ফটাঢোল

মানুহৰ বিজনেচ – পিনাক পাণি বৰুৱা

‘তই মোক আজি ক’বই লাগিব।’-পূৰ্বৰ সহকৰ্মী অৰূপে বাটতে লগ পাই জোৰ দি সুধিছিল নন্দনক, ‘এনে কি ব্যৱসায়ত হাত দিলি যে চাকৰিলৈকে নহা হ’লি?’

‘এহ: আমাৰনো কি, সৰুকৈ কিবা এটা আৰম্ভ কৰিছোঁ। কম ৰ’ অলপ ভালকৈ স্থাপিত হ’লে।’-অৰূপৰ বাইকৰ কাষতে ৰৈ কৈছিল নন্দনে।

‘সৰুকৈ কিবা আৰম্ভ কৰিলে যে মানুহে চাকৰি বাদ দি নিদিয়ে আৰু।’-মুখ বেকা কৰি কৈছিল অৰুপে, ‘নালাগে ক’ব দে ইমানেই বিশ্বাসত ল’ব নোৱাৰ যদি।’

সি বাইকখন পুনৰ কিক্‌ মাৰি ষ্টাৰ্ট কৰিছিল।

‘ৰ’চোন। ইমান কিনো আৱেগিক হৈ যাৱ সৰু কথাতে।’

‘তই ক’লেহে মই ৰ’ম।’

‘আচ্ছা শুন।’- অৰূপৰ বাইকৰ হেণ্ডেলত ধৰি কৈছিল, ‘মোৰ ব্যৱসায়টো মানুহৰ ব্যৱসায়। মানুহ কিছুমান ইফাল-সিফাল কৰি থাকিলেই হৈ যায়।’

‘মানুহৰ ব্যৱসায়? সেইটো আকৌ কেনে ব্যৱসায়?’-আচৰিত হৈ সুধিছিল অৰূপে, ‘কেনেবাকৈ তই অসমৰ পৰা নি অন্য ৰাজ্যত ছোৱালী বিক্ৰী কৰাৰ ধান্দাত নমা নাইটো?’

‘ধেৎ। মাৰিবি মানুহ।’

‘তেন্তে?’

‘আইডিয়াটো মামাৰ ল’ৰাটোৰ লগত কথা পাতি থাকোতে মনতে খেলালে। সি সেই ৰাজনৈতিক দল এটাৰ সদস্য। খুব সক্ৰিয় দলৰ কামত। দলৰ কৰবাত মিটিং হ’লেই মানুহ গোটাই গাড়ী ভাড়া কৰি পঠাব লাগে। বহুত টকা দিয়ে। তাৰ দৰে অন্য বহুতে তেনেদৰে মানুহ গোটোৱাৰ কাম কৰে। প্ৰতিজনে এশ জনকৈ নিলেও পাঁচ হাজাৰ মান টকা ওলাই। তেতিয়াই মই উপলব্ধি কৰিলোঁ যে মানুহৰ ভিৰৰ ভাল দীমাণ্ড আছে এই ৰাজ্যত। মামাৰ ল’ৰাটোৱে কেৱল নিজৰ দলৰ মিটিঙৰ কাৰণেহে কৰে বাবে তাৰ উপাৰ্জন সীমিত। কিন্তু একদম নিৰপেক্ষ হৈ কামটো কৰিলে লাভ বহুত। সেই ভাবিয়ে নেটৱৰ্ক এটা বনালোঁ। মানে আমাৰ অসমীয়া ধোদ কিছুমানৰ ফোন নম্বৰ গোটালো যি বিনা কষ্টৰে কেইটামান টকা ঘটিব বিচাৰে। এটাৰ পৰা লগৰ আৰু দুটাৰ, দুটাৰ পৰা চাৰিটাৰ, চাওতে চাওতে নেটৱৰ্কটো বহুতেই ডাঙৰ হ’লগৈ। এতিয়া প্ৰায় দুই হাজাৰমান মানুহৰ ফোন নম্বৰ আছে মোৰ লগত। দহটামান হোৱাটচ আপ গ্ৰুপ, স্থান লৈ লৈ। কোনো ৰাজনৈতিক দলৰ মিটিং হওক বা প্ৰতিবাদী সমদল বা কোনো ৰেষ্টোৰাৰ আৰম্ভণি, সকলোলৈকে মানুহ যোগান দিওঁ। যিমান মানুহ গৈছে সেই হিচাপ দি মই টকাটো লওঁ আৰু এটা অংশ ৰাখি বাকীখিনি ভগাই দিওঁ।’

‘প্ৰতিবাদী সমদল আৰু পাৰ্টীৰ মিটিঙৰ কথাটো বাৰু বুজিলোঁ। পিছে এই ৰেষ্টোৰাৰ কেচটো কি?’

‘আমাৰ মানুহে ভিৰ য’তে দেখে সেই দিশেই ধাৱমান হয়। নতুনকৈ খোলা ৰেষ্টোৰা এখনত যেতিয়া বহুত মানুহ খাবলৈ যোৱা দেখে তেতিয়া মানুহবোৰ নিজে নিজেই আকৰ্ষিত হৈ পৰে। পিছে সিহঁতে নাজানে যে প্ৰথম কেইদিন ভিৰ কৰি ৰখা মানুহবোৰ আচলতে ভাৰাত অনাহে।’-বুজাই দিছিল নন্দনে, ‘অকল ৰেষ্টোৰা বুলিয়ে নহয়, নতুন বিউটি পাৰ্লাৰ, শ্বপিং মলেও এনেকৈ মানুহ বিচাৰে দেখাবৰ কাৰণে।’

‘হে ভগৱান। তাকে মই ভাবো মলবোৰ খোলাৰ দিনাই ইমান মানুহ ক’ৰ পৰা আহে।’-আচৰিত হৈছিল অৰূপ,

‘পিছে তোৰ উপাৰ্জন কিমান হয়?’

‘যোৱা মাহত দুখন মিটিং, এটা মল অপেনিং, দুখন নতুন ৰেষ্টোৰা আৰু চাৰিটা প্ৰতিবাদী সমদললৈ মানুহ পঠালো। সকলো মিলাই চল্লিশ হাজাৰমান আহিল।’

‘বঢ়িয়াচোন আমাৰ দৰমহাতকৈও বেছি।’

‘এনেই চাকৰিলৈ নোযোৱা হ’লোনে।’

‘পিছে ব্যৱসায়টো লাষ্টিং কৰিব জানো?’

‘বেলেগ সকলো ব্যৱসায় বন্ধ হ’লেও এই ব্যৱসায় চলি থাকিব অসমত। মইটো কৈছো তইও আহি যোগ দে মোৰ লগত। নেটৱৰ্কটো ডাঙৰ কৰাত সহায় কৰ। অহা বছৰ ইলেকচনৰ সময়ত বহুত দীমাণ্ড আহিব।’

অলপ ভাবিছিল অৰূপে।

‘বেছি চিন্তা কৰি লাভ নাই। দিনে নিশাই দৌৰি কেই টকানো পাৱ চাকৰিটোত? তাতে বচৰ গালি আৰু নিজৰ কাৰণে যে সময়ে নোলাই সেইটো বেলেগ। মোৰ লগত টকাও বেছি পাবি আৰু কষ্ট নোহোৱাৰ দৰেই।’

‘ঠিকেই কৈছ’। মই এই সপ্তাহতে চাকৰি এৰি যোগ দিমহি তোৰ লগত। চিন্তা নকৰিবি, আমাৰ গাঁৱৰ ফালে বহুত আছে এনেকুৱা মানুহ। টকা লাগে কিন্তু কষ্ট কৰিবলৈ বেয়া পায়।’

‘বেচ তেন্তে। আহি যা। একেলগে আৰামত পকেট গৰম কৰিম’-পিঠিত ঢকিয়াই কৈছিল নন্দনে।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.