গছজোপা বাহিৰত থ’বলৈ ক’লোঁ।

পত্নীয়ে ভেঁকাহি মাৰি আহিলে  আৰু ক’লে যে মানিপ্লেণ্ট গ্ৰন্থমেলাৰপৰা কিনি অনা ডাঙৰ ভলিউমৰ কিতাপৰ দৰে। নপঢ়িলেও ড্ৰয়িংৰূমত থ’লে ভাল দেখি। মই পত্নীক ক’লোঁ যে মই যিডাল চুৰ কৰি আনিছোঁ সেইডালো বাহিৰতে থকা। গতিকে নিশ্চিন্তমনেৰে মানিপ্লেণ্টজোপা বাহিৰত থোৱা। জাতিষ্কাৰ হৈ উঠিবই।

বাহিৰত থোৱাৰ পিছদিনাই গছজোপা চুৰ হ’ল। চুবুৰীয়া এজনক সোধোতে ক’লে যে তেওঁ ৰাতি মহন্তক গছজোপা চুৰ কৰি থকা দেখা পাইছিল। মহন্ত? তেওঁৰ ঘৰতেইচোন অসমৰ অলিয়ে গলিয়ে থকা কবিৰ   দৰে মানিপ্লেণ্ট ভৰ্তি হৈ আছে! মই আচৰিত হৈ সুধিলোঁ। চুবুৰীয়াজনে ক’লে যে মহন্তৰ ঘৰত থকা মানিপ্লেণ্ট সকলোবোৰ আনৰপৰা চুৰ কৰাই। মই পত্নীৰ ফালে হতাশাৰে চালোঁ। চুবুৰীয়াই আকৌ ক’লে, “প্ৰথমতে ক’লা টকাৰ ডাল ভাঙিব শিকক। তেতিয়াহে এইজোপা গছ বাঢ়িব।”

মই পত্নীৰফালে চাই ক’লোঁ,

“এতিয়া গছ ক’ত আছে। গছতো চুৰি হৈ গ’ল।”

পত্নীয়ে হাঁহিলে। মই বুজিলোঁ এই মানিপ্লেণ্টে মোৰ চৰিত্ৰ, আত্মসন্মান, স্বাভিমান সকলো চুৰ কৰি লৈ গ’ল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.