ফটাঢোল

মানৱতাবাদ আৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ : চাহিন জাফ্ৰি

“জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম… হিন্দু,মুছলমান,শিখ, খ্ৰীষ্টান আদি ধৰ্মৰ পৃথক নহয় মৰ্ম…।”

সাধাৰণতে,এনে ধৰণৰ বাণীয়েই মানৱতাবাদৰ আদৰ্শক প্ৰতিফলিত কৰে।

মানৱতাবাদৰ অৰ্থ হৈছে- মানুহৰ সেৱা বা মানৱ কল্যাণ সাধন কৰা। ইংৰাজী “Humanity” শব্দটোৰ সমাৰ্থক অৰ্থ হিচাবে মানৱতাবাদে বুজায়- মানুহক ‘মানুহ’ হিচাবে বা সমান ভাৱেৰে চোৱাৰ দৃষ্টিভংগী। সমাজৰ বিভিন্ন ধৰণৰ সমস্যা আৰু সংকটৰ লগত মানৱতাবাদৰ প্ৰশ্ন জড়িত হৈ থাকে। সকলো ধৰণৰ সংকীৰ্ণতা আৰু তুচ্ছতাৰ উৰ্ধলৈ গৈ জাতি-বৰ্ণ নিৰ্বিশেষে মানৱৰ কল্যাণ সাধনৰ উদ্দেশ্যেৰে সৃষ্টিকৰ্মত নিজকে আত্মনিয়োগ কৰিব পৰাতেই মানৱতাবাদৰ সাৰ্থকতা। আচলতে মনৱতাবাদ হৈছে- এক প্ৰকাৰৰ প্ৰতিবাদ, যি কোনো প্ৰতিকূল অৱস্থাৰ পৰা মানুহক উদ্ধাৰ কৰাৰ কাৰণে প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে গৈয়ো বিপ্লৱ সূচনা কৰিব পাৰে আৰু এক ধৰণৰ নতুন ইতিহাসৰো সূচনা কৰিব পাৰে।সেই ধৰণৰ নতুন বিপ্লৱৰ নামেই হৈছে আপাত দৃষ্টিত মানৱতাবাদ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাত প্ৰতিফলিত হোৱা মানৱতাবাদী চিন্তা-চৰ্চাও এক প্ৰকাৰৰ প্ৰতিবাদৰেই মুক্ত প্ৰকাশ।তেওঁৰ সমস্ত ৰচনাৰাজীলৈ চালেই দেখা যায় যে- সেই স্বকীয় ধ্যান-ধাৰণাৰ মাজত লুকাই আছিল মানৱতাবাদৰ জয়গান। মানৱীয় মূল্যবোধৰ প্ৰতিষ্ঠাৰে তেওঁ সমাজত শান্তি-সম্প্ৰীতি স্থাপনৰ সপোন দেখিছিল। এক ধৰণৰ সমাজ-সংস্কাৰৰ আঁচনি বুকুত বান্ধি লৈয়েই তেওঁ অসমীয়া সমাজৰ মাজত মানৱতাবাদৰ বীজ সিঁচি দিছিল।

শংকৰদেৱৰ ৰচনাৱলীত মানৱতাবাদৰ প্ৰতিফলন : –

মহাপুৰুষ শংকৰদেৱে যি সময়ত এক শৰণ হৰিনাম নামধৰ্ম প্ৰচাৰ কৰিছিল, সেই সময়ত অসমীয়া সমাজত ধৰ্মৰ নামত নানা ধৰণৰ ব্যভিচাৰ আৰু মানৱতাৰ পৰিপন্থী অনেক কু-প্ৰথা বা কু-সংস্কাৰৰ প্ৰচলন আছিল।গুৰুজনাই সেই অসূয়া-অপ্ৰীতি সমূহক আঁতৰ কৰি সকলোকে ‘এক’ কৰাৰ মানসেৰে হে ‘এক শৰণ নামধৰ্ম’ক আদৰ্শ হিচাবে বাচি লৈছিল।

শংকৰদেৱে বেদান্ত দৰ্শনৰ ওপৰত ভিত্তি কৰি বৈষ্ণৱ ধৰ্মক আধাৰ হিচাবে লৈ ভক্তিবাদৰ সন্ধান কৰিছিল।এই ভক্তিমাৰ্গ আছিল- সমম্বয়ৰ সেঁতুৰে গঢ়া।জাতিভেদৰ বাচ-বিচাৰ নিৰ্মূল কৰি অস্পৃশ্যতাহীন,শোষণহীন আৰু বিশ্বভাতৃত্ববোধ স্থাপনৰ উদ্দেশ্যেই তেওঁ এক শৰণ হৰিনাম ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাবে বাচি লৈছিল- চিত্ৰকলা, সংগীতকলা, স্থাপত্যকলা আৰু ভাস্কৰ্য আদি সুকুমাৰ কলাক।তেওঁৰ সাংস্কৃতিক চিন্তাৰ অন্যতম প্ৰকাশ আছিল বৰগীত, সত্ৰীয়া নৃত্য আৰু অংকীয়া নাট।নামঘৰ আৰু সত্ৰীয়া ব্যৱস্থাৰ মাজতো তেওঁৰ চিন্তাৰ সাৰ্বজনীনতা প্ৰকাশ পাইছিল।আচলতে, তেওঁ এই কথা ভালদৰেই জানিছিল যে- ধৰ্ম আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগত মানৱতাবাদৰ অবিস্মৰণীয় সম্পৰ্ক চিৰকাল আছিল আৰু থাকিব।সেয়েহে, শংকৰদেৱৰ সৃষ্টিৰাজী, বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যই সমগ্ৰ অসমখনকেই ঢৌৱাই পেলাইছিল আৰু তাৰ পলসতেই অসমৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখন ফুলে-ফলে জাতিষ্কাৰ আৰু শস্য-শ্যামলা হৈ উঠিছিল।

গুৰুজনাই ধৰ্ম প্ৰচাৰৰ লগতে মানুহৰ মনৰ পৱিত্ৰতাৰ ওপৰতো গুৰুত্ব দিছিল, যিটো আছিল মানৱতাবাদৰ প্ৰথম চৰ্ত।মানুহৰ প্ৰতি প্ৰেম আৰু ভক্তিভাৱনাইহে প্ৰকৃততে ঈশ্বৰৰ সন্ধান দিব পাৰে।তেওঁৰ – কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম/জানিও সবাকে পৰি কৰিবা প্ৰণাম “― বাক্যাংশই এই সত্যতাকেই প্ৰমাণিত কৰে।

গুৰুজনাৰ মতে- গোটেই ভগৱানক পূজা-সেৱা কৰি মানুহ কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰে।এজন প্ৰকৃত ভক্তই আচলতে মানৱ সেৱাৰ মাজেৰেহে ঈশ্বৰ সন্ধান লাভ কৰিব পাৰে।জনসাধাৰণৰ সেৱা-শুশ্ৰূষা আৰু পৰোপকাৰেহে জগতত মানৱতাৰ জয় গান গোৱাব পাৰে। তেওঁৰ মতে প্ৰেম মানুহৰ হৃদয়ৰ আটাইতকৈ ডাঙৰ সম্পদ।এই সম্পদৰ অধিকাৰী হ’বলৈ হ’লে মানুহে সকলো প্ৰাণীকে সমান দৃষ্টিৰে বিচাৰ কৰিব লাগিব।উচ্চ-নীচৰ ভেদাভেদ পৰিহাৰ কৰি গৰ্ব-অহংকাৰৰ উৰ্ধলৈ যাব পাৰিব লাগিব।প্ৰেমৰ জৰিয়তে সমগ্ৰ বিশ্বকেই আপোন কৰি ল’ব পাৰিব লাগিব।মানৱতাবাদী আদৰ্শ প্ৰচাৰ কৰিবলৈ তেওঁ এনেদৰে কৈছিল―

“য’ত লতা তৰু তৃণ কাহাকো নেদেখি ভিন্ন
হৰি শৰীৰ বুলি মানে।”

মুঠতে এইটো কথা নিশ্চিতভাৱে ক’ব পাৰি যে- মানৱতাবোধেই আছিল তেওঁৰ চিন্তা আৰু সৃষ্টিৰ আধাৰ।

গুৰুজনাই সহজ-সৰল আৰু হিংসাশূণ্য আদৰ্শৰে বিশ্বভাতৃত্ব, সাম্যভাৱ আৰু মানৱতাবোধ জগাই তুলিব খুজিছিল।কিন্তু বৰ্তমান আমাৰ সমাজখনলৈ চালে দেখা যায় যে নানা ধৰণৰ সমস্যাৰে আমাৰ সমাজখন ভৰি পৰিছে । ইয়াৰ মূল কাৰণ হৈছে- মানৱতাহীনতা।হত্যা,হিংসা, লুণ্ঠন, ধৰ্ষণ, সন্ত্ৰাস আদি অবৰ্ণনীয় আৰু ঘৃণনীয় কাৰ্যবোৰ মানৱতাৰ পৰিপন্থী।মনলৈ এটা প্ৰশ্ন উদয় হয় যে- আচলতে এইবোৰ কিয় হ’বলৈ পাইছে?আজি সমগ্ৰ বিশ্বতেই অসূয়া-অশান্তি আৰু বিশৃংখলতাই আগুৰি ধৰিছে।আজিৰ সমাজত যেন ধৰ্মই পুনৰ উশৃংখল ৰূপ লৈছে। ভিন ভিন ধৰ্ম আৰু নিয়ম-নীতিয়ে সমাজৰ সম্প্ৰীতি পুনৰ বিনষ্ট কৰিব ধৰিছে।যি আদৰ্শৰে মহাপুৰুষ জনাই সমাজ একত্ৰিত কৰিব খুজিছিল, তাকেই মানুহবোৰে অন্য অৰ্থত ব্যৱহাৰ কৰি সমাজখন ভাগ ভাগহে কৰিব খুজিলে।ফলত, সৃষ্টি হ’ল পুনৰ এক নতুন বেমেজালি।হিংসা, ঘৃণা আদিবোৰ কমাৰ সলনি যেন বাঢ়িলহে।নিজকে সৰ্বোচ্চ বুলি প্ৰতিপন্ন কৰিব খোজাৰ মানসিকতাই হিংসা আৰু ঘৃণা এনেদৰে বঢ়াই তুলিলে যেন শান্তি-সম্প্ৰীতি আমাৰ পৰা বহু যোজন আঁতৰি গ’ল..। বৰ্তমান সমাজৰ ইও এক বৃহৎ প্ৰত্যাহ্বান। কথা হ’ল,আমি ইয়াৰ পৰা মুক্তি পামনে?

গুৰুজনাই আজিৰ পৰা প্ৰায় ৬০০ বছৰৰ আগতেই কলিযুগত হ’বলগীয়া সংকটৰ কথা শাস্ত্ৰত বৰ্ণনা কৰি গৈছে বুলি কৈছিল। লগতে তেওঁ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়ো লিখি থৈ গৈছে।প্ৰকৃততে মানৱ ধৰ্মইহে যে আমাক উদ্ধাৰ কৰিব পাৰে, সেই কথা গুৰুজনাই অকপটে স্বীকাৰ কৰি থৈ গৈছে।মানৱ প্ৰেম, অস্পৃশ্যতা বৰ্জন, অহিংসা নীতি ,সত্য, ক্ষমা, দয়া, ধৈৰ্য আদিৰ জৰিয়তেহে সমাজত শান্তি প্ৰতিষ্ঠা হ’ব। সমাজ সংস্কাৰ হ’ব যুগ সাপেক্ষ পৰিৱৰ্তনৰ মাজেৰে, যুক্তিবাদ আৰু আদৰ্শৰ মাজেৰে।সাম্যভাৱ আৰু মনৱতাবোধেহে সমাজত ঐক্য আৰু সংহতি ঘূৰাই আনিব পাৰিব।কোৱা বাহুল্য যে -শংকৰদেৱৰ আদৰ্শ বৰ্তমান অশান্ত বিশ্বৰ বাবে অতিকৈ প্ৰাসংগিক। তেওঁ এনে এজন জাতীয় নায়ক, যি যুগ-যুগান্তৰলৈ অসমীয়া জাতিৰ সম্প্ৰীতিৰ বাৰ্তাবাহক হৈ থাকিব। অসমীয়াৰ অন্তৰত চিৰদিন জীয়াই থাকিব অন্ততঃ অসমীয়াক ‘অসমীয়াত্ব’ প্ৰদান কৰাৰ বাবে। শেষত এষাৰ কথা স্বীকাৰ কৰিবই লাগিব যে- তেওঁ প্ৰকৃতাৰ্থত এজন মানৱতাবাদী দাৰ্শনিক আছিল।তেওঁৰ সাম্যবাদী আদৰ্শ আৰু মানৱতাবাদী দৰ্শন সকলোৰে বাবে আদৰ্শ হোৱা উচিত।

☆ ★ ☆ ★ ☆

6 Comments

  • সুন্দৰ প্ৰৱন্ধ এটা

    কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম
    সবাকো জানিয়া পৰি কৰিবা প্ৰণাম ।

    ইয়াত অকল কুকুৰ বা শিয়ালৰ কথাই কোৱা নাই। সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানৱ জাতিৰ কথা কৈছে।

    Reply
    • Anonymous

      হয় দাদা।বহুত বহুত ধন্যবাদ জনালোঁ।

      Reply
  • anjan sadhanidar

    বহুতভাল লিখিছা৷

    Reply
  • Prodip Bora

    মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৰুু তেওঁৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ বিৰচিত চাৰিবেদ স্বৰূপ কীৰ্তন দশম নামঘোষা আৰু ভক্তি ৰত্নাৱলী অধ্যয়ন কৰি তাৰ আদৰ্শ সমূহৰ মতে সমাজ আগুৱাই গ’লে নিশ্চয় বিশ্বভাতৃত্ববোধ অধিক প্ৰসাৰিত হ’ব ৷
    গুৰু জনাৰ প্ৰতি এটি উৎকৃষ্ট প্ৰৱন্ধ আগবাঢ়োৱাা বাবে ধন্যবাদ জনালোঁ ৷

    Reply
  • Anonymous

    Khuubei dhunia likhoni eikhon. val lagil pohi.
    akha koru aru enekuwa likhoni pam…

    Reply

Leave a Reply

Your email address will not be published.