ফটাঢোল

মানুহ আৰু গছ – পৰীস্মিতা দাস

মানুহ

(১)
আমিয়েই মানুহ আমি জীৱশ্ৰেষ্ঠ প্ৰাণ
সকলো কৰিব পাৰোঁ আমি সৰ্বশক্তিমান
নদী বান্ধো পাহাৰ কাটো
অৰণ্য জ্বলাই ঘৰ পাতো
নিজৰ মাজতেই যুঁজ চলাওঁ চিৰপ্ৰবাহমান৷

 

(২)
জীৱশ্ৰেষ্ঠ মানুহ আমি পৃথিৱীৰ গৌৰৱৰ অংশ
সমাজ পাতি বিচাৰ কৰোঁ কাৰ ডাঙৰ বংশ
নেদেখোঁ জগতৰ চকুপানী
আমিয়েই কিন্তু পৰমজ্ঞানী
আমিয়েই এদিন কৰি পেলাম পৃথিৱীখন ধ্বংস

 

গছ
(১)
নিজকে সিহঁতে কৈ ফুৰে জীৱশ্ৰেষ্ঠ বুলি
সিহঁতেই আমাৰ জীৱন খাইছে খুলি খুলি
আমাক মাৰে কাটে
মৰণৰ ফান্দ পাতে
পাহৰি যায় আমি নহ’লে জীৱন নাবাচে বুলি
(২)
পৰিৱেশ দিৱস পাতি কয় ৰুব লাগে গছ পুলি
সভা পাতি ভাষণ দিয়ে বজায় হাত তালি
আজি গছ ৰুই যায়
কাইলৈ আকৌ খৱৰ নাই
পলিথিনেৰে ভৰি পৰে হাজাৰ গছ পুলি

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.